AHSEC Class 12 Assamese Chapter 8 Answer 2026 | বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ

WhatsApp Group Join Now
Telegram Group Join Now

AHSEC Class 12 Assamese Chapter 8 Answer 2026 | বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ

Are you looking for the AHSEC Class 12 Assamese Chapter 8 Answer 2026? If yes, then you’ve come to the right place. This page provides complete and easy-to-understand Class 12 Assamese Lesson 8 Question and Answer for “বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ”, prepared according to the latest ASSEB (formerly AHSEC) Higher Secondary syllabus.

বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ is an important lesson in the HS 2nd Year Assamese textbook. The chapter emphasizes the importance of developing a scientific mindset in everyday life. It encourages students to think logically, ask questions, verify facts through observation and evidence, and avoid superstitions or blind beliefs. The lesson explains that scientific thinking is not limited to laboratories but is a way of approaching problems with reason, curiosity, and critical thinking.

This chapter is highly relevant in today’s world, where informed decision-making and rational thinking play a significant role in personal and social development. It is also an important lesson from the examination perspective, as questions from this chapter are frequently included in the Higher Secondary Final Examination.

On this page, you will find HS 2nd Year Assamese Chapter 8 Solution written in simple and student-friendly language. The answers are designed to help students understand the lesson thoroughly, revise important concepts quickly, and perform well in board examinations.

What You’ll Find in This Article

  • Complete AHSEC Class 12 Assamese Chapter 8 Answer 2026
  • Class 12 Assamese Lesson 8 Question and Answer
  • Textbook exercise solutions
  • Important short and long answer questions
  • Chapter summary and key points
  • HS 2nd Year Assamese Chapter 8 Notes
  • Exam-oriented revision materials
  • Easy explanations in simple Assamese

Students should first study the chapter from the prescribed textbook and then use these question answers for revision. This method helps strengthen conceptual understanding, improves answer-writing skills, and boosts confidence before the Higher Secondary examination.

Keep visiting our website for the latest AHSEC Class 12 Assamese Question Answers 2026, chapter-wise solutions, important questions, previous year papers, model papers, and study notes prepared according to the updated ASSEB syllabus.

(ক)অতি চমু প্ৰশ্ন ঃ

১। ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’ প্ৰৱন্ধটো লেখকৰ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে ?

উত্তৰঃ ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’ প্রৱন্ধটো লেখক  ড॰ দীনেশ চন্দ্র গোস্বামীৰ ‘বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা’ নামৰ গ্ৰন্থৰ পৰা লোৱা হৈছে।

২। বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি? 

উত্তৰঃ বসন্ত ৰোগৰ বিজ্ঞানসম্মত কাৰণ আধুনিক চিকিৎসা বিজ্ঞানী সকলে প্ৰমাণ কৰি উলিয়াই যে ই অতি ক্ষুদ্ৰ ভাইৰাছ বা বিজাণুৰ দ্বাৰা সৃষ্টি হোৱা ৰোগ। এনে ভাইৰাছৰ পৰা শৰীৰটোক ৰক্ষা কৰিবৰ বাবে বিজ্ঞানে ছিটা আৱিষ্কাৰ কৰি উলিয়াইছে।

৩। আমাৰ বিশ্ব ব্রহ্মাণ্ডখনৰ ৰহস্য উদ্‌ঘাটনৰ ব্যবস্থাটোক কি বুলি কোৱা হয় ?

উত্তৰঃ আমাৰ বিশ্ব ব্রহ্মাণ্ডখনৰ ৰহস্য উদ্‌ঘাটনৰ ব্যবস্থাটোক ‘বিজ্ঞান’ বুলি কোৱা হয়।

৪। যাদু-মন্ত্র বা তাবিজ-বিভূতিৰে ৰোগ নিৰাময় কৰিব পাৰিনে?

উত্তৰঃ যাদু-মন্ত্র বা তাবিজ-বিভূতিৰে ৰোগ নিৰাময় কৰিব নোৱাৰি।

৫। ড॰ দীনেশ চন্দ্র গোস্বামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম লিখা।

উত্তৰঃ ড॰ দীনেশ চন্দ্র গোস্বামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম হ’ল ‘দৃষ্টি’।

(খ) চমু প্ৰশ্ন:

১। ‘সপোনত পোৱা ঔষধ’ ৰোগীয়ে কিয় ব্যবহাৰ কৰা অনুচিত?

