AHSEC Class 12 Assamese Chapter 17 Answer 2026 | মূল্যবোধ শিক্ষা
Are you looking for the AHSEC Class 12 Assamese Chapter 17 Answer 2026? If yes, you’ve come to the right place. This page provides complete and easy-to-understand Class 12 Assamese Question and Answer for “মূল্যবোধ শিক্ষা”, written by Dr. দুলুমণি গোস্বামী, and prepared according to the latest ASSEB (formerly AHSEC) Higher Secondary syllabus.
মূল্যবোধ শিক্ষা is included in Group-3 (গোট-৩) of the HS 2nd Year Assamese textbook. This chapter highlights the importance of moral values, ethics, discipline, honesty, responsibility, and good character in everyday life. The author explains how value-based education helps individuals become responsible citizens and contributes to building a peaceful and progressive society.
In today’s fast-changing world, academic knowledge alone is not enough. This lesson reminds students that qualities such as truthfulness, kindness, respect, compassion, and social responsibility are equally important for achieving success in life. Because of its practical message and educational value, this chapter is considered one of the most important lessons in the Higher Secondary Assamese syllabus.
On this page, you will find HS 2nd Year Assamese Question Answer prepared in simple and student-friendly language. These answers follow the latest ASSEB examination pattern and are useful for school examinations, unit tests, annual exams, and the Higher Secondary Final Examination.
What You’ll Find in This Article
- Complete AHSEC Class 12 Assamese Chapter 17 Answer 2026
- Class 12 Assamese Chapter 17 Question and Answer
- Textbook exercise solutions
- Important short and long answer questions
- Chapter summary and key points
- HS 2nd Year Assamese Chapter 17 Notes
- Important board examination questions
- Quick revision materials for the HS Final Examination
Students are advised to read the lesson carefully from the prescribed textbook before referring to these answers. Understanding the concepts and practicing answer writing regularly will help improve confidence and achieve better marks in the Higher Secondary examination.
Bookmark this page and keep visiting our website for the latest AHSEC Class 12 Assamese Question Answers 2026, chapter-wise solutions, important questions, previous year papers, model papers, and study materials based on the updated ASSEB syllabus.
অতি চমু প্ৰশ্নঃ (মূল্যাংক-১)
১। ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল?
উত্তৰঃ ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ মূল্যবোধ শিক্ষা আছিল ৷
২। প্ৰথম অৱস্থাত ‘মূল্য’ শব্দটো কি উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল?
উত্তৰঃ প্ৰথম অৱস্থাত ‘মূল্য’ শব্দটো অৰ্থনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল ৷
৩। নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ “ম’ৰেল”(moral) শব্দটোৰ উৎপত্তি কোন ভাষাৰ পৰা হৈছে?
উত্তৰঃ নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ “ম’ৰেল”(moral) শব্দটোৰ উৎপত্তি লেটিন ভাষাৰ ম’ৰীজ’ শব্দৰ পৰা হৈছে ৷
৪। মহৰ্ষি টলষ্টয়ৰ মতে মূল্যবোধ কি?
উত্তৰঃ মহৰ্ষি টলষ্টয়ৰ মতে মূল্যবোধ সৌন্দৰ্যবোধ বস্তুনিষ্ঠ নহয়, ই ব্যক্তিনিষ্ঠহে ৷ অৰ্থাৎ সৌন্দৰ্যবোধ নিৰ্ভৰ কৰে ব্যক্তিৰ নিজস্ব গ্ৰহণযোগ্য ক্ষমতাৰ ওপৰত ৷
৫। ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষণ পৰিষদে কিমানটা মূল্যবোধ চিনাক্ত কৰিছে?
উত্তৰঃ ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষণ পৰিষদে ৮৪ টা মূল্যবোধ চিনাক্ত কৰিছে ৷
চমু প্ৰশ্ন (মূল্যাংক ২/৩)
১। আদৰ্শবাদী দাৰ্শনিকৰ মতে মূল্যবোধ কেইটা আৰু কি কি?
