AHSEC Class 12 Assamese Chapter 9 Answer 2026 | বৰগীত (উঠ ৰে বাপু গোপাল হে)

WhatsApp Group Join Now
Telegram Group Join Now

AHSEC Class 12 Assamese Chapter 9 Answer 2026 | বৰগীত (উঠ ৰে বাপু গোপাল হে)

Are you searching for the AHSEC Class 12 Assamese Chapter 9 Answer 2026? If yes, you’ve come to the right place. This page provides complete and easy-to-understand Lesson 9 Class 12 Assamese Question and Answer for “বৰগীত (উঠ ৰে বাপু গোপাল হে)”, prepared according to the latest ASSEB (formerly AHSEC) Higher Secondary syllabus.

বৰগীত (উঠ ৰে বাপু গোপাল হে) is one of the most significant devotional poems in the Group-2 (পদ্য) section of the HS 2nd Year Assamese textbook. Composed by Mahapurush Srimanta Sankardev, this Borgeet beautifully expresses devotion towards Lord Krishna and reflects the spiritual values of the Ekasarana Naam Dharma tradition. Through simple yet meaningful language, the poem conveys deep faith, love, and the importance of remembering God in everyday life.

This lesson is an important part of the Higher Secondary Assamese syllabus and is frequently included in school examinations as well as the ASSEB HS Final Examination. Therefore, students should understand the meaning of each stanza along with the textbook exercises instead of simply memorizing the answers.

In this article, you will get Higher Secondary 2nd Year Assamese Answer written in a clear and student-friendly format. The solutions are prepared to help students understand the poem, revise important concepts quickly, and score better marks in the board examination.

What You’ll Find in This Article

  • Complete AHSEC Class 12 Assamese Chapter 9 Answer 2026
  • Lesson 9 Class 12 Assamese Question and Answer
  • Textbook exercise solutions
  • Meaning of each stanza in simple language
  • Important short and long answer questions
  • HS 2nd Year Assamese Chapter 9 Notes
  • Exam-oriented revision materials
  • Important board examination questions

To achieve good marks in the Higher Secondary examination, students should first read the poem carefully, understand its central message, and then practice the questions and answers provided here. This approach will improve comprehension, answer-writing skills, and confidence before the final examination.

Keep visiting our website for the latest AHSEC Class 12 Assamese Question Answers 2026, chapter-wise solutions, important questions, previous year papers, model papers, and study materials based on the updated ASSEB syllabus.

(ক) অতি চমু প্ৰশ্নঃ

১। মাধৱদেৱৰ জন্ম ক’ত হৈছিল ?

উত্তৰঃ মাধৱদেৱৰ জন্ম হৈছিল ১৪৮৯ খৃষ্টাব্দত উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰ অঞ্চলত ।

২। শংকৰদেৱ  আৰু মাধৱদেৱৰ প্রথম সাক্ষাতক কি বুলি অভিহিত কৰা হয় ?

উত্তৰঃ শংকৰদেৱ  আৰু মাধৱদেৱৰ প্রথম সাক্ষাতক ‘মণিকাঞ্চন সংযোগ’ বুলি অভিহিত কৰা হয় ।

৩। কোনখন গ্রন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ বুলি কোৱা হয় ?

উত্তৰঃ ‘নামঘোষা’ক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ বুলি কোৱা হয়।

৪। মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল ?

উত্তৰঃ মাধৱদেৱে ১৫৭ টা বৰগীত ৰচনা কৰিছিল ।

৫। ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটো কি ৰাগত বন্ধা ?