উত্তৰঃ সপোনে হৈছে অচেতন মনৰ বাৰ্তা বাহক।প্ৰাচীন কালত সপোনক কিছুমান ঐশ্বৰিক বাৰ্তাৰ সাংকেতিক প্ৰকাশ বুলি কোৱা হৈছিল।কাৰণ কিছুমান মানুহে হঠাতে ৰাতি সপোনত কোনো শক্তিৰ পৰা মানুহৰ ৰোগৰ ঔষধ পোৱা বুলি দাবী কৰে ।আন দুই এজন মানুহে ভূত ভৱিষ্যতৰ কথা ক’ব পৰা,প্ৰায় সকলো ৰোগ নিৰাময় কৰিব পৰা হোৱা বুলি দাবী কৰে। কিন্তু এই দাবীৰ কোনো ভিত্তি নাই আৰু সময়ত এইবোৰ মিছা বুলিও প্ৰমাণিত হৈছে।সেয়ে সপোনত পোৱা ঔষধ গ্রহণ কৰি নিজৰ লগতে আনৰ অপকাৰ কৰাতকৈ সেই ঔষধ গ্ৰহণ নকৰাটোৱেই উচিত।

২। বাহ্যিক জীৱনৰ বাবে প্রয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ বেছি মূল্যৱান অৱদান কি?

উত্তৰঃ বাহ্যিক জীৱনৰ বাবে প্রয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যৱান অৱদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি। বিজ্ঞানী সকলে কোন বস্তু বা ঘটনা লক্ষ্য বা পর্যবেক্ষণ কৰে, তাৰ পিছত তথ্যবোৰ সুন্দৰকৈ সজাই লৈ এইটো এনে এটা বস্তু বা এইটো এনে পৰিঘটনা হ’ব লাগে বুলি এটা উপকল্প, এটা ধাৰণা কৰি লয়।তাৰ পাছত নতুন তথ্য আৰু নতুন পর্যবেক্ষণেৰে তেওঁলোকে আগৰ উপকল্প বা ধাৰণাটো সঁচা নে মিছা সেয়া প্রমাণ কৰিহে গ্ৰহণ কৰে।

৩। মুকলি মন মানে কি?

উত্তৰঃ আঁকোৰ-গোজ হৈ পুৰণা কথা বা ধাৰণাবোৰত লাগি নাথাকি নতুন কথা,নতুন সিদ্ধান্ত গ্রহণ কৰিব পৰা মনটোৱে ব্যক্তি আৰু সমাজক উন্নতিৰ জখলাৰে আগুৱাই লৈ যায়।এইয়াই হৈছে মুকলি মনৰ কথা অর্থাৎ এইয়াই হৈছে মুকলি মন।

৪। ভূত-প্রেত, দেৱতা-অপদেৱতা আদিৰ বাস্তৱ ভিত্তি আছেনে ?

উত্তৰঃ ভূত-প্রেত, দেৱতা-অপদেৱতা আদিৰ কোনো বাস্তৱ ভিত্তি নাই। এইবোৰ একো একোটা অন্ধবিশ্বাসহে।

৫। আদিম মানুহে জুইৰ আৱিষ্কাৰ কিদৰে কৰিছিল ?

উত্তৰঃ আদিম মানুহ এজনে এনেয়ে শিলত শিল দলিয়াই থাকোঁতে শিলে শিলে ঘর্ষণ হৈ জুই উঠিল। সেই পর্যবেক্ষণৰ পিছত তেওঁ জুই তোলা প্রক্রিয়াটো বাৰে বাৰে কৰি চালে।তেওঁ জুইৰ ধৰ্ম অধ্যয়ন কৰিলে,জুইৰ নানা ব্যৱহাৰ আয়ত্ত কৰিলে।এনেদৰেই জুইৰ আৱিষ্কাৰ কৰিছিল।

(গ) দীঘল প্ৰশ্নঃ 

১। ‘আমাৰ বিশ্ব ব্রহ্মাণ্ডখনৰ ৰহস্য উদ্‌ঘাটনৰ ব্যৱস্থাটোৱেই হ’ল বিজ্ঞান’ – কথাষাৰ বুজাই লিখা।

উত্তৰঃ আমাৰ বিশ্ব ব্রহ্মাণ্ডখনৰ ৰহস্য উদ্‌ঘাটনৰ ব্যৱস্থাটোৱেই হ’ল বিজ্ঞান।বিজ্ঞানত আমি দেখা বস্তু আৰু ঘটনাবোৰৰ একোটা সুসংবদ্ধ ব্যাখ্যা দিবলৈ চেষ্টা কৰা হয়।কিন্তু এই ব্যাখ্যাবোৰ পৰীক্ষা কৰি চাব পৰা বিধৰ হ’ব লাগিব। পর্যবেক্ষণ কৰা,জোখ-মাপ লোৱা , সত্যৰ অনুসন্ধান কৰা,বস্তু বা ঘটনাৰ ধর্ম বা চৰিত্ৰ ফঁহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্তলৈ অহা ,এইবোৰ হ’ল বিজ্ঞানীৰ কাম।

