AHSEC Class 12 Assamese Chapter 14 Answer 2026 | আঘোণৰ কুঁৱলী
Are you searching for the AHSEC Class 12 Assamese Chapter 14 Answer 2026? If yes, you’ve come to the right place. This page provides complete and easy-to-understand Class 12 Assamese Question and Answer for Lesson 14 – “আঘোণৰ কুঁৱলী”, prepared according to the latest ASSEB (formerly AHSEC) Higher Secondary syllabus.
আঘোণৰ কুঁৱলী is an important poem in the Group-2 (পদ্য) section of the HS 2nd Year Assamese textbook. The poem beautifully captures the charm of the Aghon season and the peaceful atmosphere of rural Assam. Through vivid descriptions of nature, morning mist, and village life, the poet expresses a deep emotional connection with the environment and highlights the beauty of the Assamese countryside. The poem also encourages readers to appreciate nature and preserve its timeless beauty.
This chapter is important from the examination point of view because questions from this lesson are frequently asked in school tests as well as the ASSEB Higher Secondary Final Examination. A clear understanding of the poem’s theme, literary devices, and central message will help students write better answers and score higher marks.
On this page, you will find HS 2nd Year Assamese Answer in a simple and student-friendly format. The solutions are prepared according to the latest examination pattern and are ideal for daily study, revision, and board exam preparation.
What You’ll Find in This Article
- Complete AHSEC Class 12 Assamese Chapter 14 Answer 2026
- Lesson 14 Class 12 Assamese Question and Answer
- Textbook exercise solutions
- Important short and long answer questions
- Stanza-wise explanation in simple Assamese
- HS 2nd Year Assamese Chapter 14 Notes
- Higher Secondary Assamese Suggestion
- Quick revision notes for board examinations
Students should first read the poem carefully from the prescribed textbook and understand its meaning before referring to these answers. Regular practice and revision will strengthen conceptual understanding, improve answer-writing skills, and increase confidence in the Higher Secondary examination.
Keep visiting our website for the latest AHSEC Class 12 Assamese Question Answers 2026, chapter-wise solutions, previous year question papers, important questions, model papers, and study materials prepared according to the updated ASSEB syllabus.
(ক) অতি চমু প্ৰশ্নঃ
১। কবি কেশৱ মহন্তই কোনখন কাব্যগ্রন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল?
উত্তৰঃ কবি কেশৱ মহন্তই ‘মোৰ যে কিমান হেঁপাহ’ কাব্যগ্রন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল।
২। কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথিৰ নাম লিখা।
উত্তৰঃ কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথি হ’ল ‘মোৰ যে কিমান হেঁপাহ’।
৩। ‘পছোৱা’ আলোচনী কোনগৰাকী সাহিত্যিকে সম্পাদনা কৰিছিল?
উত্তৰঃ ‘পছোৱা’ আলোচনী হেম বৰুৱাই সম্পাদনা কৰিছিল।
৪। কেশৱ মহন্তই কোনখন আলোচনীত প্রথমতে কবি হিচাপে আত্মপ্রকাশ কৰিছিল ?
উত্তৰঃ কেশৱ মহন্তই জয়ন্তী আলোচনীত প্রথমতে কবি হিচাপে আত্মপ্রকাশ কৰিছিল।
৫। ‘আঘোণৰ কুঁৱলী’ শীর্ষক কবিতাটিত উল্লেখ থকা ‘সেউতী’ কোন?
উত্তৰঃ ‘আঘোণৰ কুঁৱলী’ শীর্ষক কবিতাটিত উল্লেখ থকা ‘সেউতী’ হ’ল কবিৰ প্রেয়সী।
(খ)চমু প্ৰশ্নঃ
১। ‘জয়ন্তী’ৰ কবিসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ ‘জয়ন্তী’ৰ কবিসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য হ’ল –
(।) ‘জয়ন্তী’ৰ কবিসকলে প্ৰধানতঃ কৃষক, শ্ৰমিক আদি সাধাৰণ শ্ৰেণীৰ জনতাৰ সুখ-দুখ আৰু সংগ্ৰামৰ ছবি অংকন কৰে।
(।।) কবিতাত কথিত গদ্যময়ী ভাষাৰ ব্যৱহাৰ কৰে।
২। অসমীয়া কবিতাৰ আধুনিক যুগ সৃষ্টিত বিশেষ অৰিহণা যোগাৱা তিনিখন আলোচনীৰ নাম লিখা।
উত্তৰঃ অসমীয়া কবিতাৰ আধুনিক যুগ সৃষ্টিত বিশেষ অৰিহণা যোগাৱা তিনিখন আলোচনীৰ নাম হ’ল-‘জয়ন্তী’, ‘বাঁহী’ আৰু ‘ৰামধেনু’।
৩। কেশৱ মহন্তৰ দুখন কবিতা পুথিৰ নাম লিখা।
উত্তৰঃ কেশৱ মহন্তৰ দুখন কবিতা পুথি হ’ল – ‘তোমাৰ তেজ’ আৰু ‘বুকুত এজাক ধুমুহা’ ।
৪। ‘আঘোণৰ পথাৰত কাম আৰু কাম।’- কবিয়ে আঘোণৰ পথাৰত থকা কি ‘কাম’ৰ বিষয়ে ইংগিত কৰিছে ?
