AHSEC Class 12 Assamese Chapter 16 Answer 2026 | কৰুণতম

WhatsApp Group Join Now
Telegram Group Join Now

AHSEC Class 12 Assamese Chapter 16 Answer 2026 | কৰুণতম

Are you searching for the AHSEC Class 12 Assamese Chapter 16 Answer 2026? If yes, you’ve come to the right place. This page provides complete and easy-to-understand Class 12 Assamese Question and Answer for “কৰুণতম”, a poem written by Dr. Nirmalprabha Bordoloi (ড° নিৰ্মলপ্ৰভা বৰদলৈ). The answers are prepared according to the latest ASSEB (formerly AHSEC) Higher Secondary syllabus.

কৰুণতম is one of the important poems included in the Group-2 (পদ্য) section of the সাহিত্য সৌৰভ (অসমীয়া) textbook for HS 2nd Year students. Through beautiful poetic expressions and deep emotions, the poet reflects on human compassion, suffering, love, and the realities of life. The poem encourages readers to develop kindness, empathy, and a positive outlook towards humanity, making it both emotionally touching and educational.

This lesson holds significant importance in the Higher Secondary examination because questions based on the poem are frequently asked in school tests as well as the ASSEB HS Final Examination. A proper understanding of the poem’s theme, literary beauty, symbolism, and message will help students write better answers and score higher marks.

On this page, you will find HS 2nd Year Assamese Answer written in simple, clear, and exam-oriented language. The solutions are designed to help students understand the chapter thoroughly, revise important concepts quickly, and prepare confidently for the board examination.

What You’ll Find in This Article

  • Complete AHSEC Class 12 Assamese Chapter 16 Answer 2026
  • Class 12 Assamese Chapter 16 Question and Answer
  • Textbook exercise solutions
  • Important short and long answer questions
  • Stanza-wise explanation in simple Assamese
  • HS 2nd Year Assamese Chapter 16 Notes
  • Important board examination questions
  • Quick revision materials for the Higher Secondary Final Exam

Students are advised to study the poem carefully from the prescribed textbook before referring to these answers. Understanding the central idea, poetic language, and message first will make revision more effective and improve answer-writing skills in the examination.

Bookmark this page and keep visiting our website for the latest AHSEC Class 12 Assamese Question Answers 2026, chapter-wise solutions, previous year question papers, important questions, model papers, and study notes prepared according to the updated ASSEB syllabus.

আৰ্হি প্ৰশ্নঃ

(ক) অতি চমু প্ৰশ্নঃ (মূল্যাংক-১)

১। নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি?

উত্তৰ: নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম হ’ল ` বন ফৰিঙৰ ৰং’।

২। নিমলপ্ৰভা বৰদলৈয়ে কোনখন পুথিৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰে?

উত্তৰ: নিমলপ্ৰভা বৰদলৈয়ে `সুদীৰ্ঘ দিন আৰু ঋতু’ নামৰ পুথিখনৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰে ।

৩। `কৰুণতম’ কবিতাটো কবিৰ কোনখন কবিতা পুথিত সংকলিত হৈছে ?

উত্তৰ: `কৰুণতম’ কবিতাটো কবিৰ `দিনৰ পিছত দিন’ নামৰ কবিতাপুথিত সংকলিত হৈছে ।

৪। `কৰুণতম’ কোন শ্ৰেণীৰ কবিতা?

উত্তৰ: `কৰুণতম’ কবিতা আধুনিক শ্ৰেণীৰ কবিতা ।

৫।  নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ এটা বৈশিষ্ট্য লিখা?

উত্তৰ: নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ এটা বৈশিষ্ট্য হ’ল – নগৰীয়া জীৱনৰ প্ৰতি বিদ্বেষ আৰু গাঁৱলীয়া জীৱনৰ প্ৰতি আকৰ্ষণ ।

(খ) চমু প্ৰশ্নঃ (মূল্যাংক ২/৩)

১। নিৰ্মলপ্ৰভা বৰদলৈৰ তিনিখন কবিতা পুথিৰ নাম লিখা ?