বিজ্ঞানৰ আৱিষ্কাৰৰ দিশলৈ চাব গ’লে দেখা যায় যে -আদিম মানুহ এজনে শিলত শিল দলিয়াই থাকোতে শিলে শিলে ঘর্ষণ হৈ জুই উঠিল। সেই পর্যবেক্ষণৰ পিছত তেওঁ জুই জ্বলি উঠা প্রক্রিয়াটো বাৰে বাৰে কৰি থাকিল আৰু সিদ্ধান্তলৈ আহিল যে শিলে শিলে ঘর্ষণ খালে জুই উঠে। তেওঁ জুইৰ ধৰ্ম অধ্যয়ন কৰিলে। এনেদৰে আদিম মানুহে জুইৰ ব্যৱহাৰ শিকিলে। তাৰ পিছত প্রথম বিজ্ঞানীজনে নিজকে সুধিলে – জুই কেনেকৈ জ্বলে,কেনেকৈ এই জুই অন্য  ঠাইলৈ নিব পাৰি।তাৰ উত্তৰ বিচাৰি তেওঁ বিভিন্ন বস্তু ঘঁহি চাইছিল। বিভিন্ন বস্তুৰে জুই ধৰি ৰাখিবলৈ চেষ্টা কৰিছিল। এয়াই আছিল প্রথম বিজ্ঞানীজনৰ পদ্ধতি।

See also  AHSEC Class 12 Assamese Chapter 12 Answer 2026 | জনতাৰ আহ্বান

প্রথম বিজ্ঞানীজনৰ পদ্ধতি আজিৰ যুগতো একেবাৰে সলনি হোৱা নাই। মাত্র সি  বেছি সুক্ষ্ম, বেছি নিখুঁত হৈছে। আজিৰ সমাজৰ বিজ্ঞানীজনে খালী চকু, খালী হাতেৰে পর্যবেক্ষণ তথা পৰীক্ষা কৰাৰ সলনি উন্নত যন্ত্রপাতি, উন্নত কৌশল ব্যৱহাৰ কৰিছে। পর্যবেক্ষণৰ বাবে তেওঁৰ হাতত  এক্স-ৰশ্মিৰ দূৰবীণ, আলোকীয় বা ৰেডিঅ’  দূৰবীণ, অণুবীক্ষণ যন্ত্র, লেজাৰ ৰশ্মি, অপটিকেল ফাইবাৰ আদি আছে। পৰীক্ষাৰ বাবে তেওঁৰ হাতত উন্নত তর্জুৰ পৰা  আৰম্ভ কৰি পদার্থ-কণা-ত্বৰকৰ দৰে হেজাৰ হেজাৰ বস্তু আছে।মুঠতে ক’ব পাৰি যে বিজ্ঞানী সকলে  আমাৰ বিশ্ব ব্রহ্মাণ্ডখনৰ ৰহস্য উদ্‌ঘাটনৰ বাবে প্ৰত্যেক সময়তে চেষ্টা চলাই আহিছে।

 ২। বৈজ্ঞানিক মানসিকতা মানে কি ? বুজাই লিখা।

উত্তৰঃ সাধাৰণতে বৈজ্ঞানিক মানসিকতা মানে বিজ্ঞানসন্মত ভাৱে কোনো বস্তু বা ঘটনা চালি-জাৰি চোৱা মানসিক শক্তিকেই বুজা যায়।বৰ্তমান যুগটো বিজ্ঞানৰ যুগ বুলি কোৱা হয়। বিজ্ঞানৰ আৱিষ্কাৰবোৰৰ কাৰণে মানুহৰ জীৱন ধাৰণৰ মান সম্প্ৰতি যথেষ্ট উন্নতি হৈছে।বৈজ্ঞানিক মানসিকতা গঢ় ল’বৰ বাবে মানুহজন কোনো বিশেষ ডিগ্ৰীধাৰী হোৱাৰ প্ৰয়োজন নাই।এজন নিৰক্ষৰ মানুহৰো বৈজ্ঞানিক দৃষ্টিভঙ্গী থাকিব পাৰে। আনহাতে শিক্ষিত লোক এজনো পৰম্পৰাবাদী আৰু অন্ধবিশ্বাসী হ’ব পাৰে। সমাজৰ পৰা কুসংস্কাৰ আৰু অন্ধবিশ্বাস আঁতৰাই বৈজ্ঞানিক যুক্তি বা চিন্তাৰ বীজ ৰোপণ কৰাটো অতি প্ৰয়োজন।

৩। বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত কেনেদৰে অৰিহণা যোগায়?

উত্তৰঃ বৰ্তমানৰ যুগ হৈছে বিজ্ঞানৰ যুগ। বিজ্ঞানৰ মানৱ জাতিলৈ মূল্যৱান অৱদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি।বিজ্ঞানী সকলে কোন বস্তু বা ঘটনা লক্ষ্য বা পর্যবেক্ষণ কৰে,তাৰ নতুন তথ্য আৰু নতুন পর্যবেক্ষণেৰে তেওঁলোকে আগৰ উপকল্প বা ধাৰণাটো সঁচা নে মিছা সেয়া প্রমাণ কৰিহে গ্ৰহণ কৰে।