উত্তৰঃ আঘোণৰ পথাৰ সোণালী ধানেৰে উপচি পৰে। সেই সময়ত অসমীয়া মহিলাসকলে ধাননি পথাৰত বিভিন্ন কামত ব্যস্ত থাকে। অসমীয়া তিৰোতাসকলে পুৰুষৰ লগতে পথাৰৰ পৰা ধান কটা, ধান চপোৱা, আদি নানান কাম কৰিবলগা হয়। কবিয়ে কবিতাটোত ‘আঘোণৰ পথাৰত কাম আৰু কাম’ কথাষাৰৰ দ্বাৰা এই ব্যস্ততাৰ ইংগিত কৰিছে।
৫। ‘উৰুলি’ আৰু ‘ৰাগি’ শব্দ দুটাৰ অৰ্থ লিখা।
উত্তৰঃ ‘উৰুলি’ শব্দৰ অৰ্থ হ’ল -শুভ কার্যত তিৰোতাসকলে কৰা ধ্বনি বিশেষ। আৰু ‘ৰাগি’শব্দৰ অৰ্থ হ’ল- নিচা, মাদকতা।
(গ) দীঘল প্ৰশ্নঃ
১। আঘোণৰ কুঁৱলীয়ে কবিক কিদৰে আমনি কৰিছে বুজাই লিখা।
উত্তৰঃ আঘোণৰ পথাৰত সোণবৰণীয়া ধাননীয়ে সৃষ্টি কৰে মনোমোহা পৰিৱেশ।সেই সময়ত অসমীয়া মহিলাসকলে ধাননি পথাৰত বিভিন্ন কামত ব্যস্ত থাকে।অসমীয়া তিৰোতাসকলে পুৰুষৰ লগতে পথাৰৰ পৰা ধান কটা, ধান চপোৱা, আদি নানান কাম কৰিবলগা হয়। আঘোণৰ পথাৰত দাৱনীৰ তল মূৰ ওপৰ কৰিব নোৱাৰা নিচিনাকৈ কাম থাকে । দাৱনীবোৰৰ মাজত কবিৰ কল্পনাৰ ‘সেউতীজনী’ৰ বিষয়ে উল্লেখ কৰিছে । তেওঁৰ সেউতীয়ে এমোকোৰা তামোল খাই ধান দাই থকাৰ ছবি উত্থাপন কৰিছে । তেওঁৰ কল্পনাৰ সোতৰ বছৰীয়া দাৱনীগৰাকী তামোলৰ পিকৰ সৈতে থকা ৰঙা ওঠ, ডালিম গুটিয়া দাতৰ হাঁহিটিয়ে ধান কাটি থকাৰ দৃশ্যটো অংকণ কৰিছে।কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখাত তেওঁ কাকো ভালদৰে মনিব পৰা নাই। তেওঁৰ মন সেউতীৰ কাষলৈ উৰা মাৰিছে। আনকি সেউতীৰ মনৰ কথা জানিবলৈ বৌয়েককো খাটনি ধৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখা বাবে তেওঁৰ প্ৰেয়সীক চাব নোৱাৰি মন বিষাদেৰে ভৰি পৰিছে।
২। আঘোণৰ পথাৰৰ মন পৰশা চিত্র ‘আঘোণৰ কুঁৱলী’ত কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা।
উত্তৰঃ ‘আঘোণৰ কুঁৱলী’ কবিতাটিত কবি কেশৱ মহন্তই আঘোণৰ পথাৰৰ এটি মনোমোহা চিত্র অংকণ কৰিছে ।
আঘোণৰ কুঁৱলীয়ে বাট ভেটি কবিক আমনি কৰিছে । ডাঠ কুঁৱলীৰ আৱৰণে কবিক একোকে নমনা কৰি তুলিছে । কবিৰ ভাব হয় কুঁৱলী নথকা হ’লে তেওঁ সোণবৰণীয়া ধানৰ মনোমোহা দৃশ্য দেখিলেহেঁতেন । মূৰত আধাবন্ধা খোপায়ে ওপৰলৈ মূৰ তুলিবলৈ সময় নোপোৱা দাৱনীৰ লিহিৰি আঙুলিৰ চিক চিকীয়া কাচিৰে কেচ কেচকৈ মুঠি মুঠি ধান কাটি থকাৰ দৃশ্যও তেওঁ দেখিলেহেঁতেন । লগতে, লঘু পৰিহাসময় হাঁহিৰে দাৱনী সকলে ইটিয়ে সিটিক জোকোৱা আৰু প্রাণ চঞ্চলময় মধুৰ ধেমালিবোৰ কবিয়ে দেখিব পালেহেঁতেন।