AHSEC Class 12 Assamese Chapter 10 Answer 2026 | বিশ্বখনিকৰ

WhatsApp Group Join Now
Telegram Group Join Now

AHSEC Class 12 Assamese Chapter 10 Answer 2026 | বিশ্বখনিকৰ

Are you searching for the AHSEC Class 12 Assamese Chapter 10 Answer 2026? If yes, then you’ve come to the right place. This page provides complete and easy-to-understand Lesson 10 Class 12 Assamese Question and Answer for “বিশ্বখনিকৰ”, prepared according to the latest ASSEB (formerly AHSEC) Higher Secondary syllabus.

বিশ্বখনিকৰ is an important poem included in the Group-2 (পদ্য) section of the HS 2nd Year Assamese textbook. The poem inspires readers to appreciate the beauty of nature, recognize the greatness of the Creator, and understand the harmony that exists throughout the universe. Through beautiful poetic language and meaningful imagery, it encourages students to develop values such as gratitude, humility, and respect for the natural world.

This lesson is one of the important chapters in the Higher Secondary Assamese syllabus and is frequently asked in school tests as well as the ASSEB HS Final Examination. Therefore, students should study the poem carefully, understand its central idea, literary beauty, and poetic message before preparing the textbook exercises.

In this article, you will find HS 2nd Year Assamese Chapter 10 Solution in a simple and student-friendly format. The answers are prepared according to the latest examination pattern to help students understand the poem clearly and perform well in their board examinations.

What You’ll Find in This Article

  • Complete AHSEC Class 12 Assamese Chapter 10 Answer 2026
  • Lesson 10 Class 12 Assamese Question and Answer
  • Textbook exercise solutions
  • Important short and long answer questions
  • Stanza-wise explanations in simple language
  • HS 2nd Year Assamese Chapter 10 Notes
  • Important exam-oriented questions
  • Quick revision notes for board exams

For better examination results, students should first read the poem from the prescribed textbook and understand its meaning before referring to these solutions. Regular revision and answer-writing practice will help improve confidence and increase marks in the Higher Secondary Final Examination.

Keep visiting our website for the latest AHSEC Class 12 Assamese Question Answers 2026, chapter-wise solutions, important questions, previous year papers, model papers, and study notes prepared according to the updated ASSEB syllabus.

আৰ্হি প্ৰশ্নঃ

(ক) অতি চমু প্ৰশ্ন : 

১। অসমীয়া সাহিত্যত ‘জ্ঞানমালিনীৰ কবি’ হিচাপে কোনগৰাকী কবি জনাজাত?

উত্তৰঃ অসমীয়া সাহিত্যত ‘জ্ঞানমালিনীৰ কবি’ হিচাপে মফিজুদ্দিন আহমদ হাজৰিকাদেৱ জনাজাত ।

২। মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিখনৰ নাম হ’ল ‘তত্ত্ব-পাৰিজাত’ ।

৩। ‘বিশ্বখনিকৰ’ বুলি লেখকে কাৰ কথা কৈছে?

উত্তৰঃ ‘বিশ্বখনিকৰ’ বুলি লেখকে ভগৱান বা ঈশ্বৰৰ কথা কৈছে।

৪। ‘বিশ্বখনিকৰ’ কোন শ্ৰেণীৰ কবিতা?

উত্তৰঃ ‘বিশ্বখনিকৰ’ আধ্যাত্মিক তথা দাৰ্শনিক ভাবধাৰাৰ কবিতা ।

 ৫। মফিজুদ্দিন আহমদ হাজৰিকা কোন যুগৰ কবি?

উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকা ‘জোনাকী যুগ’ৰ কবি ।

(খ) চমু প্ৰশ্ন :

১। মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।.

উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য হ’ল –

(i) মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত আধ্যাত্মিক তত্ত্বৰ প্ৰকাশ পোৱা দেখা যায়।

(ii)তেখেতৰ কবিতাৰ ভাষা সহজ সৰল আৰু ঘৰুৱা লগতে কবিতাৰ ছন্দোৰীতি সুকীয়া।

২। কবিয়ে ঈশ্বৰক কিয় ‘বিশ্বখনিকৰ’ বুলি অভিহিত কৰিছে?