বৈজ্ঞানিক মানসিকতাই সমাজৰ প্রগতিত অৰিহণা যোগায়।বৈজ্ঞানিক মানসিকতা থকা ব্যক্তিয়ে কেতিয়ও ভুত-পিশাচ ,দেৱ-দেৱতা  আদি বিশ্বাস নকৰে যদিহে এইবোৰৰ কোনো প্রমাণ নাথাকে।তেনেদৰে  বৈজ্ঞানিক মানসিকতা থকা ব্যক্তিয়ে সপোনত পোৱা ঔষধৰ ওপৰতো বিশ্বাস নকৰে। কাৰণ এইবোৰে ব্যক্তি আৰু সমাজৰ অনিষ্ট সাধন কৰে।ঠিক সেইদৰে  বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসম্মত কাৰণ,দাঁতৰ পোক ধৰাৰ কাৰণ,ডাইনী হত্যা আদি অন্ধবিশ্বাসৰ বিষয়ে জনাত আমাক বৈজ্ঞানিক মানসিকতাৰ প্ৰয়োজন।

৪। প্ৰসংগ সংগতি দর্শাই ব্যাখ্যা কৰা – ‘বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি’।

উত্তৰঃ প্ৰসংগঃ উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তর্গত ড॰ দীনেশ চন্দ্র গোস্বামীৰ দ্বাৰা ৰচিত ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’ শীর্ষক প্রৱন্ধটোৰ পৰা লোৱা হৈছে।

সংগতিঃকথাফাঁকিৰ জৰিয়তে বিজ্ঞানৰ সকলো ক্ষেত্ৰতে মুকলি মনটোৰ কিমান গুৰুত্ব আছে,সেই বিষয়ে প্ৰকাশ কৰিছে।

ব্যাখ্যাঃ আঁকোৰ গোজ হৈ অযুক্তিকৰ পুৰণি কথা বা ধাৰণাবোৰত লাগি নাথাকি নতুন কথা বা নতুন সিদ্ধান্ত গ্রহণ কৰিব পৰা মানসিকতাই হ’ল মুকলি মন ।এনে মনে ব্যক্তি আৰু সমাজক উন্নতিৰ জখলাৰে আগুৱাই লৈ যায়।এইয়াই হৈছে মুকলি মন।বিজ্ঞানীসকল এনে মুক্ত মনৰ অধিকাৰী। তেওঁলোকে সকলো পুর্ব বিশ্বাসৰ পৰা মুক্ত মনলৈ কোনো ঘটনা পর্যবেক্ষণ কৰি তথ্যবোৰ সুন্দৰকৈ সজাই ঘটনাটোৰ এক উপকল্প তৈয়াৰ কৰি লয়। পিছত তেনে ঘটনা বা বিষয়ৰ ওপৰত নতুন নতুন তথ্য সংগ্রহ কৰি ধাৰণাটোৰ সঁচা-মিছা নির্ণয় কৰি এক সুস্থিৰ সিদ্ধান্তত উপনীত হয়। মুকলি মনৰ অধিকাৰী হোৱাৰ বাবেই সমাজৰ বহুতো লোক  অন্ধবিশ্বাস,পৰম্পৰাবাদী ঠেক গণ্ডীৰ পৰা বাহিৰলৈ ওলাই আহিব পাৰিছে।সেইবাবে বিজ্ঞানৰ গোটেই পদ্ধতিটোতে মুকলি মনৰ গুৰুত্ব বৰ বেছি।

৫। বৈজ্ঞানিক মানসিকতাৰ অভাৱত আমাৰ সমাজত বৰ্তি থকা তিনিটা অন্ধবিশ্বাসৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ বৈজ্ঞানিক মানসিকতাৰ অভাৱত এতিয়াও আমাৰ সমাজত বহুতো অন্ধবিশ্বাস বৰ্তি আছে।তাৰে তিনিটা হৈছে-

(ক) বৰ আই,সৰু আই আদি আই বা বসন্ত ৰোগ আদি শীতলা দেৱী বা অন্য কোনো দেৱীৰ ৰোষত হোৱা বুলি মানুহে বিশ্বাস কৰে। তেনে দেৱ দেৱী, ভূত-প্ৰেতক সন্তুষ্ট কৰিবলৈ তেওঁলোকে নানা পূজা, নাম-সবাহ আদি কৰে। কিন্তু ইয়াৰ প্ৰকৃত কাৰণ বেলেগ।(।।) কিছুমান মানুহে হঠাতে ৰাতি সপোনত কোনো শক্তিৰ পৰা মানুহৰ ৰোগৰ ঔষধ পোৱা বুলি দাবী কৰে ।আন দুই এজন মানুহে ভূত ভৱিষ্যতৰ কথা ক’ব পৰা, প্ৰায় সকলো ৰোগ নিৰাময় কৰিব পৰা হোৱা বুলি দাবী কৰে। কিন্তু এই দাবীৰ কোনো ভিত্তি নাই আৰু সময়ত এইবোৰ মিছা বুলিও প্ৰমাণিত হৈছে।

(খ) বৈজ্ঞানিক মানসিকতাৰ অভাৱত দূষিত খোৱাপানীৰ গ্ৰহণ কৰাৰ বাবে ডায়েৰিয়া, মেলেৰিয়া, জণ্ডিছ আদি নানাবিধ ৰোগ হ’ব পাৰে। এইবোৰ ৰোগৰ নির্দিষ্ট কাৰণ আছে আৰু ইয়াৰ প্রতিষেধক ,চিকিৎসাৰো বৈজ্ঞানিক উপায় আছে।

ওপৰঞ্চি প্ৰশ্ন:

১। ড॰ দীনেশ চন্দ্র গোস্বামীয়ে কি কি বিষয়ক গ্ৰন্থ ৰচনা কৰে? 

