AHSEC Class 12 Assamese Chapter 7 Answer 2026 | অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা
Are you searching for the AHSEC Class 12 Assamese Chapter 7 Answer 2026? If yes, you’ve come to the right place. This page provides complete and easy-to-understand Class 12 Assamese Chapter 7 Solution for “অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা”, prepared according to the latest ASSEB (formerly AHSEC) Higher Secondary syllabus.
অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা is an important lesson in the HS 2nd Year Assamese textbook that introduces students to the history, development, and growth of the Assamese film industry. The chapter discusses the journey of Assamese cinema from its early days to modern times, highlighting the contributions of pioneering filmmakers, the challenges faced by the industry, and its role in preserving Assam’s language, culture, and traditions.
This lesson is valuable not only for examination purposes but also for understanding the evolution of Assamese cinema and its impact on society. Questions from this chapter are regularly asked in school examinations and the Higher Secondary Final Examination, making it an important topic for every student.
On this page, you will get Higher Secondary 2nd Year Question Answer Assamese in a simple and exam-oriented format. The solutions are written in easy language so that students can understand the concepts clearly and prepare effectively for their examinations.
What You’ll Find in This Article
- Complete AHSEC Class 12 Assamese Chapter 7 Answer 2026
- Class 12 Assamese Chapter 7 Question and Answer
- Lesson 7 textbook exercise solutions
- Important short and long answer questions
- HS 2nd Year Assamese Chapter 7 Notes
- Chapter summary and key points
- Exam-oriented revision materials
- Easy explanations in simple Assamese
To score good marks in the Higher Secondary examination, students should first read the lesson carefully from the prescribed textbook and then practice the questions and answers given here. This method helps improve conceptual understanding, answer-writing skills, and confidence before the final examination.
Keep visiting our website for the latest AHSEC Class 12 Assamese Question Answers 2026, chapter-wise solutions, previous year question papers, important notes, model papers, and study materials prepared according to the updated ASSEB syllabus.
(ক) অতি চমু প্ৰশ্ন :
১। জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ কথাছবিৰ কাহিনীৰ উৎস কি?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ কথাছবিৰ কাহিনীৰ উৎস হ’ল লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা ‘জয়মতী কুঁৱৰী’ নামৰ নাটকখন।
২। জ্যোতিপ্ৰসাদ আগৰৱালাই কোনখন দেশত চলচ্চিত্র নির্মাণৰ প্রশিক্ষণ লৈছিল?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই জার্মানীত চলচ্চিত্র নির্মাণৰ প্রশিক্ষণ লৈছিল।
৩। ‘চিত্ৰবন’ ষ্টুডিঅ’ কোনে নির্মাণ কৰিছিল?
উত্তৰঃ‘চিত্ৰবন’ ষ্টুডিঅ’ জ্যোতিপ্ৰসাদ আগৰৱালাই নির্মাণ কৰিছিল।
৪। লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম লিখা।
উত্তৰঃ লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম হ’ল ‘নিমিলা অংক’ (১৯৫৫)।
৫। লতা মংগেছকাৰে গীতত কণ্ঠদান কৰা অসমীয়া কথাছবি এখনৰ নাম লিখা।
উত্তৰঃ লতা মংগেছকাৰে গীতত কণ্ঠদান কৰা অসমীয়া কথাছবি এখনৰ নাম হ’ল ‘এৰা বাটৰ সুৰ’।
(খ) চমু প্ৰশ্ন ঃ
১। জ্যোতিপ্ৰসাদ আগৰৱালাই নির্মাণ কৰা কথাছবি দুখনৰ নাম লিখা।
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই নির্মাণ কৰা কথাছবি দুখনৰ নাম হ’ল ‘জয়মতী’ আৰু ‘ইন্দ্ৰমালতী’।
২। এই কথাছবি কেইখনৰ পৰিচালকৰ নাম লিখা-এৰা বাটৰ সুৰ, ডাঃ বেজবৰুৱা, গঙা চিলনীৰ পাখি।
উত্তৰঃ এৰা বাটৰ সুৰৰ পৰিচালক হ’ল-ভূপেন হাজৰিকা।
ডাঃ বেজবৰুৱাৰ পৰিচালক হ’ল-ব্ৰজেন বৰুৱা।
গঙা চিলনীৰ পাখিৰ পৰিচালক হ’ল-পদুম বৰুৱা।
৩। ভৱেন্দ্রনাথ শইকীয়াই পৰিচালনা কৰা তিনিখন কথাছবিৰ নাম লিখা।
উত্তৰঃ ভৱেন্দ্রনাথ শইকীয়াই পৰিচালনা কৰা তিনিখন কথাছবিৰ নাম হ’ল ‘সন্ধ্যাৰাগ’, ‘সাৰথি’ আৰু ‘ইতিহাস’।
৪। জয়মতী, চিৰাজ, সতী বেউলা — এই কথাছবি কেইখনৰ সংগীত পৰিচালক কেইজনৰ নাম লিখা।
উত্তৰঃ ‘জয়মতী’ কথাছবিৰ সংগীত পৰিচালকজনৰ নাম হ’ল ‘জ্যোতিপ্ৰসাদ আগৰৱালা’।
‘চিৰাজ’ কথাছবিৰ সংগীত পৰিচালকজনৰ নাম হ’ল ‘বিষ্ণুপ্ৰসাদ ৰাভা’।
‘সতী বেউলা’ কথাছবিৰ সংগীত পৰিচালকজনৰ নাম হ’ল ‘ভূপেন হাজৰিকা’।
৫। অসম চৰকাৰে অসমীয়া চিনেমা-শিল্পৰ বিকাশত কি ভূমিকা পালন কৰিছে ?
