AHSEC Class 12 Assamese Chapter 1 Answer 2026 | মোৰ মাতৃমুখ দৰ্শন

WhatsApp Group Join Now
Telegram Group Join Now

AHSEC Class 12 Assamese Chapter 1 Answer 2026 | মোৰ মাতৃমুখ দৰ্শন

Are you looking for the AHSEC Class 12 Assamese Chapter 1 Answer 2026? If yes, you’re in the right place. In this article, you’ll find well-structured and easy-to-understand answers for Chapter 1 – মোৰ মাতৃমুখ দৰ্শন, prepared according to the latest ASSEB (formerly AHSEC) Higher Secondary syllabus.

This chapter is one of the most important lessons in the Class 12 Assamese textbook and is frequently asked in the HS Final Examination. The answers provided are written in simple Assamese, making them easy to understand and helpful for both revision and exam preparation.

Our মোৰ মাতৃমুখ দৰ্শন Question Answers cover important short questions, long questions, textbook exercises, and exam-oriented explanations. Students are advised to read the chapter carefully before referring to the answers so they can understand the concepts instead of memorizing them.

Whether you’re preparing for unit tests, half-yearly exams, or the final HS examination, these chapter-wise solutions will help you improve your writing skills and score better marks in Assamese.

On this page, you will get:

  • Complete Chapter 1 Question Answers
  • Important Exam Questions
  • Short & Long Answer Solutions
  • Simple and Easy-to-Understand Explanations
  • ASSEB HS 2nd Year Exam-Oriented Notes

Bookmark this page for quick revision and keep visiting for the latest AHSEC Class 12 Assamese Question Answers 2026 for all chapters.

অতি চমু প্ৰশ্ন (মূল্যাংক-১)

১। ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটো ক’ৰপৰা সংগ্ৰহ কৰা হৈছে?

উত্তৰঃ ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটো ড॰ নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী ( প্ৰথম খণ্ডৰ) পৰা লোৱা হৈছে।

২। সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত?

উত্তৰঃ সম্বলপুৰ ভাৰতৰ উৰিষ্যা ৰাজ্য়ত অৱস্থিত ৷

৩। বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে ক’ৰপৰা ক’লৈ যাত্ৰা কৰিছিল?

উত্তৰঃ বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল ৷

৪। ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল?

উত্তৰঃ ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী আছিল তেওঁৰ সহধৰ্মিনী প্ৰজ্ঞাসুন্দৰী আৰু সৰুজনী কন্যা ৷

৫। লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা ৷

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম ‘লিতিকাই’৷

চমু প্ৰশ্ন (মূল্যাংক-২/৩)

১। ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটিৰ নামাকৰণৰ তাৎপৰ্য ব্যাখ্যা কৰা ৷

উত্তৰঃ ”মোৰ মাতৃমুখ দৰ্শন” পাঠটিৰ নামাকৰণৰ ক্ষেত্ৰত লিখক সম্পূৰ্ণভাৱে সফল হোৱা বুলি কব পাৰি। এটা পাঠৰ নামটোত সমগ্ৰ পাঠটোৰ সাৰাংশ উজ্বলি উঠে। এই পাঠটিৰ নাম ”মোৰ মাতৃমুখ দৰ্শন”। ইয়াৰ তাৎপৰ্য হ’ল যে সাহিত্য়ৰথী লক্ষীনাথ বেজবৰুৱা দেৱে কৰ্মসূত্ৰে বহু বছৰ ধৰি মাতৃভূমি অসমৰ বাহিৰত আছিল। তেওঁ নিজৰ মাতৃভুমি অৰ্থাৎ অসমৰ কথা কৈছে । যিহেতু নিজৰ মাজু জী-জোৱাইৰ আহ্বান মৰ্মে তেওঁ অসমলৈ আহিবলগীয়া হ’ল আৰু নিজৰ মাতৃভূমিৰ দৰ্শন হ’ল। বহু বছৰৰ মূৰত নিজৰ মাতৃভূমি অসমলৈ উভতি আহি মাতৃভূমি দৰ্শন কৰাৰ বোবে পাঠটোৰ নাম মোৰ মাতৃমুখ দৰ্শন দিয়া হ’ল।

২। ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষটিত ‘মাতৃ’ শব্দৰে কি বুজোৱা হৈছে? কিমান বছৰৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল?