উত্তৰঃ সমগ্ৰ বিশ্বৰ সৃষ্টি, স্থিতিৰ মূলতে এক পৰম সত্তাৰ অস্তিত্ব অনুভৱ কৰা হয়। সেই পৰম সত্তাই সকলোকে এক আত্মীয়তাৰ জৰীৰে বান্ধি ৰাখিছে। তেওঁৰ মহিমাৰ অন্ত নাই। জগতৰ সকলো বস্তুতে তেওঁৰে অৱস্থিতি, সেয়েহে কবিয়ে ঈশ্বৰক বিশ্বখনিকৰ বুলি অভিহিত কৰিছে।

৩। সত্ত্বঃ ৰজঃ তমো গুণ কি বুজাই লিখা ।

উত্তৰঃ সত্ত্বঃ ৰজঃ তমো গুণ- এই তিনিটা গুণতে অৰ্থাৎ শক্তিতে জগতৰ স্থিতি আৰু লয়। সত্ত্বঃ গুণ সুখদায়ক আৰু জ্ঞানাত্মক। ই জীৱক সুখত আসক্ত কৰি মুগ্ধ কৰে। ৰজঃ গুণ ৰাগাত্মক অৰ্থাৎ ই মানুহক বিষয়ত আসক্ত কৰে। আৰু তমঃ গুণ অজ্ঞানৰ পৰা হয়। ই জীৱৰ মোহ উৎপাদন কৰে আৰু প্ৰমোদ ,আলস্য আৰু নিদ্ৰাৰ দ্বাৰা সকলো ঢাকি ৰাখি জীৱক মোহপাশত বন্দী কৰে।

See also  AHSEC Class 12 Assamese Chapter 15 Answer 2026 | উভতি নহাৰ কবিতা

৪। মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম লিখা।

উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম হ’ল – ‘জ্ঞানমালিনী’ আৰু ‘তত্ত্ব পাৰিজাত’।

৫। কবিয়ে ‘বিশ্বখনিকৰ’ক কিয় সৰ্ব-ব্যাপী সৰ্ব শক্তিমান বুলি আখ্যা দিছে?

উত্তৰঃ ত্ৰিলোকৰ সৃষ্টি, স্থিতিৰ মূলতে এক পৰম সত্তাৰ অস্তিত্ব  অনুভৱ কৰিব পাৰি। সেই পৰম সত্তাই সকলোৰে পালন কৰোঁতা, সকলোৰে জন্মদাতা। সত্ত্বঃ,ৰজঃ,তমঃ তিনিও গুণ তেওঁতে বিৰাজমান যদিও তেওঁ নিৰ্গুণ।যদিও তেওঁক দেখা নাপায়, তথাপি তেওঁ অন্তৰ্যামী, সৰ্বজ্ঞানী, বিশ্বৰ প্ৰাণ, আত্মা আৰু সকলোতে বিয়পি থাকে। সেয়ে কবিয়ে ‘বিশ্বখনিকৰ’ক সৰ্ব-ব্যাপী সৰ্ব শক্তিমান আখ্যা দিছে।

(গ) দীঘল প্ৰশ্ন :

১। ‘বিশ্বখনিকৰ’ কবিতাটোৰ মাজেৰে কবিয়ে প্ৰকৃততে কাৰ কথা কৈছে আৰু কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে?