উত্তৰঃ হাজাৰ হাজাৰ লোকৰ কর্ম সংস্থাপনৰ উপৰিও শিল্প সংস্কৃতিৰ বিকাশত কথাছবি বা চলচ্চিত্ৰ উদ্যোগে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩৫ চনত ‘জয়মতী’ কথাছবি নির্মাণৰ দ্বাৰা অসমীয়া কথাছবিৰ শুভাৰম্ভ কৰে।
অসমীয়া চলচ্চিত্ৰৰ আৰম্ভণি আৰু বিকাশ হৈছিল ব্যক্তিগত প্রচেষ্টাত। পৰৱর্তী কালত চৰকাৰে অসমীয়া চলচ্চিত্র শিল্পক সহায় কৰিবলৈ প্ৰযোজকক আর্থিক অনুদান আগবঢ়োৱাৰ ব্যৱস্থা কৰে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত চৰকাৰে জ্যোতিচিত্রবন ছোছাইটি নামেৰে ষ্টুডিঅ’ কমপ্লেক্স নির্মাণ কৰি অসমৰ চিত্র নির্মাতাসকলক ছবি নির্মাণৰ প্রযোজনাত বাহিৰলৈ যোৱা কামটোৰ পৰা সকাহ দিয়ে। এই চৌহদতে স্থাপন কৰা হৈছে‘ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী ফিল্ম আৰু টিভি ইন্সটিটিউট’ নামৰ চলচ্চিত্র নির্মাণৰ প্রশিক্ষণ বিদ্যালয় এখন। ছবি প্রযোজনাত সহায় কৰিবলৈ গঠন কৰা হৈছে ‘অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগম’। চৰকাৰে চলচ্চিত্র সংগ্রহালয় আৰু আর্কাইভও স্থাপন কৰিছে।
(গ)দীঘল প্ৰশ্ন ঃ
১। অসমীয়া চলচ্চিত্র শিল্পলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পর্কে আলোচনা কৰা।
উত্তৰঃ নাট্যকাৰ, সঙ্গীতজ্ঞ, কবি, বোলছবিৰ সঞ্চালক আৰু বিপ্লৱী কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া চলচ্চিত্ৰৰ জনক বুলি অভিহিত কৰা হয়। কাৰণ তেওঁৰ অকলশৰীয়া প্ৰচেষ্টাতেই ১৯৩৫ চনৰ ১০ মাৰ্চ তাৰিখে প্ৰথম অসমীয়া ছবি ‘জয়মতী’য়ে মুক্তি লাভ কৰে। ১৯৩৩ চনত তেওঁ ভোলাগুৰি চাহ বাগিচাত ‘চিত্ৰবন’ ষ্টুডিঅ’ স্থাপন কৰি ১৯৩৪ চনত লক্ষ্মীনাথ বেজবৰুৱাৰ ‘জয়মতী’ নাটকখনৰ কথাছবিৰ ৰূপ দিয়া কাম আৰম্ভ কৰে। ‘চিত্ৰলেখা মুভিটোন’ৰ বেনাৰত নিৰ্মিত এই ছবিখন ভাৰতৰ তৃতীয়খন সবাক ছবি আৰু প্ৰথমখন ৰাজনৈতিক আৰু বাস্তৱবাদী ধাৰাৰ ছবি বুলি অভিহিত কৰা হয়। কাৰিকৰী শিল্পীৰ অভাৱৰ বাবে জ্যোতিপ্ৰসাদে নিজেই ছবিখনৰ চিত্ৰনাট্য ৰচনা, পৰিচালনা, প্ৰযোজনা, সম্পাদনা, সংগীত ৰচনা তথা পৰিচালনা, নৃত্য নিৰ্দেশনা, কলা নিৰ্দেশনা এই সকলো দিশ তত্ত্বাৱধান কৰে।
দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ ‘ইন্দ্ৰমালতী’ও জ্যোতিপ্ৰসাদৰে দান। ঘাইকৈ জয়মতী চলচ্চিত্ৰত হোৱা লোকচানৰ বোজা উঠাবলৈয়ে এইখন ছবি নিৰ্মাণ কৰা হৈছিল। ছবিখনে মুক্তি পায় ১৯৩৯ চনত। স্বৰচিত কাহিনী এটাৰ চিত্ৰৰূপ আছিল এই ছবিখন। ১৯৪৮ চনত ফণী শৰ্মাৰ লগত যুটীয়াভাৱে লক্ষ্মীধৰ শৰ্মাৰ ‘চিৰাজ’ গল্পৰ আধাৰত একে নামেৰে কথাছবি নির্মাণ কৰে। এনেদৰে জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া কথাছবি নির্মাণ কৰি অসমীয়া চলচ্চিত্র জগতৰ আৰম্ভণি কৰে। অসমীয়া কথাছবিৰ জগতলৈ তেওঁ যি অৱদান আগবঢ়াই থৈ গ’ল সেইয়া সদায় চিৰস্মৰণীয় হৈ ৰ’ৱ।
২। অসমীয়া চলচ্চিত্র শিল্পলৈ ভূপেন হাজৰিকাৰ অৱদান সম্পর্কে আলোচনা কৰা।
উত্তৰঃ ড॰ ভূপেন হাজৰিকা আছিল অসম তথা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক। তদুপৰি তেখেত আছিল এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনীৰ সম্পাদক।
জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ কথাছবিৰ যোগেদি ভূপেন হাজৰিকাই কথাছবি জগতত প্রৱেশ কৰে। ১৯৫৬ চনত মুক্তিলাভ কৰা ভূপেন হাজৰিকাৰ ‘এৰা বাটৰ সুৰ’ ছবিখন আছিল অসমৰ মাটিৰ সুৰৰ ওপৰত আধাৰিত। এই ছবিখনত তেওঁ ভাৰতৰ বিখ্যাত সংগীত প্ৰতিভা লতা মংগেছকাৰ, হেমন্ত মুখাৰ্জী আদিৰ কণ্ঠ ব্যৱহাৰ কৰি ছবিখনক এটি বহল প্ৰেক্ষাপটত চিনাকি কৰাই দিছিল।ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমটো পুৰস্কাৰ ড° ভূপেন হাজৰিকাই ‘চামেলি মেমচাব’ সংগীত পৰিচালনাৰ বাবে লাভ কৰে। ১৯৬৫ চনত এটি খাচি লোককথাৰ ভেটিত নির্মাণ কৰিছিল ‘প্ৰতিধ্বনি’ নামৰ ছবিখন।এই ছবিখন তেওঁ খাচি ভাষালৈ ‘ডাব’ কৰি বাণিজ্যিক ভাৱে মুক্তি দিছিল। হিন্দী ছবি ‘তকদীৰ’ তেওঁ অসমীয়ালৈ ডাব কৰাত আগভাগ লৈছিল আৰু পিছত সেই ছবিৰ প্ৰযোজক ৰাজশ্ৰী প্ৰডাকচনৰ লগত যৌথ প্ৰযোজনাত নির্মাণ কৰিছিল ‘চিকমিক বিজুলী’। ১৯৭৬ চনত ভূপেন হাজৰিকাই ভাৰত চৰকাৰৰ পৰা শ্রেষ্ঠ সংগীত পৰিচালকৰ স্বীকৃতি লাভ কৰে। ‘সতী বেউলা’ ছবিখনৰ তেওঁ সংগীত পৰিচালনা কৰে।
এনেদৰেই অসমীয়া চলচ্চিত্ৰ জগতলৈ তেখেতে অমূল্য অৱদান আগবঢ়াই যায়।
৩। ভৱেন্দ্ৰনাথ শইকীয়া আৰু জাহ্নু বৰুৱাই অসমীয়া চিনেমালৈ আগবঢ়োৱা অৱদান সম্পর্কে লিখা।
উত্তৰঃ ভৱেন্দ্ৰনাথ শইকীয়া অসমৰ এগৰাকী ঔপন্যাসিক, গল্পলিখক, নাট্যকাৰ আৰু বোলছবি পৰিচালক। কবিতা, নাটক, গল্প, উপন্যাস, প্ৰৱন্ধ, সমালোচনা, হাস্য-ব্যংগাত্মক সাহিত্য, আত্মজীৱনী, শিশুসাহিত্য আদিকে ধৰি সাহিত্য-সংস্কৃতিৰ প্ৰায় সকলো দিশতে ভৱেন্দ্ৰ নাথ শইকীয়াই অৱদান আগবঢ়াই গৈছে।বোলছবি জগতত শইকীয়াই আঠখন বোলছবি পৰিচালনা কৰে আৰু তেখেতৰ বোলছবিয়ে ভাৰত আৰু বিদেশত আন্তৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত বিশেষ সুখ্যাতি লাভ কৰে। তেখেতৰ সাতখন বোলছবিৰ কাৰণে ভাৰত চৰকাৰে ৰজত কমল বঁটা প্ৰদান কৰে।
১৯৭৭ চনত মুক্তি লাভ কৰা তেওঁৰ ‘সন্ধ্যাৰাগ’ ছবিখনে লাভ কৰা ব্যৱসায়িক আৰু কলাগত সফলতাই বাস্তৱবাদী ধাৰাটোৰ দেহত নতুন তেজৰ সঞ্চাৰ কৰে। তেওঁ একাদিক্ৰমে ‘অনির্বাণ’, ‘অগ্নিস্নান’, ‘কোলাহল’, ‘সাৰথি’, ‘আবর্তন’, ‘ইতিহাস’ আদি অসমীয়া ছবি নির্মাণ কৰে। হিন্দীভাষাত তেওঁ ‘কালসন্ধ্যা’ পৰিচালনা কৰে।
আন এগৰাকী বিখ্যাত অসমীয়া চলচ্চিত্ৰ পৰিচালক হৈছে জাহ্নু বৰুৱা।তেখেতে অসমীয়া আৰু হিন্দী ভাষাত কেইবাখনো বোলছবি পৰিচালনা কৰিছে। ‘অপৰূপা’ৰে(১৯৮২) তেওঁ পৰিচালনা যাত্ৰা আৰম্ভ কৰে আৰু কেইবাখনো ছবি নির্মাণ কৰে। তাৰে কেইখনমান হ’ল -‘পাপৰি'(১৯৮৬),’হালধীয়া চৰায়ে বাওধান খায়’ (১৯৮৭),’বনানি'(১৯৯০), ‘ফিৰিঙতি’ (১৯৯২), ‘কুশল’ ইত্যাদি। তেওঁৰ ছবিয়ে দেশৰ ভিতৰে বাহিৰে বহুতো সন্মান লাভ কৰিছে। তেওঁৰ ‘সাগৰলৈ বহু দূৰ’ ছবিখনৰ বাবে শ্রেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছে।
গতিকে দেখা যায় যে ভৱেন্দ্ৰ নাথ শইকীয়া আৰু জাহ্নু বৰুৱাই অসমীয়া চিনেমালৈ এক অভূতপূর্ব বৰঙণি আগবঢ়াই আহিছে।
৪। অসমীয়া বিনোদনধর্মী ছবিৰ বিষয়ে এটি টোকা প্রস্তুত কৰা।
উত্তৰঃ ১৯৬৯ চনত ব্ৰজেন বৰুৱাৰ পৰিচালনাত মুক্তি লাভ কৰা ‘ডাঃ বেজবৰুৱা’ ছবিখনে অসমীয়া বিনোদনধর্মী চিনেমাৰ নতুন ধাৰাৰ আৰম্ভণি কৰিছিল। এই চিনেমা ছবিখনে থ্ৰিলাৰ আৰু বাণিজ্যিক উপাদানৰ সংমিশ্ৰণে অসমীয়া চিনেমাৰ দৃশ্যপটত নতুন দিশা দাঙি ধৰে।