উত্তৰঃ ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটো ‘কৌ’ ৰাগত বন্ধা ।

(খ) চমু প্ৰশ্ন ঃ

১। বৰগীত কাক বোলে ? বৰগীতৰ বিষয়বস্তুক কেইটা ভাগত ভগাব পাৰি ? ভাগসমূহ উল্লেখ কৰা ।

উত্তৰঃ বৰগীতবোৰ উচ্চস্তৰৰ মার্গ সংগীত। অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ শ্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ দ্বাৰা ৰচিত, উচ্চ আধ্যাত্মিক ভাৱপূৰ্ণ, নিৰ্দিষ্ট ৰাগ বিশিষ্ট, এক বিশেষ শৈলীৰে গোৱা গীতসমূহকেই বৰগীত বুলি কোৱা হয়। 

        বৰগীতৰ বিষয়বস্তুক ছয় ভাগত ভগাব পাৰি । সেইবোৰ হ’ল-

(ক) লীলা

(খ) বিৰহ

(গ) বিৰক্তি

(গ) পৰমাৰ্থ 

(ঙ) চোৰ

(চ) চাতুৰি।

২। ড॰ বাণীকান্ত কাকতিয়ে বৰগীতবোৰক কিয় ‘Noble numbers’ বুলি কৈছে?

উত্তৰঃ নৱবৈষ্ণৱ ধৰ্ম প্রচাৰৰ উদ্দেশ্যে মহাপুৰুষ শ্রী মন্ত শংকৰদেৱ আৰু শ্রী মন্ত মাধৱদেৱে ৰচনা কৰা এক শ্রেণীৰ ওখ আধ্যাত্মিক ভাব আৰু ৰাগ-তাল সম্বলিত গীতকেই ‘বৰগীত’ আখ্যা দিয়া হয়। এই বৰগীত সমূহৰ ৰাগ,তাল,সাংগীতিক ভাষা আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাৱৰ প্রৱাহ লক্ষ্য কৰা যায় ।  সেইবাবে ড॰ বাণীকান্ত কাকতিয়ে বৰগীতবোৰক ‘Noble Numbers’ বুলি কৈছে।

৩। মাধৱদেৱৰ বৰগীতৰ প্রধান বৈশিষ্ট্য কি ?

উত্তৰঃ মাধৱদেৱৰ বৰগীতৰ প্রধান বৈশিষ্ট্য হৈছে বাৎসল্য ভাবৰ প্রকাশ। বৎস মানে হ’ল শিশু। ভগবান শ্ৰীকৃষ্ণৰ শিশু কালৰ নানান ক্ৰিয়া-কলাপৰ মনোমুগ্ধকৰ  বৰ্ণনা মাধৱদেৱৰ বৰগীতত পোৱা যায় বাবেই তেওঁৰ বৰগীত সমূহক বাৎসল্য ভাব প্ৰধান বুলি কোৱা হয়।

৪। ‘সব পুৰুষৰ শিৰৰ ভূষণ’ বুলি কোনে, কাক, কিয় কৈছে ?

See also  AHSEC Class 12 Assamese Chapter 1 Answer 2026 | মোৰ মাতৃমুখ দৰ্শন

উত্তৰঃ ‘সব পুৰুষৰ শিৰৰ ভূষণ’ বুলি মাতৃ যশোদাই পুত্র শ্ৰী কৃষ্ণক কৈছে। কাৰণ কৃষ্ণ হ’ল সকলোৰে আৰাধ্য। সেই আৰাধ্য কৃষ্ণক বুকুত বান্ধি, কোলাত লৈ মাতৃ যশোদাই বাৰে বাৰে চুমা খাইছে।

৫। ‘সিদ্ধ মুনিগণে           চিন্তিয়া নপাৱে 

        সো হৰি যশোৱা কোলে।’-সিদ্ধ মুনিগণে নোপোৱা হৰিক যশোদাই কিহৰ বলত পুত্রৰূপে  পালে  বুজাই লিখা ।

উত্তৰঃ মহাপুৰুষ মাধৱদেৱে বৰগীতটিত মাতৃ যশোদা আৰু পুত্ৰ শ্ৰী কৃষ্ণৰ সম্পৰ্কৰ বৰ্ণনা কৰাৰ লগতে কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথাও প্ৰকাশ কৰিছে। সিদ্ধ মুনি, ঋষিসকলে বহু ধ্যান, বহু সাধনাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে  কেৱল পৰম ভক্তিৰ ফলত। ইয়াৰ মাধ্যমেৰে, কবিয়ে ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন  সেইকথা স্পষ্ট ৰূপত প্ৰকাশ কৰিছে।

