AHSEC Class 12 Assamese Chapter 6 Answer 2026 | চিঠি
Are you looking for the AHSEC Class 12 Assamese Chapter 6 Answer 2026? If yes, then you’ve come to the right place. On this page, you’ll find complete and easy-to-understand Class 12 Assamese Lesson 6 Question and Answer for “চিঠি”, prepared according to the latest ASSEB (formerly AHSEC) Higher Secondary syllabus.
চিঠি is one of the most touching and meaningful stories in the HS 2nd Year Assamese textbook. Written by শীলভদ্ৰ (Rebatimohan Dutta Choudhury), the lesson beautifully highlights the emotional value of handwritten letters, true friendship, memories, and human relationships. Although modern technology has made communication faster, this story reminds readers that a heartfelt letter carries emotions and affection that cannot easily be replaced. The chapter continues to be an important part of the Higher Secondary examination and is frequently included in board exams.
This article provides HS 2nd Year Assamese Chapter 6 Solution in a simple, student-friendly, and exam-oriented format. Every answer has been prepared to help students understand the lesson clearly and write effective answers in the examination.
What You’ll Find in This Article
- Complete AHSEC Class 12 Assamese Chapter 6 Answer 2026
- Class 12 Assamese Lesson 6 Question and Answer
- Textbook exercise solutions
- Important short and long answer questions
- Chapter summary and key points
- HS 2nd Year Assamese Chapter 6 Notes
- Exam-oriented revision materials
- Easy explanations in simple Assamese
For better preparation, students should first read the lesson carefully from the prescribed textbook and then use these answers for revision. This approach will improve conceptual understanding, answer-writing skills, and confidence before the Higher Secondary Final Examination.
If you’re preparing for the HS 2nd Year Board Examination 2026, bookmark this page and keep visiting our website. We regularly publish updated AHSEC Class 12 Assamese Question Answers, chapter-wise solutions, previous year questions, important notes, and model papers based on the latest ASSEB syllabus.
আৰ্হি প্ৰশ্নঃ
(ক) অতি চমু প্ৰশ্ন :
১। ‘চিঠি’ গল্পটো শীলভদ্ৰৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে?
উত্তৰঃ ‘চিঠি’ গল্পটো শীলভদ্ৰৰ ১৯৯৪ চনত প্ৰকাশিত ‘চিঠি আৰু অন্যান্য গল্প’ সংকলনৰ পৰা লোৱা হৈছে।
২।শীলভদ্রই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল ?
উত্তৰঃ শীলভদ্রই ১৯৯৪ চনত ‘মধুপুৰ বহু দূৰ’ গল্প সংকলনৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল।
৩। কাৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি আছিল?
উত্তৰঃ ভূদেৱ চৌধুৰীয়ে তেওঁৰ ঘনিষ্ঠ বন্ধু প্রশান্ত শর্মাৰ চিঠিৰ বাবে অপেক্ষা কৰি আছিল।
৪। প্রশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক কোনে দিছিল?
উত্তৰঃ প্রশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক প্রশান্ত শৰ্মাৰ ভতিজা ল’ৰাজনে দিছিল।
৫। ভূদেৱ চৌধুৰী টিংখঙলৈ কিয় গৈছিল?
উত্তৰঃ ভূদেৱ চৌধুৰী বিয়াৰ পিছত কিছুমান অসুবিধাৰ কাৰণে কিছুদিন অকলে বাগানত আছিল। আৰু তেওঁৰ পৰিবাৰক গাঁৱৰ ঘৰত ৰাখিছিল।তেতিয়া তেওঁৰ পৰিবাৰৰ পৰা তেওঁলৈ চিঠি আহিছিল।এই চিঠিখন সোনকালে পাবলৈ তেওঁ টিংখঙত থকা ডাকঘৰলৈ গৈছিল,যাৰ দূৰত্ব আছিল কমেও চাৰি মাইল।
অতি চমু প্ৰশ্নঃ
১। ‘চিঠি’ গল্পটোত ভূদেৱ চৌধুৰীয়ে কাৰ কাৰ চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা আছে ?