পিছত মুক্তি পোৱা ‘মুকুতা’, ‘যোগ বিয়োগ’, ‘উপগ্ৰহ’, ‘ভাইটি’, ‘চামেলি মেম চাহাব’, ‘আজলী নবৌ’ আদি ছবিসমূহ এই ধাৰাৰ অনুগামী হৈ পৰিল। এই চিনেমাবোৰৰ প্ৰধান বৈশিষ্ট্য আছিল—আৱেগপূৰ্ণ, নাটকীয় আৰু সাধাৰণমানুহৰ জীৱনঘনিষ্ঠ কাহিনী, যিয়ে জনসাধাৰণৰ মাজত বিশেষ সমাদৃত হৈছিল।
যদিও এই ছবিসমূহ চলচ্চিত্ৰ-ভাষাৰ উৎকৰ্ষৰ ক্ষেত্ৰত বিশেষ আগবাঢ়ি নাছিল, তথাপিও ইয়াৰ কাহিনী-বিন্যাস, পাত্ৰ-পাত্ৰীৰ অভিনয় আৰু সংগীতৰ জৰিয়তে দর্শকৰ মনত এটি সজীৱ প্ৰতিচ্ছবি ৰাখিবলৈ সক্ষম হৈছিল। এই ধাৰাৰ চিনেমাসকলে অসমীয়া চলচ্চিত্ৰ জগতত এক নিটোল আৰু গ্ৰহণযোগ্য পৰিসৰ গঢ়ি তুলিছিল।
৫। অসমীয়া চলচ্চিত্রই লাভ কৰা ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় স্বীকৃতি সম্পর্কে আলোচনা কৰা।
উত্তৰঃ অসমীয়া চলচ্চিত্ৰই ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় প্ৰেক্ষাপটত বহুতো স্বীকৃতি লাভ কৰিছে। ১৯৫৫ চনত ফণী শৰ্মাৰ পৰিচালিত ‘পিয়লি ফুকন’ ছবিয়ে ‘ৰাষ্ট্রপতিৰ চার্টিফিকেট অব মেৰিট’ লাভ কৰিছিল আৰু সেয়াই আছিল অসমীয়া ছবিয়ে লাভ কৰা প্রথমটো পুৰস্কাৰ। ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমটো পুৰস্কাৰ লাভ কৰে ড° ভূপেন হাজৰিকাই ‘চামেলি মেমচাব’ ছবিৰ সংগীত পৰিচালনাৰ বাবে।ড° ভৱেন্দ্ৰনাথ শইকীয়াই ‘অগ্নিস্নান’ ছবিৰ বাবে শ্রেষ্ঠ চিত্র নাট্যৰ বঁটা লাভ কৰে। জাহ্নু বৰুৱাই ‘সাগৰলৈ বহু দূৰ’ ছবিৰ বাবে লাভ কৰে শ্রেষ্ঠ পৰিচালকৰ বঁটা। ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হোৱা অসমীয়া ছবিকেইখন মান হ’ল ‘ৰাগ বিৰাগ’ (বিদ্যুত চক্ৰৱৰ্তী),’হলধৰ'(সঞ্জীৱ হাজৰিকা), ‘ৱশ্ব’বিপু'(গৌতম বৰা),’হালধীয়া চৰায়ে বাও ধান খায়’ (জাহ্নু বৰুৱা), ‘বনানী’ (জাহ্নু বৰুৱা), ‘বৈভৱ’ (মঞ্জু বৰা), ‘তৰা’ (জাহ্নু বৰুৱা), ‘জুয়ে পোৰা সোণ’ (সঞ্জীৱ সভাপণ্ডিত), ‘আই ক’ত নাই'(মঞ্জু বৰা)। বিভিন্ন শিতানত বঁটালাভ কৰা ব্যক্তি কেইগৰাকীমান হ’ল শ্বেৰ চৌধুৰী (সংগীত পৰিচালনা), মলয়া গোস্বামী (অভিনয়), এ শ্ৰীকৰ প্ৰসাদ (সম্পাদনা), মৃণালকান্তি দাস (চিত্ৰ গ্ৰহণ), অভিনয়ৰ বাবে ‘জুৰিৰ বিশেষ উল্লেখ’ বঁটা লাভ কৰিছিল ৰুদ্ৰ বৰুৱা, ভাগীৰথী আৰু বিষ্ণু খাৰঘৰীয়াই। তথ্যচিত্ৰৰ বিভিন্ন শিতানত আৰু চিত্র সমালোচনা আৰু চলচ্চিত্র বিষয়ক গ্রন্থৰ বাবেও কেইবাগৰাকী অসমীয়াই বঁটা লাভ কৰিছে। ইয়াৰ উপৰিও বহুতো কথাছবিয়ে বিদেশতো সমাদৰ লাভ কৰিছে। ই কথাছবি জগতৰ বাবে এক ধনাত্মক প্ৰতিফলন।
(গ) ওপৰঞ্চি প্ৰশ্ন :
১। জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ “জয়মতী’ বোলছবিখন কিমান চনত নির্মাণ কৰিছিল ?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ “জয়মতী’ বোলছবিখন ১৯৩৫ চনত নির্মাণ কৰিছিল ।
২। উৎপল দত্তৰ দুখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ ‘চলচ্চিত্ৰ’ আৰু ‘টুৱেন্টি ফ’ৰ ফ্ৰেমছ’।
৩।তেওঁ পৰিচালনা কৰা তিনিখন তথ্যচিত্ৰৰ নাম লিখা।
উত্তৰঃ ‘By-Lane 2′,’Through Trust and Fear’ আৰু ‘বৰগীত – এটি ধ্ৰুপদী ৰত্ন’।
৪। জ্যোতিপ্ৰসাদ আগৰৱালাই ‘জয়মতী’ৰ প্ৰথম দর্শনীৰ আয়োজন কেতিয়া আৰু ক’ত কৰিছিল?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই ‘জয়মতী’ৰ প্ৰথম দর্শনীৰ আয়োজন ১৯৩৫ চনৰ ১০ মাৰ্চ তাৰিখে কলকাতাৰ ‘ৰাউনাক’ প্ৰেক্ষাগৃহত কৰিছিল।
৫। ‘ইন্দ্ৰমালতী’ কথাছবিখন কোন চনত নির্মাণ কৰা হৈছিল?
