AHSEC Class 12 Assamese Chapter 13 Answer 2026 | কাঠমিস্ত্ৰীৰ ঘৰ

WhatsApp Group Join Now
Telegram Group Join Now

AHSEC Class 12 Assamese Chapter 13 Answer 2026 | কাঠমিস্ত্ৰীৰ ঘৰ

Are you searching for the AHSEC Class 12 Assamese Chapter 13 Answer 2026? If yes, you’ve come to the right place. This page provides complete and easy-to-understand Class 12 Assamese Question Answer for Lesson 13 – “কাঠমিস্ত্ৰীৰ ঘৰ”, prepared according to the latest ASSEB (formerly AHSEC) Higher Secondary syllabus.

কাঠমিস্ত্ৰীৰ ঘৰ is an important poem included in the Group-2 (পদ্য) section of the HS 2nd Year Assamese textbook. The poem beautifully portrays the life, struggles, dignity, and hard work of ordinary working people. Through vivid imagery and meaningful expressions, the poet highlights the importance of labour, self-respect, and the contribution of craftsmen to society. The poem encourages readers to respect every profession and recognize the value of honest work.

This lesson is one of the important chapters in the Higher Secondary Assamese syllabus and is frequently asked in school examinations as well as the ASSEB HS Final Examination. Therefore, students should understand the poem’s central idea, literary beauty, and hidden message before attempting the textbook exercises.

On this page, you will find HS 2nd Year Assamese Chapter 13 Solution written in simple and student-friendly language. The answers are prepared according to the latest examination pattern to help students understand the chapter clearly and perform well in the board examination.

What You’ll Find in This Article

  • Complete AHSEC Class 12 Assamese Chapter 13 Answer 2026
  • Lesson 13 Class 12 Assamese Question and Answer
  • Textbook exercise solutions
  • Important short and long answer questions
  • Stanza-wise explanation in simple language
  • HS 2nd Year Assamese Chapter 13 Notes
  • Important board examination questions
  • Quick revision notes for the HS Final Exam

Students are advised to read the poem carefully from the prescribed textbook before referring to these answers. Understanding the meaning and message of the poem first will make revision easier, improve answer-writing skills, and help secure better marks in the Higher Secondary examination.

Keep visiting our website for the latest AHSEC Class 12 Assamese Question Answers 2026, chapter-wise solutions, important questions, previous year papers, model papers, and study materials prepared according to the updated ASSEB syllabus.

(ক) অতি চমু প্ৰশ্নঃ

১। কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটো কিমান চনত ৰচিত?

উত্তৰঃ কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটো ১৯৩৯ চনত ৰচিত।

২। কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ এখন কবিতাপুথিৰ নাম লিখা।

উত্তৰঃ কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ এখন কবিতাপুথিৰ নাম হ’ল ‘অভিযান’।

৩। কবিতাটিত ‘প্ৰৱাল দ্বীপৰ শৃঙ্গৰ দৰে’ বুলি কিহৰ কথা কোৱা হৈছে?

উত্তৰঃ কবিতাটিত ‘প্ৰৱাল দ্বীপৰ শৃঙ্গৰ দৰে’ বুলি কাঠমিস্ত্ৰী সকলে তৈয়াৰ কৰি উলিওৱা আচবাব সমূহৰ কথা কোৱা হৈছে।

৪। কবিতাটিত উল্লেখ থকা বিশ্বশিল্পী কোন?

উত্তৰঃ কবিতাটিত উল্লেখ থকা বিশ্বশিল্পী হ’ল কাঠমিস্ত্ৰীসকল।

৫। কাঠমিস্ত্ৰীসকলে নিজৰ অধিকাৰ কেনেকৈ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে?

উত্তৰঃ কাঠমিস্ত্ৰীসকলে বহুবল প্ৰয়োগ কৰি হʼলেও নিজ কৰ্মৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে।

(খ) চমু প্ৰশ্নঃ

১। কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম লিখা।

উত্তৰঃ কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলি হ’ল ৰাণ্ডা আৰু বটালি।

২। ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই কি কৈছিল?

