AHSEC Class 12 Assamese Chapter 11 Answer 2026 | মিলন
Are you searching for the AHSEC Class 12 Assamese Chapter 11 Answer 2026? If yes, you’ve come to the right place. This page provides complete and easy-to-understand Lesson 11 Class 12 Assamese Question and Answer for “মিলন”, prepared according to the latest ASSEB (formerly AHSEC) Higher Secondary syllabus.
মিলন is an important poem included in the Group-2 (পদ্য) section of the HS 2nd Year Assamese textbook. The poem beautifully expresses the emotions of love, unity, hope, and the deep connection between human beings and nature. Through its graceful language and poetic expressions, the poet conveys the importance of harmony, togetherness, and emotional bonding, making it one of the significant poems in the Higher Secondary Assamese syllabus.
This lesson is important from the examination point of view because questions based on the poem are regularly asked in school examinations as well as the ASSEB Higher Secondary Final Examination. Therefore, students should understand the central idea, poetic devices, and message of the poem before preparing the textbook exercises.
In this article, you will find HS 2nd Year Assamese Chapter 11 Solution written in simple and student-friendly language. The answers follow the latest examination pattern and are designed to help students understand the poem thoroughly and perform well in their board examinations.
What You’ll Find in This Article
- Complete AHSEC Class 12 Assamese Chapter 11 Answer 2026
- Lesson 11 Class 12 Assamese Question and Answer
- Textbook exercise solutions
- Important short and long answer questions
- Stanza-wise explanation in simple language
- HS 2nd Year Assamese Chapter 11 Notes
- Important board examination questions
- Quick revision notes for better preparation
Students are advised to read the poem carefully from the prescribed textbook before referring to these answers. Understanding the meaning and message of the poem first will make revision easier and help improve answer-writing skills in the Higher Secondary examination.
Keep visiting our website for the latest AHSEC Class 12 Assamese Question Answers 2026, chapter-wise solutions, important questions, previous year question papers, model papers, and study notes prepared according to the updated ASSEB syllabus.
(ক) অতি চমু প্ৰশ্নঃ
১। নলিনীবালা দেৱীক কি কবিৰূপে জনা যায়?
উত্তৰঃ নলিনীবালা দেৱীক অতিন্দ্রীয়বাদী কবিৰূপে জনা যায়।
২। নলিনীবালা দেৱীৰ আত্মজীৱনীখনিৰ নাম কি?
উত্তৰঃ নলিনীবালা দেৱীৰ আত্মজীৱনীখনিৰ নাম হ’ল ‘এৰি অহা দিনবোৰ’।
৩। ‘জাগৃতি’ কাব্য গ্রন্থখনৰ মাজেৰে কবিৰ কি মনোভাব প্রকাশ পাইছে?
উত্তৰঃ ‘জাগৃতি’ কাব্য গ্রন্থখনৰ মাজেৰে কবিৰ স্বদেশপ্রেমৰ মনোভাব প্রকাশ পাইছে।
৪। ‘মিলন’ কবিতাটিত কবিয়ে ‘তোমাৰ’ বুলি কাক বুজাইছে?
উত্তৰঃ ‘মিলন’ কবিতাটিত কবিয়ে ‘তোমাৰ’ বুলি ভগৱানক বুজাইছে ।
৫। নলিনীবালা দেৱীয়ে কোনখন কাব্যগ্রন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল ?
উত্তৰঃ নলিনীবালা দেৱীয়ে ‘অলকানন্দা’ কাব্যগ্রন্থৰ বাবে ১৯৬৮ চনত সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল।
(খ) চমু প্ৰশ্নঃ
১। নলিনীবালা দেৱীয়ে ৰচনা কৰা দুখন জীৱনীৰ নাম লিখা।
উত্তৰঃ নলিনীবালা দেৱীয়ে ৰচনা কৰা দুখন জীৱনীৰ নাম হ’ল ‘স্মৃতিতীর্থ’ আৰু ‘বিশ্বদীপা’।
২। কবিৰ পৰম আৰাধ্যজনে আহি নিতে তেওঁক কেনেকৈ দর্শন দিয়ে ?
উত্তৰঃ কবিৰ পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজতে উপলদ্ধি কৰে।তেওঁৰ পৰম আৰাধ্যজনে সপোনে-দিঠকে, মানসৰ তীৰে তীৰে আহি নিতে তেওঁক দর্শন দিয়ে।
৩। কবিয়ে ‘আছা মোৰ নিজান কোণত’ বুলি কাৰ কথা বুজাইছে?