(গ)দীঘল প্ৰশ্ন :

১। মাধৱদেৱৰ ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটোৰ মূল কথাখিনি আলোচনা কৰা।

উত্তৰঃ মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য হৈছে বাৎসল্য ভাৱৰ প্ৰকাশ। বৎস মানে হ’ল শিশু। ভগবান শ্ৰী কৃষ্ণৰ শিশু কালৰ নানান ক্ৰিয়া-কলাপৰ মনোমুগ্ধকৰ বৰ্ণনা মাধৱদেৱৰ বৰগীতত পোৱা যায় বাবেই  তেওঁৰ বৰগীত সমূহক বাৎসল্য ভাৱ প্ৰধান বুলি কোৱা হয়।

        এই বৰগীতটিত মাতৃ যশোদাই কিদৰে পুত্ৰক মৰমৰে টোপনিৰ পৰা জগাইছে সেই কথা সৰল আৰু  সুন্দৰ ৰূপত পৰিস্ফুট হৈছে।ৰাতিপুৱা হোৱাৰ পিছতো কৃষ্ণ টোপনিৰ পৰা নুঠাত যশোদাই বাপু, কমল-নয়ন, প্রাণধন আদি বুলি সম্বোধন কৰি টোপনিৰ পৰা জগাইছে। ‘সব পুৰুষৰ শিৰৰ ভূষণ ‘বুলি অৰ্থাৎ সকলো পুৰুষৰৰ শিৰৰ ভূষণ,সকলোৰে আৰাধ্য কৃষ্ণক বুকুত বান্ধি, কোলাত লৈ মাতৃ যশোদাই বাৰে বাৰে চুমা খাইছে।

            মাধৱদেৱে বৰগীতটিত মাতৃ যশোদা আৰু পুত্ৰ শ্ৰী কৃষ্ণৰ সম্পৰ্কৰ বৰ্ণনা কৰাৰ লগতে কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথাও প্ৰকাশ কৰিছে। সিদ্ধ মুনি, ঋষিসকলে বহু ধ্যান, বহু সাধনাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে  কেৱল পৰম ভক্তিৰ ফলত।ইয়াৰ মাধ্যমেৰে, কবিয়ে ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন  সেইকথা স্পষ্ট ৰূপত প্ৰকাশ কৰিছে।লগতে, মাধৱদেৱে নিজকে ‘মূৰুখ’ অৰ্থাৎ  মূর্খ বুলি উল্লেখ কৰি ত্রিজগতৰ পতিৰ এই লীলাৰ বিষয়ে বৰ্ণনা কৰিছে এনেদৰে –

ত্ৰিজগতৰ পতি             ভকতি মিলিল

    মূৰুখ মাধৱে বোলে।।

২। বৰগীতটোৰ মাজেৰে যশোদাৰ মাতৃস্নেহ কিদৰে প্রকাশিত হৈছে বুজাই লিখা

উত্তৰঃ মহাপুৰুষ মাধৱদেৱৰ বৰগীতটোৰ মাজেৰে যশোদাৰ মাতৃস্নেহ অতি সুন্দৰ ভাৱে প্ৰকাশিত হৈছে। মাতৃ যশোদাই কিদৰে পুত্ৰক মৰমৰে টোপনিৰ পৰা জগাইছে সেই কথা সৰল আৰু  সুন্দৰ ৰূপত পৰিস্ফুট হৈছে। ৰাতিপুৱা হোৱাৰ পিছতো কৃষ্ণ টোপনিৰ পৰা নুঠাত যশোদাই বাপু, কমল-নয়ন, প্রাণধন আদি বুলি সম্বোধন কৰি টোপনিৰ পৰা জগাইছে। ‘সব পুৰুষৰ শিৰৰ ভূষণ ‘বুলি অৰ্থাৎ সকলো পুৰুষৰৰ শিৰৰ ভূষণ, সকলোৰে আৰাধ্য কৃষ্ণক বুকুত বান্ধি, কোলাত লৈ মাতৃ যশোদাই বাৰে বাৰে চুমা খাইছে। লগতে বৰগীতটিত কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথাও প্ৰকাশ কৰিছে। সিদ্ধ মুনি, ঋষিসকলে বহু ধ্যান, বহু সাধনাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে  কেৱল পৰম ভক্তিৰ ফলত। ইয়াৰ মাধ্যমেৰে, কবিয়ে ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰি ভগৱান, যে ভক্তৰ অধীন  সেইকথা হৃদয়স্পৰ্শী ৰূপত তুলি ধৰিছে। এনেদৰে মাতৃ যশোদাই ত্রিজগতৰ পতি শ্রী কৃষ্ণক মাতৃস্নেহেৰে আকোৱালী ৰাখিছে।