উত্তৰঃ ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই কৈছিল যে -“মোক যদি কোনোৱাই দহোটা শ্ৰেষ্ঠ অসমীয়া কবিতাৰ নাম সোধে, তাৰ মাজত এটা হ’ব কাঠমিস্ত্ৰীৰ ঘৰ”।

৩। কাঠমিস্ত্ৰীয়ে সজা কেইবিধমান আচবাবৰ নাম লিখা।

উত্তৰঃ কাঠমিস্ত্ৰীয়ে সজা কেইবিধমান আচবাব হ’ল -টেবুল,চেয়াৰ, আলনা, ড্ৰয়াৰ, আলমাৰি, চাহৰ টিপয়, প্ৰাসাদ সদৃশ ঘৰ ইত্যাদি।

৪। কাঠমিস্ত্ৰীয়ে কাৰ বাবে কাম কৰে বুলি কবিতাটিত কোৱা হৈছে?

উত্তৰঃ কাঠমিস্ত্ৰীয়ে সমাজৰ ধনী শ্ৰেণীটোৰ বাবে কাম কৰে  বুলি কবিতাটিত কোৱা হৈছে।

৫। কবিয়ে কাঠমিস্ত্ৰীৰ লগতে আৰু কাক কাক নিজৰ অধিকাৰ কাঢ়ি ল’বলৈ কৈছে?

উত্তৰঃ কবিয়ে কাঠমিস্ত্ৰীৰ লগতে  কঁহাৰ, কমাৰ আদি শ্ৰমজীৱী লোকসকলক নিজ বাহুবলেৰে অধিকাৰ কাঢ়ি ল’বলৈ কৈছে।

(গ) দীঘল প্ৰশ্ন:

১। কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জীৱন আৰু কৰ্মৰ চমু পৰিচয় দিয়া।

উত্তৰঃ কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জন্ম হয় গোলাঘাটৰ কৰুণাটিং বাগিচাত ১৯১০ চনত। তেওঁৰ দেউতাকৰ নাম আছিল ডাঃ শৰৎ চন্দ্ৰ দত্ত আৰু মাকৰ নাম নয়নতৰা। বৰ্তমান বাংলাদেশৰ ঢাকাৰ ওচৰৰ বিক্ৰমপুৰত দেউতাকৰ ঘৰ আছিল। তাৰ পৰা আহি তেওঁ গোলাঘাটত নিগাজিকৈ থাকিবলৈ লয়। সৰুতে দেউতাকক হেৰুৱাই তেওঁ ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোতেই  আনুষ্ঠানিক শিক্ষা সাং কৰে আৰু ঘৰতে পঢ়িবলৈ লয়। ১৯২৮চনত তেওঁ দেশ আৰু জাতিৰ হকে স্বাধীনতা আন্দোলনত যোগদান কৰে। তাৰবাবে দুবছৰ জে’ল খাটিবলগীয়া হয়। দহ বছৰমান আন্দোলনৰ কামত লগাৰ পাছত তেওঁ জীৱনৰ শেষ সময়লৈকে সাম্যবাদী আদৰ্শ অনুসৰি আপোচহীনভাবে কৃষক তথা বনুৱাৰ স্বাৰ্থৰ হকে কাম কৰি যায়। ১৯৩৬ চনত তেওঁৰ কাব্য সংকলন ‘অভিযান’ প্ৰকাশ পায়। ১৯৭২ চনৰ ২২ অক্টোবৰত যোৰহাট অসামৰিক চিকিৎসালয়ত ৰক্তক্ষয় ৰোগত তেখেতৰ মৃত্যু হয়।

