AHSEC Class 12 Assamese Chapter 2 Answer 2026 | মগনিয়াৰ

WhatsApp Group Join Now
Telegram Group Join Now

AHSEC Class 12 Assamese Chapter 2 Answer 2026 | মগনিয়াৰ

Are you searching for the AHSEC Class 12 Assamese Chapter 2 Answer 2026? If yes, then you’ve come to the right place. In this article, you’ll find complete and easy-to-understand Class 12 Assamese Chapter 2 Answer for “মগনিয়াৰ”, prepared according to the latest ASSEB (formerly AHSEC) Higher Secondary syllabus.

মগনিয়াৰ is the second lesson in the সাহিত্য সৌৰভ textbook for HS 2nd Year Assamese. This chapter is considered important for the Higher Secondary Final Examination, as questions from this lesson are frequently included in the board exam. Preparing this chapter thoroughly can help students score better marks in the Assamese subject.

On this page, we have provided Lesson 2 Class 12 Assamese Question and Answer in a simple and student-friendly format. The answers are designed to help students understand the chapter clearly instead of simply memorizing the content. Whether you are preparing for your class tests, unit tests, or the final HS examination, these solutions will make your revision easier and more effective.

What You’ll Find in This Article

  • Complete AHSEC Class 12 Assamese Chapter 2 Answer 2026
  • Important short and long question answers
  • Textbook exercise solutions
  • Exam-oriented notes for quick revision
  • Easy explanations in simple Assamese
  • Frequently asked board examination questions

Students are advised to read the lesson from the prescribed textbook before referring to the answers. This approach helps build a better understanding of the chapter and improves answer-writing skills during the examination.

If you’re looking for reliable HS 2nd Year Assamese Chapter 2 Solution, bookmark this page and keep visiting our website. We regularly publish updated chapter-wise solutions, important questions, previous year questions, and study notes based on the latest ASSEB syllabus.

অতি চমু প্ৰশ্নঃ (মূল্যাংক-১)

১। অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবি গৰাকী কোন?

উত্তৰঃ অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবি গৰাকী হ’ল যতীন্দ্ৰ নাথ দুৱৰা ৷

২। কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম ১৮৯২ চনত হৈছিল ৷

৩। যতীন্দ্ৰনাথ দুৱৰাক কি কবি  বুলি জনা যায়?

উত্তৰ: যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি  বুলি জনা যায় ৷

৪। ‘ওমৰ তীৰ্থ’ পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ?

উত্তৰঃ ‘ওমৰ তীৰ্থ’ পুথিখনি ফাৰ্চী ছুফী কবি ওমৰ খায়ামৰ  ‘ৰুবায়ত’ পুথিৰ ভাৱানুবাদ ৷

৫। যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?

উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰাই ‘বনফুল’ কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল ৷

চমু প্ৰশ্নঃ (মূল্যাংক-২/৩)

১। কথা-কবিতা বুলিলে কি বুজা? ইয়াৰ দুটা বৈশিষ্ট্য লিখা ৷

উত্তৰঃ কবিত্বময়ী কথা লিখাৰ ভংগীৰে লিখা একশ্ৰেণীৰ কবিতাকে কথা-কবিতা বুলি কোৱা হয় ৷

কথা-কবিতাৰ দুটা বৈশিষ্ট্য হ’ল-

    ১) কথা-কবিতাত ৰূপকৰ সমাৱেশ থাকে ৷

    ২) কথা-কবিতাত এটাই মাত্ৰ কেন্দ্ৰস্হ ভাৱ থাকে ৷

২। কবিতা আৰু কথা-কবিতাৰ মাজত কি কি পাৰ্থক্য আছে?