উত্তৰ: নিৰ্মলপ্ৰভা বৰদলৈৰ তিনিখন কবিতাপুথিৰ নাম হ’ল –` সমীপেষু’,`অন্তৰংগ’ আৰু `বনফৰিঙৰ ৰং’ ।

২।  নিৰ্মলপ্ৰভা বৰদলৈৰ দুখন গীতৰ পুথিৰ নাম লিখা ?

উত্তৰ:  নিৰ্মলপ্ৰভা বৰদলৈৰ দুখন গীতৰ পুথিৰ নাম হ’ল-`সোণবৰনীয়া আই’ আৰু `সুৰীয়া মাত’ ।

৩। নিৰ্মলপ্ৰভা বৰদলৈৰ গবেষনামূলক গ্ৰন্থ তিনিখনৰ নাম লিখা ?

উত্তৰ: নিৰ্মলপ্ৰভা বৰদলৈৰ গবেষণামূলক গ্ৰন্থ তিনিখনৰ নাম হ’ল -`দেৱী’,`সূৰ্য ‘আৰু `শিৱ’ ।

৪। `কৰুণতম’ আৰু `সুবাস’ শব্দৰ অৰ্থ লিখা?

উত্তৰ: কৰুণতম –চৰম বেদনাদায়ক বা দুখদায়ক  আৰু সুবাস-সুগন্ধ I

৫। `কৰুণতম’ কবিতাৰ আধাৰত আধুনিক কবিতাৰ দুটা বৈশিষ্ট্য লিখা ?

উত্তৰ: `কৰুণতম’ কবিতাৰ আধাৰত আধুনিক কবিতাৰ দুটা বৈশিষ্ট্য হ’ল: 

(ক) আধুনিক কবিতা বাস্তৱবাদী ।

(খ) আধুনিক কবিতা সামবাদী ভাৱধাৰাৰে পৰিপুষ্ট ।

(গ) দীঘল প্ৰশ্ন(মূল্যাংক-৪/৫)

১। `কৰুণতম’ কবিতাৰ নামাকৰণৰ তাৎপৰ্য বিশ্লেষণ কৰা ৷

উত্তৰঃ `কৰুণতম’ ড° নিৰ্মলপ্ৰভা বৰদলৈৰ এটা উৎকৃষ্ট কবিতা । কবিতাটোৰ শিৰোনামটোৰ জৰিয়তে ইয়াৰ মূলভাব, মূল চৰিত্ৰ আৰু বিষয়বস্তুৰ সম্পৰ্কে ইংগিত পোৱা যায়।

`কৰুণতম’ কবিতাটোত ভৱিষ্যতৎ প্ৰজন্মৰ বাবে এৰি থৈ যাব পৰাকৈ নিজস্ব কৰ্ম,আদৰ্শ সন্দৰ্ভত সন্দিহান হোৱাৰ কথা কবিয়ে স্পষ্টভাৱে প্ৰকাশ কৰিছে । আহিনৰ সজাল ধৰা ধাননি পথাৰৰ গোন্ধ পালে কবিৰ পিতৃ-স্মৃতি জাগ্ৰত হয় । কাৰন কবিৰ পিতৃ এজন কৃষক আছিল । কৃষি তেওঁৰ বাবে কেৱল বৃওিয়েই নাছিল ; বৰঞ্চ ই আছিল জীৱনৰ সাধনা । পিতৃৰ সেই কৰ্ম সাধনাক লৈ কবি গৌৰবান্বিত । একেদৰে দোকানৰ জাপ- ভঙা গামোচাৰ সুৱাসে কবিৰ মনত মাতৃৰ স্মৃতি জাগ্ৰত কৰেI কাৰন কবিৰ মাতৃ এগৰাকী পাকৈত শিপিনী আছিল । গামোচাত সপোনৰ ফুল তুলি মাতৃয়ে নিজ কৰ্মত লৈও কবিয়ে পৰম গৌৰৱবোধ কৰে ।