উত্তৰঃ আদৰ্শবাদী দাৰ্শনিকৰ মতে মূল্যবোধ তিনিটা ৷ সেইকেইটা হ’ল – সত্যম, শিৱম, সুন্দৰম ৷
২। ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা শ্ৰেণীত ভাগ কৰিছে আৰু কি কি?
উত্তৰঃ ভাৰতীয় দৰ্শনে মূল্যবোধক চাৰিটা শ্ৰেণীত ভাগ কৰিছে আৰু সেইকেইটা হ’ল – ধৰ্ম, অৰ্থ, কাম, মোক্ষ ৷
৩। প্ৰকৃততে মূল্যবোধক কি দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়?
উত্তৰঃ মানুহ সামাজিক জীৱ। গতিকে কেৱল ব্যক্তিৰ প্ৰয়োজন পূৰণৰ ধাৰণাৰে মূল্যবোধক বিচাৰ কৰিব নোৱাৰি। ব্যক্তিৰ প্ৰয়োজন পূৰণ কৰা বস্তুক মূল্যবান নহয় বুলি ক’ব নোৱাৰি। কিন্তু ব্যক্তিৰ প্ৰয়োজন পূৰণে যদি আনৰ অপকাৰ কৰে নাইবা সামাজিক জীৱনত অনিষ্ট সাধন কৰে, তেন্তে তেনে কাৰ্যৰ কোনো ধৰণৰ মূল্য নাই ৷ সেয়েহে মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰা হে বিচাৰ কৰা উচিত ৷
৪। সহজ অৰ্থত মূল্যবোধ মানে কি?
উত্তৰঃ মূল্যবোধ হৈছে মানুহৰ জীৱনৰ কিছুমান নিৰ্দেশিকতা নীতি। যিবোৰ মানুহৰ দৈহিক, মানসিক উন্নতি তথা সমাজৰ কল্যাণৰ বাবে হিতকৰ ৷ সমাজত প্ৰচলিত ধৰ্মীয় জীৱন, জীৱন দৰ্শন, ৰাজনৈতিক আদৰ্শ, আচাৰ-ব্যৱহাৰ, দৈনন্দিন জীৱনৰ কাৰ্যপ্ৰণালী-এই সকলোবোৰক মূল্যবোধে সামৰি লয় ৷ আকৌ মূল্যবোধ সমূহ কোনো ব্যক্তিয়ে জন্মতে আহৰণ কৰি নাহে, ইয়াক আয়ত্ত কৰে সামাজিক পৰিবেশতহে ৷
৫। মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে কেইটা আচৰণৰ কথা চিনাক্ত কৰিছে আৰু কি কি?
উত্তৰঃ মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে চাৰিটা আচৰণৰ কথা চিনাক্ত কৰিছে আৰু সেইকেইটা হ’ল- পৰোপকাৰিতা, দায়িত্ববোধ, নৈতিক স্বতন্ত্ৰতা, যুক্তিনিষ্ঠতা ৷
দীঘল প্ৰশ্ন (৪/৫)ঃ
১। আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে আধ্যাত্মিক মূল্যবোধ মানে কি ? বুজাই লিখা ৷
উত্তৰঃ আধ্যাত্মিক মূল্যবোধে বস্তুবাদী জগতৰ ওপৰত গুৰুত্ব নিদি মন বা আত্মাৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়ে ৷ মনৰ বা আত্মাৰ বিকাশেহে মানুহক উচ্চস্তৰলৈ লৈ যাব পাৰে আৰু প্ৰকৃত সুখৰ সন্ধান দিব পাৰে ৷ আধ্যাত্মিক মূল্যবোধৰ লগত ধৰ্মীয় মূল্যবোধৰ সম্পৰ্ক আছে ৷ আধ্যাত্মিক মূল্যবোধৰ বিকাশ তেতিয়াই হয় যেতিয়া মানুহৰ মাজত প্ৰেম, সহযোগিতা, ভক্তি, সংযম, উদাৰতা আদি গুণবোৰ বৃদ্ধি পায় ৷ শ্ৰীমন্ত শংকৰদেৱে কোৱাৰ দৰে- কুকুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম, সজানিয়া সবাকো পৰি কৰিবা প্ৰণাম ৷
২। নন্দনতাত্বিক মূল্যবোধে কি কি বিষয় সামৰি লয় চমুকৈ আলোচনা কৰা ৷
