AHSEC Class 12 Assamese Chapter 3 Answer
Are you looking for the AHSEC Class 12 Assamese Chapter 3 Answer 2026? If yes, then you’re in the right place. This article provides complete and easy-to-understand Class 12 Assamese Lesson 3 Answer for “আনন্দৰাম বৰুৱা”, based on the latest ASSEB (formerly AHSEC) Higher Secondary syllabus.
The lesson আনন্দৰাম বৰুৱা introduces students to the remarkable life, achievements, and contributions of one of Assam’s most respected scholars and literary pioneers. Through this chapter, students gain a deeper understanding of Assamese language, literature, and cultural heritage. Since questions from this lesson are often included in the Higher Secondary examination, it is an important chapter for every HS 2nd Year student.
In this page, you will find Higher Secondary Assamese Notes, textbook exercise solutions, and chapter-wise question answers written in simple and student-friendly language. These solutions are prepared to help students understand the lesson clearly and write accurate answers in the examination.
What You’ll Get in This Article
- Complete AHSEC Class 12 Assamese Chapter 3 Answer 2026
- Class 12 Assamese Lesson 3 Question and Answer
- Textbook exercise solutions
- Short and long answer questions
- Important exam-oriented notes
- Easy explanations for quick revision
- HS 2nd Year Assamese Chapter 3 Solution
For the best results, students should first read the chapter from the prescribed textbook and then use these answers for revision and self-study. This method improves understanding, strengthens writing skills, and increases confidence before the board examination.
Keep visiting our website for the latest AHSEC Class 12 Assamese Question Answers 2026, chapter-wise solutions, previous year questions, important notes, and study materials prepared according to the newest ASSEB syllabus.
অতি চমু প্ৰশ্ন (মূল্যাংক-১)
১। আনন্দৰাম বৰুৱাৰ জন্ম ক’ত হৈছিল?
উত্তৰঃ উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ নামৰ ঠাইত আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল ৷
২। ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা ক’লৈ গৈছিল?
উত্তৰঃ ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা সুদূৰ ইউৰোপলৈ গৈছিল ৷
৩। আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে?
উত্তৰঃ আনন্দৰাম বৰুৱাই তেওঁৰ ‘মহাবীৰ চৰিত’ৰ সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ কথা লিখোঁতে কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে ৷
৪। আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা বিদেশী পণ্ডিতৰ নাম লিখা ৷
উত্তৰঃ আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা বিদেশী পণ্ডিতৰ নাম মেক্সমুলাৰ ৷
৫। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কি আছিল?
উত্তৰঃ আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্ম ৷
চমু প্ৰশ্ন (মূল্যাংক-২/৩)
১। আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া?
উত্তৰঃ আনন্দৰাম বৰুৱাৰ বাবে কৰ্মই আছিল জীৱন ৷ কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ বুলি তেওঁ গণ্য কৰিছিল ৷ কৰ্মৰ বাবে তেওঁ কেতিয়াও প্ৰশংসা বিচৰা নাছিল ৷ এনেদৰে কৰ্মক্ষেত্ৰত তেওঁ সংকল্প, দেশপ্ৰেম, অগাধ পাণ্ডিত্য, পিতৃ মাতৃৰ প্ৰতি অচলা ভক্তি আদি গুণবোৰ সদায় অনুকৰণ কৰিবলগীয়া বুলি লেখকে উল্লেখ কৰিছে ৷
২। আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতৰ মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহ কৰা নাছিল?
উত্তৰঃ আনন্দৰাম বৰুৱাৰ সময়ত যাতায়ত ব্যৱস্থা অতি অনুন্নত আছিল ৷ ইউৰোপলৈ যাবলৈ পথ আছিল অতি দুৰ্গম৷আনহাতে বিলাতলৈ গ’লে জাতি যাব বুলিও সেইকালৰ মানুহে ভয় কৰিছিল ৷ এনে কাৰণতে সেই সময়ত ভাৰতীয় মানুহ ইউৰোপলৈ যাবলৈ সাহ কৰা নাছিল ৷
৩। কেনেধৰণে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল?
