AHSEC Class 12 Assamese Chapter 4 Answer 2026 | হস্তিবিদ্যাৰ্ণৱ পুথি

WhatsApp Group Join Now
Telegram Group Join Now

AHSEC Class 12 Assamese Chapter 4 Answer 2026 | হস্তিবিদ্যাৰ্ণৱ পুথি

Are you searching for the AHSEC Class 12 Assamese Chapter 4 Answer 2026? If yes, you’ve come to the right place. This page provides complete and easy-to-understand Class 12 Assamese Lesson 4 Answer for “হস্তিবিদ্যাৰ্ণৱ পুথি”, prepared according to the latest ASSEB (formerly AHSEC) Higher Secondary syllabus.

হস্তিবিদ্যাৰ্ণৱ পুথি is an important lesson in the HS 2nd Year Assamese textbook. The chapter highlights the historical and literary significance of the famous Assamese manuscript হস্তিবিদ্যাৰ্ণৱ, which is regarded as one of the finest works on elephant science and management in medieval Assam. It also reflects the rich cultural heritage, traditional knowledge, and scholarly achievements of Assamese literature. Since questions from this lesson frequently appear in the Higher Secondary examination, students should prepare it thoroughly.

In this article, you will find Lesson 4 HS 2nd Year Assamese Answer in a simple and exam-oriented format. All answers have been prepared in clear language to help students understand the chapter better and perform well in school as well as board examinations.

What You’ll Find in This Article

  • Complete AHSEC Class 12 Assamese Chapter 4 Answer 2026
  • Class 12 Assamese Lesson 4 Question and Answer
  • Textbook exercise solutions
  • Important short and long answer questions
  • Easy explanations for better understanding
  • HS 2nd Year Assamese Chapter 4 Notes
  • Exam-oriented revision materials

To achieve better results, students should first read the chapter carefully from the prescribed textbook and then use these answers for revision. Understanding the lesson and practicing answer writing regularly will help improve confidence and increase marks in the Higher Secondary examination.

Keep visiting our website for the latest AHSEC Class 12 Assamese Question Answers 2026, chapter-wise solutions, important questions, previous year papers, and study notes based on the updated ASSEB syllabus.

(ক) অতি চমু প্ৰশ্নঃ

১। ‘হস্তিবিদ্যাৰ্ণৱ পুথি’ শীৰ্ষক পাঠটি কʼৰ পৰা সংগ্ৰহ কৰা হৈছে ? 

উত্তৰঃ ‘হস্তিবিদ্যাৰ্ণৱ পুথি’ শীৰ্ষক পাঠটি যোগেন্দ্ৰ নাৰায়ণ ভূঞা সম্পাদিত ‘সূৰ্যকুমাৰ ভূঞাৰ বিবিধ প্ৰৱন্ধ’ নামৰ গ্ৰন্থখনৰ পৰা সংগ্ৰহ কৰা হৈছে ।

২। ‘হস্তিবিদ্যাৰ্ণৱ পুথি’ শীৰ্ষক প্ৰৱন্ধটি প্ৰথমতে কʼত প্ৰকাশ পাইছিল?

উত্তৰঃ ড° সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত ‘হস্তিবিদ্যাৰ্ণৱ পুথি’ শীৰ্ষক প্ৰৱন্ধটি প্ৰথমতে প্ৰকাশ পাইছিল ১৯৫৩ চনত, শুক্লেশ্বৰ বৰা সম্পাদিত ‘জয়ন্তী’ আলোচনীত ।

৩। কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম কি?

উত্তৰঃ কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম হ’ল ড°সূৰ্যকুমাৰ ভূঞা ।

৪। সূৰ্যকুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থখনৰ নাম লিখা।

উত্তৰঃ সূৰ্যকুমাৰ ভূঞাৰ গৱেষণা  গ্ৰন্থখনৰ নাম হ’ল “Anglo-Assamese Relations 1771-1826″.

৫। ‘হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ’ পুথিখন কোনে ৰচনা কৰিছিল?   

উত্তৰঃ হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ’ পুথিখন সুকুমাৰ বৰকাথে ‍১৬৫৬ শকত, অর্থাৎ ১৭৩৪ খৃষ্টাব্দত ৰচনা কৰিছিল।

(খ) চমু প্ৰশ্নঃ

১। ‘হস্তি-বিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ’ পুথিখন কোনে কেতিয়া ৰচনা কৰিছিল?

উত্তৰঃ ‘হস্তি-বিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ’ পুথিখন অসমৰ স্বৰ্গদেউ  শিৱসিংহ মহাৰাজ আৰু  বৰকুঁৱৰী অম্বিকাদেৱীৰ আদেশ অনুসৰি সুকুমাৰ বৰকাথে ১৬৫৬ শকত, অর্থাৎ ১৭৩৪ খৃষ্টাব্দত ৰচনা কৰিছিল।

২। পুৰণি অসমীয়া সচিত্ৰ পুথি দুখনৰ নাম লিখা ।

উত্তৰঃ পুৰণি অসমীয়া সচিত্ৰ পুথি দুখনৰ নাম হ’ল ‘লৱ-কুশৰ যুদ্ধ’ আৰু ‘গীত-গোবিন্দ’।

৩। হস্তিবিদ্যাৰ্ণৱ পুথিৰ চিত্ৰবোৰ কোনে অংকন কৰিছিল?