উত্তৰঃ বিশ্বখনিকৰ কবিতাটোৰ মাজেৰে কবিয়ে এক গভীৰ আধ্যাত্মিক তথা দার্শনিক ভাব প্রকাশ কৰিছে। এই দর্শনৰ মূল হ’ল বেদান্ত। বেদান্তৰ ঘাই কথা হ’ল ‘ব্রহ্ম সত্য জগত মিথ্যা’। এই দর্শনৰ মাজেৰে এইটোকে তুলি ধৰা হৈছে যে এই জগতত দৃশ্য অদৃশ্য সকলো সম্পদ, জোন-বেলি, গ্রহ-তৰা, আৰু মানুহৰ অথবা জীৱ-জন্তু, গছ-লতা, পশু-পক্ষী সকলোৰে মাজত থকা সকলো গুণৰ অধিকাৰী ঈশ্বৰ। ব্ৰহ্মাই সৃষ্টি কৰা বিশ্বজগতখনৰ মহিমা অপাৰ। জীৱজগত তথা জড় জগতত তেওঁৰেই যাদুকৰী হাতৰ স্পৰ্শ দেখা যায় । তেওঁ সৃষ্টি কৰিছে বাবে তেওঁৱেই বিশ্বখনিকৰ স্বৰূপত ব্ৰহ্ম নিৰ্গুণ, নিৰাকাৰ, সৎ, অন্তযামী, সৰ্বব্যাপী বিশ্বপ্ৰাণ, বিশ্বআত্মা স্বৰূপ ।সত্ত্বঃ ৰজঃ তমো এই ত্ৰিগুণ সৃষ্টি কৰি জগতখন তেওঁৱে ধৰি ৰাখিছে । অথচ সকলো গুণৰ  উৰ্দ্ধত থকা পৰমেশ্বৰক আমি দেখা নাপাও। কাৰণ তেওঁ নিৰ্গুণ। কবিয়ে বেদান্তৰ এই ভাবটোকে কবিতাটোৰ মাজেৰে প্রতিফলিত কৰিছে ।

২। ‘সকলোতে আছে তেওঁ

  কিন্তু নেদেখে কেও

  ওৰণিৰে মুখ ঢাকি থাকে ওচৰত ।’-এই কবিতাফাকিৰ মাজেৰে কবিয়ে কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে লিখা ।

উত্তৰঃ উক্ত কবিতাফাঁকি ‘জ্ঞান মালিনী’ৰ কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ ‘বিশ্বখনিকৰ’ নামৰ কবিতাটিৰ পৰা লোৱা হৈছে। 

          পৃথিৱীৰ গছ-লতা, জীৱ-জন্তু, পশু-পক্ষী,গ্রহ-তৰা, জোন-বেলি এই সকলোবোৰ বস্তু পৰমেশ্বৰৰ কৃপাতে বর্তি আছে। তেৱেঁই পৃথিৱীৰ সকলো গুণ, সকলো বৃত্তি,তেৱেঁই সর্বত্ৰতে বিয়পি থকা সর্বশক্তিমান।অথচ তেওঁক আমি কোনেও নেদেখো। কাৰণ তেওঁ ওৰণিৰে মুখ ঢাকি ওচৰতে থাকে। এই ওৰণিখনেই হ’ল বেদান্ত নিৰ্দেশিত ‘মায়া। সুক্ষ্ম দৃষ্টিৰে লক্ষ্য কৰিলেহে  এই অস্তিত্ব অনুভৱ কৰিব পাৰি।তাৰ বাবে লাগে জ্ঞান। জীৱৰ সেই জ্ঞান বা বোধ জন্ম হ’লেই এই ওৰণি  আঁতৰি যায় আৰু পৰমেশ্বৰৰ মহিমা উপলদ্ধি কৰিব পৰাৰ ক্ষমতা অর্জন হয়।কবিতাফাকিৰ মাজেৰে কবিয়ে এই কথাখিনিকে প্ৰকাশ কৰিছে।