              কবিৰ পিতৃ-মাতৃয়ে নিদিষ্ট কৰ্ম-সাধনাৰেসময়ৰ বুকুত নিজৰ স্বাক্ষৰ ৰাখি যাবলৈ সক্ষম হৈছে । মহৎ কৰ্মাদৰ্শৰে নিজ সন্তান অৰ্থাৎ ভৱিষ্যত প্ৰজন্মৰ মনত নিজৰ অস্তিত্ব খোদিত কৰি যাৱ পাৰিছে । কিন্ত কবিয়ে পিতৃ-মাতৃৰ দৰে নিজৰ সন্তানলৈ কেনেধৰনৰ কৰ্ম-আদৰ্শৰে যুগমীয়া স্মৃতি ৰাখি যাব পাৰিব- সেই সৰ্ম্পকে নিশ্চিত হ’ব পৰা নাই । তেঁও ভৱিষ্যত্ প্ৰজন্মৰ বাবে কোনো আদৰ্শ থৈ যাব নোৱাৰিৱ বুলি ভাবি সংশয়ত ভুগিছে । কবিৰ বাবে ইয়াতকৈ আৰু বেদনাদায়ক কথা একো হ’ব নোৱাৰে । গতিকে কবিতাটোৰ মূল বিষয়বস্ত আৰু ভাবাৰ্থৰ ফালৰ পৰা কবিতাটোৰ নামাকৰন -`কৰুণতম’ সাৰ্থক হৈছে বুলি ক’ব পাৰি ।

See also  AHSEC Class 12 Assamese Chapter 8 Answer 2026 | বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ

২। `কৰুণতম’ কবিতাত কবিৰ পিতৃ-মাতৃৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ পাইছে বিচাৰ কৰা ৷

উত্তৰঃ `কৰুণতম’ কবিতাটোৰমাজেৰে নিজ পিতৃ মাতৃৰ প্ৰতি থকা কবিৰ গভীৰ শ্ৰদ্ধা আৰু ভালপোৱা প্ৰকাশ পাইছে । আহিনৰ সজাল ধৰা ধাননি-পথাৰৰ গোন্ধ পালে কবিৰ পিতৃ-স্মৃতি জাগ্ৰত হয় । কাৰন কবিৰ পিতৃ এজন কৃষক আছিল । কৃষি-কৰ্মৰে তেওঁ পৰিয়ালটিক ভৰণ-পোষণ দিছিল । সেই কৰ্ম তেওঁৰ বাবে কেৱল বৃওিয়েই নাছিল; বৰঞ্চই আছিল জীৱনৰ সাধনা । পিতৃৰ সেই কৰ্ম-সাধনাক লৈ কবি গৌৰবান্বিত । সেইদৰে দোকানৰ জাপ-ভঙা গামোচাৰ সুবাসে কবিৰ মনত মাতৃৰ স্মৃতি জাগ্ৰত কৰা । কাৰন কবিৰ মাতৃ এগৰাকী পাকৈত শিপিনী আছিল । গামোচাত সপোনৰ ফুল তুলি মাতৃয়ে নিজ কলা- কুশলতাৰ পৰিচয় দিছিল ।

              মাতৃৰ শিল্পীসুলভ কৰ্মক লৈও কবিয়ে পৰম গৌৰৱবোধ কৰে । কবিৰ পিতৃ-মাতৃয়ে নিৰ্দ্দিষ্ট কৰ্ম-সাধনাৰে সময়ৰ বুকুত নিজৰ স্বাক্ষৰ ৰাখি যাবলৈ সক্ষম হৈছে । মহৎ কৰ্মাদৰ্শৰে নিজ সন্তান অৰ্থাৎ ভবিষত প্ৰজন্মৰ মনত নিজৰ যাউতিযুগীয়াকৈ খোদিত কৰি যাব পাৰিছে । কবিৰ মনত যুগমীয়া সাঁচ বহোৱাই থৈ যোৱা পিতৃ-মাতৃৰ কৰ্মৰ তেনে বিশেষ স্মৃতিচিহ্নবোৰৰ সংস্পৰ্শলৈ অহাৰ লগে লগে কবিৰ অন্তৰত পিতৃ-মাতৃৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু ভক্তি জাগৰিত হয় । গাঁৱৰ সহজ-সৰল জীৱন আৰু অসমীয়া সংস্কৃতিৰ ধাৰক আৰু বাহক পিতৃ-মাতৃয়ে সৎ উপায়েৰে এই পৃথিৱীত অস্তিত্ব ৰাখি যাবলৈ সক্ষম হৈছে কিন্তু আধুনিকতাৰ হেঁচাত অস্তিত্বৰ সংকটত ভোগা কবিয়ে কেনেধৰনৰ কৰ্মাদৰ্শৰে সন্তানৰ বাবে নিজৰ স্মৃতি ৰাখি যাব- সেয়া কবিৰ বাবে এক  চৰম বেদনাদায়ক প্ৰশ্ন ।