উত্তৰঃ হস্তিবিদ্যাৰ্ণৱ পুথিৰ চিত্ৰবোৰ দিলবৰ আৰু দোষায় নামৰ দুজন চিত্ৰকৰে অংকন কৰিছিল।

৪। হস্তিবিদ্যাৰ্ণৱ পুথিত কোনকেইজন লোকৰ চিত্ৰ অংকিত হৈছে?

উত্তৰঃ হস্তিবিদ্যাৰ্ণৱ পুথিত গ্ৰন্থকাৰ সুকুমাৰ বৰকাথ, চিত্ৰকৰ দুগৰাকী দিলবৰ আৰু দোষায়, স্বৰ্গদেউ শিৱসিংহ, বৰকুঁৱৰী অম্বিকাদেৱী আৰু তেওঁলোকৰ সন্তান ৰাজকুমাৰ উগ্ৰসিংহ কোঁৱৰৰ চিত্ৰ অংকিত হৈছে ।

৫। হস্তিগ্ৰন্থ বুলিলে কি বুজা?

উত্তৰঃ হস্তিগ্ৰন্থ বুলিলে সাধাৰণতে হাতী বিষয়ক গ্ৰন্থক বুজা যায় । য’ত হাতীৰ বিভিন্ন ৰোগৰ লক্ষণ, হস্তীৰ কৰ্ম, হস্তীৰ শুভশুৱা, হাতীক বন শিকোৱা কৌশল, হাতীৰ চঁক ভঙ্গা, হাতীৰে কাঠ আদি টনাৰ কাম কৰা, হাতীৰ বিভিন্ন ব্যাধিৰ প্ৰতিকাৰ সন্দৰ্ভত বিশদ বৰ্ণনা পোৱা যায় ।

     মধ্যযুগত অসমীয়া ভাষাত বিভিন্ন বিষয়ৰ ব্যৱহাৰিক জ্ঞানৰ পুথি ৰচিত হৈছিল। তাৰে ভিতৰত হাতী বিষয়ক পুথিসমূহ অন্যতম।অষ্টাদশ শতিকাৰ লেখক সুকুমাৰ বৰকাথৰ হস্তি-বিদ্যাৰ্ণৱ-সাৰ-সংগ্ৰহ এই বিষয়ৰ শ্ৰেষ্ঠ পুথি। এই গ্ৰন্থ সমুহ সাঁচিপতীয়া পুথিৰ আকাৰত পোৱা যায়। হস্তি আয়ুৰ্ব্বেদ, গজেন্দ্রচিন্তামণি, মাতঙ্গলীলা আদি হস্তিগ্ৰন্থৰ উদাহৰণ।

(গ) দীঘল প্ৰশ্নঃ

১। ব্যবহাৰিক সাহিত্য বুলিলে কি বুজা? দুখন অসমীয়া ব্যবহাৰিক সাহিত্য পুথিৰ নাম লিখা ।

উত্তৰঃ শংকৰোত্তৰ যুগৰ ঐশ্বৰ্যশালী সাহিত্য ৰাজিৰ ভিতৰত ব্যৱহাৰিক সাহিত্যৰ বিশেষ ভূমিকা আছে। প্ৰকৃততে চৰিত সাহিত্য, বুৰঞ্জী সাহিত্যৰ দৰে মধ্যযুগত ৰচিত এই সাহিত্যও এবিধ বিশেষ শ্ৰেণীৰ সাহিত্য। এইবিধ সাহিত্য ব্যৱহাৰিক জ্ঞান-শাস্ত্ৰমূলক। আয়ুর্বেদ শাস্ত্ৰ, নিদান, জ্যোতিষ, অংক-আর্যা, নৃত্য-গীত, গৃহ নির্মাণ আদি বিষয়ৰ গ্ৰন্থৰাজি ব্যৱহাৰিক সাহিত্যৰ অন্তর্গত। 

      মানুহৰ ব্যহাৰিক জীৱনৰ লগত জড়িত অন্ন-বস্ত্ৰ, বাসস্থান অথবা জীৱ-জন্তুৰ গুণাগুণ, স্বাস্থ্য আদি বিষয়ক পুথিসমূহক সাধাৰণতে ব্যবহাৰিক সাহিত্য বুলি কোৱা হয়। এই সাহিত্য কবিতা, চুটিগল্প, উপন্যাস ‌আদিৰ দৰে বিশুদ্ধ সাহিত্য নহয়। বৰ্তমান এই সাঁচিপতীয়া পুথিবোৰ ছপা ৰূপত প্ৰকাশ হৈছে। এই শ্ৰেণীৰ দুখনমান অসমীয়া পুথি হ’ল ‘হস্তিবিদ্যাৰ্ণৱ সাৰ-সংগ্ৰহ’, ‘ঘোঁৰা নিদান’, আৰু  ‘চাংৰুং ফুকনৰ বুৰঞ্জী’ ।

২। ড°  সূৰ্যকুমাৰ ভূঞাৰ সাহিত্য প্ৰতিভা সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ প্ৰখ্যাত ইতিহাসবিদ সর্বাগ্ৰণী ড° সূৰ্যকুমাৰ ভূঞা দেৱৰ জন্ম হয় ১৮৯২ চনত নগাঁও চহৰত। তেওঁ আছিল কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া  অধ্যাপক আৰু অধ্যক্ষ ।