See also  AHSEC Class 12 Assamese Chapter 16 Answer 2026 | কৰুণতম

২। কবিতাটিত কাঠমিস্ত্ৰীৰ শ্ৰম আৰু কষ্টৰ চিত্ৰ কেনেদৰে দাঙি ধৰা হৈছে চমুকৈ লিখা ।

উত্তৰঃ শ্ৰমজীৱী ব্যক্তিসকলৰ জীৱনৰ  দুৰ্দশাৰ ছবি ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটিত  প্ৰকাশ পাইছে। অসহনীয় শ্ৰমৰ বোজা  লৈ কাঠমিস্ত্ৰীয়ে সমাজৰ অৰ্থনৈতিকভাবে স্বচ্ছল শ্ৰেণীটোৰ বাবে নানা ধৰণৰ মনোমোহা কাঠৰ আচবাব সাজি দিয়ে। ৰাণ্ডা, বটালিৰ খুন্দাত নীৰস, কঠিন কাঠেও প্ৰাণ পাই উঠে। দেহৰ তেজ পানী কৰি তেওঁলোকে ধনী মানুহৰ বাবে গঢ়ি দিয়ে মায়াপুৰী সদৃশ প্ৰাসাদ। ইমানবোৰ কাম কৰাৰ পাছতো তেওঁলোকৰ জীৱনৰ অৱস্থা শোচনীয়, অভাৱত জুৰুলা তেওঁলোক। শ্ৰমৰ প্ৰকৃত মূল্য তেওঁলোকে কেতিয়াও লাভ নকৰে।কবিয়ে সমাজৰ এই শ্ৰমিক শ্ৰেণীটোৰ অৰ্থনৈতিক অৱস্থাৰ পৰিবৰ্তন বিচাৰিছে আৰু নিজ বাহুবলেৰে অধিকাৰ সাব্যস্ত কৰিবলৈ জাগি উঠিবৰ বাবে বৈপ্লৱিক আহবান জনাইছে।

৩। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা-

   ‘  বিশ্বৰ যত কৰ্মীৰ দল

     তেজ ঢালি গঢ়ে প্ৰাসাদ উজ্জ্বল’

উত্তৰঃ প্ৰশ্নোদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত ৰচিত কাঠমিস্ত্ৰীৰ ঘৰ শীৰ্ষক কবিতাটিৰ পৰা তুলি ধৰা হৈছে।

             কবিতাফাঁকিৰ মাজেৰে কবিৰ শ্ৰমজীৱী জনতাৰ প্ৰতি প্ৰশস্তি প্ৰকাশ পাইছে।

               কাঠমিস্ত্ৰীসকল কৰ্মঠ, নিপুণ শিল্পী তেওঁলোকে কঠিন একা-বেকা কাঠত আনি দিয়ে এক নতুন ৰূপ। অকণো জিৰণি নোলোৱাকৈ খাটি কঠিন কাঠেৰে সাজে নিত্য ব্যৱহাৰ্য্য সামগ্ৰীবোৰ ।কপালৰ ঘাম মাটিত পেলাই, দেহৰ তেজ পানী কৰি তেওঁলোকে সমাজৰ স্বচ্ছল শ্ৰেণীটোৰ বাবে নানা ধৰণৰ মনোমোহা সামগ্ৰী সাজি দিয়ে। নীৰস আৰু কঠিন কাঠক ৰাণ্ডা-বটালি মাৰি  তেওঁলোকে গঢ়ি দিয়ে পৃথিবীৰ মানুহৰ বাবে মায়াপুৰী সদৃশ প্ৰাসাদ। অথচ সেই মিস্ত্ৰীসকলৰ জীৱনৰ অৱস্থা শোচনীয়, অভাৱত জুৰুলা। সেই মৰ্মান্তিক অৱস্থাটো কবিতাফাঁকিৰ মাজেদি ফুটি উঠিছে।

৪। কাঠমিস্ত্ৰীক কিয় শিল্পী বুলি কোৱা হৈছে?

উত্তৰঃ কাঠমিস্ত্ৰীসকল কৰ্মঠ আৰু নিপুণ শিল্পী। তেওঁলোকৰ  চেষ্টাত নীৰস,কঠিন কাঠে প্ৰাণ পাই উঠে। ৰাণ্ডা-বটালিৰ খুন্দাত গঢ় লয় নানা মনোমোহা সামগ্ৰীৰ। কপালৰ ঘাম মাটিত পেলাই, দেহৰ তেজ পানী কৰি তেওঁলোকে সমাজৰ স্বচ্ছল শ্ৰেণীটোৰ বাবে নানান ধৰণৰ মনোমোহা সামগ্ৰী সাজি দিয়ে। নিজৰ কথা চিন্তা নকৰা কাঠমিস্ত্ৰীসকলে আনৰ সুবিধাৰ বাবে জীৱন পাত কৰি কষ্ট কৰে। অথচ নিজে দুৰ্দশাগ্ৰস্থ জীৱন কটায় । সেয়েহে কাঠমিস্ত্ৰীসকলক শিল্পী বুলি কোৱা হৈছে।

৫। কাঠমিস্ত্ৰীকে ধৰি শ্ৰমজীৱীসকলে কেনেদৰে নিজৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে?