          -এনেদৰে কবিয়ে পিতৃ-মাতৃয়ে এৰি থৈ যোৱা আদৰ্শ স্মৰন কৰি তেওঁলোকৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু ভক্তিৰ ভাৱ প্ৰকাশ পাইছে ।

৩। `কৰুণতম’  কবিতাত কবিৰ অন্তৰৰ গভীৰ দুখবোধ কেনেদৰে প্ৰকাশ পাইছে বিচাৰ কৰা ৷

উত্তৰ: কবি –গীতিকাৰ ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে `কৰুণতম’ কবিতাটোৰ মাজেৰে তেখেতৰ অন্তৰৰ ওপজা গভীৰ দুখবোধ অতি মৰ্মান্তিকভাৱে প্ৰকাশ কৰিছে৷  আহিনৰ সজাল ধৰা সেউজীয়া ধাননি পথাৰৰ গোন্ধই কবিৰ পিতৃ-স্মৃতি জাগ্ৰত কৰে । কাৰন কবিৰ পিতৃ কৃষক আছিল । কৃষি-কৰ্মৰে তেঁও পৰিয়ালটিক ভৰন-পোষন কৰিছিল । সেই কৰ্ম তেওঁৰ বাবে কেৱল বৃত্তিয়েই নাছিল; বৰঞ্চ ই আছিল জীৱন সাধনা । পিতৃৰ সেই কৰ্ম-সাধনাক লৈ কবি গৌৰৱান্বিত । সেইদৰে দোৰানৰ জাৰ-ভঙা গামোচাৰ সুৱাসে কবিৰ মনত মাতৃৰ স্মৃতি জাগ্ৰত কৰে। কাৰন কবিৰ মাতৃ এগৰাকী পাকৈত শিপিনী আছিল । গামোচাত সপোনৰ ফুল তুলি মাতৃয়ে নিজ কলা-কুশলতাৰ পৰিচয় দিছিল I মাতৃৰ শিল্পীসুলভ কৰ্মক লৈও কবিয়ে পৰম গৌৰৱবোধ কৰে । 

                      কবিৰ পিতৃ-মাতৃয়ে নিৰ্দ্দিষ্ট কৰ্ম  সাধনাৰে সময়ৰ বুকুত নিজৰ স্বাক্ষৰ ৰাখি যাৱলৈ সক্ষম হৈছে । মহৎ কৰ্মাদৰ্শৰে নিজ সন্তান অৰ্থাৎ ভৱিষৎ প্ৰজন্মৰ মনৰ নিজৰ অস্তিত্ব যাউতিযুগীয়াকৈ খোদিত কৰি যাৱ পাৰিছে । কিন্তু কবিয়ে পিতৃ-মাতৃৰ দৰে নিজৰ সন্তানলৈ কেনেধৰনৰ কৰ্ম-আদৰ্শৰে যুগমীয়া স্মৃতি ৰাখি যাব পাৰিব-    সেই ভাবনাই কবিৰ অন্তৰত গভীৰ দুখবোধৰ সৃষ্টি কৰিছে । আধুনিৰ পৃথিৱীখনত কবিয়ে কৰিব পৰা একোৱেই নাই ,যাৰ বাবে ভৱিষৎ প্ৰজন্মই কবিক মনত ৰাখিব । সেয়েহে কবিয়ে গভীৰ অস্তিত্বৰ সংকটত ভুগিছে । কবিৰ বাবে ইয়াতকৈ আৰু বেদনাদায়ক কথা একো হ’ব নোৱাৰে Iএনেদৰে শোকত ম্ৰিয়মান কবিৰ দুখবোধ কবিতাটোত স্পষ্টভাৱে প্ৰকাশ কৰিছে ।