উত্তৰঃ পুৰণি কবিতাবোৰত পৰম্পৰাগত ছন্দৰ প্ৰয়োগ কৰা হয় ৷ তেনেদৰে আধুনিক কবিতাবোৰতো মুক্তক ছন্দৰ প্ৰয়োভৰ ঘটে ৷ এক কথাত কবিতাত ছন্দৰ প্ৰয়োগ অপৰিহাৰ্য ৷ কিন্তু কথা-কবিতা ছন্দৰ বান্ধোনত বন্দী নহয় ৷ ই মুক্তভাৱে কথা কোৱাৰ ভংগীত ৰচিত কবিত্বময়ী সাহিত্য ৷

৩। ওমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা ৷

উত্তৰঃ ওমৰ খায়াম হ’ল ফাৰ্চী ছুফী কবি ৷ 

  তেওঁ ৰচনা কৰা এখন পুথি হ’ল “ৰুবায়ত” ৷

৪। মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে?

উত্তৰঃ মগনিয়াৰজনে কবিৰপৰা গভীৰ মানৱতাবোধ আৰু সহানুভূতি দান পোৱাৰ কথা কৈছে ৷ কবি মগনিয়াৰজনৰ দৰেই নিঃস্ব আছিল ৷ কিন্তু তেওঁৰ অন্তৰ দয়া, স্নেহেৰে ভৰপূৰ আছিল ৷ মগনিয়াৰজনে কিবা এটা বিচাৰোঁতে কবিয়ে তেওঁৰ হাতদুখন ধৰি সহানুভূতি ব্যক্ত কৰিছিল আৰু কিবা এটা দিব নোৱাৰাত দুখ প্ৰকাশ কৰিছিল ৷ সেই সহানুভূতিখিনি মগনিয়াৰজনৰ কাৰণে উৎকৃষ্ট দান আছিল ৷

৫। ‘ককাই মোৰ ওপৰত খং নকৰিবা,মোৰ হাতত একোৱেই নাই ৷’ – কোনে কি প্ৰসংগত এই উক্তি কৰিছিল?

উত্তৰঃ উক্ত কথাখিনি কবিয়ে মগনিয়াৰজনক কৈছিল ৷ এদিন কবি বাটৰে গৈ থাকোঁতে এজন মগনিয়াৰক লগ পাইছিল ৷ হাড়, ছাল ওলোৱা মগনিয়াৰজনে হাতখন মেলি কবিক কিবা এটা বিচাৰিছিল ৷ কিন্তু কবিও মগনিয়াৰজনৰ দৰেই নিঃস্ব আছিল ৷ মগনিয়াৰজনক দিবৰ বাবে তেওঁৰ হাতত কোনো পাৰ্থিৱ সম্পদ নাছিল ৷ কিন্তু কবিৰ অন্তৰ দয়া, আন্তৰিকতা, স্নেহেৰে ভৰপূৰ আছিল ৷ মগনিয়াৰজনৰ হাত দুখন ধৰি কবিয়ে সহানুভূতি ব্যক্ত কৰিছিল আৰু কিবা এটা দিব নোৱাৰাত দুখ প্ৰকাশ কৰিছিল ৷

দীঘল প্ৰশ্ন (মূল্যাংক – ৪/৫)