      অধ্যয়নশীল ভূঞা দেৱে ছাত্ৰজীৱনৰ পৰাই বিভিন্ন আলোচনী ,কবিতা, চমু জীৱনী, গল্প আদি প্ৰকাশ কৰিছিল। অসমীয়া আৰু ইংৰাজী ভাষাত ৰচনা আৰু সম্পাদনা কৰা গ্ৰন্থৰ সংখ্যা একুৰিৰো অধিক। সেইবোৰৰ ভিতৰত ‘গোপাল কৃষ্ণ গোখলে’ (১৯১৬), ‘ৰবীন্দ্ৰ নাথ ঠাকুৰ’ (১৯২০), ‘আনন্দৰাম বৰুৱা’ (১৯২০), ‘জোনাকী’ (১৯২৮), ‘চানেকী’ (১৯২৮), ‘অসম জীয়ৰী’ (১৯৩৫)- এইকেইখন জীৱন চৰিতমূলক গ্ৰন্থ। ‘কোঁৱৰ বিদ্ৰোহ'(১৯৪৮), ‘বুৰঞ্জীৰ বাণী’ (১৯৫১), ‘ৰমণী গাভৰু ‘(১৯৫১) ‘ৰাজেশ্বৰ সিংহ’ (১৯৭৪) ইত্যাদি ঐতিহাসিক পুথি  এতিয়ালৈকে প্ৰকাশ হৈছে। ‘নিৰ্মালি’ হৈছে তেখেতৰ একমাত্ৰ কবিতাৰ পুথি। ‘পঞ্চমী’ হৈছে তেখেতৰ পাঁচটা চুটিগল্পৰ সমষ্টি। ইয়াৰ উপৰিও  ভালেখিনি গৱেষণামূলক ইংৰাজী গ্ৰন্থ ভূঞাদেৱৰ  কাপৰ পৰা ওলাইছে। তাৰ ভিতৰত ‘Anglo Assamese Relations ‘1771-1826, ‘Atan Buragohain & His Times(1955), ‘Lachit Borphukan and His Times’ (1947), ‘An Assamese Nur-Jahan'(1926) আদি উল্লেখয্যোগ্য গ্ৰন্থ। মুঠতে দেখা যায় যে বুৰঞ্জী আৰু জীৱনী গ্ৰন্থ এই দুয়োটা ক্ষেত্ৰতে ভূঞাদেৱৰ দান অনস্বীকাৰ্য । এই মহান লেখকজনৰ মৃত্যু হয়  ১৯৬৪ চনত।

See also  AHSEC Class 12 Assamese Chapter 15 Answer 2026 | উভতি নহাৰ কবিতা

৩। হস্তিবিদ্যাৰ্ণৱ পুথিৰ বিষয়বস্তুৰ এটি আভাস দিয়া ।

উত্তৰঃ মধ্যযুগত অসমীয়া ভাষাত বিভিন্ন বিষয়ৰ ব্যৱহাৰিক জ্ঞানৰ পুথি ৰচিত হৈছিল। তাৰে ভিতৰত হাতী বিষয়ক পুথিসমূহ অন্যতম অষ্টাদশ শতিকাৰ লেখক সুকুমাৰ বৰকাথৰ হস্তিবিদ্যাৰ্ণব সাৰ সংগ্ৰহ এই বিষয়ৰ অন্যতম পুথি। এই পুথিত হাতীক কেন্দ্ৰ কৰি বিষয় বস্তুৰ জুমুঠি বন্ধা হৈছে। যাৱতীয় সংস্কৃত গ্ৰন্থ, অসমত প্ৰচলিত কিছুমান হাতী বিষয়ক পুথি, দাঁতি-কাষৰীয়া জাতিৰ মাজত প্ৰচলিত হাতীৰ ব্যাধিৰ প্ৰতিকাৰ-এই সকলোবোৰ হস্তিজ্ঞান একত্ৰীকৰণ কৰি কাহিনীৰ বিষয়বস্তু ৰক্ষিত কৰিছে । 

           আহোম স্বৰ্গদেউ শিৱ সিংহ আৰু ৰাণী ফুলেশ্বৰী কুঁৱৰীৰ অনুৰোধত সুকুমাৰ বৰকাথে হস্তিবিদ্যাৰ্ণৱ ৰচনা কৰিছিল। ৰাজ অনুগ্ৰহত ৰচনা কৰা বাবে ইয়াৰ বিষয়বস্তু মূলতঃ ৰাজ্যৰ স্থিতিৰ দৃষ্টিভংগীৰে লিখা হৈছিল। ৰাজ্যৰ বাবে কোনবোৰ হাতী উপযুক্ত, কেনেকৈ হাতীক সম্ভ্ৰান্ত লোকৰ বাবে আৰু যুদ্ধ বিগ্ৰহৰ বাবে প্ৰশিক্ষিত কৰিব পাৰি ইত্যাদি ইয়াৰ মূল বিষয়। ভাল হাতী, বেয়া হাতীৰ লক্ষণ বৰ্ণনা কৰাৰ লগতে অন্য ৰজাৰ লগত অপ্ৰীতিবৰ্দ্ধক হাতিৰ লক্ষণ ইয়াত বৰ্ণনা কৰা হৈছে। হাতীশাল নিৰ্মাণৰ নিয়মো বৰ্ণনা কৰিছে। হাতীশালত কি কাঠ নিৰ্ব্বদ্ধ কৰা হব, হাতীবন্ধা খুটাৰ মান কিমান উচ্চতাৰ হ’ব, বতাহ-ৰʼদ সোমাব পৰাৰ কেনে ব্যৱস্থাৰ কৰিব লাগিব সকলো কথা কোৱা হৈছে। তদুপৰি হাতীক শুভকাৰ্যৰ প্ৰতীক বুলিও গণ্য কৰা হয় । আগৰ দিনত হাতিক যাত্ৰাকালত আৰু  উভতি অহাৰ কালত দেখা বা ব্যৱহাৰ কৰাটো শুভ বুলি গন্য কৰা হয় । হাতীক যুদ্ধ কালত ব্যহাৰ কৰা, উপঢৌকন হিচাপে প্ৰেৰণ কৰা, ৰজাৰ গড়ৰ বাহিৰ ৰাখি ৰজাৰ প্ৰতিপত্তি প্ৰদৰ্শন কৰা এই সকলো কথা লিখা আছে । তদুপৰি সোণ ৰূপৰ দৰে হাতীদাঁতৰ মূল্যও আছিল যথেষ্ট ।