উত্তৰঃ ‘চিঠি’ গল্পটোত ভূদেৱ চৌধুৰীয়ে তেওঁৰ বন্ধু প্রশান্ত শর্মাৰ চিঠিৰ বাবে আৰু যেতিয়া ভূদেৱ চৌধুৰী বিয়াৰ পিছত কিছুমান অসুবিধাৰ কাৰণে বাগানত আছিল,তেতিয়া তেওঁৰ পৰিবাৰক কিছু দিনৰ বাবে গাঁৱৰ ঘৰত থৈ গৈছিল। সেয়েহে চৌধুৰীয়ে পৰিবাৰৰ চিঠিৰ বাবে ব্যাকুল অপেক্ষা কৰাৰ কথা কৈছে।
২। শীলভদ্রই লাভ কৰা দুটা বঁটাৰ নাম লিখা।
উত্তৰঃ শীলভদ্রই লাভ কৰা দুটা বঁটাৰ নাম হ’ল-১৯৯০ চনত ‘অনুসন্ধান’ উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা আৰু সাহিত্যক্ষেত্রলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে ২০০২ চনত তেওঁক অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কৰা হয়।
৩। ভূদেৱ চৌধুৰীয়ে প্রশান্ত শর্মালৈ কিয় চিঠি লিখিছিল?
উত্তৰঃ ভূদেৱ চৌধুৰী আৰু প্রশান্ত শর্মা দুয়ো হৈছে ঘনিষ্ঠ বন্ধু। দুয়োৰে বয়স হৈছে।তেওঁলোক দুয়ো একে চহৰৰ দুই প্রান্তত থাকে।যোগসূত্ৰ ৰাখিবলৈ গাড়ী,ফোন নাই।ইমান ঘনিষ্ঠ বন্ধু কিন্তু পৰপস্পৰৰ চিঠিপত্ৰ লিখাৰ অভ্যাস নাই।কিন্তু বহু দিন তেওঁলোকৰ মাজত কোনো যোগাযোগ নথকাত ভূদেৱ চৌধুৰীয়ে হঠাতে এদিন বন্ধু প্রশান্তৰ লগত যোগাযোগ স্থাপনৰ বাবে চিঠি লিখিছিল।
৪। কাৰ চিঠি পুৰুষানুক্রমে সঞ্চয় কৰি থ’বলগীয়া সম্পত্তি বুলি কোৱা হৈছে? তেওঁৰ চিঠি কিয় মূল্যৱান ?
উত্তৰঃ চিঠি এখনেই চিঠিৰ মূল্য।কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰৰ চিঠি পুৰুষানুক্রমে সঞ্চয় কৰি থ’বলগীয়া সম্পত্তি বুলি কোৱা হৈছে ।কাৰণ তেওঁ আছিল এজন বিশ্ববিখ্যাত কবি আৰু সাহিত্যিক।পৰিচিত-অপৰিচিত অজস্ৰ মানুহে তেওঁক চিঠি দিছিল।সাধাৰণতে এজন বিখ্যাত মানুহৰ বিষয়ে জানিবলৈ সকলোৰে কৌতুহল জন্মে।সেইবাবে ৰবীন্দ্রনাথ ঠাকুৰৰ চিঠি মূল্যৱান বুলি ভবা হয়।আৰু সঞ্চয় কৰি থবলগীয়া সম্পত্তি বুলি কোৱা হৈছে ।
৫। বর্তমান সময়ত চিঠিৰ প্রাসঙ্গিকতা কিয় কমি গ’ল?
উত্তৰঃ বর্তমান সময় হৈছে আধুনিক প্ৰযুক্তি বিদ্যাৰ সময়।কোনো এটা কাম কিমান সোনকালে আৰু কম সময়ত কৰিব পাৰি তাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়।মবাইল ফোন, ইন্টাৰনেট, টেলিফোন কম্পিউটাৰ আদি হৈছে ইয়াৰ বাবে একো একোটি উত্তম মাধ্যম,যাৰ যোগেদি অতি দ্রুতভাৱে যোগাযো সম্ভৱ হয়।সেয়ে ইয়াৰ বহুল প্ৰয়োগৰ বাবে চিঠিৰ প্রাসঙ্গিকতা বর্তমান সময়ত কম হোৱা দেখা যায়।
