AHSEC Class 12 Assamese Chapter 12 Answer 2026 | জনতাৰ আহ্বান
Are you looking for the AHSEC Class 12 Assamese Chapter 12 Answer 2026? If yes, you’ve come to the right place. This page provides complete and easy-to-understand Lesson 12 Class 12 Assamese Question and Answer for “জনতাৰ আহ্বান”, prepared according to the latest ASSEB (formerly AHSEC) Higher Secondary syllabus.
জনতাৰ আহ্বান is an important poem included in the Group-2 (পদ্য) section of the HS 2nd Year Assamese textbook. The poem delivers a powerful message about social awareness, patriotism, unity, and the responsibility of every citizen towards the nation. Through inspiring language and meaningful expressions, the poet encourages people to rise above differences, work together for the welfare of society, and contribute to the progress of the country.
This lesson is one of the key chapters in the Higher Secondary Assamese syllabus and is frequently included in school tests and the ASSEB HS Final Examination. Students should understand the poem’s central theme, literary beauty, and message before attempting the textbook exercises.
On this page, you will find HS 2nd Year Assamese Chapter 12 Solution written in simple and exam-oriented language. The answers are prepared according to the latest ASSEB examination pattern to help students understand the chapter clearly and score better marks in the board examination.
What You’ll Find in This Article
- Complete AHSEC Class 12 Assamese Chapter 12 Answer 2026
- Lesson 12 Class 12 Assamese Question and Answer
- Textbook exercise solutions
- Important short and long answer questions
- Stanza-wise explanation in simple Assamese
- HS 2nd Year Assamese Chapter 12 Notes
- Important board examination questions
- Quick revision notes for the HS Final Exam
To perform well in the Higher Secondary examination, students should first read the poem carefully from the prescribed textbook and understand its meaning. After that, practicing the questions and answers regularly will improve answer-writing skills and boost confidence before the examination.
Keep visiting our website for the latest AHSEC Class 12 Assamese Question Answers 2026, chapter-wise solutions, important questions, previous year papers, model papers, and study notes prepared according to the updated ASSEB syllabus.
কঠিন শব্দৰ অৰ্থঃ
ষোড়শোপচাৰ – পূজাৰ ১৬ বিধ উপকৰণ । সেইবোৰ হ’ল- আসন,স্বাগত, পাদ্য়, অৰ্ঘ্য, আচমনীয়া, মধুপৰ্ক, স্নান,বসন,আভৰম, গন্ধ, পুষ্প, ধূপ, নৈবেদ্য আৰু বন্দনা।
অভিনৱ – একেবাৰে নতুন ।
সংহত – মিলন, একীভূত।
অভ্যুত্থান – জাগৰণ ।
দুৰ্নিবাৰ – দুৰ্বাৰ, বাধা দিব নোৱাৰা।
অভিযান – যাত্ৰা।
প্ৰবুদ্ধ – জ্ঞান লাভ কৰা, জাগৰিত ।
(ক) অতি চমু প্ৰশ্ন :
১। অসমীয়া সাহিত্য-সংস্কৃতি জগতত ‘ৰূপকোঁৱৰ’ অভিধাৰে কোনগৰাকী সাহিত্যিকক বিভূষিত কৰা হৈছে?
উত্তৰঃ অসমীয়া সাহিত্য-সংস্কৃতি জগতত ‘ৰূপকোঁৱৰ’ অভিধাৰে জ্যোতিপ্ৰসাদ আগৰৱালাক বিভূষিত কৰা হৈছে।
২। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম হ’ল ‘লুইতৰ পাৰৰ অগ্নিসুৰ’।
৩। জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা প্রথম নাটকখনৰ নাম কি?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা প্রথম নাটকখনৰ নাম হ’ল ‘শোণিত কুঁৱৰী’।
৪। জ্যোতিপ্ৰসাদ আগৰৱালাই জার্মানীলৈ গৈ কিহৰ প্রশিক্ষণ লৈছিল?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই জার্মানীলৈ গৈ কথাছবি প্রযোজনা আৰু পৰিচালনা বিষয়ত প্রশিক্ষণ লৈছিল।
৫। প্রথম অসমীয়া কথাছবিখনৰ নাম কি?
উত্তৰঃ প্রথম অসমীয়া কথাছবিখনৰ নাম হ’ল ‘জয়মতী’।
(খ)চমু প্ৰশ্ন :
১। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ দুটা বৈশিষ্ট্য হ’ল –
(i) জাতীয়তাবাদ, দেশৰ ঐতিহ্য আৰু বুৰঞ্জীৰ লগত একাত্মবোধ, জনতাৰ প্রতি দায়বদ্ধতা আদি তেওঁৰ কবিতাত দেখা যায়।
(ii) ভাষা আৰু শব্দ প্রয়োগৰ ওজস্বিতা, যৌৱনসুলভ দীপ্ততা আদি তেওঁৰ কবিতাৰ বৈশিষ্ট্য।
২। ‘আজি সুন্দৰৰ পূজা-থাপনাত
যাচিবি কিহৰে ষোড়শোপচাৰ’—
ষোড়শোপচাৰ কি বুজাই লিখা।
উত্তৰঃ ষোড়শোপচাৰ হৈছে পূজাৰ ১৬ বিধ উপকৰণ। সেইয়া হ’ল- আসন, স্বাগত, পদ্য, অৰ্ঘ্য, আচমনীয়, মধুপর্ক, পুনৰাচমনীয়, স্নান, বসন, আভৰণ, গন্ধ, পুষ্প, ধূপ, দীপ, নৈবেদ্য আৰু বন্দনা।
৩। কবিতাটোত কবিয়ে ‘আজি পৃথিৱীৰ আকাশে বতাহে জনতাৰ আহ্বান’ বুলি কিয় কৈছে?
উত্তৰঃ কবিতাটোত কবিয়ে পৃথিৱীৰ জনতাৰ মাজত বিয়পি পৰা এক নতুন চেতনাৰ অভ্যুদ্বয়ৰ কথা বর্ণনা কৰিছে। ৰূপান্তৰৰ পৃথিৱীত আকাশে-বতাহে জনতাৰ আহ্বান বিয়পি পৰিছে।কবিয়ে জনতাৰ জাগ্রত ৰূপ দেখি আনন্দ পাইছে। জনতাৰ আহ্বানত যে জনতাৰেই মঙ্গল হ’ব সেই কথা কবিয়ে উপলব্ধি কৰিব পাৰিছে।
৪। ‘হে মোৰ আলোক-পূজাৰী প্ৰাণ’ কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা।
উত্তৰঃ কবিতাটিত কবিয়ে ‘আলোক-পূজাৰী প্ৰাণ’ বুলি জনতাক বুজাইছে। আজি জনতাৰ মাজত এক নতুন চেতনাৰ অভ্যুদ্বয় হৈছে।ৰূপান্তৰৰ পৃথিৱীত আকাশে-বতাহে জনতাৰ আহ্বান বিয়পি পৰিছে।অন্ধকাৰ নাশি পোহৰত পাহি মেলি, আকাশত সৌন্দর্য্য সিঁচিবলৈ আজি জনতা ওলাই আহিছে। সুন্দৰৰ পূজাৰ যি সাধনা আৰম্ভ হৈছে, তাত জনতাই ষোড়শোপচাৰেৰে সুন্দৰৰ আৰাধনাত মগ্ন হৈছে। সেয়ে কবিয়ে ‘আলোক-পূজাৰী প্ৰাণ’ কথাফাকিৰ অৱতাৰণা কৰিছে।
৫। কথাছবি নির্মাতা হিচাপে জ্যোতিপ্ৰসাদৰ এটি চমু পৰিচয় লিখা।