উত্তৰঃসাহিত্য়ৰথী লক্ষীনাথবেজবৰুৱাৰ দ্বাৰা ৰচিত’মোৰ মাতৃমুখ দর্শন’ শীৰ্ষক পাঠটিত ‘মাতৃ’ শব্দৰে লেখকে নিজৰ মাতৃভূমি অসমক বুজাইছে। প্ৰায় ডেৰ-দুকুৰি বছৰ পাছত, ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰত সম্বলপুৰৰ পৰা যাত্ৰা আৰম্ভ কৰি তেওঁ ২২ ছেপ্তেম্বৰত অসমলৈ আগমন কৰে, যাক তেওঁ নিজৰ “মাতৃমুখ দর্শন” বুলি অভিহিত কৰিছে।

৩। লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল?

উত্তৰঃ  সাহিত্য়ৰথী লক্ষীনাথ বেজবৰুৱা দেৱৰ দ্বাৰা ৰচিত ”মোৰ মাতৃমুখ দৰ্শন” নামৰ পাঠটোত উল্লেখ কৰিছে যে বৰু বছৰ ধৰি কৰ্মসূত্ৰে সম্বলপুৰত বাস কৰিছিল। তেওঁ বিভিন্ন কাৰণত নিজ মাতৃভুমি অসমত আহিব নোৱাৰাৰ বাবে তেওঁৰ মাতৃভূমি দৰ্শন হোৱা নাছিল। নিজ জী-জোৱাইৰ অনুৰোধ মৰ্মে গুৱাীহাটীত উপস্থিত হ’ল। তাত কটন কলেজৰ ছাত্ৰসকলে তেখেতক কেনেদৰে অভিনন্দন জনালে তাৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-

                  গুৱাহাটীত অহাৰ পিছত কটন কলেজৰ ছাত্ৰসকলে গধূলি সভা পাতি বেজবৰুৱাক নিমন্ত্ৰণ কৰিছিল আৰু সভাত তেওঁলোকৰ একোজনে শুৱলাকৈ ইংৰাজী আৰু অসমীয়াত ভাষণ দিছিল ৷ কোনোৱে সুললিত কণ্ঠেৰে গীত গাইছিল আৰু কোনোৱে বিয়াহৰ ওজাপালি গাই লেখকক আহ্লাদিত কৰিছিল ৷ এনেদৰেই ছাত্ৰসকলে লেখকক অভিনন্দন জনাইছিল ৷

৪। ‘মোৰ মাতৃমুখ দৰ্শন’ৰ লেখকে উল্লেখ কৰা ‘মাজিউ’ আৰু ‘জ্ঞান’ কোন আছিল?

উত্তৰঃ ‘মোৰ মাতৃমুখ দৰ্শন’ৰ লেখকে উল্লেখ কৰা ‘মাজিউ’ আছিল কবি আৰু বিখ্যাত চাহ খেতিয়ক সদাগৰ চন্দ্ৰকুমাৰ আগৰৱালা আৰু ‘জ্ঞান’ আছিল আৰ্ল ল কলেজৰ প্ৰিন্সিপাল জে. বৰুৱা বেৰিষ্টাৰ এট্-লৰ ৷

৫। লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ উল্লেখ কৰা ৷

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ-

ক) প্ৰাকৃতিক সৌন্দৰ্য- ব্ৰহ্মপুত্ৰৰ মাজৰ উমানন্দ, কামাখ্যা, অশ্বক্ৰান্ত আদি অলেখ অতুলনীয় প্ৰাকৃতিক সৌন্দৰ্যৰে গুৱাহাটী ভৰপূৰ ৷ এই সমূহে লেখকক আনন্দ দিছিল ৷