উত্তৰঃ ড॰ দীনেশ চন্দ্র গোস্বামীয়ে জনপ্ৰিয় বিজ্ঞান (Popular Science) আৰু কল্প বিজ্ঞান (Science Fiction) বিষয়ক প্ৰায় আঢ়ৈ কুৰিখন গ্ৰন্থ ৰচনা কৰে।

২। আজিৰ বিজ্ঞানীয়ে খালী চকু,খালী হাতেৰে পৰীক্ষা কৰাৰ সলনি  কি উন্নত কৌশল ব্যৱহাৰ কৰে?

উত্তৰঃ আজিৰ বিজ্ঞানীয়ে খালী চকু,খালী হাতেৰে পৰীক্ষা কৰাৰ সলনি এক্স-ৰশ্মিৰ দূৰবীণ, আলোকীয় বা ৰেডিঅ’ দূৰবীণ, অনুবীক্ষণ যন্ত্ৰ,লেজাৰ ৰশ্মি,অপটিকেল ফাইবাৰ আদি ব্যৱহাৰ কৰে।

৩। আই ওলালে গোসানীৰ নাম ধৰা বা গোপিনী সবাহ পতাতে লিখকৰ মতে কোন ধৰণৰ অনুষ্ঠান ?

উত্তৰঃ আই ওলালে গোসানীৰ নাম ধৰা বা গোপিনী সবাহ পতাটো লিখকৰ মতে ধর্মীয় অনুষ্ঠান।

৪। দাঁতৰ পোকবোৰ প্ৰকৃততে কি হয়?

উত্তৰঃ দাঁতৰ পোকবোৰ প্ৰকৃততে একপ্রকাৰ অণুজীৱ হয়।

৫। বিশুদ্ধ খোৱাপানীৰ অভাৱত মূলতঃ কেনে ধৰণৰ ৰোগ হ’ব পাৰে ?

উত্তৰঃ বিশুদ্ধ খোৱাপানীৰ অভাৱৰ বাবে ডায়েৰিয়া, মেলেৰিয়া, জণ্ডিছ আদি নানা ধৰণৰ ৰোগ হ’ব পাৰে। কাৰণ এই বেমাৰবোৰ পানীৰ পৰা সৃষ্টি হয়।

৬। বিজ্ঞান বুলিলে কি বুজা ?

উত্তৰঃ আমাৰ বিশ্বব্রহ্মগুৰ ৰহস্য উদ্‌ঘাটনৰ ব্যৱস্থাটোৱেই হ’ল বিজ্ঞান।

৭। বসন্ত ৰোগ কিহৰ পৰা সৃষ্টি হয়?

উত্তৰঃ বসন্ত ৰোগ একোবিধ অতি ক্ষুদ্র ‘ভাইৰাছ’ বা বীজাণুৰ পৰা সৃষ্টি হয়।

৮। বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’- শীর্ষক পাঠটি ক’ৰপৰা লোৱা হৈছে

উত্তৰঃ ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো প্ৰবন্ধটো লেখকৰ ‘বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা গ্ৰন্থৰ পৰা লোৱা হৈছে।

৯। বৰ্তমান যুগটোক কিহৰ যুগ বুলি কোৱা হয়? 

উত্তৰঃ বৰ্তমান যুগটোক বিজ্ঞানৰ যুগ বুলি কোৱা হয়

১০। আমাৰ সমাজৰ অমানৱীয় আরু নিকৃষ্ট কথা বুলি লেখকে উল্লেখ কৰা ঘটনাটো কি?

উত্তৰঃ লেখক ড° দীনেশ চন্দ্ৰ গোস্বামীদেৱৰ মতে, ডায়েৰিয়া, মেলেৰীয়া, জণ্ডিছ আদি ৰোগৰ সৃষ্টি বা আৰোগ্য কোনো যাদু-মন্ত্র, তাবিজ বা বিভূতিৰ দ্বাৰা সম্ভৱ নহয়। এই ৰোগবোৰৰ চিকিৎসা বৈজ্ঞানিক আৰু চিকিৎসাগত পদ্ধতিতেই সম্ভৱ।