১। ‘মগনিয়াৰ’ শীৰ্ষক কথা-কবিতাটিৰ সাৰাংশ লিখা ৷

উত্তৰঃ অসমীয়া সাহিত্যত প্ৰথম কথা-কবিতাৰ জনক যতীন্দ্ৰনাথ দুৱৰাৰ “মগনিয়াৰ” এটা উৎকৃষ্ট কথা-কবিতা ৷ কবিতাটোত ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভৰ “The Beggar” নামৰ কথা-কবিতাটোৰ সাদৃশ্য আছে ৷ কবিতাটোত কবিয়ে এজন সৰ্বহাৰা মগনিয়াৰ ছবি অংকন কৰিছে ৷ কবিয়ে মগনিয়াৰজনক বাটত লগ পাইছিল ৷ দৰিদ্ৰতাই কোঙা কৰা মগনিয়াৰজনে সহায় বিচাৰি কবিলৈ দুহাত আগবঢ়াই দিছিল ৷ কিন্তু তেওঁক দিব পৰাকৈ কবিৰ হাতত কোনো পাৰ্থিৱ বস্তু নাছিল ৷ যাৰ বাবে মগনিয়াৰজনৰ হাতত ধৰি কবিয়ে গভীৰ সহানুভূতি ব্যক্ত কৰিলে আৰু তেওঁক খং নকৰিবলৈ অনুৰোধ জনালে ৷ কবিৰ আন্তৰিকতা,দয়া আৰু স্নেহ অনুভৱ কৰি মগনিয়াৰজন আৱেগিক হৈ পৰিল ৷ মগনিয়াৰজনে কবিৰ এই মানৱীয় অনুভূতিখিনিকি মহান দান বুলি গণ্য কৰিলে আৰু কবিক ধন্যবাদ জ্ঞাপন কৰিলে ৷ কবিতাটোৰ মাজেৰে ব্যক্তি হৃদয়ৰ গভীৰ মানৱীয় অনুভূতি আৰু আন্তৰিকতাৰ প্ৰকাশ ঘটিছে ৷

See also  AHSEC Class 12 Assamese Chapter 12 Answer 2026 | জনতাৰ আহ্বান

 ২। ‘মগনিয়াৰ’ পাঠটিত কথা-কবিতাৰ কি কি লক্ষণ পৰিস্ফুট হৈছে?

উত্তৰঃ ‘মগনিয়াৰ’ যতীন্দ্ৰনাথ দুৱৰাৰ এটি উৎকৃষ্ট কথা-কবিতা ৷ সাধাৰণতে কথা-কবিতাবোৰত বহুতো সাধাৰণ বৈশিষ্ট্য লক্ষ্য কৰা যায় ৷ ‘মগনিয়াৰ’ কবিতাটোৰ এই লক্ষণসমূহ আলোচনা কৰা হ’ল- কথা-কবিতাবোৰ ৰূপকাত্মক ৷ ‘মগনিয়াৰ’ কবিতাটোতো ৰূপকৰ সঠিক প্ৰয়োগ ঘটিছে৷ মগনিয়াৰ ৰূপকৰ জৰিয়তে কবিয়ে সমাজৰ শোষিত আৰু অৱহেলিত লোকসকলৰ মৰ্মবেদনা আৰু সেইসকলৰ প্ৰতি কবিৰ সহানুভূতি প্ৰকাশ পাইছে ৷ কথা-কবিতাবোৰত এটি মাত্ৰ কেন্দ্ৰস্হ ভাৱ থাকে ৷ সমাজৰ শোষিত আৰু অৱহেলিত এটা শ্ৰেণীৰ প্ৰতি কবিৰ গভীৰ মানৱতাবোধ কবিতাটোত মৰ্মস্পৰ্শী ৰূপত প্ৰতিফলন হৈছে ৷ কথা-কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত ৷ ‘মগনিয়াৰ’ কবিতাত মগনিয়াৰজনৰ আৱয়ৱিক বৰ্ণনাত চিত্ৰধৰ্মিতাৰ পয়োভৰ ঘটিছে ৷ কবিতাটো পঢ়ি যাওঁতে চকুৰ সন্মুখত এজন সৰ্বহাৰা মগনিয়াৰ কৰুণ ছবি ভাঁহি উঠে ৷

৩। কবি যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্যকৃৰ্তিৰ এটি চমু পৰিচয় দাঙি ধৰা ৷