উত্তৰঃ মানৱ জীৱনৰ তিনিটা মূল্যবোধ হৈছে- সত্য, শিৱ, সুন্দৰ ৷ এই সুন্দৰ মূল্যবোধেই হৈছে নন্দনতাত্বিক মূল্যবোধ ৷ নন্দনতাত্বিক সৌন্দৰ্যই মানুহক শান্তি প্ৰদান কৰে আৰু মানুহৰ জীৱনটো সুন্দৰ কৰি তোলে ৷ জীৱন্ত বা জড় সকলো বস্তুৰে নন্দনতাত্বিক মূল্যায়ণ নহ’ব পাৰে ৷ মানুহৰ সকলো কাৰ্য একে চকুৰে চালেও মনোযোগৰ বেলেগ বেলেগ বিন্দুৰ পৰা বেলেগ বেলেগ পৰ্যায়ত মূল্যায়ণ হয় ৷ গতিকে মনোযোগেই হৈছে নন্দনতাত্বিক মূল্যবোধৰ চাবিকাঠি ৷
৩। চিৰন্তন মূল্যবোধ সম্পৰ্কে চমুকৈ বুজাই লিখা ৷
উত্তৰঃ আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে- সত্যম, শিৱম, সুন্দৰম এই তিনিটা চিৰন্তন মূল্যবোধ ৷ চিৰন্তন মূল্যবোধ স্হায়ী তথা অপৰিবৰ্ত্তনীয় ৷ এই মূল্যবোধসমূহ সমাজত পূৰ্বৰে পৰা বিদ্যমান ৷ মানুহৰ দায়িত্ব হ’ল- কেৱল এইবোৰ আৱিষ্কাৰ কৰা বা উপলব্ধি কৰা ৷ চিৰন্তন মূল্যবোধ ভাৰতীয় সমাজত প্ৰাচীন কালৰেপৰাই আছে ৷ আন কথাত ক’বলৈ গ’লে ভাৰতীয় সামাজিক জীৱন ব্যৱস্থা চিৰন্তন মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত ৷
৪। নৈতিক মূল্যবোধৰ ধাৰণাই কি কি কথা সামৰি লয় আলোচনা কৰা ৷
উত্তৰঃ নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ ‘ম’ৰেল’ শব্দটোৰ উৎপত্তি হৈছে লেটিন ভাষাৰ ‘ম’ৰীজ’ শব্দটোৰ পৰা ৷ যাৰ অৰ্থ হৈছে আচাৰ-ব্যৱহাৰ আৰু লোকাচাৰ ৷ নৈতিকতাৰ লগত সামাজিক নীতি-নিয়ম আৰু আদৰ্শ জড়িত হৈ থাকে ৷ মানুহে জন্ম লাভ কৰিয়েই সামাজিক ধাৰণাসমূহ আয়ত্ত নকৰে ৷ ক্ৰমে সামাজিক সংস্পৰ্শলৈ অহাৰ পিছত পৰিৱেশ আৰু শিক্ষাৰ দ্বাৰা প্ৰভাৱিত হৈ সামাজিক নীতি-নিয়মসমূহ আয়ত্ত কৰে ৷ কেৱল জন্মগত প্ৰবৃত্তিসমূহে মানুহক সামাজিক জীৱ হিচাপে গঢ়ি তুলিব নোৱাৰে ৷ ইয়াৰ বাবে মানুহক লাগে উচ্চ মূল্যবোধ, উচ্চ আদৰ্শ আৰু মনোভাৱ ৷ সংক্ষেপতে ক’বলৈ গ’লে নৈতিকতাই সমাজৰ ৰীতি-নীতি মানি চলাটো বুজায় ৷
৫। মূল্যবোধ সম্পৰ্কে তোমাৰ কি ধাৰণা তাক চমুকৈ ব্যক্ত কৰা ৷
উত্তৰঃ মূল্যবোধ বুলিলে আমি এক উচ্চ আদৰ্শাত্মক জীৱন প্ৰণালীক বুজোঁ যি জীৱন প্ৰণালীয়ে সামাজিক ন্যায়, সহযোগিতা, পৰোপকাৰ, অহিংসা, সমতা, সততা আদি গুণবোৰ বজাই ৰাখি শান্তিপূৰ্ণ জীৱন-যাপন কৰিবলৈ শিকায় ৷ মানুহৰ জীৱনৰ কিছুমান নীতি, যিবোৰ মানুহৰ দৈহিক, মানসিক উন্নতি তথা সমাজ কল্যাণৰ বাবে হিতৰ বাবে সমাজত প্ৰচলিত ধৰ্মীয় বিশ্বাস, জীৱন দৰ্শন, নৈতিক আদৰ্শ, ৰাজনৈতিক আদৰ্শ, আচাৰ-ব্যৱহাৰ আদি সকলোবোৰ মূল্যবোধে সামৰি লয় ৷
অতিৰিক্তঃ
১। “মূল্যবোধ শিক্ষা” পাঠটিৰ লেখক কোন?