See also  AHSEC Class 12 Assamese Chapter 5 Answer 2026 | ভাৰতীয় আদৰ্শত বৈৰাগ্য

তথাপি, কিছুমান স্বাৰ্থপৰ, কূপমণ্ডূক আৰু চতুৰ লোকে সমাজৰ অশিক্ষিত বা অজ্ঞ জনসাধাৰণৰ অজ্ঞানতাক সুযোগ হিচাপে লৈ বিশেষকৈ দুখীয়া, অসহায় তিৰোতা অথবা পৰিয়ালক “ডাইনী” বুলি আখ্যা দিয়ে। ফলস্বৰূপে, সেইসকলৰ ওপৰত অমানৱীয় অত্যাচাৰ কৰা হয়, কেতিয়াবা হত্যা পৰ্যন্ত কৰা হয়।

এইধৰণৰ ঘটনা সম্পৰ্কে লেখকে তীব্ৰ নিন্দা প্ৰকাশ কৰি কৈছে যে, এইবোৰ সমাজৰ অমানৱীয়তা আৰু নিকৃষ্ট মানসিকতাৰ দৃষ্টান্ত। লেখকৰ মতে, এই ধৰণৰ কুসংস্কাৰ আৰু হিংসাত্মক ব্যৱহাৰ সমাজৰ বাবে অপমানজনক আৰু ত্যাজ্য।

১১। ড॰ দীনেশ চন্দ্ৰ গোস্বামীয়ে ৰচনা কৰা দুখন গ্ৰন্থ নাম লিখা?

উত্তৰঃ  ড॰ দীনেশ চন্দ্ৰ গোস্বামীয়ে ৰচনা কৰা দুখন গ্ৰন্থ নাম  হ’ল- 

১। বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা আৰু 

২। শতাধিক মহান বিজ্ঞানী। 

১৯। বিজ্ঞান বুলিলে কাক বুজায়?

উত্তৰঃ বিজ্ঞান বুলিলে আমি আমাৰ বিশ্ব-ব্ৰহ্মাণ্ডৰ নানা ৰহস্য আৰু নিয়মবোৰ বুজি পোৱাৰ এক পদ্ধতিক বুজাও। ই হৈছে এখন সুসংগঠিত জ্ঞান-পদ্ধতি, যাৰ জৰিয়তে দেখা বস্তু আৰু ঘটনাবোৰৰ যুক্তিসংগত ব্যাখ্যা দিয়া হয়। বিজ্ঞানত পৰ্যবেক্ষণ, পৰীক্ষা আৰু বিশ্লেষণৰ মাধ্যমেৰে সত্যৰ সন্ধান কৰা হয়।

২০। বিজ্ঞানীৰ কাম কি?

উত্তৰঃ বিজ্ঞানীৰ মূল দায়িত্ব হ’ল—আমাৰ চাৰিওফালে দেখা বস্তু আৰু ঘটনাবোৰৰ সুচিন্তিত পৰ্যবেক্ষণ কৰা, সঠিকভাৱে জোখ-মাপ লোৱা আৰু সেয়াৰ জৰিয়তে সত্যৰ সন্ধান কৰা। তেওঁলোকে বস্তু বা ঘটনাৰ গঠন, ধৰ্ম আৰু আচৰণ বিশ্লেষণ কৰি তাতকৈ কোনো যুক্তিসংগত সিদ্ধান্তলৈ উপনীত হয়। লগতে, বিজ্ঞানীসকলে বিশ্ব-ব্ৰহ্মাণ্ডৰ গভীৰ ৰহস্যসমূহ উদঘাটনৰ প্ৰচেষ্টাত নিয়োজিত থাকে আৰু সমাজৰ অভাৱ আৰু প্ৰয়োজনবোৰ উপলব্ধি কৰি নতুন নতুন আবিষ্কাৰৰ মাধ্যমেৰে উন্নতিৰ পথ উন্মোচন কৰে।

২১। শিশুৰ ৰোগ প্ৰতিৰোধৰ বাবে বিজ্ঞানীসকলে কি আৱিস্কাৰ কৰিছে?

উত্তৰঃ শিশুৰ ৰোগপ্ৰতিৰোধৰ উদ্দেশ্যে বিজ্ঞানীসকলে নানা ধৰণৰ বেজি, ছিটা তথা প্রতিষেধক আৱিষ্কাৰ কৰিছে। লগতে, শিশুৱে জন্মৰ পৰাই যিসকল ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে, সেইবোৰৰ পৰা সুৰক্ষিত ৰাখিবলৈ তেওঁলোকে বিশেষ ধৰণৰ ঔষধ আৰু প্রতিষেধক বিকাশ কৰিছে, যাৰ সহায়ত শিশু সুস্থ আৰু সবলভাৱে ডাঙৰ হৈ উঠিব পাৰে।

২২। ডায়েৰিয়া, মেলেৰিয়া আদি ৰোগ যাদুমন্ত্র বা তাবিজ আদিৰে সৃষ্টি বা নিৰাময় কৰিব পাৰিনে?