(গ)দীঘল প্ৰশ্ন :
১। শীলভদ্ৰৰ সাহিত্য কৃতিৰ চমু পৰিচয় দিয়া।
উত্তৰঃ অসমীয়া সাহিত্য জগতত এগৰাকী সুনিপুণ লেখক হিচাপে পৰিচিত ব্যক্তি হ’ল শীলভদ্ৰ,যাৰ প্ৰকৃত নাম হ’ল ৰেৱতীমোহন দত্ত চৌধুৰী।সাহিত্য ৰচনাৰ বাবে তেওঁ শীলভদ্ৰ ছদ্মনাম গ্ৰহণ কৰে।
শীলভদ্রই সাহিত্যিক জীৱন আৰম্ভ কৰে উপন্যাস ৰচনাৰে। ১৯৭১ চনত তেওঁৰ প্রথম উপন্যাস সংকলন ‘মধুপুৰ আৰু তৰংগিনী’ প্রকাশ পায়।নতুন যুগৰ অভিঘাতত মর্যাদা আৰু স্থানচ্যুত হোৱা পুৰণি অভিযাত শ্ৰেণীৰ ত্ৰিশঙ্কু-অৱস্থা,হেৰাই যাবলৈ উপক্ৰম কৰা বিগত যুগৰ ৰসাল চিত্ৰায়ন,আৰু নিঃস্ব-নিষ্পেষিতৰ প্ৰতি সহানুভূতি শীলভদ্ৰৰ উপন্যাসৰ সাধাৰণ বৈশিষ্ঠ্য।
পৰৱৰ্তী সময়ত তেওঁ উপন্যাস ৰচনা কৰে যদিও গল্পকাৰ হিচাপে অধিক খ্যাতি অর্জন কৰে। ১৯৭৫ চনত তেওঁৰ প্ৰথম গল্প সংকলন ‘বাস্তৱ’ প্রকাশ পায়।ইয়াৰ পাছত তেওঁৰ কুৰিখনৰো অধিক গল্পসংকলন প্ৰকাশ পায়।তাৰে কেইখনমান হ’ল সমুদ্রতীৰ, কোনো ক্ষোভ নাই, উত্তৰণ, আকৌ মধুপুৰ, মধুপুৰ বহুদূৰ, তর্পন, চিঠি আৰু অন্যান্য গল্প, আপোন মানুহ, জীৱনৰ ৰং, দায়িত্ব আৰু অন্যান্য গল্প ইত্যাদি। শীলভদ্রই ‘ৰিপভান উইংকল আৰু কেইটামান গল্প’ আৰু ‘ৰূপান্তৰ’ নামৰ দুখন গ্রন্থ অনুবাদ কৰিছিল।
সাহিত্য কর্মৰ স্বীকৃতি স্বৰূপে শীলভদ্রই কেইবাটাও বঁটা আৰু সন্মান লাভ কৰে। তাৰ ভিতৰত ১৯৯০ চনত ‘অনুসন্ধান’ উপন্যাসৰ বাবে ‘অসম প্ৰকাশন পৰিষদ বঁটা’,১৯৯২ চনত ‘দায়িত্ব আৰু অন্যান্য গল্প’ শীর্ষক গল্প সংকলনৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ বঁটা লাভ কৰে। ১৯৯৪ চনত শীলভদ্রই ‘মধুপুৰ বহুদূৰ’ গল্প সংকলনৰ বাবে ‘সাহিত্য অকাদেমি বঁটা’ লাভ কৰে। সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে ২০০২ চনত তেওঁক অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কৰা হয়।
২। ‘চিঠি’ চুটিগল্পটিৰ কাহিনীভাগ চমুকৈ তোমাৰ নিজৰ ভাষাত লিখা।
উত্তৰঃ চাকৰি বা কর্মজীৱনৰ পৰা অৱসৰ লোৱাৰ পাছত মানুহে কিছু অকলশৰীয়া অনুভৱ কৰে। তেনে সময়ত পুৰণি মনেমিলা বন্ধুৰ সান্নিধ্যই আনন্দ প্ৰদান কৰে। বন্ধুৰ পৰা যদি আন্তৰিকতা আৰু সঁহাৰি লাভ কৰা যায় তেন্তে সেই আনন্দ দুগুণে বৃদ্ধি পায়। নিজৰ পুৰণা বন্ধু প্রশান্ত শর্মালৈ এখন চিঠি লিখি ভূদেৱ চৌধুৰীয়ে তেনেকুৱা আনন্দকে অনুভৱ কৰে।