৪। `কৰুণতম’ কবিতাত প্ৰকাৰান্তৰে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিএ আংকন হোৱা বুলি ক’ব পাৰি নেকি বিচাৰ কৰা ৷

উওৰ: ড° নিৰ্মলপ্ৰভা বৰদলৈৰ `কৰুণতম ‘ কবিতাটোৰ বিষয়বস্তুক গভীৰভাৱে অধ্যয়ন কৰিলে প্ৰকাৰান্তৰে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীবনৰ সংঘাতৰ চিত্ৰ এখন অংকিত হোৱা বুলি ক’ব পৰা যায় 

                  কবিতাটোত ঐতিহ্য সচেতন কবিয়ে আহিনৰ পথাৰৰ গোন্ধ আৰু দোকানৰ  জাপ ভঙা গামোচাৰ সুবাসৰ লগত পিতৃ-মাতৃৰ স্মৃতি জড়িত কৰি গ্ৰাম্য সমাজ-সংস্কৃতিৰ এখনি আকৰ্ষনীয় চিএ অংকন কৰিছে । গ্ৰাম্য জীৱনৰ সৈতে কৃষি কৰ্ম-সংস্কৃতি জড়িত হৈ থাকে । আহিনৰ পথাৰ মানেই সেউজীয়া সজাল ধৰা ধননিৰ লয়লাস । তাৰ মাজে মাজে সহজ সৰল কৃষকৰ কৰ্মব্যস্ততা । সেই আহিনৰ সেউজীয়া পথাৰৰ গোন্ধ পালেই কবিৰ হেঁপাহৰ পিতৃলৈ মনত পৰে গাঁৱলীয়া হোজা কৃষকসকললৈ । 

                  সেইদৰে দোকানৰ জাপ-ভঙা গামোচাৰ সুৱাসে কবিৰ মনত মৰমী মাতৃৰ স্মৃতি সজীৱ কৰি তোলে । কাৰণ গামোচাত ৰং-বিৰঙৰ সপোনৰ ফুল বাচি মাতৃয়ে শিল্প –নিপুণতাৰ পৰিচয় দিছিল । পিতৃ-মাতৃৰ সেই মহৎ কৰ্ম সাধনাক লৈ কবি পৰম গৌৰৱান্বিত কিন্তু সময়ৰ পৰিবৰ্তন হৈছে । আধুনিকতাৰ পাকচক্ৰত আহিনৰ সেউজীয়া পথাৰ, শিপিনীসকলৰ তাঁতশালৰ ঐতিহ্য ক্ৰমে যেন হেৰাই যাৱলৈ ধৰিছে । সেয়ে কবিয়ে পিতৃ-মাতৃৰ অতীতৰ গাম্ভীৰ্যপূৰ্ণ স্মৃতিৰ সমধৰ্মী হিচাপে ভৱিষ্যতে সন্তানৰ মনত নিজকে স্থাপন কৰিবলৈ অসমৰ্থ হ’ব বুলি আশংকা প্ৰকাশ কৰিছে । ইয়াতেই প্ৰকাৰান্তৰে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ মাজত সংঘাতৰ সৃষ্টি হৈছে ।

        কবিয়ে যিদৰে এফালে আহিনৰ  পথাৰৰ গোন্ধ আৰু দোকানৰ জাপ-ভঙা গামোচাৰ সুৱাসৰ কথা লৈ গ্ৰাম্য জীৱনৰ গুণ-গৰিমা আৰু অকৃত্ৰিমতাৰ এখন সাৰ্থক চিত্ৰ ৰুপায়ন কৰিছে , সেইদৰে ভৱিষ্যত প্ৰজন্মলৈ কবিয়ে একো স্থিতি এৰি যাব নোৱাৰিব বুলি আক্ষেপ প্ৰকাশ কৰি আধুনিক নগৰীয়া সভ্য সমাজৰ এখন নিজস্বতাহীন , নিস্তেজ আৰু শূন্যতাৰে ভৰা ছবি আংকন কৰিছে ।

৫। প্ৰসংগ সংগতি দৰ্শাই  ব্যাখ্যা কৰা ।

              মই মোক                                                                                                                     

See also  AHSEC Class 12 Assamese Chapter 3 Answer 2026 | আনন্দৰাম বৰুৱা

           মোৰ সন্তানৰ কাৰণে

             ক’ত থৈ যাম                                                                                                                                ক’ত??