গাভৰুহঁতে তামোলৰ পিকেৰে ওঠ ৰঙা কৰি হাঁহিৰে চঞ্চলা ধেমালিবোৰ চাবলৈ কবি আগ্রহী। তেওঁৰ মন সেউতীৰ কাষলৈ উৰা মাৰিছে। আনকি সেউতীৰ মনৰ কথা জানিবলৈ বৌয়েককে খাটনি ধৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখা বাবে তেওঁৰ প্ৰেয়সীক চাব নোৱাৰি মন বিষাদেৰে ভৰি পৰিছে। এনেদৰে কবিয়ে আঘোণৰ পথাৰৰ সহজ সৰল চিত্র অংকণ কৰিছে।
৩। ‘আঘোণৰ কুঁৱলী’ শীর্ষক কবিতাটিত সহজ-সৰল প্ৰেমৰ চিত্ৰ কেনেদৰে অংকিত হৈছে বুজাই লিখা।
উত্তৰঃ ‘আঘোণৰ কুঁৱলী’ কবিতাটিৰ মাজেৰে এফালে আঘোণৰ পথাৰৰ সোণবৰণীয়া ধাননিৰ মনোমোহা পৰিৱেশৰ মাজত নিভাঁজ প্রেমৰ সন্ধান আৰু আনফালে আঘোণৰ কুঁৱলীয়ে বাট ভেটি প্রেমৰ পথত আমনি কৰাত কবিৰ অন্তৰত যি বিষাদবোধ সৃষ্টি হৈছে তাৰ সহজ প্রকাশ ঘটিছে ।
মূৰত আধাবন্ধা খোপায়ে ওপৰলৈ মূৰ তুলিবলৈ সময় নোপোৱা দাৱনীৰ লিহিৰি আঙুলিৰ চিক চিকীয়া কাচিৰে কেচ কেচকৈ মুঠি মুঠি ধান কাটি থকাৰ দৃশ্য তেওঁ দেখিলেহেঁতেন । লগতে, লঘু পৰিহাসময় হাঁহিৰে দাৱনী সকলে ইটিয়ে সিটিক জোকোৱা আৰু প্রাণ চঞ্চলময় মধুৰ ধেমালিবোৰ কবিয়ে দেখিব পালেহেঁতেন । সোতৰ বছৰীয়া ভৰ যৌৱনা গাভৰুহঁতে তামোলৰ পিকেৰে ওঠ ৰঙা কৰি হাঁহিৰে চঞ্চলা মনে ‘যাঃ’ বুলি ঠেলা মাৰি কৰা অকপট ধেমালিবোৰ চাবলৈ কবি অতিকৈ আগ্রহী।মনহাঁহ খেদি বনশেষ হ’ল, কবিৰ বৌয়েকে কবিক সেউতিৰ কথা কৈছিল, কিন্তু কবিৰ মনত প্রশ্ন জাগিছে যে তেওঁৰ কথা সেউতীক কৈছিল জানো। আঘোণৰ কুঁৱলীত ধাননি লুকালে, দাৱনিক ঢাকিলে, সেউতীও হেৰাল । কবিক উপেক্ষিত কৰি হাতৰ তৰাজৰী হাততে থাকিল ।
এইদৰে ‘আঘোণৰ কুঁৱলী’ত সহজ সৰল প্রেমৰ চিত্র সুন্দৰভাৱে অংকিত হৈছে ।
৪। ‘আঘোণৰ কুঁৱলী’ত কবিৰ অন্তৰৰ বিষাদবোধ কিদৰে প্ৰকাশ পাইছে বুজাই লিখা।