উত্তৰঃ অসমীয়া সাহিত্যজগতত ‘বনফুল’ কবিৰূপে খ্যাত যতীন্দ্ৰনাথ দুৱৰাই অসমীয়া কাব্য-সাহিত্যলৈ ভালেমান অৰিহণা আগবঢ়াইছে৷ তেওঁৰ কবিতাপুথিকেইখন হ’ল- ওমৰ তীৰ্থ, আপোন সুৰ আৰু মৰমৰ সুৰ৷ ‘বনফুল’ নামৰ কাব্যপুথিখনৰ বাবে দুৱৰাই সাহিত্য অকাঁডেমি বটাঁ লাভ কৰিছিল৷ এই বটাঁ লাভ কৰা তেওঁৱেই প্ৰথম অসমীয়া৷ ফাৰ্চী ছুফী কবি ওমৰ খায়ামৰ ৰুৱায়তক প্ৰথম অসমীয়ালৈ ভাঙনি কৰি দুৱৰাই ওমৰ তীৰ্থ পুথিখন ৰচনা কৰে৷ ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভৰ ‘Poems in Prose’ আৰু অলিভ শ্ৰাইনাৰ ৰচনাৰ আলমত দুৱৰাই কথা-কবিতা ৰচনা কৰিছিল৷ অসমীয়া ভাষাত পোনপ্ৰথমে কথা-কবিতা ৰচনা কৰা যতীন্দ্ৰনাথ দুৱৰাৰ কথা-কবিতাৰ পুথিখনৰ নাম হৈছে ‘কথা-কবিতা’৷

 ৪। ‘মগনিয়াৰ’ পাঠটি ক’ৰপৰা সংগ্ৰহ কৰা হৈছে?পাঠটিৰ মূল ভাৱটি তোমাৰ ভাষাত লিখা ৷

উত্তৰঃ ‘মগনিয়াৰ’ পাঠটি যতীন্দ্ৰনাথ দুৱৰাৰ ‘কথা-কবিতা’ নামৰ পুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে ৷

কবিতাটোৰ মূল বক্তব্য হৈছে- ব্যক্তি হৃদয়ৰ গভীৰ মানৱীয় অনুভূতি আৰু আন্তৰিকতা ৷ ইয়াত মগনিয়াৰজনে সমাজৰ দলিত শোষিত শ্ৰেণীটোক প্ৰতিনিধিত্ব কৰিছে ৷ দৈনন্দিন জীৱন ধাৰণৰ মৌলিক প্ৰয়োজনখিনিৰ পৰাও তেওঁলোক বঞ্চিত ৷ মগনিয়াৰজনক দেখা পাই কবিৰ নিজৰ নিঃস্বৰূপটো উপলব্ধি কৰিছে ৷ যাৰ বাবে তেওঁ মগনিয়াৰজনৰ হাতখন সাৱটি ধৰি অকণমান সহানুভূতি প্ৰদৰ্শন কৰিছে ৷ ইফালে মগনিয়াৰজনো কবিৰ এই কৰ্মত আচৰিত হৈছে ৷ কিয়নো সমাজৰ তথাকথিত ধনাঢ্যসকলে এনেদৰে কেতিয়াও তেওঁক সহানুভূতি আৰু আন্তৰিকতা দেখুওৱা নাছিল ৷ সেইখিনিৰ বাবে তেওঁ কবিক কৃতজ্ঞতা জনাইছে ৷

 ৫। ‘মগনিয়াৰ’ পাঠটিৰ কবি আৰু মগনিয়াৰজনৰ মাজত হোৱা কথোপকথনখিনি তোমাৰ  ভাষাত লিখা 

উত্তৰঃ কবিয়ে বাটত এদিন এজন মগনিয়াৰক লগ পাইছিল ৷ দৰিদ্ৰতাই কোঙা কৰা মগনিয়াৰজনে সহায় বিচাৰি কবিলৈ দুহাত আগবঢ়াই দিছিল ৷ কিন্তু তেওঁক দিব পৰাকৈ কবিৰ হাতত কোনো পাৰ্থিৱ বস্তু নাছিল ৷ কবিয়ে মগনিয়াৰজনৰ হাতদুখন সাৱটি একো দিব নোৱাৰাৰ বাবে খং নকৰিবলৈ অনুৰোধ জনালে ৷ কবিৰ আন্তৰিকতা, দয়া আৰু স্ন” অনুভৱ কৰি মগনিয়াৰজন আৱেগিক হৈ পৰিল ৷ মগনিয়াৰজনে কবিৰ এই মানৱীয় অনুভূতিখিনিকে মহান দান বুলি গণ্য কৰি কবিক অশেষ ধন্যবাদ জ্ঞাপন কৰিলে ৷