উত্তৰ: উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি `সাহিত্য সৌৰভ’ৰ অৰ্ন্তগত ড° নিৰ্মলপ্ৰভা বৰদলৈৰ ৰচিত `কৰুণতম’ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে ।

                প্ৰসঙ্গক্ৰমে ভৱিষ্যৎ প্ৰজন্মৰ বাবে এৰি থৈ যাব পৰাকৈ নিজস্ব কৰ্ম –আদৰ্শ সন্দৰ্ভত সন্দিহান কবিয়ে ব্যাখ্যেয় কবিতাফাঁকিৰ অৱতাৰনা কৰিছে ।

               অসমীয়া গ্ৰাম্য সমাজ-সংস্কৃতি তথা ঐতিহ্যৰ প্ৰতি কবি সচেতন । কবিৰ পিতৃ-মাতৃয়ে নিজস্ব কৰ্ম-সাধনাৰে সময়ৰ বুকুত নিজৰ স্বাক্ষৰ যুগমীয়াকৈ ৰাখি যাবলৈ সক্ষম হৈছে । কবিৰ পিতৃ এজন উওম কৃষক আছিল আৰু মাতৃ এগৰাকী পাকৈত শিপিনী আছিল । মহৎ কৰ্মাদৰ্শৰে নিজ সন্তান অৰ্থাৎ ভৱিষ্যত প্ৰজন্মৰ মনত নিজৰ অস্তিত্ব তেওঁলোকে খোদিত কৰি যাব পাৰিছে । কবিয়েও ভৱিষ্যৎ প্ৰজন্মৰ মাজত নিজৰ আদৰ্শ ৰাখি যাব বিচাৰে । কিন্তু আধুনিকতাৰ হেঁচাত অস্তিত্বৰ সংকটত ভোগা কবিয়ে কেনেধৰনৰ কৰ্মাদৰ্শৰে ভৱিষ্যতৰ বাবে  নিজৰ স্মৃতি ৰাখি যাব –সেই আশংকাত কবি চিন্তাক্লিষ্ট  হৈ পৰিছে । নিজ সন্তানৰ ওচৰতেই ভৱিষ্যতে অচিনাকি হৈ যোৱাৰ সংশয়ত কবিৰ অন্তৰত ওপজা গভীৰ দুখবোধৰ ভাবো কবিতাফাকিৰ মাজেদি প্ৰকাশিত পাইছে । 

অতিৰিক্ত প্ৰশ্নঃ 

১। `কৰুণতমʼ কবিতাটো বৰদলৈৰ কোনখন কবিতাপুথিৰ অৰ্ন্তগত ?

উত্তৰ: `দিনৰ পাছত দিনʼ নামৰ কবিতাপুথিখনৰ অৰ্ন্তগত ।

২। নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ দুটা বৈশিষ্ট্য  লিখা ?

উত্তৰ: নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতৰ দুটা বৈশিষ্ট্য হʼল –

       (ক) নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ শব্দ-সজ্জা তথা চুটি চুটি কাব্যিক বাক্যৰ এক গভীৰ মনৰ ভাৱ নিহিত থাকে ।

       (খ) নগৰীয়া জীৱনৰ প্ৰতি বিদ্বেষ আৰু গাঁৱলীয়া জীৱনৰ প্ৰতি আকৰ্ষন তেওঁৰ কবিতাসমূহত প্ৰকাশ পায় ।

৩। নিৰ্মলপ্ৰভা বৰদলৈৰ আত্মজীৱনীখনৰ নাম কি?

উত্তৰ: `জীৱন জীৱন বৰ অনুপমʼ ।

৪। নিৰ্মলপ্ৰভা বৰদলৈৰ জন্ম কʼত হৈছিল ?