       কামন্দকীয় নীতিসাৰত উল্লেখ থকা মতে হস্তীক কৰ্মত প্ৰয়োগ কৰাৰ নিয়মো নিধান আছিল। যুদ্ধক্ষেত্ৰত কেনে হাতী প্ৰয়োগ কৰিব, কোন হাতীত উঠিলে ৰজাৰ মঙ্গল আৰু  সমৃদ্ধি হব, কোন হাতীত উঠিলে বেয়া তাৰো নিয়ম ব্যাখ্যা কৰা আছে। ঐৰাৱত হাতীৰ কথা, নিন্দিত হাতীৰ কথাও কোৱা হৈছে। স্বৰ্গদেৱৰ ঘাই হাতীক শিকোৱাৰ নিৱন্ধও যুগুত কৰা আছে । ময়দাৰ, মেদ বৃদ্ধি, মন পুষ্টি, মনচোকা এই সকলো বিলাকৰ বুজ লোৱা হৈছিল। হাতী কেনেদৰে অধিক বলৱন্ত হ’ব, হাতীক কেনেদৰে মন্ত্ৰৰে বশ কৰিব পাৰি তাৰ বিধান হস্তিপুথিত উল্লেখ আছে।

         এনেদৰে বিশ্লেষন কৰিলে দেখা যায় হাতীক কেন্দ্ৰ কৰি পুৰণিকালত ৰজা মহাৰজা সকলে বিবিধ মাধ্যম প্ৰয়োগ কৰিছিল।যিবোৰ হস্তিবিদ্যাৰ্ণৱ পুথিৰ বিষয়বস্তু হিচাপে ৰক্ষিত হৈছিল।

৪। ‘মংগলদায়ক হাতী’ৰ লক্ষণ সম্পৰ্কে হস্তিবিদ্যাৰ্ণৱ পুথিত থকা বিৱৰণটি নিজৰ ভাষাত লিখা।

উত্তৰঃ ড° সূর্যকুমাৰ ভূঞাৰ ‘হস্তীবিদ্যার্ণৱ পুথিখন’ হ’ল হাতী বিষয়ক এক উল্লেখযোগ্য পুথি। হস্তীবিদ্যার্ণৱ পুথিত বিভিন্ন প্ৰকাৰৰ আৰু চৰিত্ৰৰ হাতীৰ বিৱৰণ দাঙি ধৰা হৈছে। ইয়াৰ লগতে হাতীশাল নির্মাণৰ নিয়ম, হাতী দাঁতৰ মূল্য আদিৰ বিষয়েও বর্ণনা পোৱা যায়। হস্তী গ্রন্থৰ অন্তৰ্গত প্রধান বিষয়বস্তু হৈছে – বিবিধ হাতীৰ লক্ষণ, হাতীশাল নির্মাণৰ নিয়ম, হাতীবন্ধা খুঁটাৰ মান আৰু কাঠৰ নিবন্ধ, হাতীদাঁতৰ মূল্য, যাত্রা কালত আৰু উভতি অহাৰ পিছত হাতীৰ শুভ কাম, কামন্দকীয় নীতিসাৰ মতে হস্তীৰ কৰ্ম, যুদ্ধ হস্তীৰ কথা, ঐৰাৱত হাতীৰ কথা, নিন্দিত হাতীৰ কথা, ৰজাৰ গড়ৰ বাজত থাকিবলগীয়া হাতী, অন্য ৰজাৰ লগত অপ্রীতিবর্ধক হাতী, বেয়া হাতীৰ লক্ষণ, স্বৰ্গদেৱৰ ঘাই হাতীৰ শিকোৱাৰ নিবন্ধ, ময়দাৰ, মেদ বৃদ্ধি, পুষ্টি, মনচোকা আৰু বলৱন্ত হোৱাৰ নিয়ম, হস্তী বশ্য হোৱাৰ মন্ত্র আদি।