অতিৰিক্ত প্ৰশ্নোত্তৰঃ 

১। যতীন্দ্ৰ নাথ দুৱৰাই ৰচনা কৰা ‘কথা-কবিতা’ পুথিখনৰ নাম কি?

উত্তৰঃ যতীন্দ্ৰ নাথ দুৱৰাই ৰচনা কৰা কথা-কবিতা পুথিখনৰ নাম হ’ল — “কথা-কবিতা”

২। মগনিয়াৰ পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?

উত্তৰঃ “মগনিয়া” পাঠটি যতীন্দ্ৰ নাথ দুৱৰাৰ ‘কথা-কবিতা’ নামৰ পুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে।

৩। সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন?

উত্তৰঃ সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া যতীন্দ্ৰনাথ দুৱৰা।

৪। যতীন্দ্ৰ নাথ দুৱৰা ক’ত জন্ম হৈছিল?

উত্তৰঃ যতীন্দ্ৰ নাথ দুৱৰা শিৱসাগৰৰ আমোলাপট্টিত জন্ম হৈছিল।  

৫। যতীন্দ্ৰ নাথ দুৱৰাই অসম সাহিত্য সভাৰ কোন স্থানত অনুষ্ঠিত অধিৱেশনত সভাপতিত্ব কৰিছিল?

উত্তৰঃ যতীন্দ্ৰ নাথ দুৱৰাই ১৯৫৫ চনত গুৱাহাটীলৈ অনুষ্ঠিত অসম সাহিত্য সভাৰ চতুর্বিংশ (২৪তম) অধিৱেশনত সভাপতিত্ব কৰিছিল।

৬। মগনিয়াৰ’ পাঠটিৰ কেন্দ্রস্থ ভাবটো কি?

উত্তৰ: মগনিয়াৰ পাঠটিৰ কেন্দ্ৰস্থ ভাৱটো হ’ল – দৰিদ্ৰতাৰ আন্তৰিকতা।

৭। কথা-কবিতা কোন শতিকাৰ উল্লেখযোগ্য সৃষ্টি? 

উত্তৰঃ কথা-কবিতা উনৈশ শতিকাৰ উল্লেখযোগ্য সৃষ্টি। 


৮। যতীন্দ্ৰ নাথ দুৱৰাই লিখা দুখন কবিতাপুথিৰ নাম লিখা।

উত্তৰঃ যতীন্দ্ৰ নাথ দুৱৰাই লিখা দুখন কবিতাপুথিৰ নাম হ’ল- (১) বনফুল আৰু (২) ওমৰ তীর্থ।

৯। মগনিয়াৰ জনৰ শৰীৰৰ চমু বৰ্ণনা দিয়া।

উত্তৰঃ মগনিয়াজন এজন বেমাৰী, বুঢ়া আৰু অতি দুখীয়া মানুহ। তেওঁৰ শৰীৰ হাড়-ছাল ওলোৱা, অতি দুর্বল আৰু ৰোগপীড়িত। তেওঁৰ ওঁঠ শেঁতা, চকু দুটা ৰঙা আৰু গাত মেলি পৰা ফটা কাপোৰ আছিল। হাতদুখন উখহা আৰু অপৰিষ্কাৰ। কবিয়ে মগনিয়াজনৰ দেহৰ অৱস্থাক অত্যন্ত নিৰাশাজনক আৰু কৰুণ ৰূপত বৰ্ণনা কৰিছে।

See also  AHSEC Class 12 Assamese Chapter 3 Answer 2026 | আনন্দৰাম বৰুৱা


১০। কথা-কবিতা প্রথমতে কোন শতিকাত সৃষ্টি হৈছিল? কোন গৰাকী কবিক ইয়াৰ জনক বুলি কোৱা হয়?