উত্তৰঃ কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই কাঠমিস্ত্ৰীৰ ঘৰ কবিতাৰ যোগেদি কাঠমিস্ত্ৰীসকলক নিজৰ আত্মসন্মান ন্যার্য  প্ৰাপ্তি আৰু অধিকাৰৰ বাবে নিজ বাহু বলেৰে অধিকাৰ সাব্যস্ত কৰিবলৈ জাগি উঠিবৰ বাবে বৈপ্লৱিক আহবান জনাইছে।

           কাঠমিস্ত্রীয়ে নিজৰ শৰীৰৰ তেজ পানী কৰি অভিজাত শ্ৰেণীটোৰ বাবে বিলাসী প্রাসাদ অট্টালিকা আৰু সুন্দৰ সুন্দৰ আচবাব পত্র সাজি দিয়ে। কিন্তু তেওঁলোকে নিজৰ ন্যার্য প্রাপ্য নাপায়। তেওঁলোকৰ জীৱন দৰিদ্ৰতাত ডুৱ গৈ থাকে। সেয়ে কবিয়ে কাঠমিস্ত্রী, কঁহাৰ, কমাৰসকলক সচেতন হ’বলৈ আহ্বান জনাইছে। কবিয়ে আশাবাদ পোষণ কৰিছে যে যদি তেওঁলোক সচেতন হৈ বিপ্লৱ আৰম্ভ কৰে, তেন্তে নিশ্চয় তেওঁলোকৰ অৱস্থাৰ পৰিৱৰ্তন হ’ব। তেওঁলোকে বিপ্লৱৰ বিনিময়ত নিজৰ ন্যার্য অধিকাৰ সাব্যস্ত কৰিব পাৰিব।

ওপৰঞ্চি প্ৰশ্নঃ

১। ধীৰেন্দ্র চন্দ্র দত্তৰ কেতিয়া জন্ম হৈছিল? 

উত্তৰঃ ধীৰেন্দ্র চন্দ্র দত্তৰ ১৯১০ চনত গোলাঘাটৰ কৰুণাটিং বাগিছাত জন্ম হৈছিল।

২। তেওঁৰ দেউতাকৰ ঘৰ বৰ্তমানৰ কোন ঠাইত  আছিল?

উত্তৰঃ তেওঁৰ দেউতাকৰ ঘৰ বৰ্তমানৰ বাংলাদেশৰ ঢাকাৰ ওচৰৰ বিক্রমপুৰত আছিল।

৩। ধীৰেন্দ্র চন্দ্র দত্তৰ কাব্য সংকলন ‘অভিযান’ কিমান চনত প্রকাশ পায়?

উত্তৰঃ ধীৰেন্দ্র চন্দ্র দত্তৰ কাব্য সংকলন ‘অভিযান’ ১৯৩৬ চনত প্রকাশ পায়।

৪। তেখেতৰ কিমান চনত মৃত্যু হয়?

উত্তৰঃ তেখেতৰ ১৯৭২ চনৰ ২২ অক্টোবৰত মৃত্যু হয়।

৫। কি ৰোগত আৰু ক’ত তেওঁৰ মৃত্যু হয়?

উত্তৰঃ যোৰহাটৰ অসামৰিক চিকিৎসালয়ত ৰক্তক্ষয় ৰোগত তেওঁৰ মৃত্যু হয়।

৬। কাঠমিস্ত্রীৰ ঘৰ কবিতাটি প্ৰথম ক’ত প্ৰকাশ হৈছিল?

উত্তৰঃ কাঠমিস্ত্রীৰ ঘৰ কবিতাটি প্ৰথম প্ৰকাশ হৈছিল ১৯৩৯ চনত দধি মহন্তই  সম্পাদনা কৰা অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ ‘মিলন’ত।

৭। কাঠমিস্ত্রীয়ে সজা আচবাব কিহৰ দৰে ভৰি থাকে?

উত্তৰঃ কাঠ মিস্ত্ৰীয়ে সজা আচবাবসমূহ প্রবাল দ্বীপৰ শৃংগৰ দৰে ভৰি থাকে।

৮। কাঠমিস্ত্ৰী ক’ত থাকিবলগীয়া হয়?