        পুথিখনত  মঙ্গলদায়ক হাতীৰ বৰ্ণনা কৰি কৈছে যে হাতীৰ শৰীৰৰ বৰণ হʼব লাগে শ্যামবৰ্ণ, দেখাত সুন্দৰ হʼব লাগে। হাতী প্ৰকাণ্ড প্ৰাণী যদিও শৰীৰ হʼব লাগে স্থূল। দুয়োটা দাঁত সমান দীঘল হোৱা উচিত। সমানে ৰঙ্গ কৰা হʼব লাগে। কামৰ সময়ত আগলৈ চাপি যোৱা হাতীৰ লক্ষণ ভাল। কালশিলি বৰ্ণৰ হʼব লাগে। হাতীৰ নখ আগছোৱা জোঙা, অলপ কʼলা অৰ্থাত পাতল কলা বৰণৰ হোৱা উচিত। বলৱন্ত হাতীৰ মূল্য অধিক। তেনে হাতীয়ে ৰজাক গড়ৰ ভিতৰ-বাহিৰ সকলোতে ভাল কাম দেখুৱায়। তেনে লক্ষণৰ হাতীক উত্তম আহাৰ দি সোনকালে বশ কৰিব পৰা যায়।

        এনেদৰে পুৰণি কালত ভাল হাতী বা উন্নত গুণসম্পন্ন হাতীক মঙ্গলদায়ক হাতী বুলি কোৱা হৈছিল আৰু  এনে হাতীক ৰজা-মহাৰজা সকলে গুৰুত্ব সহকাৰে ভাল বিষয়া নিযুক্তিৰে পোহপাল দিছিল।

৫। হস্তিবিদ্যাৰ্ণৱ পুথিৰ গদ্যশৈলীৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ সুকুমাৰ বৰকাথে ১৯৩৪ খৃষ্টাব্দত আহোম ৰজা শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকাদেৱীৰ আদেশক্রমে ‘হস্তীবিদ্যার্ণৱ সাৰ সংগ্ৰহ’ নামৰ সচিত্র পুথিখন ৰচনা কৰে। অসমীয়া জাতিৰ এক অমূল্য সম্পদ স্বৰূপ হস্তীবিদ্যার্ণৱ পুথিখনি গদ্যত ৰচিত। পুথিখনিৰ ৰচনাশৈলী উচ্চ গুণ সম্পন্ন। এই গ্ৰন্থৰ পুথিৰ ভাষা গদ্য। প্ৰশস্তি অংশৰ ভাষা সংস্কৃতগন্ধী। উদাহৰণস্বৰূপে- “ইন্দ্ৰ বংশ সৰোবৰৰ পদ্মপুষ্পৰ তুল্য হৈছে যি মহাৰাজা নীতিবিদ্যাৰো আনন্দিত হুই বৃহস্পতিক উপালম্ভ কৰিছে যি মহাৰাজা, আৰু গম্ভীৰ ধীৰ ধাৰ্মিকসকলৰ মধ্যত শ্ৰেষ্ঠতৰ সৌমাৰ পীঠৰ ঈশ্বৰ শ্ৰী যুক্ত শ্ৰীমন্ত শিৱসিংহ যি মহাৰাজা, আপোনাৰ স্বন্দৰ বিলাস বিদগ্ধতা ভাৱেৰে পৃথিৱীত সকলো সুন্দৰীগনৰ গৰ্ববক চুৰ কৰিছে যি মহাদেৱীয়ে, সেই কাৰণে অতিশয় বিৰাজমান হৈছে যি শ্ৰী শ্ৰী অম্বিকানাম মহাদেৱী, সেই দুজনাৰ আজ্ঞাৰত্ন মালাক শিৰত ধৰি সুকুমাৰ বৰকাথে এই হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ কৰি ৰচিল”।

      ইয়াৰ উপৰিও দেখা যায় মূলত সংস্কৃত পুথিক অনুকৰণ কৰা হেতুকে ভাষা সংস্কৃতগন্ধী আনহাতে দাঁতি কাষৰীয়া অঞ্চল সমূহৰ পৰা আহৰণ কৰা পুথিৰ জ্ঞানে সৰল অসমীয়া ভাষাৰ নিদৰ্শন দাঙি ধৰিছে। উদাহৰণ স্বৰূপে-“পাতালৰ জাতে যি হাতী আহিছে, তাৰ মুখৰূপ দেখি, গা ৰাতুল চন্দনৰ বৰ্ণনা হেন দেখি, নেজ মাটি লুটি যাই, মূৰ জোকাৰি থাকে, পানী পৰুৱাৰ বুলন যেন বুলন খৰ। আৰে টিপৰ কথা। বহুত বহুনাত বহিব, কলাফুলেৰে চেপি ডাবি ধৰি অলপ কৰি আঙ্গুলী কাণত লগাব। আকুহি থিয় কৰি যাব। পাচ মাউতে ডাবি মাৰিব, তে মূৰ দাঙ্গি যাব”। 

         এনেদৰে বিশ্লেষন কৰি চালে দেখা যায় যে হস্তিবিদ্যাৰ্ণৱ পুথিৰ ভাষা এফালে সংস্কৃতগন্ধী আৰু গভীৰ, যদিও আনহাতে সহজ সৰল।অসমীয়া মানুহে বুজিব পৰাকৈ বাক্যৰ গাঁথনি তেনেই সৰল। মুঠতে হস্তিবিদ্যাৰ্ণৱ পুথিৰ গদ্যই পুথিখনৰ মৰ্যাদা বহুগুণে বৃদ্ধি কৰিছে ।

অতিৰিক্ত প্ৰশ্নোত্তৰঃ

১। সূর্যকুমাৰ ভূঞাৰ চুটিগল্পৰ পুথিখনৰ নাম কি?