ভূদেৱ চৌধুৰী আৰু প্রশান্ত শর্মা দুয়ো আছিল ঘনিষ্ঠ বন্ধু। তেওঁলোক দুয়ো একেখন চহৰৰে দুই প্রান্তত থাকে। যোগসূত্ৰ ৰাখিবলৈ গাড়ী, ফোন নাই। ইমান ঘনিষ্ঠ বন্ধু কিন্তু পৰপস্পৰৰ চিঠিপত্ৰ লিখাৰ অভ্যাস নাই। কিন্তু বহু দিন তেওঁলোকৰ মাজত কোনো যোগাযোগ নথকাত ভূদেৱ চৌধুৰীয়ে হঠাতে এদিন বন্ধু প্রশান্তৰ লগত যোগাযোগ স্থাপনৰ বাবে চিঠি লিখে। তেওঁ ভাবে যে প্রশান্ত শর্মাই নিশ্চয় চিঠিখনৰ উত্তৰ দিব। কিন্তু বহু দিন অপেক্ষা কৰিও প্রশান্ত শর্মাৰ পৰা কোনো উত্তৰ নাপালে। অৱশেষত ভূদেৱ চৌধুৰীয়ে এদিনাখন প্রশান্ত শর্মাৰ ভতিজা ল’ৰা এজনৰ পৰা জানিবলৈ পায় যে প্রশান্ত শৰ্মাৰ মৃত্যু হৈছে। ভূদেৱ চৌধুৰীয়ে প্রশান্ত শর্মাৰ ঘৰলৈ যোৱাত পৰিয়ালৰ লোকসকলৰ পৰা জানিবলৈ পায় যে প্রশান্ত শর্মাই ভূদেৱ চৌধুৰীৰ পৰা চিঠিখন পাই অতি আনন্দিত হৈছিল আৰু সকলোকে চিঠিখন দেখুৱাই ভূদেৱ চৌধুৰীৰ বিষয়ে আলোচনা কৰিছিল। কথাটো গম পাই ভূদেব চৌধুৰীৰ শোক উথলি উঠে। তেওঁ নিজে যিখিনি আনন্দৰ বাবে বাট চাই আছিল, সেই আনন্দখিনি যে বন্ধু প্রশান্ত শর্মাই লাভ কৰিলে সেয়া অনুভৱ কৰি তেওঁ আবেগিক হৈ পৰে। গল্পটিত অপ্রাপ্তিৰ মাজতো লুকাই থকা মধুৰতাৰ সুন্দৰ প্রকাশ ঘটিছে।
৩। ভূদেৱ চৌধুৰীৰ চিঠিখনে প্রশান্ত শর্মাৰ ঘৰত কেনে প্রতিক্রিয়াৰ সৃষ্টি কৰিছিল?
উত্তৰঃ চাকৰি বা কর্মজীৱনৰ পৰা অৱসৰ লোৱাৰ পাছত মানুহে কিছু অকলশৰীয়া অনুভৱ কৰে। তেনে সময়ত পুৰণি মনেমিলা বন্ধুৰ সান্নিধ্যই আনন্দ প্ৰদান কৰে।বন্ধুৰ পৰা যদি আন্তৰিকতা আৰু সঁহাৰি লাভ কৰা যায় তেন্তে সেই আনন্দ দুগুণে বৃদ্ধি পায়।নিজৰ পুৰণা বন্ধু প্রশান্ত শর্মালৈ এখন চিঠি লিখি ভূদেৱ চৌধুৰীয়ে তেনেকুৱা আনন্দকে অনুভৱ কৰে।
ভূদেৱ চৌধুৰী আৰু প্রশান্ত শর্মা দুয়ো আছিল ঘনিষ্ঠ বন্ধু। ইমান ঘনিষ্ঠ বন্ধু কিন্তু পৰপস্পৰৰ চিঠিপত্ৰ লিখাৰ অভ্যাস নাই। কিন্তু বহু দিন তেওঁলোকৰ মাজত কোনো যোগাযোগ নথকাত ভূদেৱ চৌধুৰীয়ে হঠাতে এদিন বন্ধু প্রশান্তৰ লগত যোগাযোগ স্থাপনৰ বাবে চিঠি লিখে।তেওঁ ভাবে যে প্রশান্ত শর্মাই নিশ্চয় চিঠিখনৰ উত্তৰ দিব।কিন্তু বহু দিন অপেক্ষা কৰিও প্রশান্ত শর্মাৰ পৰা কোনো উত্তৰ নাপালে। অৱশেষত ভূদেৱ চৌধুৰীয়ে এদিনাখন প্রশান্ত শর্মাৰ ভতিজা ল’ৰা এজনৰ পৰা জানিবলৈ পায় যে প্রশান্ত শৰ্মাৰ মৃত্যু হৈছে।