উত্তৰ: নিমলপ্ৰভা  বৰদলৈৰ জন্ম শিৱসাগৰত ১৯৩৩ চনত হৈছিল ।

৫। নিৰ্মলপ্ৰভা বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোনখন আসনৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহন কৰিছিল?

উত্তৰ : নিৰ্মলপ্ৰভা বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু আসনৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰিছিল ।

৬। কবিয়ে কিহৰ সুবাসত মাকক বিচাৰি পায়?

উত্তৰঃ কবিয়ে দোকানৰ জাপ-ভঙা গামোচাৰ সুবাসত মাকক বিচাৰি পায়। 

৭। নিৰ্মল প্ৰভা বৰদলৈ দুখন গৱেষনা গ্ৰন্থৰ নাম লিখা। 

উত্তৰঃ নিৰ্মল প্ৰভা বৰদলৈ দুখন গৱেষণা গ্ৰন্থৰ নাম হ’ল ‘শিৱ’ আৰু ‘সূৰ্য’।

৮। কৰুণতম শব্দৰ অৰ্থ কি?

উত্তৰঃ কৰুণতম শব্দৰ অৰ্থ হৈছে- বিষাদেৰে ভৰা, অতি-দুখদায়ক।

৯। কবিয়ে কিহৰ সংশয়ত ভূগিছে?

উত্তৰ: কবিয়ে নিজৰ অস্তিত্বৰ স্থায়িত্ব লৈ সংশয়ত ভূগিছে। তেওঁ ভাবে, তেওঁৰ পিতৃ-মাতৃয়ে নিজৰ জীৱন আৰু কৰ্মৰে সময়ৰ বুকুত চিৰন্তন স্বাক্ষৰ এৰি গৈছে, কিন্তু তেওঁ নিজে ভবিষ্যত প্ৰজন্মৰ বাবে কোনো বিশেষ চিনাকি বা স্বাক্ষৰ এৰি যাব নোৱাৰিব। এই চিন্তাই কবিৰ মনে গভীৰ সংশয় আৰু বেদনা জন্ম দিয়াছে।

১০। আহিনৰ পথাৰৰ গোন্ধত কবিয়ে কাক কেনেভাৱে পোৱা যেন অনুভৱ কৰে?

উত্তৰঃ আহিনৰ পথাৰৰ গোন্ধত কবিয়ে নিজৰ দেউতাকক উপস্থিত হোৱা যেন অনুভৱ কৰে। তেওঁৰ দেউতাক এজন পৰিশ্ৰমী কৃষক আছিল, যিয়ে জীৱনৰ অধিকাংশ সময় খেতি-পথাৰত কাটাইছিল। আহিন মাহ আছিল শস্য-পাক পৰ্ব, য’ত দেউতাকে ব্যস্ততাৰে পথাৰত কাম কৰিছিল। সেয়ে, এই সময়ৰ পথাৰৰ সেউজী সুবাস, মাটিৰ গন্ধ আৰু ধান-পোনাৰ সুগন্ধই কবিৰ মনে দেউতাকৰ স্মৃতি জাগ্ৰত কৰে।

কবিয়ে অনুভৱ কৰে, তেওঁৰ দেউতাকে জীৱনত যি কৰ্মৰে ধ্যান, সাধনা কৰিছিল, সেইখিনিয়েই তেওঁৰ জীয়াই থকাৰ মূল আধাৰ আছিল। ফলত, আহিনৰ পথাৰৰ গোন্ধেই যেন দেউতাকৰ জীৱন্ত উপস্থিতিৰ অনুভৱ কঢ়িয়াই আনে কবিৰ বাবে।

১১। ‘কৰুণতম’ কবিতাটিৰ মূলভাৱ লিখা। 

উত্তৰঃ কবিৰ পিতৃ এজন সৰল কৃষক আছিল। তেওঁ জীৱনৰ অধিকাংশ সময় খেতি-পথাৰত কাটাইছিল আৰু কৃষিকৰ্মেই আছিল তেওঁৰ জীৱিকাৰ মূল আধাৰ। আজিও যেতিয়া কবিয়ে আহিনৰ পথাৰৰ গোন্ধ অনুভৱ কৰে, তেতিয়া তেওঁৰ দেউতাৰ ছবি চকুত ভাঁহি উঠে।