উত্তৰঃ ডায়েৰিয়া, মেলেৰিয়া আদি ৰোগ যাদু-মন্ত্ৰ, তাবিজ বা বিভূতিৰ দ্বাৰা সৃষ্টি হোৱা বা নিৰাময় হোৱা একেবাৰে অসম্ভৱ। কিন্তু কিছুমান চতুৰ আৰু স্বাৰ্থলোভী ব্যক্তি সমাজৰ অশিক্ষিত আৰু সহজ-সৰল মানুহক বিভ্ৰান্ত কৰি তাবিজ-মন্ত্ৰৰে এই ৰোগসমূহ ভাল হয় বুলি ভ্ৰান্ত ধাৰণা দিয়ে আৰু তাৰ ফলত ধন আদায় কৰে। অধিক উদ্বেগজনক বিষয় হ’ল—এইবোৰ বিশ্বাসৰ আধাৰত কিছুমান দুখীয়া, অসহায় বিশেষকৈ তিৰোতাক “ডাইনী” বুলি আখ্যা দি তেওঁৰ ওপৰত শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰা হয়, কেতিয়াবা হত্যা পৰ্যন্ত কৰা হয়। এই ধৰণৰ ঘটনা সমাজৰ অন্ধবিশ্বাস আৰু অমানৱীয়তাৰ জ্বলন্ত প্ৰমাণ।

২৩। কি গুণৰ বাবে মানুহ উন্নতিৰ পথেৰে আগুৱাই গৈছে- চমুকৈ বুজাই লিখা

উত্তৰঃ মানুহৰ বুদ্ধি আৰু অনুসন্ধিৎসাৰ গুণেই তেওঁক উন্নতিৰ পথেৰে আগুৱাই লৈ গৈছে। এই গুণৰ ফলত মানুহে প্ৰকৃতিৰ নানা গুপ্ত সত্য আৰু ৰহস্য উদঘাটন কৰিবলৈ সক্ষম হৈছে। বুদ্ধি আৰু জ্ঞান-বিচাৰৰ দ্বাৰা তেওঁ প্রাকৃতিক শক্তি আৰু সম্পদবোৰ নিজৰ জীৱনমান উন্নত কৰিবলৈ সদ্ব্যৱহাৰ কৰিছে।

মানুহৰ চিন্তা-ক্ষমতা, বিশ্লেষণ ক্ষমতা তথা অনুসন্ধিৎসাই তেওঁক সাধাৰণ আদিম অৱস্থাৰ পৰা আধুনিক বিজ্ঞানভিত্তিক সমাজলৈ উন্নীত কৰিছে। যিকোনো বস্তু বা ঘটনাক গভীৰভাৱে ভাঙি-পাতি চাব পাৰা, তাৰ কাৰণ-বিচাৰ কৰিব পাৰা, আৰু সঠিক সিদ্ধান্ত লৈ আগবাঢ়ি যাব পাৰা মানৱীয় বুদ্ধিৰ অসাধাৰণ গুণ। এই গুণবোৰৰ ফলতেই মানুহে জীৱনক অধিক সাৰগর্ভ, সুশৃঙ্খল আৰু সমৃদ্ধিশালী কৰি তুলিবলৈ সক্ষম হৈছে।

২৪। বিজ্ঞানৰ মানৱ জাতিলৈ মূল্যৱান অৱদান সম্পর্কে লেখকে প্ৰকাশ কৰা কথাখিনি বুজাই লিখা।

উত্তৰঃ বিজ্ঞানৰ মানৱ জাতিৰ প্ৰতি অন্যতম মূল্যৱান উপহাৰ হৈছে—বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি। এইবোৰই মানুহক যুক্তিসম্পন্ন, প্ৰগতিশীল আৰু উন্নয়নমুখী কৰি তুলিছে।

বৈজ্ঞানিক চিন্তাধাৰাৰ ফলত আজি পৃথিৱীত নানা নতুন আৱিষ্কাৰ সম্ভৱ হৈছে। অতীতত যিবোৰ ৰোগৰ কাৰণ বুজা নাছিল, সেইবোৰক দেৱ-দেৱতা, ভূত-পিশাচৰ কাণ্ড বুলি ভৱা হৈছিল। কিন্তু বিজ্ঞানৰ প্ৰভাৱত বসন্ত ৰোগ, সৰু আই, মাজো আই আদিৰ দৰে ভয়ংকৰ বেমাৰৰ ঔষধ আৰু প্ৰতিষেধক আৱিষ্কাৰ হৈছে আৰু চিকিৎসাৰ ব্যৱস্থাও গঢ়ি উঠিছে। বিশেষকৈ ‘বৰ আই’ ৰোগ বিজ্ঞানৰ জৰিয়তে গোটেই পৃথিৱীৰ পৰা সম্পূৰ্ণভাৱে নির্মূল কৰা হৈছে, যি এক বিস্ময়কৰ সফলতা।