৩। বৰগীতটোৰ মাজেৰে শ্রী কৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপ কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা ।

উত্তৰঃ মহাপুৰুষ মাধৱদেৱ বিৰচিত ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটিৰ মাজেৰে শ্ৰী কৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক এই দুই ৰূপ সুন্দৰভাৱে প্ৰকাশ পাইছে।

           ত্ৰিজগতৰ পতি শ্ৰী কৃষ্ণই জন্ম লৈছে গকুলৰ নন্দ যশোদাৰ ঘৰত। সাধাৰণ শিশুৰ দৰেই কৃষ্ণই শিশুকালৰ নানান ক্ৰিয়া কলাপৰ মাজেৰে ডাঙৰ-দীঘল হৈছে নন্দ যশোদাৰ ঘৰত। আৰু যশোদায়ো কৃষ্ণক সাধাৰণ শিশুৰ দৰে মৰমত বাপু,কমল-নয়ন, প্ৰাণধন বুলি সম্বোধন কৰিছে , কোলাত লৈ চুমা খাইছে। এই কার্য সমূহৰ পৰা শ্ৰী কৃষ্ণৰ মানৱীয় ৰূপ পৰিস্ফুট হৈছে। বৰগীতটিত মাতৃ যশোদা আৰু পুত্ৰ শ্ৰী কৃষ্ণৰ সম্পৰ্কৰ বৰ্ণনা কৰাৰ লগতে কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথাও প্ৰকাশ কৰিছে। সিদ্ধ মুনি, ঋষিসকলে বহু ধ্যান, বহু সাধনাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে  কেৱল পৰম ভক্তিৰ ফলত। ইয়াৰ মাধ্যমেৰে, কবিয়ে ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন  সেইকথা স্পষ্ট ৰূপত প্ৰকাশ কৰিছে।

See also  AHSEC Class 12 Assamese Chapter 13 Answer 2026 | কাঠমিস্ত্ৰীৰ ঘৰ

৪। বৰগীতটোৰ মাধ্যমেৰে ভক্তিৰ প্রকাশ কিদৰে ঘটিছে আলোচনা কৰা ।

উত্তৰঃ বৰগীত সমূহত বেদ- উপনিষদৰ মৰ্মাৰ্থ, বৈষ্ণৱ ধৰ্মৰ উপাস্য দেৱতা শ্ৰীকৃষ্ণৰ মহিমা আৰু ভক্ত হৃদয়ৰ আকুল প্ৰাৰ্থনা সাংগীতিক ভাষাৰে বৰ্ণনা কৰা হয়।

           মাধৱদেৱ বিৰচিত ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটিতো ভক্ত হৃদয়ৰ আকুল প্ৰাৰ্থনা, ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন হৈছে। বৰগীতটিত মাধৱদেৱে মাতৃ পুত্রৰ মধুৰ সম্পর্কৰ ৰূপ বৰ্ণনা কৰাৰ লগতে কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথা প্রকাশ কৰিছে। সিদ্ধমুনি, ঋষি সকলে বহু ধ্যান আৰু বহু সাধনাৰ পাছতো ভগবান কৃষ্ণক বিচাৰি নাপায়। সেইজনাকে যশোদাই পুত্র ৰূপে লাভ কৰিছে কেৱল তেওঁৰ একান্ত ভক্তিৰ ফলত। ইয়াৰ জৰিয়তে ভগবান যে ভক্তৰ অধীন সেই কথা হৃদয়স্পৰ্শী ৰূপত তুলি ধৰিছে।