একেদৰে, দোকানত থকা জাপ-ভঙা গামোচাৰ মনমোহা সুবাসে কবিৰ অন্তৰত মাতৃৰ সোঁৱৰণি জাগ্রত কৰে। কবিৰ মাক এজনী পৰিশ্ৰমী শিপিনী আছিল। তেওঁ কাপোৰ বুইয়ে সংসাৰৰ গাঁথনি গঢ়িছিল।

কবিয়ে অনুভৱ কৰে, তেওঁৰ পিতৃ-মাতৃ নিজৰ কৰ্ম, পৰিশ্ৰম আৰু পৰিচয়ে সময়ৰ বুকুত স্থায়ী ছাপ এৰি গৈছে। কিন্তু নিজে যি জীৱন যাপন কৰিছে, তাৰ মাজত তেওঁ ভবিষ্যৎ প্ৰজন্মৰ বাবে কোনো বিশেষ স্বাক্ষৰ, চিনাকি বা স্মৃতি এৰি যাব নোৱাৰিব বুলি এক অন্তৰ্নিহিত বেদনা প্ৰকাশ কৰে। এই দুখেৰে কবিয়ে নিজৰ অস্তিত্বৰ ক্ষণস্থায়িত্ব অনুভৱ কৰে, যি সময়ৰ সন্মুখত এক নীৰৱ স্বীকৃতিৰ দৰে প্ৰকাশ পাইছে।

১২। ডক্তৰ নিৰ্মলপ্ৰভাৰ বৰদলৈ চমু পৰিচয় দিয়া।

উত্তৰঃ নিৰ্মলপ্ৰভা বৰদলৈ এজনী বিশিষ্ট অসমীয়া কবি, গীতিকাৰ আৰু গৱেষক আছিল। তেখেতৰ জন্ম শিৱসাগৰত হৈছিল। তেওঁ সন্দিকৈ মহাবিদ্যালয়ৰ পৰা বি.এ. পাশ কৰি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম.এ. ডিগ্ৰী অৰ্জন কৰে। তাৰ পাছত বি. বৰুৱা মহাবিদ্যালয়ত অধ্যাপিকা হিচাপে কৰ্মজীৱন আৰম্ভ কৰি পিচত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপিকা পদত নিযুক্ত হয়। সেই বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু আসনৰ অধ্যাপিকা হিচাপে তেখেতে অৱসৰ গ্ৰহণ কৰে।

নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা সংকলন আছিল ‘বন ফিৰিঙৰ জুই’। তেখেতৰ অন্যান্য কবিতা পুথিসমূহত ‘দিনৰ পাছত দিন’, ‘সমীপেষু’, ‘অন্তৰঙ্গ’, ‘সুদীৰ্ঘ দিন’, আৰু ‘ঋতু’ উল্লেখযোগ্য। গীতসংগ্ৰহ হিচাপে ‘সোণবৰণীয়া আই’ আৰু ‘সুৰীয়া মাত’ বিশেষভাবে চিনাকি। তেখেতৰ গৱেষণামূলক গ্ৰন্থসমূহৰ ভিতৰত ‘দেৱী’, ‘শিৱ’, আৰু ‘সূর্য’ বিশেষ উল্লেখযোগ্য।

তেওঁ ১৯৮৩ চনত ‘সুদীৰ্ঘ দিন আৰু ঋতু’ কাব্যসংকলনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে। ১৯৯১ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ দুধনৈ অধিবেশনত সভাপতি হিচাপে দায়িত্ব পালন কৰে। নিৰ্মলপ্ৰভা বৰদলৈ ২০০৪ চনত দেহাৱসান ঘটে।

My name is Manuj Saikia And i Am a graduate and blogger from Dhemaji, Assam. I regularly publishes updates on Assam government jobs, schemes, education, results, and career opportunities on adre.co.in to help students and job seekers stay informed.

Leave a Comment