উত্তৰঃ ইন্দ্ৰমালতী’ কথাছবিখন ১৯৩৯ চনত নির্মাণ কৰা হৈছিল।
৬। লতা মংগেছকাৰে গোৱা প্রথম অসমীয়া গীতটি কোনখন কথাছবিৰ?
উত্তৰঃ লতা মংগেছকাৰে গোৱা প্রথম অসমীয়া গীতটি ‘এৰাবাটৰ সুৰ’ কথাছবিৰ।
৭। ব্ৰজেন বৰুৱাই নিৰ্মাণ কৰা হাস্যৰসৰ ছবিখনৰ নাম কি?
উত্তৰঃ ব্ৰজেন বৰুৱাই নিৰ্মাণ কৰা হাস্যৰসৰ ছবিখনৰ নাম হ’ল ‘ইটো সিটো বহুতো’।
৮। আনোৱাৰ হুছেইনে নিৰ্মাণ কৰা ছবিখনৰ নাম কি?
উত্তৰঃ আনোৱাৰ হুছেইনে নিৰ্মাণ কৰা ছবিখনৰ নাম হ’ল ‘তেজীমলা’।
৯। ভূপেন হাজৰিকাই খাচি ভাষালৈ ডাব কৰা ছবিখনৰ নাম কি?
উত্তৰঃ ভূপেন হাজৰিকাই খাচি ভাষালৈ ডাব কৰা ছবিখনৰ নাম হ’ল ‘প্ৰতিধ্বনি’।
১০। ব্ৰজেন বৰুৱাই পৰিচালনা কৰা তিনিখন ছবিৰ নাম লিখা।
উত্তৰঃ ‘মুকুতা’,’ললিতা’ আৰু ‘ওপজা সোণৰ মাটি’।
১১। জাহ্নু বৰুৱাই পৰিচালনা কৰা প্রথম ছবিখনৰ নাম কি?
উত্তৰঃ জাহ্নু বৰুৱাই পৰিচালনা কৰা প্রথম ছবিখনৰ নাম হ’ল ‘অপৰূপা’।
১২। বাস্তৱধর্মী ছবিৰে সন্মান কঢ়িয়াই অনা কেইজনমান পৰিচালকৰ নাম লিখা।
উত্তৰঃ বাস্তৱধর্মী ছবিৰে সন্মান কঢ়িয়াই অনা কেইজনমান পৰিচালকৰ নাম হ’ল – সান্ত্বনা বৰদলৈ, অতুল বৰদলৈ, সঞ্জীৱ হাজৰিকা, বিদ্যুত চক্রৱর্তী, মঞ্জু বৰা, গৌতম বৰা আদি।
১৩। নাটকীয় উপাদানেৰে ভৰা কেইখনমান ছবিৰ নাম লিখা।
উত্তৰঃ নাটকীয় উপাদানেৰে ভৰা কেইখনমান ছবিৰ নাম হ’ল- মুকুতা, যোগ বিয়োগ, উপগ্রহ, ভাইটি, চামেলি মেমচাব, আজলী নবৌ আদি।
১৪। অশোক কুমাৰ বিষয়াই পৰিচালনা কৰা ছবিখনৰ নাম কি?
উত্তৰঃ অশোক কুমাৰ বিষয়াই পৰিচালনা কৰা ছবিখনৰ নাম হল- ‘যৌৱনে আমনি কৰে'(১৯৯৮)।
১৫। মুনীন বৰুৱাই নির্মাণ কৰা ছবিখনৰ নাম কি?
উত্তৰঃ মুনীন বৰুৱাই নির্মাণ কৰা ছবিখনৰ নাম হ’ল -‘হিয়া দিয়া নিয়া’।
১৬। হাই ডেফিনেচন ডিজিটেল পদ্ধতিত নির্মাণ কৰা প্ৰথম অসমীয়া ছবি কোনখন?
উত্তৰঃ ২০১০চনত সঞ্জীৱ সভাপণ্ডিতে পৰিচালনা কৰা ‘জাংফাই জোনাক’ নামৰ ছবিখনেই হাই ডেফিনেচন ডিজিটেল পদ্ধতিত নিৰ্মাণ কৰা প্ৰথম অসমীয়া ছবি ।
১৭। ‘ৰাষ্ট্ৰপতিৰ চার্টিফিকেট অব মেৰিট’ লাভ কৰা প্ৰথম অসমীয়া ছবি কোনখন ?
উত্তৰঃ ১৯৫৫ চনত ফণী শৰ্মা পৰিচালিত ‘পিয়লি ফুকন’ ছবিয়ে ‘ৰাষ্ট্ৰপতিৰ চার্টিফিকেট অব মেৰিট’ লাভ কৰা প্ৰথম অসমীয়া ছবি।
১৮। ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমটো পুৰষ্কাৰ কোনে লাভ কৰে?
উত্তৰঃ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমটো পুৰস্কাৰ ড° ভূপেন হাজৰিকাই ‘চামেলি মেমচাব’ ছবিৰ সংগীত পৰিচালনাৰ বাবে লাভ কৰে।
১৯। ড˚ ভৱেন্দ্ৰ নাথ শইকীয়াই কোন ছবিৰ বাবে শ্রেষ্ঠ চিত্রনাট্য বঁটা লাভ কৰিছিল ?
উত্তৰঃ ড˚ ভৱেন্দ্ৰ নাথ শইকীয়াই ‘অগ্নিস্নান’ ছবিৰ বাবে শ্রেষ্ঠ চিত্রনাট্য বঁটা লাভ কৰিছিল।
২০। শ্রেষ্ঠ পৰিচালকৰ বঁটা কোনে লাভ কৰিছিল?
উত্তৰঃ জাহ্নু বৰুৱাই ‘সাগৰলৈ বহু দূৰ’ ছবিৰ বাবে শ্রেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে।
২১। ‘সতী বেউলা’ ছবিখনৰ কোনে সংগীত পৰিচালনা কৰিছিল ?