ভূদেৱ চৌধুৰীয়ে প্রশান্ত শর্মাৰ ঘৰলৈ যোৱাত পৰিয়ালৰ লোকসকলৰ পৰা জানিবলৈ পায় যে প্রশান্ত শর্মাই ভূদেৱ চৌধুৰীৰ পৰা চিঠিখন পাই অতি আনন্দিত হৈছিল আৰু তেওঁৰ পুত্ৰ,তেওঁৰ ছোৱালীবোৰ,তেওঁৰ পৰিবাৰ সকলোকে চিঠিখন দেখুৱাই ভূদেৱ চৌধুৰীৰ বিষয়ে আলোচনা কৰিছিল। চিঠিখনৰ এক উত্তৰ পঠাব বুলিও তেওঁ ভতিজাৰ দ্বাৰা লেফাফা এটিও যোগাৰ কৰিছিল । কিন্তু তেওঁ চিঠিখনৰ উত্তৰ লিখিবলৈ লোৱাৰ আগতেই মৃত্যু মুখত পৰে।সেই চিঠিৰ উত্তৰ দিয়া নহ’ল।
৪। আপোনজনৰ পৰা চিঠি পোৱা আৰু আপোনজনৰ চিঠিৰ বাবে অপেক্ষা কৰি থকাৰ মধুৰতাখিনি গল্পটিত কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা।
উত্তৰঃ চিঠি হৈছে এক যোগাযোগৰ মাধ্যম। এসময়ত চিঠিৰ দ্বাৰাই সকলো তথ্যৰ আদান প্ৰদান কৰা হৈছিল।সময়ো লাগিছিল যথেষ্ট।এখন চিঠিৰ বাবে কৰা সেই অপেক্ষাৰ সময়খিনিও মধুৰ।কর্মজীৱনৰ পৰা অৱসৰ লোৱাৰ পাছত ভূদেৱ চৌধুৰীয়ে অকলশৰীয়া সময়ত বন্ধু প্রশান্ত শর্মালৈ এখন চিঠি লিখে। তাৰ পিছদিনাৰ পৰা তেওঁ চিঠিৰ উত্তৰৰ বাবে অপেক্ষা কৰে। চিঠি অহাৰ সময়খিনিত বাহিৰৰ কোঠাত বহি তেওঁ বাট চাই ৰয়।
আকৌ দেখা যায় যে ভূদেৱ চৌধুৰী বাগানত থকা কালছোৱাত পত্নীৰ পৰা চিঠি পাবলৈ অধীৰ হৈ অপেক্ষা কৰিছিল। কেতিয়াবা কেতিয়াবা তেওঁ চিঠি আহিব লগা দিনৰ সন্ধিয়ালৈ ধৈর্য ধৰি থাকিব নোৱাৰি নিজেই চাৰি মাইল দূৰৈত থকা টিংখঙলৈ আগবাঢ়ি গৈছিল।
আনফালে প্রশান্ত শর্মাই ভূদেৱ চৌধুৰীৰ পৰা চিঠিখন পাই এক মধুৰ আনন্দ লাভ কৰিছে। তেওঁ চিঠিখন সকলোকে দেখুৱাইছে। নিজৰ পৰিয়াল, আনকি ঘৰলৈ অহা আলহী আদি সকলোৰে লগত ভূদেৱ চৌধুৰীৰ বিষয়ে আলোচনা কৰিছে।চিঠিখনৰ এক উত্তৰ লিখিবলৈ তেওঁ লেফাফা এটিও যোগাৰ কৰিছে। কিন্তু তেওঁৰ মৃত্যু হোৱাত সেই চিঠিৰ উত্তৰ দিব নোৱাৰিলে।
এইদৰে শীলভদ্ৰৰ ‘চিঠি’ পাঠটিত আপোনজনৰ পৰা পোৱা চিঠি আৰু সেই চিঠিৰ বাবে কৰা অপেক্ষাৰ মধুৰ সময়খিনি সুন্দৰ ৰূপত প্রকাশ পাইছে।
৫। চিঠি’ গল্পটিৰ নামকৰণৰ সার্থকতা বিচাৰ কৰা।
উত্তৰঃ সাধাৰণতে গল্পৰ নামাকৰণৰ মাজত কেইবাটাও কথা জড়িত হৈ থাকে।যেনে- বিষয়বস্তুৰ ইংগিত ,মূল চৰিত্ৰৰ পৰিচয়,কেন্দ্ৰীয় ভাৱ ইত্যাদি।শীলভদ্ৰৰ ‘চিঠি’ গল্পটোৰ নামাকৰণৰ সার্থকতাও এইকেইটা দিশত দেখা যায়।