৫। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা 

ত্রিজগত পতি         ভকতি মিলিল

        মূৰুখ মাধৱে বোলে ।

উত্তৰঃ

 প্ৰসংগঃ উক্ত কাব্যাংশ আমাৰ পাঠ্যপুথিৰ  অন্তর্গত মহাপুৰুষ মাধৱদেৱ  বিৰচিত ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটিৰ পৰা তুলি ধৰা হৈছে ।

   সংগতিঃ কাব্যাংশৰ জৰিয়তে শ্ৰী কৃষ্ণৰ মাহাত্ম্য আৰু ঐশ্বৰিক মহিমাৰ লগতে মাধৱদেৱে নিজকে হেয় জ্ঞান কৰাৰ প্রসংগ উল্লেখ কৰিছে ।

    ব্যাখ্যাঃ ভগৱান হৈছে ভক্তৰ অধীন। একান্ত ভক্তিৰ দ্বাৰাহে তেওঁক বিচাৰি পাব পাৰি। যি জনা কৃষ্ণক সিদ্ধ মুনি, ঋষিসকলে বহু ধ্যান, বহু সাধনাৰ পাছতো বিচাৰি নাপায়,তেওঁক যশোদাই পৰম ভক্তিৰ বলত পুত্র ৰূপে কোলাত লৈ বুকুত বান্ধি মৰম কৰিবলৈ সৌভাগ্য লাভ কৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰিছে। এই প্রসংগত মাধৱদেৱে নিজকে ‘মূৰুখ’ অৰ্থাৎ মূর্খ বুলি নিজকে হেয় প্রতিপন্ন কৰি শেষত ভনিতা পেলাইছে।

(খ) উঠৰে বাপু গোপাল হে নিশি পৰভাত ভৈল।

কমল নয়ন, বুলি ঘনে ঘন, যশোৱা ডাকিতে লৈল।

উত্তৰঃ উল্লেখ কৰা বৰগীত “উঠৰে উঠ বাপু গোপালহে” মহাপুৰুষ মাধৱদেৱৰ ৰচিত এটি সুন্দৰ বৰগীত। এই গীতটোৰ জৰিয়তে যশোদা মাকৰ মাতৃস্নেহ অতি সুললিতভাৱে প্ৰকাশ পাইছে। সাধাৰণতে শিশুসকলে ৰাতিপুৱা অলপ দেৰীতকৈ শুই থাকিলে, স্নেহময়ী মাতৃয়ে মৰমেৰে তেওঁলোকক জগাই, কোলাত লৈ চকু-মুখ ধুৱাই খোৱায়। সেইয়ে মাতৃস্নেহৰ আন্তৰিকতা আৰু কোমলতা এই বৰগীতত নিখুঁতভাৱে প্রতিফলিত হৈছে।

এই গীতত যশোদাই শুই থকা কৃষ্ণক জগাবলৈ “বাপু”, “কমলনয়ন”, “প্ৰাণধন” আদি মৰমৰ সম্বোধন ব্যৱহাৰ কৰি মৰমেৰে মাতি উঠে। গীতটোৰ জৰিয়তে মাতৃ আৰু সন্তানৰ মাজৰ স্নেহৰ বন্ধন, মাতৃৰ উদ্বেগ আৰু আদৰৰ অনুভূতি খুবেই হৃদয়স্পৰ্শী ৰূপত প্ৰকাশ পাইছে।

ওপৰঞ্চি প্ৰশ্নঃ

১। ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটো কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে?

উত্তৰঃ ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটো হৰিনাৰায়ণ দত্তবৰুৱা সম্পাদিত ‘বৰগীত’ নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে।

২। মাধৱদেৱৰ পিতৃৰ নাম কি আছিল?

উত্তৰঃ মাধৱদেৱৰ পিতৃৰ নাম আছিল গোৱিন্দগিৰী।

৩। মাধৱদেৱে আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰা ছাত্রশালখনৰ অধ্যাপক গৰাকীৰ নাম কি আছিল?