উত্তৰঃ “মূল্যবোধ শিক্ষা” পাঠটিৰ লেখক ড° দুলুমণি গোস্বামী।
২। ভাৰতবৰ্ষত মূল্যবোধৰ শিক্ষা প্ৰদান কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান বুলি কিয় কোৱা হৈছে?
উত্তৰঃ ভাৰতবৰ্ষৰ শিক্ষানুষ্ঠান সমূহলৈ বিভিন্ন শ্ৰেণীৰ ল’ৰা-ছোৱালী শিক্ষা গ্ৰহণ কৰিবলৈ আহে ৷ বিভিন্ন আৰ্থ-সামাজিক আৰু সামাজিক পৰিৱেশৰ পৰা অহা ল’ৰা-ছোৱালীবোৰে আয়ত্ত কৰি অহা মূল্যবোধবোৰ ভিন্ন ভিন্ন ৷ আনহাতে বৰ্তমান বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ বিকাশ তথা পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱত নতুন পুৰুষৰ মাজত মূল্যবোধৰ খেলিমেলি হোৱা পৰিলক্ষিত হৈছে ৷ তেনে ক্ষেত্ৰত মূল্যবোধ শিক্ষা প্ৰদান কৰাটো ভাৰতবৰ্ষৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান বুলি ভবা হৈছে ৷
৩। সৌন্দৰ্যবোধ সম্পৰ্কে দাৰ্শনিক প্লেটোৱে আগবঢ়োৱা তত্ত্বটো কি?
উত্তৰঃ সৌন্দৰ্যবোধ সম্পৰ্কে দাৰ্শনিক প্লেটোৰ মতে, সকলো বস্তুৰে এক ঐশ্বৰিক সৌন্দৰ্য আছে ৷ আমি মাথো ঐশ্বৰিক ধ্যান-ধাৰণাৰ যোগেদি সেই সৌন্দৰ্য উপলব্ধি কৰিব লাগিব ৷
৪। যুক্তিনিষ্ঠতা, পৰোপকাৰিতা, দায়িত্ববোধ, নৈতিক স্বতন্ত্ৰতা সম্পৰ্কে চমুকৈ বুজাই লিখা ৷
উত্তৰঃ যুক্তিনিষ্ঠতা, পৰোপকাৰিতা, দায়িত্ববোধ, নৈতিক স্বতন্ত্ৰতা সম্পৰ্কে তলত আলোচনা কৰা হ’ল।
যুক্তিনিষ্ঠতা- শিশুৱে সন্মুখীন হোৱা বিভিন্ন পৰিৱেশ যুক্তিনিষ্ঠভাৱে বিচাৰ বিশ্লেষণ কৰা ৷
পৰোপকাৰিতা – অন্য মানুহৰ সুখ-দুখৰ প্ৰতি সহানুভূতিশীল হোৱা আৰু প্ৰয়োজন সাপেক্ষে সহায় কৰা ৷
দায়িত্ববোধ– সমাজত নিজৰ দায়িত্ব সম্পৰ্কে সচেতন হোৱা আৰু নিজে কৰা কামৰ ভুল-ত্ৰুটিসমূহ স্বীকাৰ কৰা ৷
নৈতিক স্বতন্ত্ৰতা- নিজস্বভাৱে কোনো এক নৈতিক সিদ্ধান্ত লোৱাৰ ক্ষমতা ৷ আনৰ লগত আলোচনা কৰিলেও এনে ধৰণৰ সিদ্ধান্তৰ সমস্ত দায়িত্ব ব্যক্তিয়ে নিজে স্বীকাৰ কৰি লোৱাৰ মানসিকতা ৷
৫। “ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদ” এ উল্লেখ কৰা ১০ টা মূল্যবোধ কি কি?