উত্তৰঃ সূর্যকুমাৰ ভূঞাৰ চুটিগল্পৰ পুথিখনৰ নাম হ’ল – পঞ্চমী।

See also  AHSEC Class 12 Assamese Chapter 10 Answer 2026 | বিশ্বখনিকৰ

২। স্বর্গদেউসকলে শিৰবস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা বস্তু বিধৰ নাম কি?

উত্তৰঃ স্বৰ্গদেউসকলে শিৰবস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা বস্ত্ৰ বিধৰ নাম হ’ল- ফচৌ

৩। হস্তিবিদ্যার্ণৱ’ পুথিৰ চিত্ৰবোৰ কোনে অংকন কৰিছিল?

উত্তৰঃ হস্তিবিদ্যাৰ্ণৱ’ নামৰ পুথিখনৰ চিত্ৰবোৰ দিলবৰ আৰু দোষায় নামৰ দুজন শিল্পীযে অংকন কৰিছিল। 

৪। সংস্কৃত ভাষাত ৰচিত দুখন পুৰণি হস্তীপুথিৰ নাম লিখা

উত্তৰঃ সংস্কৃত ভাষাত ৰচিত দুখন পুৰণি হস্তীপুথিৰ নাম হল-

(১) গজেন্দ্রচিন্তামণি আৰু

(২) হস্তি আয়ুর্ব্বেদ (পালকাপ্য মুনিৰ বিৰচিত)।

৫। হস্তীপুথিৰ লগত মান্তৰা ৰজা কিদৰে জড়িত?

উত্তৰঃ হস্তীপুথিৰ আৰম্ভণিবোৰ অতি মনোমোহা। এজন ৰজাৰ হাতী মৰিবলৈ ধৰাত তেওঁ গভীৰ চিন্তাত পৰিল। এদিন পণ্ডিতজনে কাকত চাই এটা বিধি দিলে, যাৰ ফলত হাতী মৰাৰ পৰা ৰক্ষা পালে। এই কাকতখন ৰজাৰ হাতত থাকিলেহে, তেনে মতে কাম কৰি দেউ-দেউতাকৰ মান কৰি চলিলে হাতী নমৰে। এই কাকতেই গজশাস্ত্ৰৰ মুখ্য তত্ত্ব বা মূল কথা সন্নিৱিষ্ট। লেখক এই ঘটনাটোক “শাস্ত্ৰ-জন্ম কথা” বুলি আখ্যা দিছে।

৬। ড° সূর্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত তিনিখন জীৱনীমূলক গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ ড° সূর্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত তিনিখন জীৱনীমূলক গ্ৰন্থৰ নাম- আনন্দৰাম বৰুৱা’, ‘গোপাল কৃষ্ণ গোখলে’ আৰু অসম জীয়ৰী’।

৭। হস্তিবিদ্যার্ণৰ পুথিৰ গদ্যৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ হস্তিবিদ্যাৰ্ণৱ পুথিৰ গদ্যৰ দুটা মুখ্য বৈশিষ্ট্য হ’ল—

(১) বিভিন্ন হাতীৰ দোষ-গুণ বৰ্ণনা কৰাৰ সময়ত পুথিখনত মনোমোহা ছবি অংকন কৰা হৈছে।
(২) স্বৰ্গদেৱৰ সমৃদ্ধি আৰু সৌভাগ্য প্ৰদৰ্শন কৰিবলৈ তেওঁক দিয়া বিভিন্ন উপহাৰৰ দৃশ্য পুথিত ছবিৰ ৰূপত উপস্থাপন কৰা হৈছে।

৮। পুৰণি কালত অসমীয়া সমাজত হাতী কি কি কামত ব্যৱহাৰ হৈছিল?

উত্তৰঃ অসম হাতী-প্ৰধান এখন দেশ আছিল। পুৰণি সময়ত প্ৰায় প্ৰতিটো সম্ভ্ৰান্ত পৰিয়ালত হাতী ৰখা এটা নিয়মীয়া প্ৰথা আছিল। বিবাহ, উৎসৱ বা আন আন আনুষ্ঠানিক যাত্ৰাত হাতীৰ ব্যৱহাৰ এক সাধাৰণ দৃষ্টান্ত আছিল। দীঘলীয়া পথ অতিক্ৰম কৰিবলৈ হাতী এক অৱশ্যক যান হিচাপে বিবেচিত হৈছিল। যুদ্ধক্ষেত্ৰতো হাতীক সৈন্যবাহিনীৰ এক গুৰুত্বপূর্ণ অংগ ৰূপে ব্যৱহাৰ কৰা হৈছিল। লগতে, কাঠ টনাৰ দৰে কঠিন কাম-কাজতো হাতীৰ সহায় লোৱা হৈছিল। অসমৰ হাতীৰ প্ৰাচুৰ্য্যই কামৰূপৰ প্ৰাচীন ৰজাসকলক হাতীক অসমৰ ধ্বজাৰ প্ৰতীক হিচাপে গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।

৯। আহোম স্বৰ্গদেউসকলে মোগলী প্রথা মতে পৰিধান কৰা তিনি বিধ সাজ-পাৰৰ নাম লিখা।

উত্তৰঃ আহোম স্বৰ্গদেউসকলে মোগল পৰম্পৰা অনুসৰি যি তিনি বিধ সাজ-পাৰ পৰিধান কৰিছিল, সেই সাজ-পাৰ কেইযোৰ নাম হ’ল— জামা, পাগ আৰু ইজাৰ।

১০। ড° সূর্যকুমাৰ ভূঞাৰ মতে অসমৰ কোন কেইটা জনগোষ্ঠীৰ মানুহৰ হাতীৰ বিষয়ে ভাল জ্ঞান আছে?