উত্তৰঃ অসমীয়া কথাছবিৰ জনক হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা।তেওঁ প্ৰথমে জার্মানীলৈ গৈ কথাছবি পৰিচালনা আৰু প্রযোজনা বিষয়ত প্রশিক্ষণ লয়।তেওঁ অসমলৈ উভতি আহি ১৯৩৫ চনত অসমৰ প্রথম বোলছবি ‘জয়মতী’ নির্মাণ কৰে। ১৯৩৯ চনত তেওঁ অসমীয়া ভাষাৰ দ্বিতীয় বোলছবি ‘ইন্দ্ৰমালতী’ নির্মাণ কৰে। তেওঁ ৰচনা কৰা নাটকবোৰ হ’ল শোণিতকুঁৱৰী, কাৰেঙৰ লিগিৰী, ৰূপালীম, লভিতা, খনিকৰ, নিমাতী কইনা, সোণ পখিলী, কনকলতা আৰু সুন্দৰ কোঁৱৰ। তেওঁৰ সাহিত্য কর্মৰ মাজেদি সুন্দৰৰ সাধনা কৰা বাবে অসমীয়া সাহিত্য-সংস্কৃতি জগতত তেওঁক ৰূপকোঁৱৰ বুলি অভিহিত কৰা হৈছে।
(গ)দীঘল প্ৰশ্ন :
১। ‘জনতাৰ আহ্বান’ কবিতাটোৰ মূল কথাখিনি আলোচনা কৰা ।
উত্তৰঃ ‘জনতাৰ আহবান’ কবিতাটোত কবিয়ে পৃথিৱীৰ জনতাৰ মাজত বিয়পি পৰা এক নতুন চেতনাৰ অভ্যুদ্বয়ৰ কথা বর্ণনা কৰিছে।কবিয়ে ভাৱে যে বিশ্ব ৰূপান্তৰৰ দিশত ধাৱমান হৈছে। এই ৰূপান্তৰৰ পৃথিৱীত আকাশে বতাহে জনতাৰ আহ্বান বিয়পি পৰিছে।সুন্দৰৰ পূজাৰ যি সাধনা আৰম্ভ হৈছে তাত জনতাই ষোড়শোপচাৰেৰে সুন্দৰৰ আৰাধনাত মগ্ন হৈছে।বোকাত জন্ম লভা সাধাৰণ জনতাই আজি পদুম ফুলৰ দৰে ফুলি পোহৰ বিলাইছে। অন্ধকাৰ নাশি পোহৰত পাহি মেলি আকাশত সৌন্দর্য সিঁচিবলৈ আজি জনতা ওলাই আহিছে।মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে জনতাৰ মহাপ্ৰাণ জাগ্ৰত কৰি তুলিছে।। নৱ-জীৱনৰ মহাসংঘাতে বর্তমানক কঁপাই তুলিছে। বেদত ধ্বনিত হোৱা আলোকৰ আগমনী মন্ত্র আজি সার্থক হ’বলৈ আগবাঢ়িছে, ঘোষণা কৰিছে জনতাৰ জয়, জনতন্ত্রৰ জয়, মহামানৱতন্ত্ৰৰ জয়। অর্থাৎ, দাসত্বৰ শিকলি ছিঙি মানৱ সমাজ স্বাধীনতাৰ বাবে উদীপ্ত কণ্ঠে ওলাই আহিছে।
২। ‘জনতাৰ আহ্বান’ কবিতাটোত সাধাৰণ মানুহৰ প্রতি কবিৰ কেনে মনোভাৱ প্রকাশ পাইছে বুজাই লিখা।
উত্তৰঃ ‘জনতাৰ আহ্বান’ কবিতাটিৰ মাজেদি সাধাৰণ মানুহৰ প্রতি কবিৰ আস্থাৰ ভাব প্রকাশ পাইছে। কবিয়ে শোষিত, নিষ্পেষিত জনগণৰ দুখত দুখী হৈ সাধাৰণ জনতাক এক সুন্দৰ ভৱিষ্যতৰ বাবে জাগি উঠিবলৈ আহবান জনাইছে।তেওঁ উল্লেখ কৰিছে যে এতিয়া আকাশে, বতাহে আৰু পৃথিৱীৰ চুকে কোণে জনতাৰ এক নতুন সুবাস বিয়পিছে । বোকাত জন্মা অর্থাৎ অতিকৈ দুখীয়া-দৰিদ্র পৰিয়ালত জন্ম গ্রহণ কৰিও এতিয়া সমাজত সুৰভি বিলাইছে অর্থাৎ সমাজৰ মহান মহৎ কামবোৰ সাধন কৰিছে । কবি অতি আনন্দিত যে এতিয়া সকলো জনতাই শোষণ, উৎপীড়ন আৰু অন্যায়ৰ বিপৰীতে একেলগে যুজ কৰিছে আৰু এক উজ্জ্বল পোহৰৰ সন্ধান বিচাৰি পাইছে ।