উত্তৰঃ “ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদ” এ উল্লেখ কৰা ১০ টা মূল্যবোধ – সংযম, সহানুভূতি, সহযোগিতা, অন্য সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, নম্ৰতা, মানৱতাবোধ, অহিংসা, দেশপ্ৰেম, সামাজিক দায়িত্ববোধ ৷
৬। ব্যক্তিয়ে মূল্যবোধ কিহৰ পৰা আয়ত্ব কৰে?
উত্তৰঃ ব্য়ক্তিয়ে মূল্যবোধ শিক্ষা আৰু সামাজিক পৰিৱেশৰ পৰা আয়ত্ব কৰে।
৭। লেটিন ভাষাৰ ‘ম’ৰীজ’ শব্দটো অৰ্থ কি?
উত্তৰঃ লেটিন ভাষা ‘ম’বীজ’ শব্দটোৰ অৰ্থ হৈছে আচাৰ ব্য়ৱহাৰ আৰু লোকাচাৰ।
৮। ভাৰতীয় দৰ্শন কিহৰ ওপৰত প্ৰতিষ্ঠিত?
উত্তৰঃ ভাৰতীয় দৰ্শন তিনিটা প্ৰধান মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত আৰু সেই কেইটা হ’ল সত্যম, শিৱম আৰু সুন্দৰম।
৯। প্লেটোৰ মতে সৌন্দৰ্যবোধ কেনে ধৰণৰ?
উত্তৰঃ প্লেটোৰ মতে, প্ৰতিটো বস্তুতেই এক ঐশ্বৰিক সৌন্দর্য নিহিত থাকে। এই সৌন্দর্য বাহ্যিক ৰূপত নহয়, বৰঞ্চ এটা আধ্যাত্মিক আৰু চিৰন্তন সৌন্দর্যৰ প্ৰতিফলন।
১০। ধৰ্ম কি? কামৰ সৈতে ইয়াৰ সম্পৰ্ক কি?
উত্তৰঃ ধৰ্ম হৈছে এজন ব্যক্তিৰ নৈতিক মূল্যবোধৰ আধাৰ, যি তেওঁক কর্তব্য আৰু আচৰণৰ সঠিক দিশ নিৰ্দেশ কৰে। ধৰ্মই কেৱল আস্থা বা বিশ্বাসৰ বিষয় নহয়, ই মানুহক জীৱনত কিয়, কেনেকৈ, আৰু কি উদ্দেশ্যে কাম কৰিব লাগে — সেই বিষয়ে জ্ঞান দিয়ে।
১১। মূল্যবোধৰ ‘ত্ৰিনীতি’ কি?
উত্তৰঃ মূল্যবোধৰ ‘ ত্ৰিনীতি’ বা মৌলিক সূত্ৰবাক্য হৈছে — “সত্যম, শিৱম, সুন্দৰম”। এই ত্ৰিনীতি পৰম্পৰাগত ভাৰতীয় দৰ্শন আৰু নৈতিক মূল্যবোধৰ মূৰধন্য আধাৰ হিচাপে বিবেচিত।
১২। মূল্যবোধে সমাজত প্ৰচলিত কোনবোৰ দিশক সামৰি লয়?