উত্তৰঃ আপোন পিতৃ-মাতৃ আৰু ভাই-ককাইৰ প্ৰতি আছিল আনন্দৰাম বৰুৱাৰ অচল ভক্তি ৷ সেয়েহে জগত বিখ্যাত পণ্ডিতৰ শাৰীত বহি গ্ৰন্থ ৰচনাৰ সময়তো তেওঁ দুৰ্লভেশ্বৰী আৰু গৰ্গৰামৰ পুত্ৰ আৰু পৰশুৰাম-জানকীৰামৰ ভাতৃ বুলি পৰিচয় দি আনন্দৰামে সন্তোষ লাভ কৰিছিল ৷
৪। আনন্দৰামৰ নিজৰ দেশৰ প্ৰতি ভক্তিও কম নাছিল – বুজাই লিখা ৷
উত্তৰঃ আপোন পিতৃ-মাতৃ,ভাই-ককাইৰ লগতে নিজ দেশৰ প্ৰতিও আনন্দৰামৰ আছিল অগাধ ভক্তিভাৱ ৷ সেয়েহে প্ৰকাশিত গ্ৰন্থৰাজিত তেওঁ নিজকে ‘প্ৰাগজ্যোতিষপুৰসম্ভৱম’ বুলি পৰিচয় দিছে ৷ “মহাবীৰ চৰিত”ৰ সংস্কৃত ব্যাখ্যাত তেওঁ কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে ৷ এনেদৰে য’তেই সুবিধা পাইছে ত’তে প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপৰ কথা উল্লেখ কৰি আনন্দৰামে দেশপ্ৰেমৰ পৰিচয় দিছে ৷
৫। কি কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব?
উত্তৰঃ উচ্চশিক্ষা গ্ৰহণৰ প্ৰতি থকা অদম্য ইচ্ছাৰ বাবে আনন্দৰাম বৰুৱা সুদূৰ ইউৰোপলৈ গৈছিল ৷ দুৰ্গম পথৰ লগতে জাতি যোৱাৰ ভয়ত সেই কালত মানুহে ইউৰোপলৈ নগৈছিল ৷ সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত বৰুৱা সাহিত্যকৰ্মৰ বাবেই ভাৰতীয় সাহিত্যৰাজিৰ লগত পশ্চিমৰ পণ্ডিতসকলৰ পৰিচয় ঘটিল ৷ তেওঁৰ কৰ্মৰাজিৰ বাবে এক নৱযুগৰ আৰম্ভণি ঘটিল ৷এই কামসমূহৰ বাবেই আনন্দৰাম বৰুৱা আমাৰ পূজনীয় হৈ থাকিব বুলি লেখকে উল্লেখ কৰিছে ৷
দীঘল প্ৰশ্ন (মূল্যাংক-৪/৫)
১। মহাপুৰুষৰ পদাংক অনুসৰণ কৰি মানুহে কেনেদৰে নিজক পৰিচালিত কৰিব পাৰে? আনন্দৰাম বৰুৱা পাঠটিৰ আধাৰত বুজাই লিখা ৷
উত্তৰঃ সংসাৰত সময়ে সময়ে এনে কিছুমান মানুহ জন্মগ্ৰহণ কৰে যিসকলে নিজৰ কৰ্ম আৰু আদৰ্শৰে জগতত কীৰ্তি ৰাখি যাবলৈ সক্ষম হৈছে ৷ আন অসমীয়াৰ দৰে সাধাৰণ ভাবেই ডাঙৰ- দীঘল হোৱা আনন্দৰাম তেওঁৰ কৰ্মৰাজিৰে মহৎ আৰু অমৰ হৈ উঠিছে ৷ ইংৰাজী আৰু সংস্কৃত ভাষাত লিখা তেওঁৰ গ্ৰন্থৰাজিৰ ফলত প্ৰাচ্য আৰু পাশ্চাত্যৰ বৌদ্ধিক জগতৰ মাজত সমন্বয় সাধিত হৈছিল ৷ এনে কৰ্মৰ জৰিয়তে প্ৰাচ্যৰ অমৰ গ্ৰন্থৰাজিৰ স্বাদ পাশ্চাত্যৰ বৌদ্ধিক সমাজে পাবলৈ সক্ষম হৈছিল ৷ তদুপৰি যিসময়ত মানুহে বিদেশলৈ যাবলৈ বিভিন্ন কাৰণত ভয় কৰিছিল, তেনে সময়ত আনন্দৰাম বৰুৱা ইউৰোপলৈ গৈ জ্ঞানৰ সাধনা কৰিছিল ৷ এনেবোৰ কথাই আন মানুহকো উৎসাহিত কৰিছিল ৷ এনেবোৰ কাৰণতে লেখকে আনন্দৰাম বৰুৱাক মহাপুৰুষ আসনত ৰাখিছে আৰু তেওঁৰ পদাংক অনুকৰণ কৰি উন্নতিৰ পথত নিজকে পৰিচালিত কৰিব লাগে বুলি উল্লেখ কৰিছে ৷
২। একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল?
উত্তৰঃ মানুহৰ জীৱনৰ সফলতাৰ অন্যতম চাবিকাঠি হ’ল- ধৈৰ্য আৰু একাগ্ৰতা ৷ একাগ্ৰতা গুণতে তেওঁ অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ’ব পাৰিছিল ৷ এই গুণেই তেওঁক সাহস আৰু শক্তি দান কৰিছিল ৷ ল’ৰা কালতে ভাওনা আদি অভিনয় উৎসৱত যোগ দিওতে আনন্দৰাম যেনে একমনা আছিল সেইদৰে লিখা পঢ়া বিষয়টো তেওঁ একমনা আছিল ৷ সেয়েহে গোটেই “অমৰ কোষ” খনি তেওঁ ল’ৰা কালতে কণ্ঠস্থ কৰিব পাৰিছিল ৷
৩। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা ৷
‘কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ ৷’
উত্তৰঃ উদ্ধৃত কথাফাঁকি আমাৰ পাঠ্যপুথি “সাহিত্য সৌৰভ”ৰ অন্তৰ্গত “আনন্দৰাম বৰুৱা” নামৰ পাঠটোৰ পৰা তুলি দি হৈছে৷পাঠটিৰ লেখক উপেন্দ্ৰচন্দ্ৰ লেখাৰুদেৱ ৷ আনন্দৰাম বৰুৱাৰ একান্ত কৰ্মনিষ্ঠতাৰ কথা প্ৰকাশ কৰালৈকে লেখকে কথাফাঁকিৰ অৱতাৰণা কৰিছে ৷ আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্ম৷অবিৰাম কৰ্মগতিতে তেওঁৰ আনন্দ ৷ কামৰ বাবে তেওঁ প্ৰশংসা নিবিচাৰিছিল ৷ বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰি চাকৰি জীৱনৰ অতি কম বয়সৰ ভিতৰতে তেওঁ বহুকেইখন উচ্চমানৰ গ্ৰন্থ প্ৰণয়ন কৰিবলৈ সংকল্প কৰিছিল ৷ আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি জগতবিখ্যাত পণ্ডিত মেক্সমুলাৰেও বিস্ময় মানিছিল ৷
৪। আনন্দৰাম বৰুৱাৰ মহৎ কৰ্মৰাজি আমি কেনেদৰে গ্ৰহণ কৰিব পাৰো বুজাই লিখা ৷