৩। ‘বিশ্বখনিকৰ’ কবিতাটিৰ মূলভাবটি লিখা ।

উত্তৰঃ ‘বিশ্বখনিকৰ’ আধ্যাত্মিক তথা দাৰ্শনিক ভাবধাৰাৰ কবিতা।যদিও চাক্ষুষ দৃষ্টিৰে আজিলৈকে কোনেও প্ৰত্যক্ষ কৰা নাই, তথাপি ত্ৰিলোকৰ সৃষ্টি, স্থিতিৰ লগতে এক পৰম সত্তাৰ অস্তিত্ব উপলব্ধি কৰিব পাৰি। সেই পৰম সত্তাই সকলোকে এক আত্মীয়তাৰ জৰীৰে বান্ধি ৰাখিছে। সেই পৰম সত্তাই সকলোৰে পালন কৰোঁতা, সকলোৰে জন্মদাতা।তেওঁৰ মহিমাৰ কথা কৈ অন্ত কৰিব নোৱাৰি। তেওঁ সকলোতে ব্যাপ্ত, অথচ তেওঁক দেখা পোৱা নাযায়। কাৰণ তেওঁ ওৰণিৰে মুখ ঢাকি ওচৰতে থাকে। মায়াই পৰমেশ্বৰ আৰু পাৰ্থিৱ জগতখনৰ মাজত এখন আৱৰণৰ সৃষ্টি কৰিছে । এই ভেদ আঁতৰাবলৈ আমাৰ জ্ঞানৰ প্ৰয়োজন হয়। জীৱৰ সেই জ্ঞান বা বোধ জন্ম হ’লেই এই ওৰণি আঁতৰি যায় আৰু পৰমেশ্বৰৰ মহিমা উপলদ্ধি কৰিব পৰা ক্ষমতা অৰ্জন হয়। সত্ত্বঃ, ৰজঃ, আৰু তমো এই তিনিও গুণ তেওঁতেই বিৰাজমান যদিও তেওঁ নিৰ্গুণ। তেৱেঁই মৰমৰ বৰষাৰে কুঁহি গজালিক সাৰ পানী দি এজোপা বিশাল গছ কৰি তোলে। তেওঁৰ কৃপাতেই এমাডিমা সন্তানবোৰ ডেকা তেজেৰে পাহোৱাল হৈ উঠে। সেয়ে কবিয়ে কৈছে যে তেৱেঁই অন্তযাৰ্মী সৰ্বজ্ঞানী, বিশ্বৰ প্ৰাণ, তেওঁ সৰ্বত্ৰতে বিয়পি থকা সৰ্ব শক্তিমান ।

৪। ‘বিশ্বখনিকৰ’ কবিতাটিত প্ৰকাশিত আধ্যাত্মিক দৰ্শনৰ চমু আভাস দিয়া।

উত্তৰঃ কবি মফিজুদ্দিন আহমদ হাজৰিকাদেৱৰ ‘বিশ্বখনিকৰ’ কবিতাটি এটি আধ্যাত্মিক দর্শনৰ কবিতা। এই দৰ্শনৰ মূল হিচাপে বেদ-বেদান্তৰ ঘাই কথা ‘ব্ৰহ্ম সত্য জগত মিথ্যা’ এই তত্ত্বটো কবিতাটিত প্ৰতিফলিত কৰিছে ৷ এই তত্ত্বমতে এই ব্ৰহ্মাণ্ডত পৰমেশ্বৰৰ বাদে একো নাই। তেওঁ জগতৰ প্রতিটো অণু-পৰমাণু, প্ৰতিটো জীৱৰ মাজত, প্রকৃতি আদি জড় জগতৰ মাজত বিয়াপি আছে। সত্বঃ ৰজঃ তমঃ- এই তিনিটা গুণতে অর্থাৎ শক্তিতে জগতৰ স্থিতি আৰু লয়। পৰমেশ্বৰ এই তিনিটা গুণৰ অধিকাৰী হৈও নির্গুণ । সকলো কাৰ্য আৰু কাৰণৰ মূল তেৱেঁই। তেৱেঁই খনিকৰ ৰূপে সমগ্র বিশ্বকে তিল তিলকৈ গঢ়ি তুলিছে। তেওঁক যদিও কোনেও দেখা নাপাই তথাপি তেৱেঁই  অন্তর্য্যামী, সর্বজ্ঞানী, বিশ্বৰ প্রাণ, আত্মা, সর্বত্রতে বিয়পি থকা সর্বশক্তিমান। এনেদৰে কবিয়ে ‘বিশ্বখনিকৰ’ কবিতাটিত ভাৰতীয় আধ্যাত্মিক দর্শনৰ এক চমু আভাস প্ৰকাশ কৰিছে।

See also  AHSEC Class 12 Assamese Chapter 11 Answer 2026 | মিলন

৫। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা :

তেৱেঁ কাম তেৱেঁ কৰ্মী তেৱেঁ কাৰিকৰ

নিশ্চয় নিশ্চয় তেৱেঁ বিশ্বখনিকৰ ।

উত্তৰঃ প্ৰসংগ -উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ ‘বিশ্বখনিকৰ’ নামৰ কবিতাটিৰ পৰা তুলি ধৰা হৈছে ।

সংগতি :এই পৃথিৱীৰ সৃষ্টিকৰ্তা বিশ্বখনিকৰৰ মহিমাৰ বৰ্ণনাৰ প্ৰসংগত কবিয়ে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে ।  

ব্যাখ্যা -কবিতাফাঁকিৰ মাজেৰে কবিয়ে বিশ্বৰ সকলো কর্মৰ  অন্তৰালত যে এক পৰম সত্তা বিৰাজমান সেই কথাৰ উপলব্ধি কৰিছে। সকলো কাম সেই সত্তা তথা বিশ্বখনিকৰে কৰি থাকে। তেওঁক বা তেওঁৰ কামক দেখা নাপালেও সেই সত্তাৰ উপলব্ধি কৰিব পাৰি। প্ৰকৃতিৰ বিচিত্ৰ ৰূপৰ মাজত তেওঁৰেই মহিমা লুকাই আছে তেওঁৱই পৃথিৱীখন গঢ়ি তুলিছে। সেয়ে কবিয়ে তেওঁক ‘বিশ্বখনিকৰ’ আখ্যা দিছে ।

ওপৰঞ্চি প্ৰশ্ন :

১। মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম কেতিয়া আৰু ক’ত হৈছিল?

উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম ১৮৭০ চনত ডিব্ৰুগড়ত হৈছিল।

২। অসম সাহিত্য সভাৰ কোনখন অধিবেশনত মফিজুদ্দিন আহমদ হাজৰিকাই সভাপতিত্ব কৰিছিল?

উত্তৰঃ ১৯৩০ চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ গোলাঘাট অধিবেশনত মফিজুদ্দিন আহমদ হাজৰিকাই সভাপতিত্ব কৰিছিল ।

৩। অসমীয়া ভাষাত ছুফী সাধকসকলৰ ভাবধাৰা প্ৰথম কাৰ কবিতাত প্ৰকাশ পায়?

উত্তৰঃ অসমীয়া ভাষাত ছুফী সাধকসকলৰ ভাবধাৰা প্ৰথম মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত প্ৰকাশ পায়।

৪। বিশ্বখনিকৰে এমাডিমা ল’ৰাক কিহলৈ পৰিৱৰ্তন কৰে?

উত্তৰঃ বিশ্বখনিকৰে এমাডিমা ল’ৰাক ডেকা তেজ ধৰা যুৱকলৈ পৰিৱৰ্তন কৰে ।

৫। মফিজুদ্দিন আহমদ হাজৰিকাৰ কিমান চনত মৃত্যু হয়?

উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ ১৯৫৮ চনত মৃত্যু হয়।

৬। জ্ঞানমালিনীৰ কবি কোন?

উত্তৰঃ মফিজুদ্দিন আহমদ অসমীয়া সাহিত্যত জ্ঞানমালিনী কবিৰূপে জনাজাত।

৭। কুহি-গজালিৰ ক্ষেত্রত কবিয়ে তিনিধি গছৰ কথা উলেখ কৰিছে, তাৰ নাম লিখা।

উত্তৰঃ কুহি-গজালিৰ ক্ষেত্ৰত কবিয়ে তিনিবিধ গছৰ কথা উল্লেখ কৰিছে, আৰু সেই গছ তিনিবিধৰ নাম হ’ল- ১। পমা গছ ২। চিচু গছ আৰু ৩। পাৰলীক।

৮। বিশ্বখনিকৰ কবিতাটোত থকা তিনিটা গুণ কি কি?

উত্তৰঃ বিশ্বখনিকৰ কবিতাটোত থকা তিনিটা গুণ হল- (১) সত্বঃ গুণ (২) ৰজঃ গুণ আৰু (৩) তমো গুণ।

৯। গোমোস্তা’ শব্দটিৰ অৰ্থ লিখা।

উত্তৰঃ গোমোস্তা’ শব্দটিৰ অৰ্থ হৈছে- দোকানত হিচাপ-পত্ৰ ৰখা কৰ্মচাৰী। 

১০। এমাডিমা মানে কি? কবিয়ে কাক এমাডিমা বুলি কৈছে?