উত্তৰঃ কাঠমিস্ত্ৰী অন্ধকাৰত ডুব গৈ থাকিবলগীয়া হয়।

৯। কাঠমিস্ত্ৰীয়ে কি কি কাঠত মনোহৰ ৰূপ দিয়ে।

উত্তৰঃ কাঠমিস্ত্ৰীয়ে আজাৰ, শিমলু, শাল, আৰু শিঙৰি আদি কাঠত মনোহৰ ৰূপ দিয়ে। 

১০। কাঠমিস্ত্ৰীয়ে কি কি কাঠৰ সঁজুলি নিৰ্মাণ কৰে।

উত্তৰঃ কাঠমিস্ত্ৰীয়ে টেবুল, আলনা, ডয়াৰ, আৰু  চিয়াৰ আদি নানা ধৰণৰ কাঠৰ সঁজুলি নিৰ্মাণ কৰে।

১১। ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত কোন শ্ৰেণীৰ কবি?

উত্তৰঃ ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত প্ৰগতিশীল চিন্তাৰ কবি। 

১২। আন্ধাৰৰ শেষ আহিল তোমাৰ ইয়াত আন্ধাৰ শব্দটোৱে কি বুজায়ছে। 

উত্তৰঃ – আন্ধাৰৰ শেষ আহিল তোমাৰ ইয়াত আন্ধাৰ শব্দটোৱে দুখ, প্রবঞ্চনা, শোষণ আদিক বুজাইছে।

See also  AHSEC Class 12 Assamese Chapter 15 Answer 2026 | উভতি নহাৰ কবিতা

১৩। লোৱা অধিকাৰ নিজ বাহুবলে’-কবিয়ে সমাজৰ কোন কোন শ্ৰেণীৰ লোকক নিজে কৰা কৰ্মৰ অধিকাৰ ল’বলৈ আহবান জনাইছে?

উত্তৰঃ  “লোৱা অধিকাৰ নিজ বাহুবলে” — এই উক্তিৰ জৰিয়তে কবিয়ে সমাজৰ কাঠমিস্ত্ৰ, কমাৰ, কঁহাৰ আদি কৰ্মঠ শ্ৰেণীৰ লোকক নিজৰ পৰিশ্ৰমৰ অধিকাৰ নিজৰ বাহুবলে লাভ কৰিবলৈ আহ্বান জনাইছে। তেওঁলোকক নিৰ্ভৰশীলতা এৰি আত্মনিৰ্ভৰশীল হোৱাৰ অনুৰোধ জনাইছে, কাৰণ প্ৰত্যেক ব্যক্তিৰেই নিজ গৌৰৱ আৰু অধিকাৰ নিজৰ কৰ্মফলত নিহিত থাকে।

১৪। বিলাসীৰ দলে কাঠমিস্ত্রীয়ে সাজি দিয়া ঘৰত কোনে জীৱন-যাপন কৰে?

উত্তৰঃ কবিয়ে এই উক্তিৰ জৰিয়তে কাঠমিস্ত্ৰ আদিৰ কঠোৰ পৰিশ্ৰম আৰু ত্যাগৰ কথা উল্লেখ কৰিছে। তেওঁ কয় যে কাঠমিস্ত্ৰীয়ে কপালৰ ঘাম মাটিত পেলাই ধনী লোকৰ বাবে মায়াপুৰীৰ দৰে অট্টালিকা সাজি দিয়ে। তেওঁলোকৰ হাতৰ জাদুত নীৰস আৰু কঠিন কাঠেও যেন জীৱন লাভ কৰে। সেই অট্টালিকাৰ ভিতৰত দামী আচবাবৰে সজ্জিত ঘৰ হয় আৰু বিলাসী জীৱনত ডুবি থকা ধনীৰ দুলালহঁতে আৰামী চকীত বহি জীৱনৰ মধুৰ সংগীত গায়।

    কিন্তু যিসকলে সেই ঘৰ সাজিলে, যিসকলে ইমান পৰিশ্ৰম কৰিলে, তেওঁলোকে সেই সুখৰ অংশীদাৰ নহয়। কবিয়ে এই দ্বন্দ্বৰ জৰিয়তে সমাজত থকা বৈষম্যৰ ছবি আঁকে। তেওঁ কয়—এই কাঠমিস্ত্ৰীৰেই ত্যাগত সমাজৰ বৰ নেতা আৰু ধনীসকলে সুখেৰে জীৱন কটায়। সেয়েহে কবিয়ে আহ্বান জনাইছে—এই শ্ৰমিকসকলক নিজৰ পৰিশ্ৰমৰ ন্যায্য অধিকাৰ নিজ বাহুবলে ল’ব লাগিব।