উত্তৰঃ আঘোণ মাহত অসমীয়া তিৰোতাবোৰে পকা ধানবোৰ চপাবলৈ লিহিৰি লিহিৰি আঙুলিত কাঁচিখন লৈ মুৰত খোপা বান্ধি পথাৰত নামে।সিহঁতৰ লঘু পৰিহাসময় হাঁহি ধেমালীয়ে ডেকা কবিকে আকর্ষিত কৰিছে। কবিয়ে অলপ দূৰৰ পৰা নোচোৱাৰ ভাও জুৰি পথাৰত কাম কৰি থকা তিৰোতাবোৰৰ মাজত নিজৰ প্ৰেয়সীৰ সন্ধান কৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখাত তেওঁ কাকো ভালদৰে মনিব পৰা নাই। কবিয়ে তেওঁৰ প্রেয়সী সেউতীৰ তামোলৰ পিকেৰে ৰঙা হোৱা ওঁঠযুৰি চাবলৈ বিয়াকুল হৈছে। তেওঁৰ মন সেউতীৰ কাষলৈ উৰা মাৰিছে। আনকি সেউতীৰ মনৰ কথা জানিবলৈ বৌয়েককো খাটনি ধৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখা বাবে তেওঁৰ প্ৰেয়সীক চাব নোৱাৰি মন বিষাদেৰে ভৰি পৰিছে।
৫। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
(ক) আঘোণৰ পথাৰত দাৱনীৰ কাম আছে
মুঠি মুঠি কাচি ডাঙৰি ডাঙৰি,
কাম আছে,
আঘোণৰ পথাৰত কাম আৰু কাম ।
উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ কেশৱ মহন্ত দ্বাৰা ৰচিত ‘আঘোণৰ কুঁৱলী’ নামৰ কবিতাটোৰ তুলি ধৰা হৈছে ।
কবিতাফাঁকিৰ মাজেৰে কবিয়ে আঘোণৰ পথাৰত দাৱনীৰ লানি নিছিগা কামৰ সম্পৰ্ক ব্যক্ত কৰিছে ।
আঘোণৰ পথাৰ সোণালী ধানেৰে উপচি পৰে। সেই সময়ত অসমীয়া মহিলাসকলে ধাননি পথাৰত বিভিন্ন কামত ব্যস্ত থাকে। অসমীয়া তিৰোতাসকলে পুৰুষৰ লগতে পথাৰৰ পৰা ধান কটা, ধান চপোৱা, আদি নানান কাম কৰিবলগা হয়। কবিয়ে কবিতাফাঁকিৰ দ্বাৰা এই ব্যস্ততাৰ ইংগিত কৰিছে।
(খ) আঘোণৰ আকাশতে উৰুলিৰ ৰাগি আছে,
ৰাগি আছে,
আঘোণৰ আকাশত ৰাগি আৰু ৰাগি।
উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কেশৱ মহন্তই ৰচনা কৰা ‘আঘোণৰ কুঁৱলী’ নামৰ কবিতাটিৰ পৰা তুলি ধৰা হৈছে।
কবিতাফাঁকিৰ মাধ্যমেৰে কবিয়ে আঘোণৰ পথাৰৰ আকাশত প্ৰকাশ হোৱা এক অন্যতম ৰাগিৰ কথা ব্যক্ত কৰিছে ৷
আঘোণৰ পথাৰত কামৰ লগতে প্রেমানুভূতিৰ আনন্দও আছে।যিকোনো মূহুৰ্তত আৰু যিকোনো পৰিৱেশত ডেকা-ডেকেৰীৰ মনত প্রেমানুভূতিৰ উদয় হ’ব পাৰে। আঘোণৰ পথাৰত কৰ্মৰত গাভৰুহঁতক চাই কবিৰ মনতো প্রেমৰ অনুৰণন জাগি উঠে। আঘোণমহীয়া পথাৰৰ ওপৰেদি বন-হাঁহবোৰ উৰি যোৱা দেখিলে ডেকা-গাভৰুৰ মন এক বিশেষ ৰাগিত (প্রেমানুভূতিত) উৰা মাৰে ভালপোৱাৰ কাষলৈ।কবিজনাৰ মতে এই ৰাগি সমগ্র আকাশ জুৰি বিয়পি অর্থাৎ পৰিস্ফূট হৈ আছে ।
(গ) আঘোণৰ কুঁৱলীত ধাননি লুকালে
আঘোণৰ কুঁৱলীয়ে দাৱনী ঢাকিলে
আঘোণৰ কুঁৱলীতে সেউতী হেৰালে
ডাঙৰি বান্ধিম বুলি তৰা-জৰী তোলাতে থাকিল…..
উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ কেশৱ মহন্ত দ্বাৰা ৰচিত ‘আঘোণৰ কুঁৱলী’ নামৰ কবিতাটোৰ পৰা তুলি ধৰা হৈছে ।
কবিতাফাঁকিৰ মাজেৰে কবিয়ে আঘোণৰ পথাৰত কুঁৱলীয়ে কৰা আমনি আৰু অসুবিধাসমূহ ব্যক্ত কৰিছে ।
আঘোণৰ পথাৰত সোণবৰণীয়া ধাননীয়ে সৃষ্টি কৰে মনোমোহা পৰিৱেশ।সেই সময়ত অসমীয়া মহিলাসকলে ধাননি পথাৰত বিভিন্ন কামত ব্যস্ত থাকে। দাৱনীৰ তল মূৰ ওপৰ কৰিব নোৱাৰা নিচিনাকৈ কাম থাকে । দাৱনীবোৰৰ মাজত কবিৰ কল্পনাৰ ‘সেউতীজনী’ৰ বিষয়ে উল্লেখ কৰিছে । তেওঁৰ সেউতীয়ে এমোকোৰা তামোল খাই ধান দাই থকাৰ ছবি উত্থাপন কৰিছে । তেওঁৰ কল্পনাৰ সোতৰ বছৰীয়া দাৱনীগৰাকী তামোলৰ পিকৰ সৈতে থকা ৰঙা ওঠ, ডালিম গুটিয়া দাতৰ হাঁহিটিয়ে ধান কাটি থকাৰ দৃশ্যটো অংকণ কৰিছে।কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখাত তেওঁ কাকো ভালদৰে মনিব পৰা নাই। তেওঁৰ মন সেউতীৰ কাষলৈ উৰা মাৰিছে। আনকি সেউতীৰ মনৰ কথা জানিবলৈ বৌয়েককো খাটনি ধৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখা বাবে তেওঁৰ প্ৰেয়সীক চাব নোৱাৰি মন বিষাদেৰে ভৰি পৰিছে।
ওপৰঞ্চি প্ৰশ্নঃ
(ক) কেশৱ মহন্তৰ প্রথম কবিতা পুথিখনৰ নাম কি?
উত্তৰঃ কেশৱ মহন্তৰ প্রথম কবিতা পুথিখনৰ নাম হ’ল ‘আমাৰ পৃথিৱী’ ।
(খ) জয়ন্তী আলোচনীৰ সম্পাদক কোন আছিল?
উত্তৰঃ কমল নাৰায়ণদেৱ আৰু চক্ৰেশ্বৰ ভট্টাচাৰ্য।
(গ) ৰামধেনু আলোচনীৰ সম্পাদক কোন আছিল?
উত্তৰঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।
(ঘ) কেশৱ মহন্তই শিশুৰ বাবে ৰচনা কৰা দুখন পুথিৰ নাম লিখা।
উত্তৰঃ ‘ওলমা ঘৰ’ আৰু ‘মা আমি শদিয়ালৈ যামেই’।
(ঙ) ‘আঘোনৰ কুঁৱলী’ নামৰ কবিতাটিৰ ৰচক কোন?
উত্তৰঃ ‘আঘোনৰ কুঁৱলী’ নামৰ কবিতাটিৰ ৰচক হ’ল কেশৱ মহন্ত।
(চ) কেশৱ মহন্ত কোন শ্ৰেণীৰ কবি?
উত্তৰঃ কেশৱ মহন্ত প্ৰগতিশীল কবি।
(ছ) কেশৱ মহন্ত কোন চনত জন্ম গ্ৰহণ কৰিছিল?
উত্তৰঃ কেশৱ মহন্ত ১৯২৬ চনত জন্ম গ্ৰহণ কৰিছিল।
(জ) কেশৱ মহন্তই ৰচনা কৰা এখন শিশু গ্ৰন্থৰ নাম লিখা?