খ) ঐতিহাসিক উৎকৰ্ষ- গুৱাহাটী বিভিন্ন ঐতিহাসিক স্থানেৰে ভৰপূৰ ৷ এইবোৰে তীৰ্থযাত্ৰীৰ তীৰ্থস্পৃহা পলুৱাব পাৰে ৷ এই ঐতিহাসিক স্থানসমূহৰ বাবেও গুৱাহাটীক লেখকে বৰ ভাল পায় ৷

গ) প্ৰাচীন জ্ঞান-গৌৰৱৰ গৰিমা- গুৱাহাটীত থকা বহু প্ৰাচীন স্থানে প্ৰত্নতাত্ত্বিক প্ৰাচীন জ্ঞানৰ দুৱাৰ মুকলি কৰি মনত বিস্ময় জগাই দিব পাৰে ৷ এইবোৰৰ বাবেও গুৱাহাটী লেখকৰ বৰ আদৰৰ ৷

দীঘল প্ৰশ্ন (মূল্যাংক-৪/৫)

১। ‘মোৰ মাতৃমুখ দৰ্শন’ পাঠটিৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰে’লযাত্ৰাৰ চমু বিৱৰণ আগবঢ়োৱা ৷

উত্তৰঃ কৰ্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ লোৱা সাহিত্যৰথী বেজবৰুৱাই কৰ্মব্যস্ততাৰ বাবে দীৰ্ঘদিন ধৰি মাতৃভূমি অসমলৈ আহিব পৰা নাছিল ৷ অৱশেষত ১৯৩০ চনৰ ১৯ চেপ্তেম্বৰত সম্বলপুৰৰপৰা অসমলৈ বুলি যাত্ৰা আৰম্ভ কৰে ৷ সংগী আছিল সহধৰ্মিনী প্ৰজ্ঞা সুন্দৰী আৰু সৰু জী ৷ বেংগল-নাগপুৰ ৰেলেৰে সম্বলপুৰৰ পৰা দুঘণ্টা যাত্ৰা কৰি তেওঁ ঝাৰচোগোড়া জংচনত নামে আৰু তাৰ পৰা কলিকতা অভিমুখী ৰেলত উঠে ৷ তেওঁলোকে লগত খোৱা বস্তু নিয়া নাছিল ৷ যাৰ বাবে তেওঁৰ পৰিয়ালটো ভোকে-লঘোণে যাব লগা হ’ল ৷ ২০ চেপ্তেম্বৰৰ ৰাতি ৮ মান বজাত তেওঁ কলিকতাত নামি এঠাইত এমুঠি খাই নিশাটোৰ বাবে জিৰণি ল’লে ৷ কলিকতাৰপৰা অসম অভিমুখী যাত্ৰাত আকৌ গাড়ীখনত অত্যাধিক যাত্ৰী উঠিও লেখকৰ পৰিয়ালক যথেষ্ট আহুকালত পেলালে ৷ ২১ চেপ্তেম্বৰত লেখকৰ পৰিয়ালে শিয়ালদাহ ষ্টেচন এৰি ২২ চেপ্তেম্বৰত গুৱাহাটীত উপস্থিত হয়হি ।

 ২। ‘মোৰ মাতৃমুখ দৰ্শন’ পাঠটিত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষিকৰ্মৰ কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা ৷