উত্তৰঃ এমডিয়া মানে হ’ল কেঁচুৱা অৱস্থা নিচেই ল’ৰালি কাল। কবিয়ে নিচেই কেঁচুৱাক এমাডিমা বুলি কৈছে

১১। সত্ত্বঃ, ৰজঃ তমো গুণ…….

বোলে হুনু বিশ্ব-গিৰি সেই মহাজন।

উত্তৰঃ উক্ত কবিতাট আমাৰ পাঠ্যপুথিৰ মফিজুদ্দিন আহমদ হাজৰিকাৰ ৰচিত ‘বিশ্বখনিক’ নামৰ কবিতাটিৰ পৰা লোৱা হৈছে। এই কবিতাৰ জৰিয়তে কবিয়ে সেই পৰম সত্তা, অৰ্থাৎ ভগৱানৰ কথা ক’ব খুজিছে, যিজনৰ ইচ্ছাত আৰু নিয়ন্ত্ৰণত এই বিশ্বব্রহ্মাণ্ড চলি আছে।

ভগৱান হ’ল অদৃশ্য শক্তি। তেওঁ সত্ত্বঃ, ৰজঃ আৰু তমঃ এই তিনিগুণৰ সৃষ্টি কৰ্ত্তা, তথাপি তেওঁ এই তিনিগুণৰ উৰ্ধ্বত — অৰ্থাৎ নিৰ্গুণ।

  • সত্ত্ব গুণ সুখদায়ক আৰু জ্ঞানদায়ক। ই জীৱক সুখত আসক্ত কৰি ৰাখে।
  • ৰজঃ গুণ ইচ্ছা, বাসনা আৰু কামনাৰ সৃষ্টি কৰে।
  • তমঃ গুণ মোহ, অলস্য, নিদ্ৰা আদি দ্বাৰা জীৱক আৱৰি ৰাখে।

এই তিনিগুণই জগতৰ কাৰ্যকলাপ চলায় যদিও ভগৱান এই সকলোতকৈ ওপৰত থাকি জড়জগত আৰু জীৱজগত সুন্দৰভাৱে পৰিচালনা কৰি থাকে। তেওঁ হ’ল সৃষ্টিকর্তা, পালনকৰ্তা আৰু পৰম শক্তি — যিজনে সকলো জীৱৰ জন্ম দিয়ে আৰু সিহঁতক চলাই নিয়ে।

১২। কঠিন সব্দ অৰ্থঃ

খনিকৰ- শিল-কাঠ-মাটি মূৰ্তি নিৰ্মাণ কৰোঁতা।

বিশ্বখনিকৰ – বিশ্ব নিৰ্মাণ কৰোঁতা, ঈশ্বৰ, সৃষ্টিকৰ্তা।

যদিস্যাতো – যদিও।

ত্ৰিলোক – ত্ৰিজগত- স্বৰ্গ, মৰ্ত্য আৰু  পাতাল।

নিৰগুণ – সকলো গুণৰ ঊৰ্ধ্ধত।

হুনু – হেনো।

বিশ্ব – গিৰি – বিশ্বৰ গৰাকী অৰ্থাত ঈশ্বৰ।

শেহান্তৰে – অন্তত, অৱশেষত।

এমাডিমা – কেচুঁৱা অৱস্থা । নিচেই ল’ৰালি কাল ।

গোমোস্তা – দোকানৰ হিছাপ – প্ৰত্ৰ ৰখা কৰ্মচাৰী।

অন্তৰ্যামী – মনৰ সকলো ভাব বুজডি পাওঁতা।

সৰ্ব – ব্যাপী – সকলোতে জিৰি থকা।

My name is Manuj Saikia And i Am a graduate and blogger from Dhemaji, Assam. I regularly publishes updates on Assam government jobs, schemes, education, results, and career opportunities on adre.co.in to help students and job seekers stay informed.

Leave a Comment