গল্পটিৰ বিষয়বস্তুও চিঠিক লৈয়ে গঢ় লৈছে।গল্পটিৰ প্রধান চৰিত্র দুটি ভূদেৱ চৌধুৰী আৰু প্রশান্ত শর্মাৰ চিঠিক লৈয়ে কাহিনীটো গতি কৰিছে।ভূদেৱ চৌধুৰীয়ে প্রশান্ত শর্মালৈ চিঠি পঠাইছে আৰু সেই চিঠিৰ উত্তৰৰ বাবে অপেক্ষা কৰিছে।গল্পটিত প্রখ্যাত সাহিত্যিক ৰবীন্দ্রনাথে লিখা চিঠিৰ প্ৰসংগও আছে। সেই চিঠিৰ কিমান মূল্য সেই কথাও উল্লেখ কৰিছে।ভূদেৱ শৰ্মাই ঘৰৰ পৰা কিছুদিন আঁতৰত থাকোতে পত্নীৰ চিঠিৰ বাবে অধীৰভাবে অপেক্ষা কৰাৰ কথাও গল্পটিত বর্ণিত হৈছে। আনহাতে ভূদেৱ চৌধুৰীয়ে বন্ধু প্রশান্ত শর্মালৈ প্ৰেৰণ কৰা চিঠিখন কেন্দ্ৰ কৰি দুখন ঘৰত উৎকণ্ঠা আৰু আনন্দৰ সৃষ্টি হৈছে। চিঠিৰ উত্তৰ লিখাৰ পৰিকল্পনা কৰি থকা অৱস্থাত প্রশান্ত শৰ্মাৰ মৃত্যু হোৱাত চিঠিৰ বাবে অপেক্ষা কৰি থকা ভূদেৱ চৌধুৰীৰ আশাৰো মৃত্যু ঘটিছে। আনকি বন্ধুৰ মৃত্যুৰ খবৰ ল’বলৈ যোৱা ভুদেৱ চৌধুৰীক সকলোৱে চিঠিখনৰ কথাকেই কৈছে।
এনেদৰে বিশ্লেষণ কৰিলে দেখা যায় যে গল্পটিৰ আৰম্ভণিৰ পৰা অন্তলৈ চিঠিক কেন্দ্ৰ কৰিয়েই বিষয়বস্তু গঢ় তথা গতি লৈছে।সেয়ে ‘চিঠি’ গল্পটোৰ নামাকৰণ সার্থক হৈছে বুলি ক’ব পাৰি।
ওপৰঞ্চি প্ৰশ্নঃ
১। শীলভদ্ৰ কোন যুগৰ লেখক আছিল?
উত্তৰঃ শীলভদ্ৰ ৰামধেনু যুগৰ লেখক আছিল।
২। শীলভদ্ৰৰ প্রকৃত নাম কি আছিল?
উত্তৰঃ শীলভদ্ৰৰ প্রকৃত নাম আছিল ৰেৱতীমোহন দত্ত চৌধুৰী।
৩। শীলভদ্ৰই কিহেৰে সাহিত্যিক জীৱনৰ আৰম্ভ কৰিছিল?
উত্তৰঃ শীলভদ্ৰই উপন্যাসেৰে সাহিত্যিক জীৱনৰ আৰম্ভ কৰিছিল।
৪। তেওঁৰ প্রথম গল্প সংকলনখন কি আৰু কেতিয়া প্রকাশ পায় ?
উত্তৰঃ তেওঁৰ প্রথম গল্প সংকলনখন হ’ল ‘বাস্তৱ’। আৰু এইখন ১৯৭৫ চনত প্রকাশ পায়।
৫। তেওঁৰ দুখন গল্প সংকলনৰ নাম লিখা।
উত্তৰঃ কোনো ক্ষোভ নাই, সমুদ্রতীৰ।
৬। শীলভদ্রই অনুবাদ কৰা গ্ৰন্থদুখনৰ নাম কি কি?
উত্তৰঃ শীলভদ্রই অনুবাদ কৰা গ্ৰন্থদুখনৰ নাম হ’ল- ‘ৰিপভান উইংকল আৰু কেইটামান গল্প’আৰু ‘ৰূপান্তৰ’।
৭। তেওঁ কিমান চনত কোনখন গল্প সংকলনৰ বাবে ভাৰতীয় ভাষা পৰিষদ বঁটা লাভ কৰে?
উত্তৰঃ তেওঁ ১৯৯২ চনত ‘দায়িত্ব আৰু অন্যান্য গল্প’ শীর্ষক গল্প সংকলনৰ বাবে ভাৰতীয় ভাষা পৰিষদ বঁটা লাভ কৰে।
৮। টিংখঙৰ পৰা বাগানৰ ডাক অনা বনুৱাজনৰ নাম কি আছিল?
উত্তৰঃ টিংখঙৰ পৰা বাগানৰ ডাক অনা বনুৱাজনৰ নাম আছিল ফাগু।
৯। চুটি গল্পৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ চুটি গল্পৰ দুটা বৈশিষ্ট্য হ’ল-
(ক) চুটিগল্পৰ আৰম্ভণি আকস্মিক হয়।
(খ)চুটিগল্প কম পৰিসৰৰ আৰু কম চৰিত্ৰৰ হয়।
১০। ভূদেৱ চৌধুৰী কোন আছিল?