উত্তৰঃ মূল্যবোধ হৈছে মানুহৰ জীৱনৰ কিছুমান মৌলিক নিদৰ্শনমূলক নীতি, যি মানুহক সঠিক পথত চলিবলৈ দিশ-নিৰ্দেশ দিয়ে। এই মূল্যবোধই ব্যক্তিগত জীৱনত দৈহিক, মানসিক আৰু নৈতিক উৎকর্ষ সাধন কৰাৰ লগতে সমাজৰ মঙ্গল সাধনতো সহায় কৰে।
মূল্যবোধৰ ক্ষেত্ৰত সমাজত প্রচলিত ধাৰ্মিক বিশ্বাস, জীৱন দৰ্শন, নৈতিক আৰু ৰাজনৈতিক আদৰ্শ, আচাৰ-ব্যৱহাৰ, আৰু দৈনন্দিন জীৱনৰ কাৰ্যাবলী — এই সকলোবোৰ দিশ অন্তৰ্ভুক্ত হয়। সেয়ে, মূল্যবোধ সমাজৰ সাংস্কৃতিক, নৈতিক আৰু ধৰ্মীয় গঠনক দৃঢ় কৰি এক সুশৃংখল, ন্যায়নিষ্ঠ সমাজ গঠনত সহায়ক ভূমিকা পালন কৰে।
১৩। মোক্ষ বুলিলে কি বুজা?
উত্তৰঃ মোক্ষ হৈছে মানুহৰ জীৱনৰ চূড়ান্ত লক্ষ্য বা চৰম উদ্দেশ্য লাভৰ পথ। ই মানুহৰ আত্মবোধ, অৰ্থাৎ নিজৰ সত্তা, অস্তিত্ব আৰু সত্যৰ উপলব্ধিৰ ওপৰত নিৰ্ভৰ কৰে। মোক্ষ অৰ্থহীন ভোগ-বিলাসত নহয়, বৰঞ্চ ই হৈছে আত্মাৰ মুক্তি, জ্ঞানৰ জ্যোতি আৰু আধ্যাত্মিক শুদ্ধিৰ ফল।
যেতিয়া মানুহে ইন্দ্ৰিয়গত কামনা-বাসনাৰ পৰা মুক্ত হৈ নিজকে আত্মিক ভাৱে উপলব্ধি কৰে, তেতিয়াহে সঁচাকৈয়ে মোক্ষ লাভ সম্ভৱ হয়। সেয়ে মোক্ষক ভাৰতীয় দৰ্শনত জীৱনৰ চতুৰ্ভূজ লক্ষ্য — ‘ধৰ্ম’, ‘অৰ্থ’, ‘কাম’ ৰ অন্তত চৰম উদ্দেশ্য হিচাপে ‘মোক্ষ’ বিবেচনা কৰা হৈছে।
১৪। মূল্যবোধ সমূহৰ অৰ্থ, উদ্দেশ্য আৰু ব্যৱহাৰ অনুসৰি চাৰিটা উল্লেখযোগ্য প্ৰকাৰৰ নাম লিখা।
উত্তৰঃ মূল্যবোধ সমূহৰ অৰ্থ, উদ্দেশ্য আৰু ব্যৱহাৰ অনুসৰি চাৰিটা উল্লেখযোগ্য প্ৰকাৰৰ নাম হ’ল (১) নৈতিক মূল্যবোধ। (২) আধ্যাত্মিক মূল্যবোধ। (৩) অর্থনৈতিক মূল্যবোধ। আৰু (৪) নন্দনতাত্তিক মূল্যবোধ।
১৫। নন্দনতাত্ত্বিক মূল্যবোধ বুলিলে কি বুজা?
উত্তৰঃ নন্দনতাত্বিক মূল্যবোধে সৌন্দৰ্যবোধৰ কথা কয়। মানুহে সকলো ধৰণৰ ভাল কাম বা ভাল ঘটনা বা ধাৰণাকহে মূল্য দিয়ে। সেই বাবে এইবোৰৰ নান্দনিক মূল্যবোধ বিচাৰি পোৱা যায়। নান্দনিক মূল্যবোধে সত্য, শিৱ আৰু সুন্দৰৰ বিষয়হে বিচাৰ কৰে। গতিকে এনে সুন্দৰ মূল্যবোধেই হৈছে নন্দনতাত্বিক মূল্যবোধ।
১৬। বিভিন্ন প্ৰকাৰৰ মূল্যবোধ সমূহ কি কি?