উত্তৰঃ কবিয়ে ‘আছা মোৰ নিজান কোণত’ বুলি পৰম আৰাধ্য ভগৱানৰ কথা বুজাইছে ।তেওঁক চকুৰে দেখা নাপালেও মনৰ দৃষ্টিৰে তেওঁ হৃদয়ৰ গভীৰ কোণত নিতৌ ভগৱানৰ সান্নিধ্য উপলব্ধি কৰে।
৪। কোনে নিয়ৰৰ মালা গাঁথি ৰাতিপুৱা কবিক দেখা দিয়েহি ?
উত্তৰঃ পৰম আৰাধ্য ভগৱানে নিয়ৰৰ মালা গাঁথি ৰাতিপুৱা কবিক দেখা দিয়েহি।
৫। ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলে কবিয়ে কাক দেখা পায়?
উত্তৰঃ যদিও কবি ভাগৰুৱাভাৱে টোপনিত লালকাল হৈ থাকে, তথাপিও তেওঁ ঈশ্বৰক দেখে। কিয়নো ঈশ্বৰ সর্বব্যাপী — তেওঁ প্ৰকৃতিৰ সকলো তন্ত্ৰত, সকলো ৰূপত বিদ্যমান। সেয়েহে কবিয়ে টোপনিৰ কোলাত থাকিও পৰম আৰাধ্যজনৰ সান্নিধ্য অনুভৱ কৰে।
(গ) দীঘল প্ৰশ্নঃ
১। নলিনীবালা দেৱীৰ কবিতাসমুহৰ মাজেৰে মূলতঃ কি ভাবধাৰা প্রকাশ পাইছে, তোমাৰ পাঠতিৰ আধাৰত আলোচনা কৰা।
উত্তৰঃ অসমীয়া ৰহস্যবাদী কাব্যক্ষেত্রখনৰ এটি উল্লেখযোগ্য নাম হৈছে নলিনীবালা দেৱী। শান্ত-সমাহিত আৰু কৰুণ আকৃতিৰে ভৰা তেওঁৰ কবিতাবোৰত আকুল হৃদয়ৰ বিননি ধ্বনিত হৈছে।অতিন্দ্ৰীয়বাদী কবিতাবোৰৰ মাজত নলিনীবালা দেৱীৰ হৃদয়ৰ আকুলতাৰ লগতে গভীৰ চিন্তাৰো সমাৱেশ ঘটিছে।
‘মিলন’ কবিতাটিও এইধৰণৰ কবিতা। কবিতাটিত কবিৰ আধ্যাত্মিক চেতনাৰ প্ৰতিধ্বনি অনুভূত হৈছে। সপোনে-দিঠকে পৰম আৰাধ্যজনৰ অস্তিত্বক নিজৰ হৃদয়ৰ মাজত অনুভৱ কৰে। নিশাৰ জোনাকী পোহৰ, তৰাভৰা আকাশৰ মোহনীয় সৌন্দৰ্য-সুষমাই কবিৰ ভগৱৎ প্রীতিৰ ধাৰণাক গভীৰ কৰি তোলে। আকৌ ৰাতিপুৱা সূর্য উদয় হোৱাৰে পৰা নিশা গভীৰ নিদ্রাত পৰালৈকে প্রতিটো ক্ষণতে পৰমজনৰ অস্তিত্ব ভিন্ন ভিন্ন ধৰণেৰে অনুভৱ কৰে। কবিৰ মতে পৰমজনৰ সান্নিধ্য অনুভৱৰ প্রতিটো মুহূর্ত তেওঁৰ ভগৱানৰ সৈতে হোৱা অন্তহীন মিলন।
২। ‘মিলন’ কবিতাটিত কবিয়ে কাৰ লগত কাৰ মিলন হোৱাৰ কথা বুজাইছে আলোচনা কৰা।
উত্তৰঃ অতীন্দ্ৰিয়বাদী কবি নলিনীবালা দেৱীৰ ‘মিলন’ কবিতাটিত আধ্যাত্মিক চেতনাৰ প্ৰতিধ্বনি অনূভূত হৈছে।কবিতাটিত কবিয়ে পৰম আৰাধ্য ভগৱানৰ লগত কবিৰ মিলন হোৱাৰ কথা বুজাইছে।কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজতে উপলব্ধি কৰে। সপোনে-দিঠকে, জোনাকীৰ পোহৰ, গধূলিৰ তৰা ভৰা আকাশৰ পোহৰত, হৃদয়ৰ গভীৰ কোণত, ৰাতিপুৱাৰ পৰা নিশা গভীৰ নিদ্ৰাত পৰালৈকে সকলোতে কবিয়ে পৰমজনাৰ অস্তিত্ব অনুভৱ কৰে। পৰম আৰাধ্য জনৰ লগত কবিৰ অন্তৰত জাগি উঠা এই অনুভৱক কবিয়ে মিলন বুলি অভিহিত কৰিছে ।
৩। কবিয়ে তেওঁৰ পৰম আৰাধ্যজনক ক’ত কেনেকৈ নিতে দেখা পায় বুলি কৈছে, চমুকৈ লিখা ।