উত্তৰঃ আনন্দৰাম বৰুৱাৰ কৰ্মৰাজিয়ে এটা নৱযুগৰ আৰম্ভণি কৰিলে ৷ তেওঁৰ আদৰ্শসমূহে অসমীয়াক নতুন দিগন্তৰ সন্ধান দিলে ৷ তেওঁৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্ম আৰু একাগ্ৰতা৷কৰ্ম আৰু একাগ্ৰতাৰ বিবেই আজিৰ পৰা ডেৰশ বছৰৰ পূৰ্বেই উচ্চশিক্ষাৰ বাবে ইউৰোপ পাইছিলগৈ ৷ জাতি যোৱাৰ ভয়ত যিসময়ত এচাম মানুহ ইউৰোপলৈ যাবলৈ ভয় কৰিছিল তেনেসময়ত আনন্দৰামে সেইসময়ত শিক্ষাজগতৰ এখন নতুন দ্বাৰ উন্মোচন কৰিবলৈ সক্ষম হৈছিল ৷ ইংৰাজী আৰু সংস্কৃত দুইটা ভাষাতে গভীৰ জ্ঞান থকা আনন্দৰাম বৰুৱাই ভালেকেইখন অম গ্ৰন্থ ৰচনা কৰি প্ৰাচ্য আৰু পাশ্চাত্যৰ বৌদ্ধিক ক্ষেত্ৰত সমন্বয় সাধন কৰিছিল ৷ দেশপ্ৰেম আৰু স্বজনৰ প্ৰতি থকা ভক্তিও আনন্দৰাম বৰুৱাৰ চৰিত্ৰৰ প্ৰধান গুণ৷তেওঁ য’তেই সুবিধা পাইছে তাতেই মাতৃভূমিৰ নাম উল্লেখ কৰিছে ৷ পিতৃ-মাতৃ আৰু ভাতৃৰ নাম উল্লেখ কৰি স্বজনৰ প্ৰতি থকা ভক্তি আৰু শ্ৰদ্ধা প্ৰকাশ কৰিছে ৷ তেওঁৰ এই মহৎ আদৰ্শৰাজিৰ অনুকৰণেৰে আমি নিজকে উন্নতিৰ পথত আগুৱাই নিব পাৰোঁ ৷
৫। প্ৰাচ্য আৰু পাশ্চাত্যৰ সমন্বয় সাধনত আনন্দৰাম বৰুৱাই কেনে অৱদান আগবঢ়াই গৈছে বুজাই লিখা ৷
উত্তৰঃ নিজ দেশত শিক্ষা গ্ৰহণ কৰি আনন্দৰাম বৰুৱা উচ্চ শিক্ষাৰ বাবে ইউৰোপলৈ গৈছিল ৷ বৰুৱাৰ পূৰ্বৰ সময়বোৰত ভাৰতীয় সাহিত্যসমূহৰ পাশ্চাত্য বিদ্বৎসমাজৰ অগোচৰেই থাকি গৈছিল ৷ এইসমূহৰ লগত তেওঁলোক পৰিচিত হ’ব পৰাকৈ উপযুক্ত গ্ৰন্থ ৰচনা হোৱা নাছিল ৷ ফলত ভাৰতীয় সাহিত্যসমূহ সংস্কৃত ভাষাৰ মাজত আৱদ্ধ হৈ আছিল ৷ কিন্তু ইংৰাজী আৰু সংস্কৃত দুইটা ভাষাতে গভীৰ জ্ঞান থকা আনন্দৰামে ৰচনা কৰা – A Practical English-Sanskrit Dictionary, Higher Sanskrit Grammar,Gender and Syntax, Bhavabhuti & # 39, Mahavircharitam, Saraswatikanthabharana, Namalinga-Nusasana আদি গ্ৰন্থৰ পিছত পাশ্চাত্যৰ বিদ্বৎ সমাজ ভাৰতীয় সাহিত্যসমূহৰ লগত পৰিচয় হ’ল ৷ তেওঁ এই কৰ্মৰাজিয়ে ভাৰতীয় সাহিত্যৰ এটা নৱযুগৰ সূচনা কৰিলে আৰু প্ৰাচ্য-পাশ্চাত্যৰ বৌদ্ধিক সমাজৰ মাজত এক সমন্বয় সাধিত হ’ল ৷
অতিৰিক্তঃ
১। উপেন্দ্র চন্দ্র লেখাৰুৱে শিক্ষা সমাপন কৰি কোনখন শিক্ষানুষ্ঠানত শিক্ষকতা কৰিবলৈ লৈছিল?