উত্তৰঃ ড° সূর্যকুমাৰ ভূঞাৰ মতে, অসমৰ খামতি, চিংফৌ, নৰা, ফাঁকিয়াল আৰু মৰাণ আদিৰ দৰে জনগোষ্ঠীৰ লোকসকলৰ হাতীৰ বিষয়ে গভীৰ জ্ঞান আছিল। লেখকে উল্লেখ কৰিছে যে, সাধাৰণতে হাতী ধৰা (ফান্দি) আৰু মাউত হিচাপে নিযুক্তিৰ ক্ষেত্ৰত এইসকল জনগোষ্ঠীৰ পৰা লোক বাছনি কৰা হৈছিল।

১১। হস্তিবিদ্যার্ণৱ পুথিত থকা ছবিবোৰৰ বৈশিষ্ট্য সম্পর্কে আলোচনা কৰা।

উত্তৰঃ হস্তিবিদ্যাৰ্ণৱ পুথিত থকা ছবিবোৰৰ বৈশিষ্ট্যবোৰ সুস্পষ্টভাৱে উল্লেখযোগ্য, যাৰ মুখ্য দিশসমূহ তলত দিয়া হৈছে—

(১) বিভিন্ন হাতীৰ দোষ-গুণ বৰ্ণনা কৰাৰ সময়তে সেই বিবৰণৰ সৈতে সংগতি ৰাখি সুন্দৰ চিত্ৰ অংকন কৰা হৈছে।

(২) ৰজাই কোন হাতীত উঠিলে শুভ, কোনটোৰে অশুভ, আৰু কোন হাতীয়ে ৰজাৰ কুশল তথা সমৃদ্ধি বঢ়ায়—এইবোৰ বৰ্ণনা কৰোঁতে চিত্ৰশিল্পীয়ে পৃষ্ঠপোষক ৰজা শিৱসিং মহাৰাজ, বৰকুঁৱৰী অম্বিকা দেৱী আৰু তেওঁলোকৰ ৰাজচ’ৰাৰ বিষয়াসকলৰ প্ৰতিমা দিয়াৰ সুবিধা লৈছে।

(৩) শিৱসিংহ ৰজাৰ ৰাজচ’ৰাৰ বিভিন্ন সময় আৰু পৰিস্থিতিৰ চিত্ৰ পুথিত অন্তর্ভুক্ত, যি সেই সময়ৰ ৰাজনৈতিক আৰু সাংস্কৃতিক জীৱনৰ প্ৰমাণপত্ৰ ৰূপে বিবেচিত হয়।

(৪) “আঠোদেশৰ যশস্যা ৰূপ চন্দ্রতাপে আচ্ছাদন কৰিছে”—এই বক্তব্যৰ ভিত্তিত ভাৰতৰ আঠজন প্ৰসিদ্ধ ৰজাৰ ছবিও পুথিত অংকন কৰা হৈছে।

(৫) স্বৰ্গদেৱৰ সমৃদ্ধি আৰু সৌভাগ্য প্ৰতিপন্ন কৰিবলৈ তেওঁক দিয়া নানান উপহাৰৰ দৃশ্যসমূহো ছবিৰে প্ৰকাশ কৰা হৈছে।

(৬) পুথিত অংকিত ৰজা, বিষয়া, দোলাকাষৰীয়া আদিৰ ছবিসমূহত তেওঁলোকৰ সাজ-পাৰ বিশেষকৈ মোগল প্ৰভাৱযুক্ত আছিল; স্বৰ্গদেৱসকলৰ শিৰবস্ত্ৰ (ফটৌ) আৰু ৰুদ্ৰসিংহৰ সময়ৰ পৰা ব্যৱহৃত জামা, পাগ আৰু ইজাৰৰ দৃশ্য পুথিত চিত্ৰাকাৰে সুন্দৰভাৱে প্ৰতিফলিত কৰিছে।

এইদৰে, হস্তিবিদ্যাৰ্ণৱ পুথিত থকা ছবিবোৰ বিভিন্ন দিশৰ পৰা শিল্প, ইতিহাস আৰু সংস্কৃতিৰ এক অপূৰ্ব সংমিশ্ৰণৰ নিদৰ্শন হিচাপে প্ৰতিভাত হৈছে।

১২। হস্তিবিদ্যার্ণৱ পুথি ৰচনাৰ কাৰণে লেখকে ক’ৰপৰা কিদৰে সমল সংগ্ৰহ কৰিছিল?