উত্তৰঃ কবি নলিনীবালা দেৱীয়ে ‘মিলন’ কবিতাটিত তেওঁৰ পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজতে উপলদ্ধি কৰে।সপোনে-দিঠকে তেওঁ পৰমজনৰ অস্তিত্বক হৃদয়ৰ নিজান কোণত অনুভৱ কৰে।নিশাৰ জোনাকী পোহৰত, সন্দিয়াৰ তৰাভৰা আকাশৰ মোহনীয় সৌন্দৰ্য-সুষমাৰ মাজত, গধূলিৰ আকাশত, ধ্যানৰ মুহুর্তত, সূর্য উদয় হোৱা সময়ৰ পৰা নিশা গভীৰ নিদ্রাত পৰাৰ সময়লৈকে প্রতিটো ক্ষণতে কবিয়ে ভিন ভিন ৰূপত পৰমজনাক দেখিবলৈ পায় ।
৪। কবিয়ে ‘তোমাৰ লগত মোৰ অনন্ত মিলন’ বুলি কি বুজাইছে ব্যাখ্যা কৰা ।
উত্তৰঃ নলিনীবালা দেৱীৰ অতিন্দ্ৰীয়বাদী কবিতাবোৰৰ মাজত হৃদয়ৰ আকুলতাৰ লগতে গভীৰ চিন্তাৰ সমাৱেশ ঘটে। ‘মিলন’ কবিতাটিত আধ্যাত্মিক চেতনাৰ ধ্বনি শুনিবলৈ পোৱা যায়। কবিৰ ভগৱানৰ প্রতি যি আৰাধনা সেইয়াই কবিক জীয়াই থকাৰ সমল আৰু প্রেৰণা যোগায়। কবিয়ে সেয়ে ‘মিলন’ কবিতাটিত নিশাৰ জোনাকী পোহৰ, গধূলিৰ তৰা ভৰা আকাশ, ৰাতিপুৱা সূর্য উদয় হোৱাৰে পৰা নিশা গভীৰ নিদ্রাত পৰালৈকে প্রতিটো ক্ষণতে কবিয়ে পৰমজনাৰ অস্তিত্ব ভিন ভিন ধৰণে ভিন ভিন ৰূপত অনুভৱ কৰে। এই ভিন্ন ৰূপৰ অনুভৱকে কবিয়ে পৰমজনৰ প্রতি ‘তোমাৰ লগত মোৰ অনন্ত মিলন’ বুলি অভিহিত কৰিছে।
৫। ‘মিলন’ কবিতাটিৰ মাজেৰে কবিৰ আধ্যাত্মিক অনুভূতি কেনেদৰে প্রকাশ পাইছে, চমুকৈ আলোচনা কৰা।
উত্তৰঃ অসমীয়া ৰহস্যবাদী কাব্যক্ষেত্ৰ খনৰ কবি নলিনীবালা দেৱীৰ কবিতাৰ মাজত ঘাইকৈ আধ্যাত্মিকতাৰ সুৰ শুনিবলৈ পোৱা যায়।শান্ত-সমাহিত আৰু কৰুণ আকূতিৰে ভৰা কবিতাবোৰত কবিৰ আকুল হৃদয়ৰ বিননি ধ্বনিত হৈছে। কবিয়ে তেওঁৰ ব্যক্তিগত জীৱনৰ দুখ আৰু বেদনাক ভাৰতীয় ধর্ম আৰু দাৰ্শনিক চিন্তাৰ মাজেদি বিচাৰ কৰি তেখেতৰ মূল্যবান কবিতাসমুহৰ জৰিয়তে ব্যক্ত কৰিছে। সেয়েহে ‘মিলন’ কবিতাটিত আধ্যাত্মিক চেতনাৰ পৰিস্ফুৰণ দেখিবলৈ পোৱা যায়।
কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজতে উপলদ্ধি কৰে। সপোনে-দিঠকে, নিজৰ হৃদয়ৰ নিজান কোণত,নিশাৰ জোনাকী পোহৰ, গধূলিৰ তৰা ভৰা আকাশৰ মোহনীয় সৌন্দৰ্য,ৰাতিপুৱা সূর্য উদয় হোৱাৰ পৰা নিশা গভীৰ নিদ্রাত পৰালৈকে প্রতিটো ক্ষণতে কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব ভিন্ন ধৰণে অনুভৱ কৰে। কবিৰ মতে এয়াই তেওঁৰ পৰম জনাৰ সৈতে হোৱা অনন্ত মিলন। এইদৰেই কবিৰ আধ্যাত্মিক অনুভূতি ‘মিলন’ কবিতাটোত প্রকাশিত হৈছে।
ওপৰঞ্চি প্ৰশ্নঃ
১। নলিনীবালা দেৱীৰ জন্ম কেতিয়া হৈছিল?