উত্তৰঃ প্ৰশান্ত শৰ্মা আৰু ভূদেৱ চৌধুৰী ঘনিষ্ঠ বন্ধু আছিল। অৱসৰ গ্ৰহণৰ পিছত, দুয়োজন চহৰৰ বেলেগ প্ৰান্তত বাস কৰিবলৈ ধৰিলে।
১১। শীলভদ্ৰৰ দ্বাৰা ৰচিত চুটিগল্পৰ এটি বৈশিষ্ট্য লিখা।
উত্তৰঃ শীলভদ্ৰৰ দ্বাৰা ৰচিত চুটিগল্পসমূহৰ এখন বিশেষ বৈশিষ্ট্য হ’ল — “আৰম্ভণি আকস্মিক”।উদাহৰণস্বৰূপে, ‘চিঠি’ নামৰ চুটিগল্পখনৰ আৰম্ভণিও হঠাতে, একেবাৰে অপ্রত্যাশিতভাৱে ঘটে।
১২। ফাণ্ড কোন আছিল।
উত্তৰঃ ফাণ্ড এজন বনুৱা আছিল যোনে টিংখঙৰ পৰা বাগানৰ ডাক আনিছিল।
১৩। চুটিগল্প কাক বােলে?উত্তৰঃ কোনাে এটা কাহিনী বা গল্পক, পূর্ণাংগ ৰূপ নিদি চমুকৈ আংশিকভাৱে বৰ্ণনা কৰিলে তাকেই চুটি গল্প বুলি কোৱা হয়।
১৪। শীলভদ্ৰৰ জন্ম কত আৰু কেতিয়া হৈছিল।
উত্তৰঃ শীলভদ্ৰৰ জন্ম ১৯২৪ চনত ধুবুৰী জিলাৰ গৌৰীপুৰত হৈছিল
১৫। শীলভদ্ৰৰ গল্পৰ তিনিটা বৈশিষ্ট্য লিখা
উত্তৰঃ শীলভদ্ৰৰ গল্পৰ তিনিটা বৈশিষ্ট্য হ’ল-
(ক) শীলভদ্রদেৱ বাস্তৱ জীৱনৰ দৈনন্দিন, সৰু-সুৰা যেন লগা ঘটনাবিলাকক গল্পৰ বিষয়বস্তু হিচাপে নিৰ্বাচন কৰে, যাৰ জৰিয়তে পাঠকৰ সৈতে এটা সজীৱ সম্পৰ্ক স্থাপন হয়।
(খ) তেওঁৰ গল্পসমূহত ভাষা সৰল, সহজগম্য আৰু মেদহীন বৰ্ণনা দেখা যায়, যি কাহিনীৰ প্ৰৱাহত বাধা নিদিয়ে আৰু প্ৰতিকৃতি স্পষ্ট কৰে।
(গ) শীলভদ্ৰৰ গল্পসমূহত সাধাৰণ ঘটনাৰ মাজতে অসাধাৰণত্বৰ আভাস পোৱা যায়, যি গল্পবোৰক বৈশিষ্ট্যময় আৰু চিন্তনীয় কৰি তোলে।
১৬। শীলভদ্ৰৰ তিনিখন চুটিগল্প সংকলনৰ নাম লিখা
উত্তৰঃ শীলভদ্ৰৰ তিনিখন চুটিগল্প সংকলনৰ নাম হ’ল- ‘বাস্তৱা’ (১৯৭৫), ‘কোনো ক্ষোভ নাই’ আৰু ‘চিঠি আৰু অন্যান্য গল্প।
১৭। ভূদেৱ চৌধুৰীৰ চিঠিখনে প্রশান্ত শৰ্মাৰ ঘৰত কেনে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল?