উত্তৰঃ মহাদেৱে কাম বন নকৰি ভাং ধতুৰা খাই ঘৰতে বহি থকা দেখি এদিন পাৰ্বতীয়ে ককৰ্থনা কৰিলে। ঘৰতে বৃষভটো আছে, ঘাঁহ পানী খাই নোদোকাটো হৈছে। তাৰেই হাল বাই খেতি বাতি কৰি ধান এগালমান আৰ্জিব পাৰে বুলি ধিক্কাৰ দিলে ৷ পাৰ্বতীৰ কথা শুনি মহাদেৱৰ বৰ বেজাৰ লাগিল। লগে লগেই খেতি কৰিবলৈ যাবলৈ দৃঢ় সংকল্প ল’লে আৰু বৃষভৰ ওপৰত উঠি পথাৰলৈ গ’ল। কৃষিকৰ্ম আৰম্ভ হ’ল। কিছুদিনৰ ভিতৰতে খেতি কৰি গোটেইখন উভয়নদী কৰি পেলালে। শোৱা, খোৱা গুছিল । ঘৰলৈ আহিবলৈ এৰিলে । ইফালে হিতে বিপৰীতে হোৱাত পাৰ্বতী সমস্যাত পৰিল। গিৰিয়েকক ঘৰলৈ মাতি আনিবলৈ নন্দী ভৃংগীকে আদি কৰি যোৰে যোৰে মানুহ পঠিয়াবলৈ ধৰিলে। পিছে কামত নাহিল । এইবাৰ নাৰদক ৰিপুৱা ধৰিলে। নাৰদে মহাদেৱক ঘৰলৈ আহিবলৈ খাটনি ধৰিলে। কাৰো কথা নুশুনা মহাদেৱে নাৰদৰ খাটনিকো কাণ নকৰিলে। অনেক ভাবি পাৰ্বতীয়ে এইবাৰ অসংখ্য মহ-ডাঁহ, চেৰেপা সৃষ্টি কৰি মহাদেৱক আমনি কৰিবলৈ পঠাই দিলে। একো কামত নাহিল। অৱশেষত হাহা আৰু হুহু নামৰ দুটা মানসপুত্ৰ সৃষ্টি কৰি পঠিয়াই দিয়াত মহাদেৱৰ সমস্ত খেতি পুৰি ধ্বংস কৰিলে ।

See also  AHSEC Class 12 Assamese Chapter 8 Answer 2026 | বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ

৩। হাহা হুহু কোন আছিল? এওঁলোকক কি কাৰণে সৃষ্টি কৰিছিল লিখা ৷ 

উত্তৰঃ হাহা হুহু পাৰ্বতীৰ মানসপুত্ৰ আছিল ৷

                    মহাদেৱে কাম বন নকৰি ভাং ধতুৰা খাই ঘৰতে বহি থকা দেখি এদিন পাৰ্বতীয়ে ককৰ্থনা কৰিলে ৷ ঘৰতে বৃষভটো আছে, ঘাঁহ পানী খাই নোদোকাটো হৈছে ৷ তাৰেই হাল বাই খেতি বাতি কৰি ধান এগালমান আৰ্জিব পাৰে বুলি ধিক্কাৰ দিলে ৷ পাৰ্বতীৰ কথা শুনি মহাদেৱৰ বৰ বেজাৰ লাগিল ৷ লগে লগেই খেতি কৰিবলৈ যাবলৈ দৃঢ় সংকল্প ল’লে আৰু বৃষভৰ ওপৰত উঠি পথাৰলৈ গ’ল ৷ কৃষিকৰ্ম আৰম্ভ হ’ল ৷ কিছুদিনৰ ভিতৰতে খেতি কৰি গোটেইখন উভয়নদী কৰি পেলালে ৷ শোৱা, খোৱা গুছিল ঘৰলৈ আহিবলৈ এৰিলে ৷ ইফালে হিতে বিপৰীতে হোৱাত পাৰ্বতী সমস্যাত পৰিল ৷ গিৰিয়েকক ঘৰলৈ মাতি আনিবলৈ নন্দী ভৃংগীকে আদি কৰি যোৰে যোৰে মানুহ পঠিয়াবলৈ ধৰিলে ৷ পিছে কামত নাহিল ৷ এইবাৰ নাৰদক ৰিপুৱা ধৰিলে ৷ নাৰদে মহাদেৱক ঘৰলৈ আহিবলৈ খাটনি ধৰিলে ৷ কাৰো কথা নুশুনা মহাদেৱে নাৰদৰ খাটনিকো কাণ নকৰিলে ৷ অনেক ভাবি পাৰ্বতীয়ে এইবাৰ অসংখ্য মহ-ডাঁহ, চেৰেপা সৃষ্টি কৰি মহাদেৱক আমনি কৰিবলৈ পঠাই দিলে ৷ একো কামত নাহিল ৷ অৱশেষত হাহা আৰু হুহু নামৰ দুটা মানসপুত্ৰ সৃষ্টি কৰি পঠিয়াই দিয়াত মহাদেৱৰ সমস্ত খেতি পুৰি ধ্বংস কৰিলে ৷