বিজ্ঞানৰ আন এক বিশেষ অৱদান হৈছে—বৈজ্ঞানিক মনোভাৱ। এই মনোভাৱই মানুহক মুক্ত আৰু খোলা মনৰে চিন্তা কৰিবলৈ উৎসাহিত কৰে। তাৰ ফলস্বৰূপে, মানুহে পুৰণি আঁকোৰ-গোজ, কুসংস্কাৰ ত্যাগ কৰি নতুন চিন্তা, নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। ফলত, ব্যক্তি আৰু সমাজ উভয়েই উন্নতিৰ দিশে আগবাঢ়িছে। উদাহৰণস্বৰূপে, অতীতৰ প্ৰচলিত নীতি-নিয়মৰ পৰিচৰ্যা কৰি আজিৰ উন্নত বীজ, নব্য কৃষি পদ্ধতি আদি ব্যৱহাৰৰ জৰিয়তে কৃষি খণ্ডতো উন্নতি সাধিত হৈছে।

উল্লেখযোগ্যভাৱে, বিজ্ঞানৰ বৈজ্ঞানিক পদ্ধতি এক সুসংহত, যুক্তিনির্ভৰ পথ। বিজ্ঞানীসকলে প্ৰথমে বস্তু বা ঘটনাৰ পৰ্যবেক্ষণ কৰে, তাৰপিছত সংগৃহীত তথ্যৰ ভিত্তিত উপকল্প বা ধাৰণা গঠন কৰে। তাৰ পাছত পুনৰ নতুন তথ্য আৰু পৰীক্ষণৰ সহায়ত সেই ধাৰণাৰ সত্যতা যাচাই কৰে। যদি আগৰ ধাৰণাটো ভুল প্ৰমাণিত হয়, তেন্তে বিজ্ঞানীসকলে আপত্তি নকৰি সেয়া ত্যাগ কৰে আৰু নতুন সত্য গ্ৰহণ কৰে। এই পদ্ধতিৰে বিজ্ঞানীসকলে আহাৰ, আশ্রয়, বস্ত্ৰ আদি জীৱন-প্ৰয়োজনীয় ক্ষেত্ৰত বহুবিধ সমস্যাৰ সমাধান কৰিছে।

এইদৰে, বিজ্ঞানৰ দ্বাৰা মানৱ জাতিয়ে অজানক জানিবলৈ শিকিছে আৰু নিজৰ জীৱনমান উন্নত কৰি তুলিছে।

২৫। ভূত-প্রেত, দেৱতা অপদেৱতা আদিৰ বাস্তৱ ভিত্তি আছেনে? কিছুমান মানুহে এইবোৰত গভীৰ বিশ্বাস কৰাৰ ফলত আমাৰ সমাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি হৈছে- আলোচনা কৰা।

উত্তৰঃ ভূত-প্ৰেত, দেৱতা, অপদেৱতা আদি বিশ্বাসৰ কোনো বৈজ্ঞানিক বা বাস্তৱ ভিত্তি নাই। তথাপিও কিছুমান চতুৰ আৰু স্বাৰ্থপৰ ব্যক্তি সমাজৰ অজ্ঞ, দুখীয়া, বিশেষকৈ তিৰোতা লোকক লক্ষ্য কৰি তেওঁলোকক “ডাইনী” বুলি আখ্যা দিয়ে আৰু নিৰ্মমভাৱে অত্যাচাৰ কৰে, কেতিয়াবা হত্যা পৰ্যন্ত কৰে। এইধৰণৰ অপকাৰ্য অমানৱীয় আৰু নিকৃষ্ট মানসিকতাৰ পৰিচায়ক।

বেছি চিন্তাজনক কথা হ’ল—সমাজৰ এখন অংশ এই ভূত-প্ৰেত, দেৱতা-অপদেৱতাৰ অস্তিত্বত গভীৰ বিশ্বাস ৰাখে। এই অন্ধবিশ্বাসৰ ফলস্বৰূপে বহু লোক বিভ্ৰান্ত হয় আৰু সমাজত ভয়, সন্দেহ আৰু হিংসাৰ বাতাৱৰণ সৃষ্টি হয়। ফলত, নিৰীহ, অসহায় বিশেষকৈ দুখীয়া মহিলাবোৰক ডাইনী বুলি আখ্যা দি অত্যাচাৰ আৰু হত্যাৰ ঘটনা সংঘটিত হয়।

এইধৰণৰ ঘটনা কিছু অন্ধবিশ্বাসী লোকৰ পৃষ্ঠপোষকতাত সমাজত অহৰহেই ঘটিবলৈ দেখা যায়। এনে বিশ্বাস আৰু আচৰণে ব্যক্তিগত আৰু সামাজিক উভয় দিশৰ পৰা ক্ষতি সাধন কৰে। সেয়ে, এনে অন্ধবিশ্বাসৰ বিৰুদ্ধে সচেতনতা বৃদ্ধি আৰু বিজ্ঞানভিত্তিক চিন্তাধাৰা প্ৰসাৰৰ প্ৰয়োজন আছে।

My name is Manuj Saikia And i Am a graduate and blogger from Dhemaji, Assam. I regularly publishes updates on Assam government jobs, schemes, education, results, and career opportunities on adre.co.in to help students and job seekers stay informed.

Leave a Comment