উত্তৰঃ ‘সতী বেউলা’ ছবিখনৰ ড° ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰিছিল।
২২। কেইগৰাকীমান উল্লেখযোগ্য সংগীত পৰিচালকৰ নাম লিখা।
উত্তৰঃ জিতু-তপন, উপেন কাকতি, জয়ন্ত হাজৰিকা, জুবিন গাৰ্গ ইত্যাদি
২৩। জ্যোতিপ্রসাদ আগৰৱালাই নিৰ্মাণ কৰা দ্বিতীয়খন কথাছবিৰ নাম লিখা
উত্তৰঃ জ্যোতিপ্রসাদ আগৰৱালাই নিৰ্মাণ কৰা দ্বিতীয়খন কথাছবিৰ নাম হ’ল-ইন্দ্রমালতী।
২৪। ) ‘এৰা বাটৰ সুৰ’ নামৰ কথাছবিখনৰ নিৰ্মাতা কোন আছিল?
উত্তৰঃ ‘এৰা বাটৰ সুৰ’ নামৰ কথাছবিখনৰ নিৰ্মাতা আছিল- ভূপেন হাজৰিকা।
২৫। অসমীয়া চিনেমাৰ জনক কোন?
উত্তৰঃ অসমীয়া চিনেমাৰ জনক ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা।
২৬। জাংফাই জোনাক’ ছবি খনৰ পৰিচালক গৰাকীৰ নাম লিখা।
উত্তৰঃ ‘জাংফাই জোনাক’ ছবিখনৰ পৰিচালকগৰাকীৰ নাম হল – সঞ্জীৱ সভাপণ্ডিত।
২৭। মুকুতা ছবিখনৰ পৰিচালক কোন?
উত্তৰঃ মুকুতা’ ছবিখনৰ পৰিচালক হ’ল-ব্ৰজেন বৰুৱা।
২৮। প্রতিধ্বনি ছবিখন কোনে পৰিচালনা কৰিছিল?
উত্তৰঃ প্রতিধ্বনি ছবিখন ড° ভূপেন হাজৰিকাই পৰিচালনা কৰিছিল।
২৯। ব্রজেন বৰুৱা কোন আছিল?
উত্তৰঃ ব্রজেন বৰুৱা অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী প্রখ্যাত আৰু পথপ্ৰদর্শক পৰিচালক আছিল। তেখেতে ১৯৬৯ চনত প্ৰথমবাৰৰ বাবে আৱেগ আৰু থ্ৰিলাৰে পূৰ্ণ ‘ডাঃ বেজবৰুৱা’ নামৰ চলচ্চিত্ৰখন নিৰ্মাণ কৰি অসমীয়া চিনেমাত এক নতুন যুগৰ সূচনা কৰিছিল। এই ছবিখনে অসমৰ চিনেমা জগতত ব্যৱসায়িক সফলতাৰ বাবে নতুন দিশ খুলিছিল।তাৰ পিছত ‘মুকুতা’, ‘ললিতা’, ‘ওপজা সোপৰ মাটি’ আদি জনপ্ৰিয় ছবিসমূহৰ পৰিচালনা কৰি তেখেতে অসমীয়া চলচ্চিত্ৰক দৃঢ়ভাৱে আগুৱাই লৈ গৈছিল।
ব্ৰজেন বৰুৱাৰ সৃষ্টিশীলতাৰ বিশেষত্ব আছিল — তেওঁ বাহ্যিক স্থানত দৃশ্যগ্ৰহণ কৰিবলৈ কলকতাৰ দৰে ঠাইলৈ নেযায়, অসমৰেই সাধাৰণ ঘৰবোৰত দৃশ্যগ্ৰহণৰ ব্যৱস্থা কৰিছিল। লগতে, তেওঁ অসমৰ থলুৱা যুৱক-যুৱতীক কাৰিকৰী দিশ শিকাই লৈ নিজেই দল গঢ়ি ছবিৰ কাম কৰিছিল। এই দৃষ্টিভংগীয়ে স্থানীয় শিল্পীক উৎসাহিত কৰাৰ লগতে অসমীয়াৰ মাজত চিনেমাৰ প্ৰতি আগ্ৰহো বৃদ্ধি কৰিছিল।তেখেতৰ এই সাহসিকতা আৰু মৌলিক চিন্তাধাৰাই অসমীয়া চলচ্চিত্ৰ শিল্পৰ ভিত সাজি দিলে।
৩০। কুৰি শতিকাৰ সত্তৰ দশকত মুক্তি লাভ কৰা অসমীয়া বাস্তৱবাদী ধাৰাৰ দুখন কথাছবিৰ নাম লিখা।
উত্তৰঃ কুৰি শতিকাৰ সত্তৰ দশকত মুক্তি লাভ কৰা অসমীয়া বাস্তৱবাদী ধাৰাৰ উল্লেখযোগ্য দুখন কথাছবি হৈছে— ‘অপৰাজেয়’ (১৯৭০), যি চতুৰংগে পৰিচালনা কৰিছিল, আৰু ‘গঙা চিলনীৰ পাখি’ (১৯৭৬), যি পদুম বৰুৱাৰ পৰিচালনাত নিৰ্মিত হৈছিল।
৩১। বড়ো আৰু কাৰ্বি ভাষাৰ প্ৰথম চলচ্চিত্ৰ দুখনৰ নাম লিখা।
উত্তৰঃ বড়ো আৰু কাৰ্বি ভাষাৰ প্ৰথম চলচ্চিত্ৰ দুখনৰ নাম আছিল ক্রমে- ‘আলয়াৰণ’ (বড়ো), পৰিচালক আছিল-জাওদাং বড়োচা আৰু ‘জিৰ চং’ (কার্বি), পৰিচালক আছিল-প্রফুল্ল শইকীয়া।
৩২। অসমীয়া কথাছবিৰ দুগৰাকী সংগীত পৰিচালকৰ নাম লিখা।
উত্তৰঃ অসমীয়া কথাছবিৰ দুগৰাকী সংগীত পৰিচালকৰ নাম হৈছে- জ্যোতিপ্রসাদ আগৰৱালা আৰু ভূপেন হাজৰিকা।
৩৩। হাই ডেফিনেচন পদ্ধতিত নির্মিত প্রথম অসমীয়া কথাছবিখনৰ নাম কি? কোনে, কেতিয়া এই ছবিখন নিৰ্মাণ কৰে।