উত্তৰঃ কথা-কবিতা ধৰণৰ সাহিত্য প্ৰথমে উনবিংশ (১৯শ) শতিকাত সৃষ্টি হৈছিল। এই সাহিত্যৰ সূচনা ইউৰোপত হৈছিল আৰু ৰুছ সাহিত্যিক আইভান টুৰ্গেনেভক এই ধাৰাৰ জনক বুলি গণ্য কৰা হয়। তেওঁ প্ৰথমে গদ্যৰ ভাৱনাৰে কবিতা আৰু কল্পনাৰ সংমিশ্ৰণ ঘটাই এই নতুন সাহিত্যধাৰা ৰূপায়ণ কৰিছিল।

১১। কবি যতীন্দ্র নাথ দুৱৰা প্ৰভাৱিত হোৱা দুগৰাকী বিদেশী কবিৰ নাম লিখা।

উত্তৰঃ  যতীন্দ্র নাথ দুৱৰা প্ৰভাৱিত হোৱা দুগৰাকী বিদেশী কবিৰ নাম হ’ল– 
(১) ওমৰ খায়াম (ফাচী ছুফী কবি) আৰু(২) আইভান টুর্গেনিভ (ৰুছ সাহিত্যিক)।

১২। “ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই।”- কোনে, কি প্রসংগত এই কথাখিনি কৈছিল জুকিয়াই লিখা ।

উত্তৰঃ কবি যতীন্দ্ৰনাথ দুৱৰাই নিজৰ চোলাৰ মোনাত হাত সুমুৱাই একো নোপোৱাত মগনিয়াৰজনক উদ্দেশ্যি ক’ব লগা সেই প্রশ্নোধৃত কথাখিনি কৈছিল। এদিন তেওঁ বাটেদি গৈ থাকোতেই হঠাৎ তেওঁৰ সন্মুখত এটা অতি বেমাৰ আৰু হাড়-ছাল হোৱা বুঢ়া মগনিয়া থিয় দিলেহি। মগনিয়াৰজনৰ ওঁঠ শোকান্বিত, চকু ৰঙা আৰু মুখত দৰিদ্ৰতাৰ গভীৰ ছাঁ পৰিছিল। গাত থকা কাপোৰখন ফটা-চিঙা আৰু অনাহাৰৰ কষ্ট চকুত স্পষ্ট।মগনিয়াৰজনে অপৰিষ্কাৰ আৰু উখহা হাত মেলি সহায় বিচাৰিলে। কবিয়ে চোলাৰ মোনাত হাত সুমুৱাই চাই দেখিলে যে তেওঁৰ ওলায় দিবলগীয়া একো নাই — টকা, ঘড়ী, ৰুমাল কিবা এটাও নাছিল। তেতিয়া তেওঁ মগনিয়াৰজনৰ কঁপা হাত দুটা সাৱধানে ধৰি গভীৰ সমবেদনায়ৰে সেই প্রশ্নোধৃত কথাখিনি উচ্চাৰণ কৰিছিল। এই ঘটনাই কবিৰ মানৱতা বোধ আৰু সহানুভূতি প্ৰকাশ কৰে।

১৩। ‘কি হ’ল একো কথা নাই ইয়াৰ কাৰণে অশেষ “ধন্যবাদ ইও যে এটা দান” – কথাষাৰ কোনে কি প্রসংগত কৈছিল? কথাষাৰৰ তাৎপর্য বুজাই লিখা।