৩। কবিয়ে কেনেকুৱা জনতন্ত্র কামনা কৰিছে কবিতাটোৰ আধাৰত বিশ্লেষণ কৰা।
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালা ৰূপান্তৰৰ পৃথিৱীত বিশ্বাসী।ৰূপান্তৰৰ বাবেই জনতাই সুন্দৰৰ আৰাধনা আৰম্ভ কৰিছে।কবিয়ে লক্ষ্য কৰিছে যে শোষিত, বঞ্চিত জনতা জাগ্রত হৈ সিহতৰ নায্য প্রাপ্য আদায়ৰ বাবে ৰাজপথলৈ ওলাই আহিছে।কবি আশাবাদ পোষণ কৰিছে যে এই বিপ্লৱেই সমাজৰ ৰূপ পৰিৱৰ্তন কৰি সৌন্দৰ্যৰ আনয়ন কৰিব।অর্থাৎ জনতাৰ সংহত অভ্যুত্থানে দেশত জনতন্ত্র প্রতিষ্ঠা হ’ব। এই জনতন্ত্র হ’ব শোষণহীন, ধনী-দুখীয়াৰ মাজত ভেদ-ভাৱহীন যিখন জনতন্ত্রত সকলোৰে ন্যায় আৰু অধিকাৰ প্রতিষ্ঠিত হ’ব।
৪। ‘জনতাৰ আহ্বান’ কবিতাটোত জনতাৰ মহাপ্রাণ কেনেদৰে জাগৰিত হয় বুলি কবিয়ে কৈছে আলোচনা কৰা।
উত্তৰঃ ‘জনতাৰ আহবান’ কবিতাটোত কবিয়ে পৃথিৱীৰ জনতাৰ মাজত বিয়পি পৰা এক নতুন চেতনাৰ অভ্যুদ্বয়ৰ কথা বর্ণনা কৰিছে।কবিয়ে ভাৱে যে বিশ্ব ৰূপান্তৰৰ দিশত ধাৱমান হৈছে। এই ৰূপান্তৰৰ পৃথিৱীত আকাশে বতাহে জনতাৰ আহ্বান বিয়পি পৰিছে।সুন্দৰৰ পূজাৰ যি সাধনা আৰম্ভ হৈছে তাত জনতাই ষোড়শোপচাৰেৰে সুন্দৰৰ আৰাধনাত মগ্ন হৈছে।বোকাত জন্ম লভা সাধাৰণ জনতাই আজি পদুম ফুলৰ দৰে ফুলি পোহৰ বিলাইছে। অন্ধকাৰ নাশি পোহৰত পাহি মেলি আকাশত সৌন্দর্য সিঁচিবলৈ আজি জনতা ওলাই আহিছে।মানৱৰ এই সংহত অভ্যুত্থানে জনতাৰ মহাপ্ৰাণ জাগ্ৰত কৰি তুলিছে বুলি কবিয়ে উল্লেখ কৰিছে।
৫। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
আজি জনতাৰ পংকজ ৰূপ
জাগে পদুমৰ দৰে
বোকাত জনমা মানুহে আজি
আলোকলে’ উঠি আহে
বেলিমুৱা হৈ হাঁহে।
উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তর্গত ৰূপকোৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ দ্বাৰা ৰচিত ‘জনতাৰ আহ্বান’ নামৰ কবিতাটোৰ পৰা তুলি ধৰা হৈছে ।
কবিতাফাঁকিৰ জৰিয়তে কবিয়ে বোকাত জন্মা পদুমে আদৰ পোৱাৰ নিচিনাকৈ আজি সাধাৰণ জনতাই নতুন দিগন্তৰ কাৰণে আদৰ পাবলৈ সক্ষম হোৱাৰ প্রসংগ উল্লেখ কৰিছে ।
বোকাত জন্ম লভা সাধাৰণ জনতাই আজি পদুমৰ দৰে ফুলি পোহৰৰ লগতে সৌৰভ বিলাইছে । অন্ধকাৰ নাশি পোহৰত পাহি মেলি আকাশত সৌন্দৰ্য সিঁচিবলৈ আজি জনতা ব্যাকুল হৈ পৰিছে । মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে জনতাৰ মহাপ্রাণ জাগ্রত কৰি তুলিছে । কবিৰ এই মনোভাৱ আজি জনতাৰ আলোকবিজয়ী অপূৰ্ব অভিযানে পৃথিৱীৰ আকাশ বতাহ মুখৰিত কৰি তুলিব।
ওপৰঞ্চি প্ৰশ্ন :
১। জ্যোতিপ্রসাদ আগৰৱালাই কেতিয়া জন্মগ্ৰহণ কৰিছিল ?
উত্তৰঃ জ্যোতিপ্রসাদ আগৰৱালাই ১৯০৩ চনত ডিব্রুগড়ৰ তামোলবাৰী চাহ বাগিচাত জন্মগ্রহণ কৰিছিল ।
২। জ্যোতিপ্রসাদ আগৰৱালাৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল?
উত্তৰঃ জ্যোতিপ্রসাদ আগৰৱালাৰ পিতৃৰ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম আছিল কিৰণময়ী আগৰৱালা।
৩। তেওঁ কিমান চনত গণ আন্দোলনত যোগদান কৰে?
উত্তৰঃ তেওঁ ১৯৪২ চনত গণ আন্দোলনত যোগদান কৰে।
৪। প্রথম অসমীয়া বোলছবি ‘জয়মতী’ কোন চনত নির্মাণ কৰা হৈছিল?
উত্তৰঃ প্রথম অসমীয়া বোলছবি ‘জয়মতী’ ১৯৩৫ চনত নির্মাণ কৰা হৈছিল ।
৫। জ্যোতিপ্রসাদ আগৰৱালাই নির্মাণ কৰা দ্বিতীয়খন বোলছবিৰ নাম কি?
উত্তৰঃ জ্যোতিপ্রসাদ আগৰৱালাই নির্মাণ কৰা দ্বিতীয়খন বোলছবিৰ নাম হ’ল ‘ইন্দ্ৰমালতী’।(১৯৩৯)
৬। জ্যোতিপ্রসাদ আগৰৱালাই কেতিয়া ইহলীলা সম্বৰণ কৰে?
উত্তৰঃ জ্যোতিপ্রসাদ আগৰৱালাই ১৯৫১চনত দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ ইহলীলা সম্বৰণ কৰে ।
৭। জনতাৰ আহ্বান’কবিতাটোত কবিয়ে কিহৰ জয় বিচাৰিছে?
উত্তৰঃ জনতাৰ আহ্বান’ কবিতাটোত কবিয়ে জনগণৰ জয় বিচাৰিছে।
৮। পৃথিৱীৰ আকাশে বতাহে কবিয়ে কিহৰ আহ্বান শুনিবলৈ পাইছে?
উত্তৰঃ পৃথিৱীৰ আকাশে বতাহে কবিয়ে জনতাৰ আহ্বান শুনিবলৈ পাইছে।
৯। . জ্যোতিপ্রসাদ আগৰৱালাই ‘ইন্দ্ৰমালতী’ কথাছবিখন কোন চনত নির্মাণ কৰিছিল?
উত্তৰঃ জ্যোতিপ্রসাদ আগৰৱালাই ‘ইন্দ্ৰমালতী’ কথাছবিখন ১৯৩৯ চনত নিৰ্মাণ কৰিছিল।
১০। প্ৰবুদ্ধ শব্দটো অৰ্থ লিখা
উত্তৰঃ প্ৰবুদ্ধ শব্দটো অৰ্থ হৈছে জ্ঞান লাভ কৰা বা জাগৰিত।
১১। বোকাত জন্ম লাভ কৰা মানুহে ক’লৈ উঠি আহে?
উত্তৰঃ বোকাত জন্ম লাভ কৰা মানুহে আলোকলৈ উঠি আহে।
১২। সুন্দৰৰ পূজা- থাপনাত কবিয়ে কিহেৰে উপচাৰ যচাৰ কথা কৈছে।
উত্তৰঃ সুন্দৰৰ পূজা থাপনাত কবিয়ে ষোড়শোপচাৰৰে উপচাৰ যচাৰ কথা কৈছে।
১৩। জ্যোতিপ্ৰসাদৰ গীতসমূহত কোন দুটা সুৰ ধ্বনিত হৈছে?
উত্তৰঃ জ্যোতিপ্ৰসাদৰ গীতসমূহত দুটা সুৰ ধ্বনিত হৈছে (১) কোমলমধুৰ সুৰ, যি হৃদয় স্পৰ্শ কৰে আৰু (২) পৌৰুষদীপ্ত সুৰ যিয়ে সাহস, উৎসাহ আৰু দেশভক্তিৰ ভাব জগায়।
১৪। অভিনৱ এক জীৱনৰ ৰূপ..
সংহত অভ্যুত্থান।…..
উত্তৰঃ কবিতাটো আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সুন্দৰৰ উপাসক জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত “জনতাৰ আহ্বান” শীৰ্ষক কবিতাৰ পৰা গ্ৰহণ কৰা হৈছে। এই কবিতাৰ জৰিয়তে কবিয়ে এক নতুন জীৱনৰ আহ্বান জনাইছে—য’ত আন্ধাৰৰ পৰা পোহৰলৈ, অজ্ঞানতাৰ পৰা জ্ঞানলৈ, অপ্ৰেমৰ পৰা প্ৰেমলৈ মানুহে আগবাঢ়ে। তেওঁ সমগ্ৰ পৃথিৱীখনক নতুন ৰূপত গঢ়ি তুলিবলৈ জনতাক আহ্বান জনাইছে।
কবিয়ে কয় যে যেনেকৈ বোকাত জন্ম লৈ পদুমে সূৰ্যৰ পোহৰত বিকাশ লাভ কৰি সৌন্দৰ্য বৃদ্ধি কৰে, তেনেকৈ মানুহেও এন্ধাৰৰ পৰা পোহৰলৈ, অজ্ঞানতাৰ পৰা জ্ঞানলৈ, পশুত্বৰ পৰা মানৱতাৰ পৰা গতি কৰিব লাগে। তেওঁ বিশ্বাস কৰে—যদি সকলো মানুহে মিলি, প্ৰেম আৰু একতাৰে আগবাঢ়ে, তেন্তে পৃথিৱীখন নতুন চেতনাৰে উদ্ভাসিত হ’ব আৰু জীৱন হ’ব অধিক অৰ্থপূৰ্ণ আৰু অভিনৱ। এই কবিতাৰ মাজেৰে কবিয়ে সমাজত এক নতুন যুগৰ সূচনা কৰাৰ আহ্বান জনাইছে।