উত্তৰঃ নলিনীবালা দেৱীৰ জন্ম হৈছিল ১৮৯৮ চনৰ ২৩ মাৰ্চত গুৱাহাটীত।
২। নলিনীবালা দেৱীৰ পিতৃৰ নাম কি আছিল?
উত্তৰঃ নলিনীবালা দেৱীৰ পিতৃৰ নাম আছিল কর্মবীৰ নবীনচন্দ্ৰ বৰদলৈ।
৩। তেখেতৰ কেইখনমান কাব্যগ্ৰন্থৰ নাম লিখা।
উত্তৰঃ ‘সন্ধিয়াৰ সুৰ’, ‘সপোনৰ সুৰ’, ‘পৰশমণি’, ‘জাগৃতি’, ‘অলকানন্দা’ ইত্যাদি।
৪। অসম সাহিত্য সভাৰ কোনখন অধিবেশনত নলিনীবালা দেৱীয়ে সভাপতিত্ব কৰিছিল?
উত্তৰঃ ১৯৫৪ চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ যোৰহাট অধিবেশনত নলিনীবালা দেৱীয়ে সভাপতিত্ব কৰিছিল।
৫। তেওঁ কেতিয়া পদ্মশ্ৰী সন্মান লাভ কৰিছিল?
উত্তৰঃ তেওঁ ১৯৫৮ চনত ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মান লাভ কৰিছিল।
৬। নলিনীবালা দেৱীয়ে কেতিয়া ইহলীলা সম্বৰণ কৰে?
উত্তৰঃ নলিনীবালা দেৱীয়ে ১৯৭৭ চনৰ ২৪ ডিচেম্বৰ তাৰিখে ইহলীলা সম্বৰণ কৰে।
৭। ‘মিলন’ কবিতাটি কবিৰ কোনখন কাব্যগ্ৰন্থৰ পৰা তুলি অনা হৈছে?
উত্তৰঃ মিলন’ কবিতাটি কবিৰ ‘সন্ধিয়াৰ সুৰ’ কাব্যগ্ৰন্থৰ পৰা তুলি অনা হৈছে।
৮। নলিনীবালা দেৱীক কি কবি ৰূপে জনা যায়।
উত্তৰঃ নলিনীবালা দেৱীক অতিন্দ্ৰীয়বাদী বা ৰহস্যবাদী কবিৰূপে জনা যায়।
৯। নিশাৰ আকাশত মংগল উৰুলি কোনে গায়?
উত্তৰঃ নিশাৰ আকাশত মংগল উৰুলি আকাশত ছটিয়াই থকা তৰাৰ শাৰীৰে গায়।
১০। গধূলিৰ স্নান এন্ধাৰত কবিয়ে কাক দেখে বুলি কৈছে?
উত্তৰঃ গধূলিৰ স্নান এন্ধাৰত কবিয়ে পৰম আৰাধ্যজনক দেখে।
১১। নলিনীবালা দেৱীৰ কবিতাৰ মূল সূৰ কি?
উত্তৰঃ নলিনীবালা দেৱীৰ কবিতাৰ মূল সূৰ হ’ল আধ্যাত্মিকতা।
১২। নলিনীবালা দেৱীৰ কোনদুখন কাব্যগ্ৰন্থৰ ভালেমান কবিতা স্বদেশপ্ৰেমৰ সুৰ প্ৰবাহিত হৈছে?