১৫। শ্রমিক শ্রেণীক কবিয়ে কিহৰ বাবে আহ্বান জনাইছে- জুকিয়াই লিখা।

উত্তৰঃ কাঠমিস্ত্ৰীয়ে নিজৰ জীৱনৰ তেজ-পানী কৰি অভিজাত শ্ৰেণীৰ বাবে প্ৰাসাদসম বিলাসী অট্টালিকা আৰু দামী আচবাব সাজি দিয়ে। তেওঁলোকৰ পৰিশ্ৰমে ঠাণ্ডা কাঠতো প্রাণ সঞ্চাৰ কৰে। কিন্তু দুখৰ কথা এই যে, ইমান ত্যাগ আৰু মিহনতিৰ পাছতো তেওঁলোকে নিজৰ ন্যায্য প্ৰাপ্য নাপায়। তেওঁলোকৰ জীৱন সদায় দারিদ্ৰ্য আৰু বঞ্চনাৰ আৱৰণত ঢকা থাকে।

    এই বাস্তবতাক দৃঢ়ভাৱে অৱলোকন কৰি কবিয়ে কাঠমিস্ত্ৰী, কঁহাৰ, কমাৰ আদি শ্ৰমিকসকলক সচেতন হ’বলৈ আহ্বান জনাইছে। তেওঁলোকক উদ্দেশ্য কৰি কবিয়ে কয়—যদি সিহঁতে নিজৰ অধিকাৰৰ বিষয়ে সজাগ হয় আৰু সংঘবদ্ধ হৈ বিপ্লৱৰ জুই জ্বলাই তোলে, তেন্তে নিশ্চয় তেওঁলোকৰ ভাগ্যই সলনি হ’ব। তেওঁলোকে নিজৰ ন্যায্য অধিকাৰ পুনৰুদ্ধাৰ কৰিব পাৰিব। কবিৰ এই আহ্বান এখন নতুন যুগৰ আশাবাদী ৰূপান্তৰৰ প্ৰতীক

১৬। কাঠ মিস্ত্ৰীৰ জীৱনৰ অৱস্থা কেনেকুৱা চমুকৈ বুজাই লিখা।

উত্তৰঃ কাঠমিস্ত্ৰী হৈছে সমাজৰ শ্রমজীৱী মানুহৰ প্ৰতিনিধি, যাৰ জীৱন কাৰুণ্য, ত্যাগ আৰু গতানুগতিক পৰিশ্ৰমৰে ভৰপূৰ। তেওঁলোকে নিজে দুখ-কষ্টত থাকিও, আঢ্যবন্ত তথা অর্থনৈতিকভাৱে সবল লোকৰ বাবে সুন্দৰ সুন্দৰ কাঠৰ আচবাব পত্র সাজি দিয়ে। তেওঁলোকৰ বটালি আৰু হাতুৰীৰ খুন্দাত নিৰ্জীব কাঠো যেন প্ৰাণ পাই উঠে।

    এই কাঠমিস্ত্ৰীসকলে আনৰ বাবে প্রাসাদোপম ঘৰ সাজে, দামী আসবাব তৈয়াৰ কৰে, আৰু কপালৰ ঘাম মাটিত পেলাই গোটেই দিন খাটে। কিন্তু দুখৰ কথা, এই সকলো পৰিশ্ৰমৰ পাছতো তেওঁলোকে নিজৰ কামৰ উপযুক্ত প্ৰতিদান নাপায়। তেওঁলোকে সদায় দৰিদ্ৰতাৰ অন্ধকাৰত ডুবি থাকে। কবিয়ে এই অসমতা আৰু বঞ্চনাৰ সমাজব্যৱস্থাক উন্মোচন কৰি শ্ৰমিকসকলক সজাগ আৰু সংগঠিত হ’বলৈ আহ্বান জনাইছে।

১৭। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰাঃ

 নিৰস কঠিন বেঁকা-বেঁকি কাঠ বটালি খুন্দাত উঠে জাঁত-জাঁত ৰূপৰ জপনা মেল খাই উঠে পাই ৰূপ মনোহৰ কাঠ মিস্ত্ৰীৰ ঘৰ।’

উত্তৰঃ উদ্ধৃত কবিতাখনি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ ৰচিত ‘কাঠ মিস্ত্ৰীৰ ঘৰ’ নামৰ কবিতাটিৰ পৰা গ্ৰহণ কৰা হৈছে।