উত্তৰঃ হাই ডেফিনেচন ডিজিটেল পদ্ধতিত নির্মিত প্ৰথমখন অসমীয়া কথাছবিৰ নাম হ’ল– ‘জাংফাই জোনাক’। এই ছবিখন ২০১০ চনত সঞ্জীৰ সভাপণ্ডিয়ে নিৰ্মাণ কৰিছিল।
৩৪। অসমীয়া চলচ্চিত্ৰ ক্ষেত্ৰৰ লগত বিষ্ণু প্ৰসাদ ৰাভা, পদুম বৰুৱা, লক্ষ্যধৰ চৌধুৰী আৰু লতা মংগেশকাৰ কিদৰে জৰিত, দহোটামান বাক্যৰে উত্তৰ লিখা।
উত্তৰঃ অসমীয়া চলচ্চিত্ৰ ক্ষেত্ৰৰ সৈতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, পদুম বৰুৱা, লক্ষ্যধৰ চৌধুৰী আৰু লতা মংগেশকাৰ কম বেছি পৰিমাণে জড়িত আছিল।
- কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই ‘চিৰাজ’ ছবিখনৰ সংগীত পৰিচালনা কৰিছিল, যাৰ জৰিয়তে তেখেতে অসমীয়াৰ চলচ্চিত্ৰ জগতৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল।
- কুৰি শতিকাৰ সত্তৰ দশকত মুক্তি লাভ কৰা অসমীয়া বাস্তৱবাদী ধাৰাৰ দুখন উল্লেখযোগ্য ছবিৰ ভিতৰত অন্যতম হ’ল—‘অপৰাজেয়’ (১৯৭০) – যি চতুৰংগ দ্বাৰা পৰিচালিত হৈছিল।‘গঙা চিলনীৰ পাখি’ (১৯৭৬) – যি পদুম বৰুৱাৰ দ্বাৰা পৰিচালিত এক বাস্তৱবাদী ছবি আছিল। এই ছবিখনে অসমীয়া চলচ্চিত্ৰৰ বাস্তৱধর্মী ধাৰণাক দৃঢ় কৰি তোলে।
- লক্ষ্যধৰ চৌধুৰীয়ে ১৯৫৫ চনত ‘নিমিলা অংক’ নামৰ এখন ছবিৰ সৃষ্টি কৰিছিল, যিটো মধ্যবিত্ত সমাজৰ বাস্তৱধর্মী কাহিনীৰে গঠিত আছিল আৰু অসমীয়া ছবিসমূহত বাস্তৱমুখী গল্পৰ সঞ্চাৰ ঘটায়।
- ১৯৫৬ চনত ভূপেন হাজৰিকাই পৰিচালনা কৰা ‘এৰা বাটৰ সুৰ’ ছবিখনত ভাৰতৰ খ্যাতনামা গায়িকা লতা মংগেশকাৰে কণ্ঠদান কৰি অসমীয়া চলচ্চিত্ৰ জগতৰ লগত সংযোগ স্থাপন কৰিছিল।
৩৫। অসমীয়া চিনেমাই এতিয়াও আন্তর্জাতিক প্রেক্ষাপটত সবল খােজ দিব পৰা নাই।”
উত্তৰঃ উৎপল দত্তৰ দ্বাৰা ৰচিত ‘অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা’ পাঠটোত উল্লেখ কৰা “…অসমীয়া চিনেমাই এতিয়াও আন্তর্জাতিক প্রেক্ষাপটত সৱল খোজ দিব পৰা নাই।” কথাষাৰিৰ দ্বাৰা অসমীয়া চলচ্চিত্ৰৰ সাৱধানগত আৰু অৱস্হাগত সীমাবদ্ধতাৰ বিষয়ে দৃষ্টিপাত কৰা হৈছে। অসমীয়া চলচ্চিত্ৰৰ দীঘলীয়া ইতিহাস থাকিও, আজিও এই শিল্পখনে আশানুৰূপভাৱে উন্নতি লাভ কৰিবলৈ সক্ষম হোৱা নাই। এই কথাষাৰিৰ উল্লেখ প্ৰসংগত কৰা হৈছে ছবিখন কিয় এতিয়াও আন্তৰ্জাতিক পৰ্যায়ত সফলভাৱে প্ৰতিষ্ঠা পাবলৈ ব্যর্থ হৈছে সেই ব্যাখ্যাৰ ক্ষেত্ৰত।
অসমীয়া চলচ্চিত্ৰৰ উন্নতিৰ পথত উপযুক্ত প্রযুক্তিবিদ্যাৰ অভাৱ আৰু অপর্যাপ্ত বাজেট মূল বাধা হিচাপে থিয় দিছে। হিন্দী ছবিসমূহত ব্যৱহৃত অত্যাধুনিক প্ৰযুক্তি আৰু ব্যয়বহুল বিনিয়োগৰ ফলত সেইসকল ছবি সহজে দর্শকৰ মনত প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। ইয়াৰ বিপৰীতে, অসমীয়া ছবিসমূহে এনে সুভিদা লাভ নকৰাৰ বাবে বহুদিন ধৰি পিছপৰা অৱস্থাত থাকিব লগা হৈছে। তথাপি, বর্তমান সময়ত অসমীয়া চলচ্চিত্ৰজগতত কিছুমান অগ্ৰগতি দেখা গৈছে। ভৱিষ্যতে যদি চলচ্চিত্ৰ নিৰ্মাতাসকলে দৰ্শকৰ ৰুচিৰ প্রতি লক্ষ্য ৰাখি আৰু উন্নত প্ৰযুক্তিৰ প্ৰয়োগৰে ছবি নিৰ্মাণত মনোনিবেশ কৰে, তেন্তে অসমীয়া ছবিয়েও নিশ্চয় এদিন আন্তৰ্জাতিক পৰ্যায়ত গৌৰৱেৰে নিজৰ স্থান দখল কৰিব পাৰিব।
৩৬। ব্যৱসায়িক ভাৱে সফল অসমীয়া কথাছবি’ শীর্ষক চমু প্রবন্ধ এটি লিখা।