উত্তৰঃ ‘যুগ দেৱতা’ আৰু ‘জাগৃতি’।
১৩। নলিনীবালা দেৱীৰ আধ্যাত্মিক ভাৱৰ ব্যঞ্জনা প্ৰতিধ্বনিত হোৱা দুখন কাব্যগ্ৰন্থৰ নাম লিখা।
উত্তৰঃ নলিনীবালা দেৱীৰ ভাৱৰ ব্যঞ্জনা প্ৰতিধ্বনিত হোৱা দুখন কাব্যগ্ৰন্থৰ নাম হ’ল-(১) সপোনৰ সুৰ আৰু (২) অন্তিমৰ সুৰ।
১৪। মিলন কবিতাৰ মুলভাৱ লিখা।
উত্তৰঃ ‘মিলন’ নলিনীবালা দেৱীৰ দ্বাৰা ৰচিত এটি গভীৰ দার্শনিক আৰু আধ্যাত্মিক কবিতা। এই কবিতাটিত কবিয়ে নিজৰ অন্তৰ্যাত্মাৰ সৈতে হোৱা অনুভৱৰ গভীৰ বৰ্ণনা দিছে। তেওঁৰ ব্যক্তিগত জীৱনৰ দুখ-কষ্ট, যন্ত্রণা আৰু শোকক তেওঁ ভাৰতীয় ধৰ্ম আৰু দর্শনৰ মাধ্যমেৰে ব্যাখ্যা কৰি এক আত্মিক শান্তি লাভ কৰিছে। কবিৰ দৃষ্টিত জীৱনৰ সকলো মুহূৰ্তত, পুৱা, গধূলি বা নিশাৰ নিস্তব্ধতাতেও, তেওঁ পৰমজনৰ উপস্থিতি অনুভৱ কৰে।
কবিৰ হৃদয় ভগৱানৰ প্ৰেমত উদ্বেল হৈ থাকে, আৰু তেওঁৰ মন সদায় পৰমাত্মাৰ সৈতে মিলনৰ বাসনাৰে ব্যাকুল। কবিয়ে অনুভৱ কৰে যে ভগৱানৰ সৈতে যিকোনো সময়ত হোৱা সংযোগ, যেনে কোনো সৌন্দর্য বা প্রকৃতিৰ দৃশ্যত তেওঁক অনুভৱ কৰা, সেইবোৰেই যেন মিলনৰ বিশেষ ক্ষণ। তেওঁ জোনাকী পোহৰ, নিশাৰ আন্ধাৰ বা প্ৰকৃতিৰ নানা ৰূপৰ মাজেৰে ভগৱানক অনুভৱ কৰে। কবিৰ মতে, ভগৱানৰ এক দৰ্শনেই তেওঁৰ সকলো দুখ, অভিলাষ আৰু আকাংক্ষা পূৰ্ণ কৰি তুলিব। এই ভাবনাৰে কবিতাটিত ৰহস্যবাদ আৰু আধ্যাত্মিক চিন্তাধাৰাৰ এক অপূৰ্ব মিলন ঘটিছে।
১৫। নিশা আহে জ্বালি লৈ
জোনাকীৰ উজ্জ্বল দীপালি।
কথাষাৰৰ তাৎপর্য বুজাই লিখা।
উত্তৰঃ কবিতাটিৰ মাজেৰে কবিয়ে নিজৰ গভীৰ আধ্যাত্মিক অনুভূতি প্ৰকাশ কৰিছে। তেওঁ প্ৰকৃতিৰ প্ৰতিটো উপাদানত পৰম আৰাধ্যজনৰ উপস্থিতি অনুভৱ কৰে। নিশাৰ আকাশত তৰাবোৰৰ মাজতো কবিয়ে যেন পৰমজনৰ সান্নিধ্য অনুভৱ কৰে।
নিশাৰ গভীৰ এন্ধাৰত যেতিয়া জোনাকী পৰুৱাই পোহৰ বিলায়, তেতিয়া কবিয়ে অনুভৱ কৰে যেন পৰমজন দীপালিৰ লোহৰ দৰে তেওঁৰ পথ দেখুৱাবলৈ আহিছে। জোনাকীৰ সৰু পোহৰৰ মাজতো কবিয়ে ভগৱানৰ আভাস পায়। এই দৃশ্যই তেওঁৰ অন্তৰত পৰমজনক লাভ কৰাৰ এক দুৰ্বাৰ বাসনা জাগ্ৰত কৰে। কবিৰ মন সদায় মিলনৰ এই আন্তৰিক আকাংক্ষাত উদ্বেল হৈ উঠে।