উত্তৰঃ বিভিন্ন প্ৰকাৰৰ মূল্যবোধ সমূহ হ’ল- নৈতিক মূল্যবোধ, আধ্যাত্মিক মূল্যবোধ, নান্দনিক মূল্যবোধ, অর্থনৈতিক মূল্যবোধ, সাংস্কৃতিক মূল্যবোধ আৰু ৰাজনৈতিক মূল্যবোধ।
১৭। আধ্যাত্মিক মূল্যবোধৰ বিকাশ কেতিয়া হ’ব?
উত্তৰঃ যেতিয়া মানুহে পৰস্পৰে ভালপোৱাৰ অৰ্থ বুজিব আৰু একে আনৰ প্ৰতি সহানুভূতি, সহযোগিতা, অহিংসাভাৱ, ভক্তি, সংযম, উদাৰতা আদিৰ বিকাশ ঘটিব, তেতিয়াহে আধ্যাত্মিক মূল্যবোধৰ সত্য বিকাশ সম্ভৱ হ’ব। মানুহৰ অন্তৰচিত মনোভাৱ আৰু নৈতিক গুণৰ পৰিপক্কতাৰ ফলত সমাজত আধ্যাত্মিকতাৰ বীজ সিঞ্চিত হয়, যিয়ে এক সুস্থ আৰু শান্তিপূর্ণ সমাজ গঠন কৰে।
১৮। মূল্যবোধৰ ত্ৰিনীতি’ কি? নাইবা ভাৰতীয় দর্শনে মূল্যবোধক কেইটা শ্ৰেণীত ভাগ কৰিছে প্ৰতিটো শ্ৰেণীৰ বিষয়ে চমুকৈ বুজাই লিখা।
উত্তৰঃ প্ৰাচীন কালৰ পৰাই ভাৰতীয় দৰ্শনে মূল্যবোধৰ চিন্তা গভীৰভাৱে কৰি আহিছে। এই দৃষ্টিকোণৰ বাবে ভাৰতীয় দর্শনক প্ৰায়েই “মূল্যবোধৰ দৰ্শন” বুলি আখ্যা দিয়া হয়। এই দৰ্শনে জীৱনক মূল্যবোধৰ আধাৰত গঢ়ি তোলাৰ কথা কয় আৰু মানুহৰ জীৱন পথক শৃংখলিত কৰিবলৈ মূলত চাৰি প্ৰকাৰৰ মূল্যবোধৰ ওপৰত গুৰুত্ব দিয়ে। সেই চাৰিটা হ’ল:
১. ধৰ্ম – নৈতিক মূল্যবোধ, যিয়ে মানুহক নিজৰ কৰ্তব্য আৰু আচৰণৰ বিষয়ে সজাগ কৰে। ধৰ্মক ‘অৰ্থ’ আৰু ‘কাম’-তকৈ শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়, কাৰণ ই মানুহক নৈতিকতা আৰু ন্যায়ৰ পথত চলিবলৈ দিশ-নিৰ্দেশ দিয়ে।
২. অৰ্থ – জীৱনৰ প্ৰয়োজনীয় আৰ্থিক-ভৌতিক সম্পদ অৰ্জন।
৩. কাম – ইচ্ছা, আকাঙ্ক্ষা আৰু ভোগৰ পূৰণ।
৪. মোক্ষ – জীৱনৰ চৰম লক্ষ্য, যি আত্মবোধ আৰু আধ্যাত্মিক মুক্তিৰ ওপৰত প্ৰতিষ্ঠিত। মোক্ষৰ দ্বাৰাই মানুহে ইন্দ্ৰিয়গত বন্ধনসমূহৰ পৰা মুক্তি লাভ কৰে।
এই চাৰিটা মূল্যবোধে মানুহৰ নৈতিক, আৰ্হিক, মানসিক আৰু আধ্যাত্মিক উন্নতিৰ দিশ দেখুৱায়।
ইয়াৰ উপৰিও ভাৰতীয় জীৱন দৰ্শন তিনিটা পৰম মূল্যবোধৰ ওপৰত নিৰ্ভৰ কৰে, যাক মূল্যবোধৰ ত্ৰিনীতি বুলি কোৱা হয়। সেইবোৰ হ’ল:
১. সত্যম – সত্যতা,
২. শিৱম – কল্যাণতা,
৩. সুন্দৰম – সৌন্দৰ্য।