উত্তৰঃ এদিন কবি যতীন্দ্ৰনাথ দুৱৰাই বাটেদি গৈ আছিল। তেনেতে হঠাৎ এজন বেমাৰী, হাড়-ছাল ওলোৱা বুঢ়া মগনিয়াৰ আহি তেওঁৰ সন্মুখত থিয় দিয়া দেখা পালেগৈ। মগনিয়াৰজনৰ ওঁঠ শেতা, চকু ৰঙা আৰু গাত থকা ফটা-চিঙা কাপোৰখিনিয়ে দৰিদ্ৰতাৰ শোকাবহ ছবি এখন আঁকি ধৰিছিল। তেওঁ উখহা, অপৰিষ্কাৰ হাত মেলি কবিৰ পৰা সহায় বিচাৰিলে।কবিয়ে নিজৰ চোলাৰ মোনাত হাত সুমুৱাই চাই দেখিলে—টকা, ঘড়ী, আনকি এখন ৰুমালও লগত নাই। মগনিয়াৰজনৰ দুৰ্বল আৰু কঁপা শৰীৰ দেখি, কবিয়ে লৰালৰি কৰি ওচৰ গৈ তেওঁৰ হাত দুখন সাৱধানে ধৰি, মৰমেৰে ক’লে যে তেওঁৰ ওলায় দিয়াৰ দৰে একো নাই, আৰু সেয়া দেখি মগনিয়াৰজনে খং নকৰিব।কবিৰ মুখত ফুটে উঠা সহানুভূতিৰ কথা শুনি মগনিয়াৰজনে শেতা ওঁঠেৰে এক মৰমৰ হাঁহি । তেওঁৰ হাতত ধৰা কবিৰ সহানুভূতিপূৰ্ণ আচৰণে মগনিয়াৰজনক গভীৰভাৱে স্পৰ্শ কৰিলে। তেওঁ প্রশ্নোদ্ভূত সেই কথাখিনি কৈ কবিক অশেষ ধন্যবাদ জনালে আৰু সেই আন্তৰিকতা, মৰম আৰু সহানুভূতিকেই তেওঁ এক বিশেষ দান হিচাপে গণ্য কৰিলে।

১৪।  ‘ময়ো বুজিলো যে মোৰ এজন লগৰীয়াৰ পৰা ময়ো এটা দান পালোঁ।’-মগনিয়াৰ পাঠটিৰ আধাৰত কথাখিনি মুকলিকৈ বুজাই লিখা।

উত্তৰঃ এদিন কবি যতীন্দ্ৰনাথ দুৱৰাই বাটেদি গৈ আছিল। তেনেতে এটা অতি বেমাৰী, হাড়-ছাল ওলোৱা, বুঢ়া মগনিয়াৰ আহি কবিৰ সন্মুখত থিয় দিলে। মগনিয়াৰজনৰ শেতা ওঁঠ, ৰঙা চকু আৰু গাত পিন্ধা ফটা-চিঙা কাপোৰখিনিয়ে দৰিদ্ৰতাৰ এক শোকাবহ ছবি স্পষ্টকৈ দাঙি ধৰিছিল। তেওঁ উখহা, অপৰিষ্কাৰ হাত মেলি সহানুভূতিৰ আশাৰে কবিৰ ওচৰলৈ আগবাঢ়ি আহিলে।কবিয়ে নিজৰ চোলাৰ মোনাত হাত সুমুৱাই চাই দেখিলে—টকা, ঘড়ী, আনকি এখন ৰুমালও লগত নাছিল। মগনিয়াৰজনৰ দুৰ্বল, কঁপা শৰীৰ দেখি কবিয়ে সহানুভূতিৰে লৰালৰি কৰি ওচৰলৈ গৈ তেওঁৰ হাত দুখন সাৱধানে ধৰি কৈছিল, “মোৰ কাষত একো নাই, অনুগ্ৰহ কৰি খং নকৰিব।”এই মানবিক স্পৰ্শেৰে মগনিয়াৰজনে গভীৰ মৰমেৰে শেতা ওঁঠেৰে হাঁহিলে। কবিয়ে দেখুওৱা সহানুভূতি আৰু মৰমে তেওঁক গভীৰভাৱে স্পৰ্শ কৰিলে। সেয়ে, মগনিয়াৰজনে কবিক অশেষ ধন্যবাদ জনালে আৰু তেনে আন্তৰিকতা, মৰম আৰু সহানুভূতিক “এটা দান” হিচাপে অভিহিত কৰিলে।এই কথোপকথনৰ অন্তত, কবি দুৱৰাই ৰূপকাত্মকভাৱে উল্লেখ কৰে যে তেওঁ যেন যেনেকৈ তেওঁৰ লগৰজনৰ পৰা এটা “দান” পালে। পাঠখনৰ মুখ্য ভাৱ হ’ল দৰিদ্ৰতাৰ গভীৰতা আৰু সেই দৰিদ্ৰতাৰ প্ৰতি কবিৰ আন্তৰিক সহানুভূতি আৰু মানবিৰতা।