উত্তৰঃ অসমীয়া চিনেমাৰ ইতিহাসত প্ৰথম কথাছবি ‘জয়মতী’ (১৯৩৫) আছিল যদিও ইয়াৰ নিৰ্মাণত অধিক খৰচ হৈছিল আৰু বাণিজ্যিক ভাৱে সফল হোৱা নাছিল। কিন্তু তাৰ পাচত ১৯৩৯ চনত মুক্তি লাভ কৰা ‘ইন্দ্ৰমালতী’ ছবিখনে বাণিজ্যিক সফলতা অৰ্জন কৰে আৰু ‘জয়মতী’ৰ লোকচান পূৰণ কৰিবলৈ সক্ষম হয়।
পিছত, ১৯৬৯ চনত ব্ৰজেন বৰুৱাৰ পৰিচালনাত মুক্তি লাভ কৰা ‘ডাঃ বেজবৰুৱা’ নামৰ থ্ৰিলাৰ ছবিখনে অসমীয়া চলচ্চিত্ৰ জগতত এক নতুন অধ্যায় আৰম্ভ কৰে। এই ছবিখন ব্যতিক্ৰমী ৰূপত সফল হৈছিল আৰু বাণিজ্যিক দিশত এক নতুন আশাৰ দেখুৱাইছিল। এই ছবিখনৰ সাফল্য অনুপ্ৰাণিত হৈ বহু পৰিচালকে নতুন চিনেমা নিৰ্মাণ আৰম্ভ কৰে।
১৯৯৮ চনত মুক্তি পোৱা অশোক কুমাৰ বিষয়াৰ নিৰ্মাণত ‘যৌৱনে আমনি কৰে’ নামৰ ছবিখন অসমীয়া চিনেমাৰ বাণিজ্যিক ক্ষেত্ৰত এক নতুন গতি আনে। এই ছবিখনে বলীউড আৰু দক্ষিণ ভাৰতীয় চিনেমাৰ উপাদান সংমিশ্ৰণ কৰি নতুন ধৰণৰ দর্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হয়।
এই সময়ছোৱাৰ অন্য সফল চিনেমাসমূহত অন্তর্ভুক্ত হৈছে—‘মহাৰথী’, ‘বুকুৰ মাজত জ্বলে’ আৰু মুনিন বৰুৱাৰ পৰিচালনাত মুক্তিপ্ৰাপ্ত ‘হিয়া দিয়া নিয়া’ যি নিজৰ সমসাময়িক কালত ব্যৱসায়িক সফলতা লাভ কৰা এখন জনপ্ৰিয় চিনেমা হিচাপে পৰিগণিত।
এইবোৰ ছবিয়ে অসমীয়া চিনেমা জগতৰ বানিজ্যিক ভৱিষ্যৎত আশাৰ কিৰণ জ্বলাইছিল।
৩৭। অসমীয়া চলচ্চিত্ৰৰ বিকাশৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সম্পর্কে আলোচনা কৰা।
উত্তৰঃ অসমীয়া চিনেমাৰ আধুনিক ভৱিষ্যৎ গঠনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ অবদান অবিস্মৰণীয়। তেওঁৰ আহোপুৰুষাৰ্থ প্ৰচেষ্টাৰ ফলস্বৰূপেই অসমীয়া চিনেমাৰ ভিত পৰিল। তেওঁৰ দৃষ্টান্ত অনুসৰি অসম চৰকাৰে চলচ্চিত্ৰ শিল্পৰ বিকাশৰ বাবে বহু গুৰুত্বপূর্ণ পদক্ষেপ গ্ৰহণ কৰে। অসম চৰকাৰে জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত ‘জ্যোতিচিত্ৰবন ছোছাইটি’ নামৰ এখন ষ্টুডিঅ’ কমপ্লেক্স গঢ়ি তোলে। এই ষ্টুডিঅ’ৰ সহায়ত অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাসকলে বাহিৰলৈ নোযোৱাকৈ নিজভূমিতেই ছবি নিৰ্মাণ কৰিবলৈ সক্ষম হয়, যাৰ ফলত স্থানীয় চলচ্চিত্ৰ উদ্যোগ অধিক স্বাৱলম্বী হয়।
ইয়াৰ উপৰি, এই ষ্টুডিঅ’ৰ চৌহদতেই ‘ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী ফিল্ম আৰু টিভি ইন্সটিটিউট’ স্থাপন কৰা হয়, যিয়ে চলচ্চিত্ৰ নিৰ্মাণ আৰু কাৰুকাৰ্যৰ ক্ষেত্ৰত প্ৰশিক্ষণ প্ৰদান কৰি নতুন প্ৰজন্মৰ শিল্পী আৰু প্ৰযুক্তিগত কুশলী গঢ়ি তোলাত সহায় কৰে। চিনেমাৰ অৰ্থনৈতিক দিশক মজবুত কৰিবলৈ অসম চৰকাৰে ‘অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগম’ গঠন কৰে, যিয়ে প্ৰযোজকসকলক আৰ্থিক সহায় প্ৰদান কৰে।
উল্লেখযোগ্যভাৱে, অসম চৰকাৰে এখন চলচিত্ৰ সংগ্ৰহালয় আৰু আর্কাইভো স্থাপন কৰিছে, যাৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰৰ ইতিবৃত্ত সংৰক্ষণ তথা অধ্যয়নৰ সুযোগ উপলব্ধ হৈছে। এই সকলো পদক্ষেপে মিলি অসমীয়া চিনেমাৰ উন্নয়নত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে।