AHSEC Class 12 Assamese Chapter 18 Answer 2026 | কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

WhatsApp Group Join Now
Telegram Group Join Now

AHSEC Class 12 Assamese Chapter 18 Answer 2026 | কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

Are you searching for the AHSEC Class 12 Assamese Chapter 18 Answer 2026? If yes, you’ve come to the right place. This page provides complete and easy-to-understand Class 12 Assamese Question and Answer for “কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা”, written by Dr. স্বৰ্ণলতা দাস, and prepared according to the latest ASSEB (formerly AHSEC) Higher Secondary syllabus.

কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা is included in Group-3 (গোট-৩) of the HS 2nd Year Assamese textbook. The chapter discusses the importance of adolescence as a crucial stage in human life and explains how proper education, guidance, and moral values help teenagers develop into responsible, confident, and capable individuals. The author highlights the physical, emotional, intellectual, and social changes that occur during adolescence and emphasizes the need for supportive learning and positive life skills.

This lesson is highly relevant for Higher Secondary students because it directly relates to their age and personal development. Along with helping students prepare for the board examination, the chapter also provides valuable insights into building self-confidence, making informed decisions, maintaining discipline, and developing a positive attitude towards life. Questions from this lesson are frequently asked in school examinations and the ASSEB Higher Secondary Final Examination.

On this page, you will find HS 2nd Year Assamese Solution written in simple, student-friendly, and exam-oriented language. These answers are designed to help students understand the chapter thoroughly, revise important concepts, and perform well in examinations.

What You’ll Find in This Article

  • Complete AHSEC Class 12 Assamese Chapter 18 Answer 2026
  • Class 12 Assamese Chapter 18 Question and Answer
  • Textbook exercise solutions
  • Important short and long answer questions
  • Chapter summary and key points
  • HS 2nd Year Assamese Chapter 18 Notes
  • Important board examination questions
  • Quick revision materials for the Higher Secondary Final Examination

Students are encouraged to read the lesson carefully from the prescribed textbook before referring to these answers. Understanding the concepts first and then practicing the textbook questions will improve answer-writing skills, strengthen preparation, and help secure better marks in the Higher Secondary examination.

Keep visiting our website for the latest AHSEC Class 12 Assamese Question Answers 2026, chapter-wise solutions, previous year question papers, important questions, model papers, and study notes prepared according to the updated ASSEB syllabus.

অতি চমু প্ৰশ্ন (মূল্যাংক-১)

১। কৈশোৰ কালৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ কৈশোৰ কালত দ্রুত শাৰীৰিক বিকাশ লক্ষ্য কৰা যায়।

২। কোনছোৱা সময়ক কৈশোৰ কাল বুলি জনা যায়?

উত্তৰঃ কিশোৰ-কিশোৰীৰ ক্ষেত্ৰত পৰিলক্ষিত হোৱা পৰিৱৰ্তন আৰু বৈশিষ্ট্যসমূহলৈ লক্ষ্য কৰি ১০-১১ বছৰ বয়সৰ পৰা ১৮-১৯ বছৰ বয়সৰ সময়খিনিকে সচৰাচৰ কৈশোৰ কাল বুলি জনা যায়। বাল্যকাল আৰু প্রাপ্তবয়স্কৰ মাজৰ সময়ছোৱা হৈছে কৈশোৰ কাল।

৩। মানৱ জীৱনৰ কোনছোৱা কালক ৰূপান্তৰকাল বুলি অভিহিত কৰিব পাৰি?

উত্তৰঃ কৈশোৰ কালক।

৪। নৈতিকতাৰ বিকাশে কিশোৰ-কিশোৰীৰ মনত কেনে ভাবৰ উন্মেষ হোৱাত সহায় কৰে ?

উত্তৰঃ কিশোৰ-কিশোৰীক নৈতিকতাৰ বিকাশে সামাজিক দায়বদ্ধতা দেশপ্রেম বা বিশ্ব প্রেম আদি ভাৱৰ উন্মেষ হোৱাত সহায় কৰে।

৫। কৈশোৰ কালৰ বাবে প্রচলিত শিক্ষাক কি বুলি কোৱা হয়?

উত্তৰঃ মাধ্যমিক শিক্ষা।

চমু প্ৰশ্ন (মূল্যাংক ২/৩)

 ১। কৈশোৰকালৰ শাৰীৰিক বিকাশৰ লক্ষণসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰঃ কৈশোৰকালৰ দ্রুত বিকাশ সহজেই লক্ষণীয়। যৌৱন প্ৰাপ্তিৰ লগে লগে হোৱা জৈৱিক পৰিৱর্তনে ল’ৰা-ছোৱালীৰ দেহৰ বিভিন্ন অংগৰ আকাৰ, ওজন, দৈঘ্য বৃদ্ধি কৰাৰ লগে লগে নাৰী-পুৰুষৰ দেহৰ গঠনৰ পাৰ্থক্যও পৰিলক্ষিত হয়। প্রজনন ক্ষমতা কৈশোৰকালৰ এক প্রধান বৈশিষ্ট্য আৰু তাৰ ফলত শৰীৰৰ বিভিন্ন পৰিৱৰ্তন, কণ্ঠস্বৰৰ পৰিৱর্তন আদিয়ে দেখা দিয়ে। এই অভাৱনীয় পৰিৱর্তনসমূহে কিশোৰ-কিশোৰীৰ মনলৈ আত্ম সচেতনতাৰ ভাৱ আনি দিয়ে, যিটোৱে অনাহক লাজ, ভয় বা উৎকণ্ঠাৰ সৃষ্টি কৰে।

    বিপৰীত লিংগকামিতাও কৈশোৰকালৰ আন এক প্রধান বৈশিষ্ট্য। এই সময়ছোৱাত কিশোৰ-কিশোৰীয়ে বিপৰীত লিংগৰ প্রতি আসক্তিৰ ভাৱ অনুভৱ কৰে।

২। কৈশোৰ কালত কিশোৰ-কিশোৰীৰ মাজত পৰিলক্ষিত হোৱা নৈতিক পৰিৱর্তন সমূহ ফঁহিয়াই লিখা।

উত্তৰঃ কৈশোৰ কালছোৱাত মানুহৰ নিজস্ব মতাদর্শ গঢ়ি উঠে আৰু নৈতিক ক্ষেত্ৰত কিছু পৰিমাণে তাৰ প্ৰভাৱ পৰে। ধৰ্মৰ প্রতি, দর্শনৰ প্রতি বা জীৱনৰ লক্ষ্য উদ্দেশ্যৰ প্ৰতি উৎকণ্ঠা জাগি উঠে আৰু তাৰেই ফলস্বৰূপে মানসিক দ্বন্দৰো সৃষ্টি হ’ব পাৰে। কৈশোৰকালত সমাজ চেতনাৰ লগতে গঢ়ি উঠে নিঃস্বার্থ মনোভাৱ। যাৰ ফলত কিশোৰৰ নতুন সমাজ গঢ়াৰ সপোনত – নৈতিকতাৰ এনে বিকাশে সামাজিক দায়বদ্ধতা, দেশপ্রেম বা বিশ্বপ্ৰেমৰ ভাৱৰ উন্মেষ হোৱাত সহায় কৰে।

৩। কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ কি দৰে হয় ?

উত্তৰঃ কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ পূর্ণ গতিত হয়। মানসিক শক্তি মানে হ’ল- বুদ্ধি, বিমূর্ত চিন্তনৰ ক্ষমতা, যুক্তি শক্তি, বিভিন্ন দিশত আগ্রহ আদি। কৈশোৰৰ আৰম্ভণিতে যদিও বৌদ্ধিক বিকাশৰ গতি কিছু হ্রাস পায়, শেষৰ পিনে ই দ্রুতগতি লয় আৰু কৈশোৰৰ শেষত বৌদ্ধিক ক্ষমতাই চৰম উৎকর্ষ লাভ কৰে।  

    শৈশৱকালৰ অনুকৰণ শিক্ষাৰ সলনি নিজৰ বিচাৰ-বুদ্ধিক যুক্তিসংগতভাবে চিন্তা কৰিব পৰা শক্তিৰ বিকাশ এই কালছোৱাতেই হয়। মূর্ত চিন্তাৰ বিপৰীতে বিমূর্ত চিন্তনৰ ক্ষমতা কৈশোৰকালৰ এক বৈশিষ্ট্য, যিটোৱে স্বাধীন আৰু মৌলিক চিন্তাধাৰাৰ বিকাশত যথেষ্ট অৰিহণা যোগায়। এক কথাত ক’বলৈ গ’লে, জীৱশ্রেষ্ঠ মানুহৰ ভিন-ভিন মানসিক ক্ষমতাৰ পূর্ণ বিকাশ ঘটে এই কৈশোৰকালতে।

See also  AHSEC Class 12 Assamese Chapter 15 Answer 2026 | উভতি নহাৰ কবিতা

৪। কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা মৌলিক বিষয় কি কি?

উত্তৰঃ কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা মৌলিক বিষয়  হ’ল-

১। ভাষা শিক্ষা, 

২। গণিত, 

৩। বিজ্ঞান আৰু 

৪। সমাজবিজ্ঞান।

৫। কিশোৰ-সংস্কৃতি কি ?

উত্তৰঃ কৈশোৰ কালৰ সামাজিক বিকাশ এক লেখত ল’বলগীয়া বিষয়। দলীয় মনোভাবৰ লগতে সহমর্মিতাৰ উন্মেষ হয় এই কালছোৱাত। সমনীয়াৰ মাজত গভীৰ বন্ধুত্ব আৰু সহযোগিতাৰ ভাৱ গঢ়ি উঠে। সমনীয়াৰ সৈতে হোৱা প্রতিযোগিতা-সহযোগিতাৰ অন্তৰালত গঢ়ি উঠে এক ‘উপ-সংস্কৃতি’ যাক কিশোৰ-সংস্কৃতি বুলি অভিহিত কৰা হয়। কিশোৰ অৱস্থাৰ চা-চলন, সাজ-পাৰ, বাকৃভংগী, ধ্যান-ধাৰণা৷ আনকি ৰাজনৈতিক মতাদর্শ আদিতো কৈশোৰ সংস্কৃতিয়ে যথেষ্ট প্রভাৱ পেলোৱা দেখা যায়।

দীঘল প্ৰশ্ন (মূল্যাংক ৪/৫)

১। কৈশোৰ কালৰ আৱেগিক আৰু সামাজিক বিকাশৰ বিষয়ে বহলাই লিখা।

উত্তৰঃ  কৈশোৰ কাল জীৱনৰ ৰূপান্তৰৰ কাল। এই কালতে জীৱনলৈ নানান শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক, নৈতিক আদি পৰিৱৰ্তনসমূহ আহি পৰে। অর্থাৎ শিশুটোৰ আৱেগিক অৱস্থা বা সামাজিক অৱস্থাই বিকাশ লাভ কৰে।

আৱেগিক বিকাশঃ কিশোৰ কিশোৰীৰ আৱেগিক দিশৰ বিকাশ পূর্ণতম বুলিব পাৰি। আৱেগ-অনুভূতিৰ অত্যাধিক বিকাশ হোৱাৰ বাবেই তেওঁলোক আৱেগপ্রৱন হয়  আৰু তেওঁলোকৰ জীৱন সম্পুর্ণভাবে আৱেগে পৰিচালিত কৰে। আবেগে তেওঁলোকৰ মনত এক আলোড়নৰ সৃষ্টি কৰে যাৰ ফলত তেওঁলোকৰ মন কেতিয়াবা অতি আশাবাদী আৰু কেতিয়াবা অতি নিৰাশাবাদি হৈ পৰে। আশা নিৰাশাৰ দোমোজাত পৰি বহুতৰে আনৰ লগত মিলিব নোৱৰা সমস্যাই দেখা দিয়ে। সুস্থভাৱে নিজৰ মনটো পৰিচালনা কৰিব নোৱাৰাৰ বাবেই  কিশোৰ-কিশোৰী বিদ্রোহীভাবাপন্নও হৈ পৰে। পৰিয়াল বা সমাজৰ প্রতি এনে নেতিবাচক মনোভাব পোষন কৰাসকল যথাযথ ভাবে শিক্ষিত কৰিব নোৱাৰিলে তেওঁলোকৰ মাজত অপৰাধ প্রৱণতাই দেখা দিয়ে। এয়াই হল কৈশোৰত  আৱেগিক বিকাশৰ লক্ষণ৷

সামাজিক বিকাশঃ কৈশোৰৰ সামাজিক বিকাশ এক উল্লেখনীয় বিষয়। দলীয় মনোভাব লগতে সহমর্মিতাৰ উন্মেষ হয় এইখিনি সময়তে। সমনীয়াৰ মাজত গভীৰ বন্ধুত্ব আৰু সহযোগিতাৰ ভাৱ গঢ়ি উঠে। সমনীয়াৰ সৈতে  প্রতিযোগিতা-সহযোগিতাৰ অন্তৰালত এক “উপসংস্কৃতি’ গঢ় লৈ উঠে যাক কিশোৰ সংস্কৃতি বোলা হয়। কিশোৰ অৱস্থাৰ চাল চলন, বাকভংগী, ধ্যান-ধাৰণা আনকি ৰাজনৈতিক মতাদর্শ আদিতো এই সংস্কৃতিয়ে প্ৰভাৱ পেলায়। কিশোৰসকলৰ মাজত ধনাত্মক দিশতকৈ ঋণাত্মক দিশৰহে প্ৰভাৱ বেছি। মদ, ড্রাগছ আদিৰ প্রতি আসক্তি অথবা সমাজৰ স্বীকৃতি আচৰণৰ প্রতি অনীহা আদিও সামাজিক বিকাশৰে লক্ষণ। সেয়েহে এই সময়তে যথার্থ শিক্ষাৰ প্ৰয়োজন, যাৰ অবিহনে এনে সময়তে কিশোৰসকল বিপথগামী হ’ব পাৰে।

২। কৈশোৰ কালৰ বাবে কেনে ধৰণৰ শিক্ষা উপযোগী ? উদাহৰণসহ বর্ণনা কৰা। উদাহৰণসহ বৰ্ণনা কৰা ৷

উত্তৰঃ কৈশোৰ কালৰ বাবে প্রচলিত শিক্ষা হ’ল মাধ্যমিক শিক্ষা। কৈশোৰ বা বয়সন্ধি কালৰ ল’ৰা-ছোৱালী পঢ়া শিক্ষানুষ্ঠানসমূহ হল মাধ্যমিক শিক্ষাৰ অনুষ্ঠান। অৱশ্যে কৈশোৰৰ শিক্ষা ব্যৱস্থাৰ কথা কওঁতে আনুষ্ঠানিক শিক্ষাৰ লগতে অনানুষ্ঠানিক শিক্ষাৰ সমানে গুৰুত্ব আছে।

                     ব্যক্তি জীৱনৰ জটিলতাপূর্ণ কৈশোৰ কালটোক সামৰি লোৱা মাধ্যমিক শিক্ষাই সমগ্র শিক্ষা ব্যৱস্থাতে অতি গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। স্বাধীনতাৰ পৰৱর্তী দশকটোতে গঠিত হোৱা মাধ্যমিক শিক্ষা আয়োগে (১৯৫২-৫৩) মাধ্যমিক শিক্ষাৰ তিনিটা লক্ষ্যৰ বিষয়ে ব্যক্ত কৰিছে। সেই কেইটা হল – ১) দেশৰ সমসাময়িক ৰাজনৈতিক, সামাজিক অর্থনৈতিক সমস্যাৰ পটভূমিত বর্তমান আৰু ভৱিষ্যতৰ দাবী পূৰাব পৰাকৈ শিক্ষা ব্যৱস্থাক গঢ় দিয়া, ২) নিৰপেক্ষ দেশৰ সুনাগৰিক হিচাপে প্রয়োজনীয় গুণ আয়ত্ত কৰি অথনৈতিক অগ্রগতিত সহায় কৰা, আৰু ৩) জাতীয় সংহতিৰ বিকাশ সাধন কৰা। আনহাতে (১৯৮৬ চনত) ভাৰত চৰকাৰে ঘোষণা কৰা ৰাষ্ট্রীয় শিক্ষা নীতিতো মাধ্যমিক শিক্ষাক গুৰুত্ব সহকাৰে লোৱা হৈছে। আনহাতে একৈশ শতিকাৰ শিক্ষা ব্যৱস্থাৰ বাবে গঠিত হোৱা আন্তৰাষ্ট্ৰীয় শিক্ষা আয়োগে (১৯৯৬) মাধ্যমিক শিক্ষাক জীৱনৰ আলি-কেঁকুৰী  (Crossroads of life) বুলি অভিহিত কৰিছে। য’ত ভৱিষ্যত জীৱনৰ অতি লাগতিয়াল  সমলসমুহ আহৰণ কৰিব পাৰি আৰু যোগ্যতা, অভিৰুচি প্রয়োজন অনুসৰি নিজস্ব পথেদি জীৱনৰ বাটত অগ্রসৰ হ’ব পাৰি।  

    কৈশোৰ কালৰ বাবে প্রস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্রমৰ চাৰিটা প্রাথমিক আৰু মৌলিক বিষয় হল – (ক) ভাষা শিক্ষণ, (খ) গণিত, (গ) বিজ্ঞান আৰু (ঘ) সমাজ বিজ্ঞান। ইয়াৰ লগতে কাৰিকৰী শিক্ষা, স্বাস্থ্য  আৰু শাৰীৰিক শিক্ষা, পৰিবেশ শিক্ষা, যৌন শিক্ষা, জনশিক্ষা, মানৱ অধিকাৰ আৰু শান্তিৰ শিক্ষা, মূল্যবোধৰ শিক্ষা আদিকো ওপৰঞ্চি বিষয় হিচাপে শিকোৱাৰ পৰামর্শ দিয়া হৈছে। এনেবোৰ বিষয় অন্তর্ভুক্তিয়ে কিশোৰৰ মনৰ বিভিন্ন সমস্যাসমূহ সমাধান কৰি কিশোৰসকলক এক সুস্থ মানৱ হোৱাত সহায় কৰিব।

৩। চমুটোকা লিখা ।

দিবাস্বপ্ন, বীৰপূজা, অপৰাধপ্ৰৱণ কিশোৰ

উত্তৰঃ

দিবাস্বপ্নঃ দিবাস্বপ্ন হল অলীক কল্পনা। ই কৈশোৰ কালৰ সমস্যা। কল্পনা শক্তিৰ  অভূতপূর্ব বিকাশে কিশোৰ কিশোৰীৰ মনত কল্পনাৰ মায়াজাল বিস্তাৰ কৰে আৰু বহুক্ষেত্ৰত বাস্তৱৰ পৰা ফালৰি কাটি কেৱল কল্পনাৰ জগততে তেওঁলোকে বিচৰণ কৰে।  অৱশ্যে দিবাস্বপ্নই কিশোৰৰ সৃজনী শক্তিত যোগাত্মক প্রভাৱো পেলাব পাৰে। আনহাতে এনেবোৰ কল্পনাই সৃষ্টিশীল কাম-কাজত অংশ গ্ৰহণ কৰাতো প্ৰেৰণা দিয়ে। বহুতে দুঃসাহসিক কামত অংশগ্রহণ কৰে। বহুতৰ গাত ভ্রমণতৃষ্ণা জাগে, দেশ-বিদেশ ফুৰাৰ ইচ্ছা হয় আৰু অজানিতে ক’ৰবালৈ গুচিও যায়। মুঠতে দিবাস্বপ্ন হ’ল কৈশোৰ কালৰ অন্তহীন কল্পনা।

বীৰপূজাঃ বীৰপূজাৰ প্রবৃত্তি কৈশোৰৰ আন এক বৈশিষ্ট্য। নিজৰ ভাল লগা ব্যক্তিৰ জীৱনাদর্শ গ্ৰহণৰ প্ৰবৃত্তি এই সময়তে প্রৱল হৈ পৰে। তেনে ব্যক্তিৰ সকলো গুণ মানুহে নীৰৱে অনুকৰণ কৰিবলৈ লয়। সাধাৰণতে এই ক্ষেত্ৰত ছবি জগতৰ, খেল জগতৰ, সংগীত জগতৰ ব্যক্তিসকলকে কিশোৰে আদর্শ হিচাপে গ্ৰহণ কৰে। বীৰপূজাৰ এই প্রবৃত্তিক সঠিক পথেৰে লৈ কৈশোৰ কালৰ পাঠ্যক্ৰমত মহৎ লোকৰ জীৱনী পাঠ অন্তর্ভুক্ত হয়।

See also  AHSEC Class 12 Assamese Chapter 4 Answer 2026 | হস্তিবিদ্যাৰ্ণৱ পুথি

অপৰাধপ্ৰৱণ কিশোৰঃ কৈশোৰৰ আবেগিক অনুভূতি অন্তহীন। এনে অত্যাধিক আৱেগৰ ফলতে কিশোৰৰ মন কেতিয়াবা আশাবাদী আৰু কেতিয়াবা নিৰাশাবাদী হৈ পৰে। আশা নিৰাশাৰ দোমোজাই বহুতকে সামাজিকভাৱে মিলিব নোৱাৰা সমস্যাত পেলায়। এনেকুৱা  অৱস্থাত মনক সুস্থভাৱে পৰিচালনা কৰিব নোৱাৰি কিশোৰে সমাজৰ প্ৰতি নেতিবাচক মনোভাব গ্রহণ কৰে আৰু এক সময়ত অপৰাধপ্রবণ হৈ উঠে। এনে অপৰাধপ্রৱণ কিশোৰক যথেষ্ট আৰু মৰমৰে সহযোগিতা কৰিব লাগে। তেওঁৰ প্ৰতি অমনোযোগিতাই তেওঁৰ এনে প্রৱণতা আৰু বঢ়াইহে তুলিব পাৰে।

৪। ‘কিশোৰ কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল পৰিচিতিৰ সংঘাত।’ – ব্যাখ্যা কৰা।

উত্তৰঃ কিশোৰ-কিশোৰীৰ মনৰ এক ডাঙৰ সংঘাত হ’ল পৰিচিতিৰ সংঘাত বা ব্যক্তিত্ব গঠনৰ সংঘাত। এই সময়ছোৱাতে নানাজনক দেখি, নানা কথা জানি তাৰ মাজত তেওঁলোকে নিজক আৱিস্কাৰ কৰাৰ চেষ্টা কৰে। এয়া হ’ল ব্যক্তিত্ব গঠনৰ সময়। সেয়েহে সকলোৱেই এই সময়ছোৱাত এক ধৰণৰ (Identity Crisis) সমস্যাত ভোগে। নৈতিকতাবোধ, মূল্যবোধ, সামাজিক দায়বদ্ধতা আদি বাস্তৱৰ নানা জটিলতা কিশোৰসকলে নিজে ফঁহিয়াই চাব নোৱাৰে। তেওঁলোকৰ মনত গঢ়ি উঠা আদৰ্শৰ লগত বাস্তৱৰ সংঘাতে তেওঁলোকৰ মনত সংঘাতৰ জন্ম দিয়ে। ই হ’ল নিজস্বতাৰ সংঘাত। কেতিয়াবা এনে শক্তিশালী সংঘাতেই সমাজৰ গাঁথনিও সলাই পেলাই নতুন সমাজ সৃষ্টিত অৰিহণা যোগায়। সেয়েহে লেখিকাই এই নিজস্বতাৰ সংঘাতক কৈশোৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হিচাপে চিনাক্ত কৰিছে।

৫। ‘বিপৰীত লিংগকামিতা কৈশোৰ কালৰ আন এক প্রধান বৈশিষ্ট্য৷’ -চমুকৈ আলোচনা কৰা।

উত্তৰঃ কৈশোৰকালত কিশোৰ-কিশোৰীয়ে বিপৰীত লিংগৰ প্রতি আসক্তিৰ ভাৱ অনুভৱ কৰে। প্ৰকৃততে আমাৰ দেহত থকা অন্তঃস্রাৱী গ্রন্থিসমূহৰ নিঃসৰণৰ ফলস্বৰূপে হোৱা জৈৱ ৰাসায়নিক প্রক্রিয়াৰেই এই ফল। এই প্রক্রিয়াত দেহৰ যৌন গ্রন্থিসমূহ সক্রিয় হৈ উঠি কিশোৰক অফুৰন্ত শক্তিৰ গৰাকী কৰি তোলে। এই শক্তিক সুপথে পৰিচালিত কৰিব পাৰিলে কৈশোৰত দেখা দিয়া বহুবোৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি।

অতিৰিক্ত প্ৰশ্নোত্তৰঃ

১। কৈশোৰ কালক কি কি দুখন জগতৰ সংযোগী কাল বুলি ক’ব পাৰি

উত্তৰঃ কৈশোৰ কালক শিশুৰ জগত আৰু প্ৰাপ্ত বয়স্কৰ জগতৰ সংযোগী কাল বুলি ক’ব পাৰি।

২। ভাৰত চৰকাৰে কোন চনত নতুন ৰাষ্টীয় শিক্ষানীতি ঘোষণা কৰে? 

উত্তৰঃ ভাৰত চৰকাৰে ১৯৮৬ চনত নতুন ৰাষ্টীয় শিক্ষানীতি ঘোষণা কৰে। 

৩। কৈশোৰ কাল আন কি নামেৰে পৰিচিত?

উত্তৰঃ কৈশোৰ কালক ধুমুহা আৰু পীড়নৰ সময় বা বয়ঃসন্ধি কাল হিচাপেও জনা যায়। 

৪। মাধ্যমিক শিক্ষাৰ জীৱনৰ ‘আলি-দোমোজা’ বুলি কোনে অভিহিত কৰিছে

উত্তৰঃ মাধ্যমিক শিক্ষাৰ জীৱনত ‘আলি-দোমোজা’ বুলি আন্তঃৰাষ্টীয় শিক্ষা আয়োগে অভিহিত কৰিছে। 

৫। ‘প্ৰতীতি’ শব্দৰ অৰ্থ লিখা।

উত্তৰঃ ‘প্ৰতীতি’ শব্দৰ অৰ্থ হৈছে বিশ্বাস আৰু ধাৰণা।

৬। কিশোৰ অৱস্থাপ্রাপ্তি কোন দুটা ক্ষেত্রত আগতীয়া হয়?

উত্তৰঃ কিশোৰ অৱস্থাপ্ৰাপ্তিৰ ক্ষেত্ৰ দুটা হ’ল-

(১) ছোৱালীয়ে ল’ৰাতকৈ আগতেই কিশোৰ অৱস্থালৈ প্ৰৱেশ কৰে।

(২) গৰম জলবায়ুৰ দেশত থকা শিশুসকলে শীতল জলবায়ুৰ দেশৰ শিশুসকলতকৈ আগতেই কিশোৰ অৱস্থা লাভ কৰে।

৭। বীৰ পূজাৰ প্ৰবৃত্তি কৈশোৰ কালৰ আন এক বৈশিষ্ট্য। কথাষাৰি পাঠৰ আধাৰত চমুকৈ লিখা।

উত্তৰঃ বীৰপূজাৰ প্ৰবৃত্তি কৈশোৰ কালৰ এটা গুৰুত্বপূর্ণ বৈশিষ্ট্য। এই সময়ছোৱাত কিশোৰ-কিশোৰীৰ মাজত নিজৰ আদৰ্শ ব্যক্তি নিৰ্বাচনৰ প্ৰবণতা যথেষ্ট বেছি দেখা যায়। তেওঁলোকে যাক ভাল পায়, তেওঁৰ জীৱনধাৰাক অনুকৰণ কৰাৰ গভীৰ ইচ্ছা প্ৰকাশ কৰে। ফলস্বৰূপে, সেই আদৰ্শ ব্যক্তিৰ চাল-চলন, ভাষা, পোছাক-আচৰণ আদি অনুসৰণ কৰিবলৈ চেষ্টা কৰে।

সাধাৰণতে এই আদৰ্শ ব্যক্তি হিচাপে কিশোৰসকলে চিনেমাৰ ‘হিৰ’ অথবা খেলজগতৰ জনপ্ৰিয় খেলুৱৈসকলক বেছি লয়। কেতিয়াবা তেওঁলোকক পূজাৰ দিশে লৈ যোৱা প্রবৃত্তিও দেখা যায়। এই বীৰপূজনৰ মনোভাৱক সঠিক দিশত প্ৰেৰণা দিয়াৰ বাবে কৈশোৰ কালৰ শিক্ষাৰ পাঠ্যত মহৎলোকসকলৰ জীৱনী অন্তর্ভুক্ত কৰা হয়, যাতে কিশোৰে সঁচাকৈ গুণবান ব্যক্তিত্বক অনুসৰণ কৰি নিজৰ জীৱনো গঠনমূলকভাৱে আগবঢ়াব পাৰে।

৮। মানসিক শক্তি মানে কি?

উত্তৰঃ মানসিক শক্তি বুলিলে সাধাৰণতে আমি দৈনন্দিন জীৱনত মুখামুখি হোৱা সমস্যাবোৰৰ যুক্তিসংগত বিশ্লেষণ কৰাৰ, আৰু সেই সমস্যাবোৰ সমাধানৰ বাবে শান্ত, সুস্থ আৰু স্পষ্টভাৱে চিন্তা কৰাৰ ক্ষমতাক বুজায়। এই শক্তিয়েই মানুহক বিপদত সাহস, ধৈৰ্য আৰু বিচক্ষণতাৰে আগবাঢ়িবলৈ সহায় কৰে। মানসিক শক্তি মানে হৈছে—নিজৰ চিন্তা-চেতনাক সংগঠিত কৰি যিকোনো পৰিস্থিতিত স্থিৰভাৱে সিদ্ধান্ত লোৱাৰ সক্ষমতা।

৯। ‘আজিৰ যুগ বিশ্বায়নৰ যুগ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জয়যাত্ৰাৰ যুগ।’ ব্যাখ্যা কৰা।

উত্তৰঃ আজিৰ যুগটো হৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ চূড়ান্ত উন্নতিৰ যুগ। বিজ্ঞানৰ অভূতপূৰ্ব অবদানৰ ফলতেই এই যুগক “বিশ্বায়নৰ যুগ”, “বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ” বুলি কোৱা হয়। যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত বিজ্ঞানই ৰেডিঅ’, টেলিভিছন, ইন্টাৰনেট, মোবাইল, ফেক্স আদি বহুতো যুগান্তকাৰী আৱিষ্কাৰ কৰিছে, যাৰ ফলত বিশ্বখন সংকুচিত হৈ এখন “গোলকীয় গাঁও”ত পৰিণত হৈছে।

ইয়াৰ উপৰিও বিজ্ঞানই কল-কাৰখানা আৰু উন্নত যন্ত্ৰ-পাতি আৱিষ্কাৰ কৰি মানুহৰ জীৱন অধিক আৰামদায়ক আৰু সুবিধাজনক কৰি তুলিছে। চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত বিজ্ঞানৰ উন্নতিসকলেই মানৱ জীৱন ৰক্ষাৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিবর্তন অনা হৈছে। অধিকাংশ ৰোগৰ চিকিৎসা সম্ভৱ হৈছে।

মহাকাশ বিজ্ঞানতো বিজ্ঞানৰ জয়যাত্ৰা চলি আছে। আজিৰে দিনত মানুহে চন্দ্ৰ জয় কৰিছে আৰু অন্যান্য গ্ৰহলৈ অভিযান চলাইছে। সেয়েহে বিজ্ঞানৰ এনে বিস্ময়কৰ অৱদানৰ বাবে আজিৰ যুগটোক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ বুলি অভিহিত কৰা হয়।

My name is Manuj Saikia And i Am a graduate and blogger from Dhemaji, Assam. I regularly publishes updates on Assam government jobs, schemes, education, results, and career opportunities on adre.co.in to help students and job seekers stay informed.

Leave a Comment