উত্তৰঃ ভূদেৱ চৌধুৰীৰ মূল্যবান চিঠিখনে প্ৰশান্ত শৰ্মাৰ ঘৰত আনন্দ আৰু উল্লাসেৰে ভৰা পৰিৱেশৰ সৃষ্টি কৰিছিল। পুৰণি বন্ধু চৌধুৰীৰ পৰা চিঠি পোৱাৰ আনন্দত প্ৰশান্ত শৰ্মা ইমানেই অভিভূত হৈছিল যে তেওঁ যিজনেই ঘৰলৈ আহিছিল, তাক চিঠিখন দেখুৱাইছিল। তেওঁৰ মুখত সদায় বন্ধুৰ কথাবোৰ, একেলগে কটোৱা দিনবোৰৰ স্মৃতি আৰু ক’ত ক’ত গৈছিল— সেই সকলোবোৰেই ফুটি উঠিছিল।
তেওঁ চিঠিৰ উত্তৰ দিবলৈ একো একো কথা ভাবি ৰাখিছিল— আনকি লেফাফাও নিজৰ পুতেকৰ হাতত লৈ আহি থৈছিল। এই কথা প্ৰশান্ত শৰ্মাৰ পত্নী, পুত্র আৰু কন্যাই ব্যক্ত কৰিছিল ভূদেৱ চৌধুৰীক, যেতিয়া তেওঁ শৰ্মাৰ খবৰ লবলৈ গৈছিল।
এই সকলোবোৰ শুনি, ভূদেৱ চৌধুৰীৰ হৃদয় গভীৰ শোকত কঁপি উঠিছিল। যিটো আনন্দৰ বাবে তেওঁ বাট চাই আছিল, সেইখিনি আনন্দ তেওঁৰ বন্ধু প্ৰশান্ত শৰ্মাই লাভ কৰিছে— এই অনুভৱত তেওঁ আবেগিক হৈ পৰিল। এইদৰে, গল্পখনত অপ্ৰাপ্তিৰ মাজতো এটি সূক্ষ্ম মধুৰতা, এটি আত্মিক সন্তোষ আৰু বন্ধুত্বৰ গঢ় সুন্দৰভাৱে প্ৰকাশ পাইছে।
১৮। চিঠি’ গল্পটি চুটিগল্প হিচাপে বিচাৰ কৰা।
উত্তৰঃ শীলভদ্ৰ ৰচিত ‘চিঠি’ গল্পটো চুটিগল্পৰ উৎকৃষ্ট নিদৰ্শন হিচাপে গণ্য কৰা হয়। চুটিগল্পৰ মুখ্য বৈশিষ্ট্যসমূহ — যেনে: আৰম্ভণিৰ আকস্মিকতা, কেন্দ্রীয় বিষয়, সংক্ষিপ্ততা, নাটকীয় সামৰণি — সকলো এই গল্পত সুন্দৰভাৱে প্ৰতিফলিত হৈছে। গল্পটো এই বাক্যৰে আৰম্ভ হয় – “দুয়োৰে বয়স হৈছে। অৱসৰ লোৱাৰ কেইবাবছৰৰ হ’ল।” — যি এক আকস্মিক পৰিস্থিতিৰ সূচনা কৰে। আৰু সামৰণি ঘটে নাটকীয় ভাৱে — “ভূদেৱ চৌধুৰীয়ে ৰুমালখনেৰে তেওঁৰ চকু দুটা মচি ল’লে। চিঠিখন লিখাটো আছিল তেওঁৰ অলস মূহূর্তৰ এটা অপৰিকল্পিত ভঙ্গী। কিন্তু প্রশান্ত শর্মাৰ কাৰণে চিঠিখন ইমান মূল্যৱান আছিল বুলি তেওঁ ধাৰণাই কৰিব পৰা নাছিল।”
চুটিগল্পত সাধাৰণতে এটা কেন্দ্ৰীয় ভাব থাকে, আৰু সেই অনুভৱটোৱে গল্পটো সামগ্ৰিক ৰূপ প্ৰদান কৰে। ‘চিঠি’ গল্পটোত সেই কেন্দ্ৰীয় বিষয়টো হৈছে – এখন সাধাৰণ চিঠিৰ দ্বাৰা গঢ়ি উঠা মানবিক সম্পৰ্ক আৰু আত্মিক অনুভূতি। এই চিঠিখনৰেই দ্বাৰা দুটা পৰিয়ালৰ মাজত কৌতূহলৰ সৃষ্টি হয়। গল্পটোৰ কেন্দ্ৰীয় চৰিত্ৰ ভূদেৱ চৌধুৰীয়ে, যাৰ অলস সময়ত লিখা এখন চিঠিয়ে আন এজনৰ জীৱনত গভীৰ প্ৰভাৱ পেলায়। সেয়েহে, গল্পটোৰ নাম ‘চিঠি’ অত্যন্ত যথোপযুক্ত, কাৰণ এই নামটোৱে গল্পটোৰ কেন্দ্ৰীয় ভাবনাকেই স্পষ্ট কৰি তোলে
১৯। কঠিন শব্দৰ অৰ্থঃ
আনুষঈিক – মূল বিষয়ৰ লগত গৌণভাৱে জড়িত ।
পুৰুষানুক্ৰমে – এক পুৰুষৰ পৰা তাৰ পিছৰ পুৰুষলৈ ।
সংগত – খাপখোৱা, উচিত, যুক্তিযুক্ত ।
উদাসীনতা – অনুৰাগ নথকা স্বভাৱ ।
অনুকম্পা – সহানুভুতি, কৰুণা, দয়া ।
কঙাল – যাৰ একো নাই, নিঃস্ব, দুখীয়া, খাবলৈ নোপোৱা ।
প্ৰতীক্ষা – অপেক্ষা ।
প্ৰত্যাশা – আশা, ভাৰসা ।
স্বয়ংক্ৰিয় – আপোনা- আপোনি ক্ৰিয়া কৰা ।