উত্তৰঃ মাধৱদেৱে আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰা ছাত্রশালখনৰ অধ্যাপক গৰাকীৰ নাম আছিল ৰাজেন্দ্র অধ্যাপক ।

৪। শংকৰদেৱৰ প্ৰধান আৰু প্ৰিয় শিষ্য বুলি কাক কোৱা হয়?

উত্তৰঃ শংকৰদেৱৰ প্ৰধান আৰু প্ৰিয় শিষ্য বুলি মাধৱদেৱক কোৱা হয়।

৫। মাধৱদেৱৰ দুখন আখ্যানমূলক গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ আদিকাণ্ড ৰামায়ণ আৰু ৰাজসূয় কাব্য।

৬। মাধৱদেৱৰ দ্বাৰা ৰচিত দুখন নাটকৰ নাম লিখা ।

উত্তৰঃ অৰ্জুন ভঞ্জন আৰু পিম্পৰা গুচোৱা।

৭। মহাপুৰুষজনাৰ ক’ত মৃত্যু হয়?

উত্তৰঃ ১৫৯৬ খৃষ্টাব্দত কোচবিহাৰত মহাপুৰুষজনাৰ মৃত্যু হয়।

৮। কালিৰাম মেধিয়ে বৰগীতক কি আখ্যা দিছিল?

উত্তৰঃ কালিৰাম মেধিয়ে বৰগীতক Great Song বা  Song Celestial আখ্যা দিছিল।

৯। দেৱেন্দ্ৰনাথ বেজবৰুৱাই বৰগীতক কি আখ্যা দিছিল?

উত্তৰঃ দেৱেন্দ্ৰনাথ বেজবৰুৱাই বৰগীতক  Holy Songs আখ্যা দিছিল ।

১০। বৰগীত সমূহ কি ভাষাত ৰচিত?

উত্তৰঃ বৰগীত সমূহ ‘ব্ৰজাৱলী’ নামৰ এটি কৃত্ৰিম সাহিত্যিক ভাষাত ৰচিত।

১১। কোন দুগৰাকী কবিৰ লগত মাধৱদেৱৰ বৰগীতৰ তুলনা কৰিব পাৰি? 

উত্তৰঃ মহাৰাষ্ট্ৰৰ কবি তুকাৰাম আৰু উত্তৰ ভাৰতৰ কবি সুৰদাসৰ গীতৰ লগত মাধৱদেৱৰ বৰগীতৰ তুলনা কৰিব পাৰি।

১২। মোৰ প্ৰাণধন সুচান্দ বয়ন ইয়াত মোৰ প্ৰাণধন কোন?

উত্তৰঃ মোৰ প্ৰাণধন সুচান্দ বয়ন- ইয়াত প্রাণধন হ’ল শ্রীকৃষ্ণ।

১৩। মণিকাঞ্চন সংযোগ মানে কি? 

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমাধৱদেৱৰ প্ৰথম সাক্ষাৎ ধস্পত সত্ৰত হৈছিল। এই বিশেষ আৰু ঐতিহাসিক মুহূর্তক “মণিকাঞ্চন সংযোগ” বুলি কোৱা হয়। 

১৪। ত্ৰিজগতৰ প্ৰতি বুলি কাক কিয় কোৱা হৈছে?

উত্তৰঃ ত্ৰিজগতৰ পতি বুলি শ্ৰীকৃষ্ণক কোৱা হৈছে। কাৰণ তেওঁ স্বৰ্গ, মর্ত্য আৰু পাতাল—এই তিনিখন জগতৰ অধিপতি।

১৫। মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড ভাঙনি কৰিছিল।

উত্তৰঃ মাধৱদেৱে ৰামায়ণৰ আদিকাণ্ড ভাঙনি কৰিছিল।  

My name is Manuj Saikia And i Am a graduate and blogger from Dhemaji, Assam. I regularly publishes updates on Assam government jobs, schemes, education, results, and career opportunities on adre.co.in to help students and job seekers stay informed.

Leave a Comment