উত্তৰঃ অসমীয়া হাতেলিখা সচিত্ৰ পুথিসমূহৰ ভিতৰত হস্তিবিদ্যাৰ্ণৱ পুথিখনকেই সৰ্বশ্ৰেষ্ঠ হিচাপে গণ্য কৰা হয়। এই মূল্যবান পুথিখন ১৭৩৪ খৃষ্টাব্দত ৰজা শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকা দেৱীৰ আদেশত সুকুমাৰ বৰকাথে ৰচনা কৰিছিল। পুথিখনৰ মনোৰম চিত্ৰসমূহ দিলবৰ আৰু দোষায় নামৰ দুইজন প্ৰতিভাশালী চিত্ৰকাৰে অংকন কৰিছিল।

হাতীৰ বিষয়ে লিখা এই পুথিখনত গ্ৰন্থকাৰ, চিত্ৰকাৰ, ৰজা শিৱসিংহ, বৰকুঁৱৰী অম্বিকা দেৱী আৰু ৰাজকুমাৰ উগ্ৰসিংহ কোঁৱৰৰ চিত্ৰ অংকিত আছে, যি সেই সময়ৰ ৰাজসৌন্দর্য আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিনিধিত্ব কৰে।

হাতীৰ বিষয়ে অসমৰ খামতি, চিংফৌ, নৰা, ফাঁকিয়াল আৰু মৰাণ আদিৰ দৰে জনজাতীয় গোটসমূহৰ গভীৰ জ্ঞান আছিল। পুথিখনৰ বহু বিষয়বস্তু এইসকল জনগোষ্ঠীৰ পৰা সংগৃহীত তথ্যৰ আধাৰত ৰচিত হৈছে।

এই পুথিখনত বিভিন্ন প্ৰকাৰ আৰু চৰিত্ৰৰ হাতীৰ বিৱৰণ, হাতীশাল নিৰ্মাণৰ নিয়ম, হাতীদাঁতৰ মূল্য আদি বিষয়ে বিস্তৃত আলোচনা আছে। ই প্রাচীন অসমৰ চিত্ৰকলা, হস্তিশাস্ত্ৰ আৰু ব্যৱহাৰিক জ্ঞান-সম্পন্ন সাহিত্যৰ এক উজ্জ্বল নিদৰ্শন স্বৰূপ।

এইদৰে, হস্তিবিদ্যাৰ্ণৱ পুথিখন কেৱল হাতীৰ বিষয়ে জ্ঞানৰ ভঁৰাল নহয়, বৰঞ্চ ই অসমৰ ৰাজসান, শিল্প, সংস্কৃতি আৰু সাধাৰণ জনগণৰ জ্ঞান-সম্পদৰ এক অপূৰ্ব দলিল ৰূপে বিবেচিত।

১৩।’অসম হাতী-প্রধান দেশ’। হস্তীবিদ্যার্ণৱ পুথি শীর্ষক প্রবন্ধটোৰ লেখকে কি প্রসংগত এই কথাষাৰ অৱতাৰণা কৰিছে বুজাই লিখা।

উত্তৰঃ অসম হাতী-প্ৰধান দেশ — এই মন্তব্যটোৱে লেখক হস্তিবিদ্যাৰ্ণৱ পুথি শীৰ্ষক প্ৰবন্ধত যথাৰ্থভাৱে ব্যক্ত কৰিছে। অসমৰ পৰ্বত-কন্দৰত হাতীৰ স্বাভাবিক বিচৰণ আছিল আৰু আজিও সেইবোৰ অঞ্চলত হাতীৰ উপস্থিতি দেখা যায়।

পুৰণি সময়ত প্ৰতিটো সম্ভ্রান্ত পৰিয়ালত হাতী ৰখা এটা গৌৰৱৰ বিষয় আছিল। বিবাহ, বাৰুৱা বা অন্য আনুষ্ঠানিক সমাৰোহত হাতীৰ ব্যৱহাৰ এক সাধাৰণ প্ৰথা আছিল। দীঘলীয়া যাত্ৰাৰ ক্ষেত্ৰত হাতী অতি প্রয়োজনীয় বাহন হিচাপে বিবেচিত হৈছিল।

যুদ্ধক্ষেত্ৰতো হাতী এক অনিবার্য অংশ আছিল, যাক সৈন্যবাহিনীৰ শক্তিশালী উপাদান ৰূপে গণ্য কৰা হৈছিল। হাতী শিকোৱা, চক ভাঙা, আৰু কাঠ টনাৰ দৰে কঠিন কাম-কাজত হাতীক নিযুক্ত কৰা হৈছিল।

অসমত হাতী-সংক্রান্ত শিক্ষাৰ যথেষ্ট পৰম্পৰা আছিল—হাতীৰ ব্যাধি নিৰাময়ৰ উপায়, হাতীৰ ব্যৱহাৰ, শিকনি আৰু পৰিচৰ্যা আদিৰ বিষয়ে বহু দৰকাৰী জ্ঞান লিপিবদ্ধ কৰা হৈছে। সেই কাৰণেই অসমত ডাঙৰ-সৰু বহু হাতী-পুথিৰ প্ৰচলন আছিল।

এই সমৃদ্ধ ঐতিহ্যক ভিত্তি কৰি, লেখকে হস্তিবিদ্যাৰ্ণৱ পুথিৰ আলোচনাত“অসম হাতী-প্ৰধান দেশ” বুলি যথাযথভাৱে উল্লেখ কৰিছে।

My name is Manuj Saikia And i Am a graduate and blogger from Dhemaji, Assam. I regularly publishes updates on Assam government jobs, schemes, education, results, and career opportunities on adre.co.in to help students and job seekers stay informed.

Leave a Comment