উত্তৰঃ কেশৱ মহন্তই ৰচনা কৰা এখন শিশু গ্ৰন্থৰ নাম হ’ল- ‘মা আমি শদিয়ালৈ যামেই’ ।
(ঝ) আঘোনৰ কুঁৱলীয়ে কি ভেটিছে?
উত্তৰঃ আঘোনৰ কুঁৱলীয়ে বাট ভেটিছে।
(ঞ) ‘বদ জিকিমিকি’ কাব্য গ্ৰন্থ ৰচক কোন?
উত্তৰঃ ‘বদ জিকিমিকি’ কাব্য গ্ৰন্থ ৰচক হৈছে কেশৱ মহন্ত।
(চ) আঘোণৰ আকাশত কিহৰ ৰাগি আছে।
উত্তৰঃ আঘোণৰ আকাশত উৰুলিৰ ৰাগি আছে।
(ছ) ‘আঘোণৰ কুঁৱলী’ কবিতাটিত কবিয়ে সেউতীক উদ্দেশ্যি বৌদেউক বন্ধনীত সোধা কাব্যপংক্তিটো কি আছিল?
উত্তৰঃ ‘আঘোণৰ কুঁৱলী’ কবিতাখনত কবিয়ে সেউতীক উদ্দেশ্যি বৌদেউক সোধা পংক্তিটো হ’ল—
“বাইদেউ, আপুনিয়ে কৈছিল সেউতীৰ কথা!
মোৰ কথা সেউতীক কৈছিল জানো?”
এই পংক্তিৰে কবিয়ে তেওঁৰ অন্তৰৰ প্ৰেম প্ৰকাশ কৰিছে। সেউতীৰ মনত তেওঁৰ বিষয়ে কিবা ভাব আছে নেকি, সেই জানিবলৈ তেওঁ বৌদেউক সুধিছে। এই পংক্তিৰ মাজেৰে কবিৰ লাজুক অনুভৱ আৰু সেউতীৰ প্ৰতি গুপ্ত ভালপোৱা সুন্দৰভাৱে ফুটাই তোলা হৈছে।
(জ) আঘোণৰ পথাৰত কুঁৱলী নথকা হ’লে কবিয়ে কি কি দেখা পালেহেঁতেন প্রথম দুটা স্তৱকৰ আলমত লিখা।
উত্তৰঃ আঘোণ মাহত পথাৰৰ খেতি-কামৰ দৃশ্য কবিয়ে অলেখ সৌন্দৰ্যৰ সৈতে বৰ্ণনা কৰিছে। এই মাহত অসমীয়া তিৰোতাসকলে পকা ধান চপাবলৈ লিহিৰি লিহিৰি আঙুলিত কাঁচিখন লৈ মূৰত খোপা বান্ধি হাঁহি ধেমালিৰে পথাৰত নামে। তিৰোতাৰ এই নিষ্কলুষ সৌন্দৰ্য, হাঁহি, পৰিহাস আৰু মৰমভৰা মনোভাৱ ডেকা কবিকো মোহিত কৰে।
কবি অলপ দূৰত উঠি নোচোৱাৰ ভাওতে চাই থাকে—তেওঁৰ মনৰ প্ৰেয়সী সেউতীৰ সন্ধানত ব্যস্ত হয়। কিন্তু আঘোণৰ কুঁৱলীৰ আৱৰণত পথাৰখন ঢকা থাকিলেহেতেন, তেওঁ কাকো স্পষ্টকৈ চিনাক্ত কৰিব নোৱাৰে। তেওঁৰ মন উন্মনা হৈ উঠে সেউতীৰ তামোলৰ পিকেৰে ৰঙা ওঁঠযুৰি দেখিবলৈ।
সেউতীৰ কাষ চাপিবৰ আকাংক্ষাত কবিৰ মন উৰা মাৰে। সেয়া জানিবলৈ তেওঁ বৌয়েকৰ সহায় ল’বলৈ মন কৰে। তথাপিও কুঁৱলীৰ আৱৰণে সকলো দৃষ্টিৰেখা আৱৰি পেলোৱাত প্ৰেয়সীক দেখা নহোৱাৰ বাবে কবিৰ হৃদয় বিষাদেৰে ভৰি পৰে। এই কবিতাৰ জৰিয়তে কবিয়ে আঘোণ মাহৰ পটভূমিত প্রেম, সৌন্দৰ্য আৰু কৃষিজীৱনৰ সহজ-সৰল ৰূপ একেলগে উপস্থাপন কৰিছে।