উত্তৰঃ উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে শিক্ষা সমাপন কৰি উত্তৰ গুৱাহাটীৰ কমলদেৱ হাইস্কুলত শিক্ষকতা আৰম্ভ কৰিছিল।
২। আনন্দৰামে ল’ৰালি কালতে কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ আনন্দৰামে ল’ৰালি কালতে কন্ঠস্থ কৰা গ্ৰন্থখনৰ নাম হ’ল- অমৰকোষ
৩। কিহৰ বাবে আনন্দৰাম বৰুৱা পূজনীয় হৈ থাকিব?
উত্তৰঃ মূল্যবান সংস্কৃতৰ গ্ৰন্থসমূহৰ বাবে আনন্দৰাম বৰুৱা সদায় পূজনীয় হৈ থাকিব।
৪। আনন্দৰাম বৰুৱাই কোনখন কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰিছিল?
উত্তৰঃ আনন্দৰাম বৰুৱাই ১৮৬৯ চনত কলিকতাৰ প্ৰেছিডেন্সী কলেজৰ পৰা আইন শাস্ত্ৰত স্নাতক ডিগ্ৰী লাভ কৰিছিল।
৫। আন অসমীয়াৰ দৰে আনন্দৰাম বৰুৱাই কি খাই ডাঙৰ দীঘল হৈছিল?
উত্তৰঃ আন অসমীয়াৰ দৰে আনন্দৰাম বৰুৱাই খাৰ-পাত, কল-কুঁহিয়াৰ আদি খাইয়ে ডাঙৰ দীঘল হৈছিল।
৬। কিহৰ গুণত আনন্দৰামে অসাধাৰণ জ্ঞানী আৰু অসাধৰণ কৰ্মী হ’ব পাৰিছিল?
উত্তৰঃ আনন্দৰাম বৰুৱা সদায় একাগ্রচিত্তে থাকিছিল। এই একাগ্ৰতাৰ গুণে তেওঁ অসাধাৰণ জ্ঞান আৰু কর্মদক্ষতা অৰ্জন কৰিব পাৰিছিল।
৭। ঊনৈশ শতিকাত অসমৰ পৰা বংগদেশলৈ যাবলৈ মানুহে কিয় ভয় কৰিছিল?
উত্তৰঃ ঊনৈশ শতিকাত অসমৰ পৰা বংগদেশলৈ যাবলৈ মানুহে ভয় কৰিছিল। কাৰণ পথ দুর্গম হোৱা বাবে।
৮। মানুহৰ সাৰ বস্তু কি?
উত্তৰঃ মানুহৰ সাৰ বস্তু হৈছে- জ্ঞান।
৯। আনন্দৰাম বৰুৱাই কিহৰ চৰ্চাৰ কৰিছিল?
উত্তৰঃ আনন্দৰাম বৰুৱাই সংস্কৃত ভাষা আৰু সাহিত্য়ৰ চৰ্চাৰ কৰিছিল।
১০। উপেন্দ্র চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা বৃহৎ কলেৱৰৰ গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ উপেন্দ্র চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা বৃহৎ কলেৱৰৰ গ্ৰন্থখনৰ হ’ল—কথাগুৰু চৰিত।
১১। আনন্দৰাম বৰুৱাৰ পিতৃ-মাতৃৰ নাম কি?