এই কবিতাৰ জৰিয়তে কবিয়ে কাঠমিস্ত্ৰীসকলৰ কঠোৰ পৰিশ্ৰম আৰু দুখ-কষ্টৰে ভৰা জীৱনৰ গভীৰ চিত্ৰ অংকন কৰিছে। তেওঁলোক হৈছে সমাজৰ দৰিদ্ৰ, অথচ নীৰৱভাৱে সৃষ্টি কৰি যোৱা এক গৌৰৱময় শ্ৰেণী। কাঠমিস্ত্ৰীসকলে গোটেই দিন হাতুৰী আৰু বটালিৰ খুন্দা খুন্দি কৰি, কপালৰ ঘাম মাটিত পেলাই ধনী আৰু অভিজাত শ্ৰেণীৰ বাবে প্ৰাসাদোপম ঘৰ আৰু মনোৰম আচবাব পত্ৰ তৈয়াৰ কৰে।

তেওঁলোকৰ হাত ইমানেই নিপুণ আৰু সৃষ্টিশীল যে, শুকান কাঠতো জীৱন দান কৰে। তেওঁলোকে নিৰ্জীব কাঠত কল্পনাৰ ৰূপ দাঙি তোলে—য’ত সৃষ্টিৰ সৌন্দৰ্য আৰু কলাৰ ছাঁ দেখিবলৈ পোৱা যায়। কবিয়ে এই কবিতাৰ মাজেৰে শ্ৰমিকসকলৰ ওপৰত থকা অবজ্ঞা, বঞ্চনা আৰু সৃজনশীলতাক গভীৰ সহানুভূতিসহ বৰ্ণনা কৰিছে।

১৮। লাখ মানুহৰ বাহুৰ কৰ্ম কাঢ়ি গঢ়ি তোলে প্রাসাদ হর্য্য, হয় ডাঙৰীয়া উদাৰ মহৎ বৰনেতা সমাজৰ কাঠ মিস্ত্ৰীৰ ঘৰ।

উত্তৰঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ ৰচিত ‘কাঠমিস্ত্ৰীৰ ঘৰ’ নামৰ কবিতাটিৰ পৰা গ্ৰহণ কৰা হৈছে।

এই কবিতাৰ জৰিয়তে কবিয়ে সমাজৰ এক গভীৰ বৈষম্যৰ ছবি আঁকে—য’ত কাঠমিস্ত্ৰী, বনুৱা, কমাৰ, কঁহাৰ আদি শ্রমজীৱি লোকসকলে হাড়ভগা পৰিশ্ৰম কৰি সুন্দৰ বস্তু তৈয়াৰ কৰে, প্ৰাসাদোপম ঘৰ সাজে, দামী আচবাব গঢ়ে, কিন্তু তেওঁলোকে নিজে সেইবোৰ উপভোগ কৰিব নোৱাৰে।

তেওঁলোকৰ গোটেই জীৱন দুখ-কষ্ট, অভাৱ আৰু দৰিদ্ৰতাৰ মাজত কটায়। তেওঁলোকে যি বস্তু তৈয়াৰ কৰে, সেয়া ব্যৱহাৰ কৰে সমাজৰ ধনী আৰু অভিজাত শ্ৰেণীটোৱে। সেইসকলে এই শ্রমিকসকলৰ তেজ-পচোৱাৰ ফলত নিৰ্মিত মায়াপুৰীত বহি বিলাসী জীৱন কটায় আৰু সমাজৰ নেতাৰূপে আত্মপ্ৰকাশ কৰে।

কবিয়ে এই কবিতাৰ জৰিয়তে এই অসাম্যতাভিত্তিক সমাজ ব্যৱস্থাৰ প্ৰতিবাদ কৰিছে আৰু এক ন্যায়ভিত্তিক সমাজৰ আশা প্ৰকাশ কৰিছে—য’ত শ্ৰমিকসকলৰো ত্যাগ আৰু পৰিশ্ৰমৰ উপযুক্ত মৰ্যাদা থাকিব।

My name is Manuj Saikia And i Am a graduate and blogger from Dhemaji, Assam. I regularly publishes updates on Assam government jobs, schemes, education, results, and career opportunities on adre.co.in to help students and job seekers stay informed.

Leave a Comment