১৫। মগনিয়াৰ’ পাঠটিত কথা-কবিতাৰ কি কি লক্ষণ পৰিস্ফুট হৈছে?

উত্তৰঃ যতীন্দ্ৰনাথ দুৱাৰ ৰচিত ‘মগনিয়াৰ’ পাঠটি এটি কথা-কবিতা, য’ত কথা-কবিতাৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ স্পষ্টভাৱে প্ৰকাশ পাইছে। এই কথা-কবিতাটোৰ মুখ্য লক্ষণ সমূহ  হ’ল—(ক) ৰূপাত্মকতা: ‘মগনিয়াৰ’ কবিতাটোত মগনিয়াজনক কেৱল এটা বিশেষ ব্যক্তিৰ ৰূপত নহয়, বৰঞ্চ সমগ্ৰ মগনিয়াৰ শ্ৰেণীৰ প্ৰতীক হিচাপে উপস্থাপন কৰা হৈছে। তেওঁ জীৱনৰ দুখ-কষ্টৰ মাজতো যি ধৈৰ্য্য আৰু সত্যনিষ্ঠাৰে জীৱন যাপন কৰে, তাকেই কবিয়ে ৰূপত্মক ৰূপত দেখুৱাইছে।(খ) চিত্ৰধর্মিতা: কবিতাটিত দৰিদ্ৰতা আৰু অসহায়তাৰ দৃশ্য চিত্ৰৰ দৰে পঢ়ুৱৈৰ সন্মুখত পৰিস্ফুট হয়। কবিয়ে নিজৰ দাৰিদ্ৰ আৰু মগনিয়াৰ জনৰ দুখ-দুৰ্দশাৰ বাস্তৱিক চিত্ৰ খুব আন্তৰিক ভাৱে আঁকিছে।(গ) এটা কেন্দ্ৰস্থ ভাৱ: কথা-কবিতাৰ এটি গুৰুত্বপূর্ণ বৈশিষ্ট্য হ’ল কেন্দ্ৰস্থ একেটা ভাৱৰ উপস্থিতি। ‘মগনিয়াৰ’ কবিতাটোত এই একেটা ভাৱ হ’ল আন্তৰিকতা। কবি আৰু মগনিয়াৰ জনৰ মাজত এই আন্তৰিকতাৰ বন্ধনেই কবিতাটিৰ মূখ্য সাৰভাৱ হিচাপে উদ্ভাসিত হৈছে।এইদৰে, ‘মগনিয়াৰ’ কথা-কবিতাটিত কথা-কবিতাৰ সকলো মুখ্য গুণ-ধর্ম যথেষ্ট সফলতাৰে প্ৰতিফলিত হৈছে।

My name is Manuj Saikia And i Am a graduate and blogger from Dhemaji, Assam. I regularly publishes updates on Assam government jobs, schemes, education, results, and career opportunities on adre.co.in to help students and job seekers stay informed.

Leave a Comment