উত্তৰঃ আনন্দৰাম বৰুৱাৰ পিতৃৰ নাম হৈছে গৰ্গৰাম বৰুৱা আৰু মাতৃৰ নাম হৈছে দুর্লভেশ্ববী।
১২। আনন্দৰাম বৰুৱাৰ জীৱনী কোনে লিখিছিল?
উত্তৰঃ আনন্দৰাম বৰুৱাৰ জীৱনী ড° সূর্যকুমাৰ ভূঞাই ৰচনা কৰিছিল।
১৩। আধুনিক বিজ্ঞানসম্মত পদ্ধতিত পুৰণি সাহিত্য-গ্রন্থ সম্পাদন কৰা উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱৰ গ্ৰন্থ দুখন কি কি?
উত্তৰঃ আধুনিক বিজ্ঞানসম্মত পদ্ধতিত পুৰণি সাহিত্য-গ্রন্থ সম্পাদন কৰা উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱৰ দুখন গ্ৰন্থ হ’ল-
(১) ভক্তি বিবেক আৰু (২) কথা সাহিত্য
১৪। আনন্দৰাম বৰুৱাক কিহে মহৎ আৰু অমৰ কৰি তুলিছে?
উত্তৰঃ আনন্দৰাম বৰুৱা অসমৰ এটি সৰু গাঁৱত জন্মগ্ৰহণ কৰিছিল আৰু আন সাধাৰণ অসমীয়াৰ দৰে খাৰ-পাত, কল-কুঁহিয়াৰ আদি খাই ডাঙৰ-দীঘল হৈছিল। কিন্তু তেওঁক বিশেষ কৰি তুলিছিল জ্ঞান চৰ্চাৰ প্ৰতি তেওঁৰ গভীৰ নিষ্ঠা। এই একান্ত সাধনাই তেওঁক এক মহান ব্যক্তি আৰু অমৰ হিচাপে প্রতিষ্ঠিত কৰিছে।
১৫। আনন্দৰামৰ মহৎ আদৰ্শৰাজি আমি কেনেধৰণে গ্ৰহণ কৰিব পাৰোঁ -পাঠটিৰ সহায়ত বুজাই লিখা।
উত্তৰঃ আনন্দৰাম বৰুৱাৰ দৰে মহৎ আদৰ্শসম্পন্ন ব্যক্তিসকল আমাৰ অনুকৰণীয়। সেয়ে তেওঁলোকৰ দেখুৱোৱা পথ অনুসৰণ কৰি আমি জীৱনত আগুৱাই যাব লাগে। অমৰ আৰু আকাৰহীন আনন্দৰামক চিন্তাৰে মূৰ্তি দিয়া, মানসপটত ৰাখি তেওঁৰ আদৰ্শ জীৱনক স্মৰণ কৰাটো আমাৰ কৰ্তব্য। এনে মহাপুৰুষসকলৰ পদচিহ্ন অনুসৰণ কৰিলেই আমি নিজৰ জীৱনৰ উন্নতিৰ পথত আগবাঢ়ি যাব পাৰিম।
১৬। ক’ত ক’ত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈ পৰিছিল?
উত্তৰঃ আনন্দৰাম বৰুৱা ভাৰতত আৰু সুদূৰ ইউৰোপত শিক্ষা লাভ কৰি অগাধ পণ্ডিত হৈ পৰিছিল।
১৭। আনন্দৰামৰ মূলমন্ত্র আছিল কর্ম, চমুকৈ আলােচনা কৰা
উত্তৰঃ আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্র আছিল—নিৰলস আৰু একাগ্ৰচিত্তে কৰ্ম সাধনা। তেওঁ সদায় নিঃস্বাৰ্থভাবে কাম কৰিছিল আৰু কেতিয়াও তাৰ প্ৰতিফল বা প্ৰশংসাৰ আশা ৰাখা নাছিল। এই গুণেই তেওঁক এগৰাকী সত্য কর্মী ৰূপে গঢ়ি তুলিছিল। তেওঁৰ এই নিষ্ঠা আৰু প্ৰতিজ্ঞা দেখি বিশ্ববিখ্যাত পণ্ডিত মেক্স মূলাৰেও বিস্মিত হৈছিল। তেওঁ অতি কম বয়সতে উচ্চ মানৰ গ্ৰন্থ প্ৰস্তুত কৰি সকলোকে আচৰিত কৰিছিল। যদিও তেওঁ আন বহুতো পুথি প্ৰকাশ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল, তেওঁৰ অকাল মৃত্যুৱে সেই উদ্দেশ্য পূৰ্ণ হ’বলৈ দিয়া নাছিল। তথাপিও, তেওঁৰ অবদানৰ বাবে অসমীয়া সমাজত তেওঁ চিৰদিন পূজনীয় হৈ থাকিব।
১৮। আনন্দৰাম বৰুৱাই কেনেধৰণে নিজৰ পৰিচয় দি সন্তোষ লাভ কৰিছিল?
উত্তৰঃ সংস্কৃত-সাগৰ মথি বিশ্ববিখ্যাত পণ্ডিতসকলৰ শ্ৰেণীত অধিষ্ঠিত হ’লেও, আনন্দৰাম বৰুৱাই কোনোদিনে নিজৰ পিতা-মাতা, ভাতৃ-স্বজন, স্বদেশ আৰু স্বজাতিক পাহৰা নাছিল। তেওঁ গৌৰৱেৰে নিজকে দূর্লভেশ্বৰী আৰু গৰ্গৰামৰ পুত্ৰ, তথা পৰশুৰাম আৰু জানকীৰামৰ ভ্ৰাতৃ বুলি পৰিচয় দি অপাৰ তৃপ্তি অনুভৱ কৰিছিল।
১৯। কিহৰ বাবে আনন্দৰাম বৰুৱাই চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল?
উত্তৰঃ আনন্দৰাম বৰুৱা নিজৰ কৰ্মত একান্তভাবে নিবিষ্ট আছিল। জ্ঞান-চৰ্চাৰ প্ৰতি তেওঁৰ গভীৰ অনুৰাগে তেওঁক সাংসাৰিক বিষয়বস্তু বা আন কথা চিন্তা কৰাৰ সময়ই নিদিছিল। এইবাবেই তেওঁ বিবাহ নকৰাকৈ চিৰকুমাৰ জীৱন অৱলম্বন কৰিছিল, যাতে নিজৰ সকলো সময় আৰু শক্তি জ্ঞান অৰ্জন আৰু সমাজসেৱাত উৎসৰ্গা কৰিব পাৰে।
১৯। জন্ম দিওঁতা আৰু লালন-পালন কৰি ডাঙৰ-দীঘল কৰাসকলক আনন্দৰাম বৰুৱাই কেনেদৰে ভক্তি আৰু কৃতজ্ঞতা প্রকাশ কৰিছিল?
উত্তৰঃ আনন্দৰাম বৰুৱা এজন বিদগ্ধ পণ্ডিত আছিল, কিন্তু পণ্ডিত্যৰ শিৰোমণি হোৱাৰ পিছতো আত্মীয়-স্বজনৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা আৰু ভক্তিত কোনোদিনে ঘাট নহ’ল। তেওঁ নিজৰ পণ্ডিত্যৰ পৰিচয় দিয়া অপেক্ষা পিতৃ-মাতৃ আৰু জ্যেষ্ঠ ভাতৃসকলৰ পৰিচয়ৰে নিজকে চিনাকী কৰাই গৌৰৱ অনুভৱ কৰিছিল। তেওঁ সদায় এই চিন্তাত ব্যস্ত আছিল—কেনেদৰে তেওঁলোকৰ উপকাৰৰ প্ৰতিফল দিব, কেনেদৰে কৃতজ্ঞতা প্ৰকাশ কৰিব। সেয়ে তেওঁ জন্ম দিয়া আৰু লালন-পালন কৰা পিতৃ-মাতৃসকলৰ নামৰ সৈতে নিজক সংযুক্ত কৰি তেওঁলোকৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছিল।
২০। ‘তেওঁ কি কি নকৰিলে সেইবোৰলৈ নাচাই তেওঁ কি কি কৰিলে, তাকে চালেহে আমি তেওঁৰ পৰিচয় পাম।’
উত্তৰঃ উপৰোক্ত মন্তব্যসমূহ আমাদের অসমীয়া পাঠ্যপুথি ‘সাহিত্য সৌৰভ’-ৰ অন্তৰ্গত উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে ৰচিত ‘আনন্দৰাম বৰুৱা’ নামৰ পাঠৰ পৰা গ্ৰহণ কৰা হৈছে। লেখকে পণ্ডিত আনন্দৰাম বৰুৱাৰ জীৱনৰ কৰ্মৰাজি মূল্যায়ন কৰাৰ সময়ত এই কথাবোৰ উল্লেখ কৰিছে।
আনন্দৰাম বৰুৱা এজন সুপ্ৰসিদ্ধ সংস্কৃত পণ্ডিত আছিল আৰু তেওঁ সংস্কৃত ভাষাৰ বহুতো পুথিৰ সফল টীকাকাৰ ৰূপে পৰিচিত। যদিও তেওঁ অসমীয়াত কোনো গ্ৰন্থ ৰচনা কৰা নাছিল, কিছুমানে তাক এই বাবে সমালোচনা কৰিবলৈ চেষ্টা কৰিছে। কিন্তু লেখকৰ মতে, এজন মানুহক কি কাম কৰা নাছিল তাৰ ওপৰত নহয়, তেওঁ কি কি কৰিছিল তাৰ ওপৰতে মূল্যায়ন হোৱা উচিত। কিয়নো সকলো কাম একেলগে কৰা কোনো ব্যক্তিৰ পক্ষত সম্ভৱ নহয়। আনন্দৰাম বৰুৱাই সংস্কৃত ভাষা আৰু সাহিত্যৰ গভীৰ অধ্যয়ন আৰু চর্চাৰ জৰিয়তে নিজৰ প্ৰতিভা প্ৰকাশ কৰি অসমীয়া গৰিমা বিশ্ববাসীৰ মাজত প্ৰতিষ্ঠা কৰি গৈছে। এইয়ে তেওঁৰ মহানতা প্ৰতিষ্ঠা কৰিছে।
২১। প্রকৃত মহৎ লোকসকলে দেশ-কালৰ সীমা কেনেদৰে অতিক্ৰম কৰে?
উত্তৰঃ ক্ষণজন্মা আনন্দৰাম বৰুৱাৰ বিষয়ে সকলোয়ে জানে। অতীতত তেখেতৰ নাম শুনা গৈছে, বৰ্তমানে জনাজাত, আৰু ভৱিষ্যততো বহু প্ৰজন্মে তেওঁৰ নাম স্মৰণ কৰিব। তেওঁৰ মূল্যবান সংস্কৃত গ্ৰন্থসমূহৰ বাবে তেওঁ সদায় পূজনীয় হৈ থাকিব। আনন্দৰাম বৰুৱাই অতীত, বৰ্তমান আৰু ভৱিষ্যৎ—এই তিনিও কালত নিজৰ মহত্ত্বৰ ছাপ এৰি গৈছে। ভাৰতৰ লগতে ইউৰোপ, আমেৰিকা আদি উন্নত দেশসমূহৰ জ্ঞানী সমাজতো তেওঁৰ সংস্কৃত জ্ঞান আৰু গ্ৰন্থৰ পৰিচয়ে তেওঁৰ নাম জনাজাত। সত্যতে, এনে মহাপুৰুষসকলে দেশ-কালৰ সীমা পাৰ হৈ চিৰকালৰ বাবে স্মৰণীয় হৈ থাকে।