৪। ‘ডিব্ৰুগড়ত গোটাচেৰেক কথাই মোক বৰ সন্তোষ দিছিল৷’-ডিব্ৰুগড়ত কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল বুজাই লিখা ৷

উত্তৰঃ দীৰ্ঘদিনৰ অন্তত মাতৃভূমিলৈ আহি বেজবৰুৱাই বহু পৰিবৰ্তন দেখা পাইছিল ৷ ডিব্ৰুগড়ৰ গোটাচেৰেক কথাই লেখকক বৰ আনন্দিত কৰিছিল ৷ প্ৰথমে ডিব্ৰুগড়ৰ অসমীয়া তিৰোতাসকল শিক্ষা-দীক্ষা আৰু ৰাজহুৱা কথাদিত পুৰুষৰ সমকক্ষ হ’বলৈ আগবাঢ়িছিল ৷ সভা-সমিতি পতাত তেওঁলোক আগৰণুৱা হৈ পৰিছিল ৷ অথচ তেওঁলোকৰ স্ত্ৰীসূলভ গাম্ভীৰ্য আৰু কমনীয়তাৰ এচুলিমানো হ্ৰাস হ’বলৈ দিয়া নাছিল ৷ সভাই সমিতিয়ে বক্তৃতা দিয়াৰ ক্ষেত্ৰত দুই এগৰাকীয়ে অনেক পুৰুষকো চেৰ পেলাইছিল ৷ দ্বিতীয়তে ডিব্ৰুগড়ৰ ডেকাসকলৰ উদ্যমৰ ফলত সমৃদ্ধ হৈ পৰা ৰংগশালাটো দেখিও লেখকে মনত সন্তোষ পাইছিল ৷ থিয়েটাৰৰ বাবে অসমীয়া চিত্ৰবিদ ডেকাসকলে অঁকা ছবি এনে সুন্দৰ আছিল যে সেইবোৰ কলিকতাৰ নিপুণ চিত্ৰবিদ ডেকাসকলে অঁকা ছবিতকৈ কোনো গুণে কম নাছিল ৷ নাট্যকলাত ডিব্ৰুগড়ৰ সম্ভ্ৰান্তঘৰৰ ডেকাসকলে আশাতীত ভাৱে উন্নতি কৰিছিল ৷ পেইণ্টিং আৰু ফটোগ্ৰাফীত মুক্তানাথ বৰদলৈয়ে কৃতিত্ব দেখুৱাইছিল ৷ প্ৰভাতচন্দ্ৰ দাস আৰু জনদিয়েকৰ অভিনয়ে কলিকতাৰ বিখ্যাত অভিনেতাতকৈ কোনোগুণে কম নাছিল৷ এনেবোৰ কথাই লেখকৰ মনত বৰ সন্তোষ দিছিল ৷

৫। লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত বুজাই লিখা ৷

উত্তৰঃ নাট মঞ্চায়নৰ ক্ষেত্ৰত মৌলিক নাটৰ অভিনয় সৰহ কৰিবলৈ পৰামৰ্শ দি বেজবৰুৱাই কৈছিল যে বিদেশী নাটক মঞ্চায়ন কৰাত তেওঁ বৰ সন্তোষ পালেও ঘোৰ বিৰোধী নহয় ৷ অৱশ্যে তেনে নাটকবোৰৰ অনুবাদ প্ৰকৃত অসমীয়া অনুবাদ হ’ব লাগে বুলি উল্লেখ কৰিছে ৷ ভাল বিদেশী নাটকৰ উৎকৃষ্ট ভাৱ সম্পদেৰে অসমীয়া সাহিত্যৰ সৌন্দৰ্য বঢ়োৱাটো অতি শোভন কথা বুলিও তেওঁ উল্লেখ কৰিছে ৷ কিন্তু সেয়া কৰিবলৈ যাওঁতে বাৰি বঙলুৱা অনুবাদ নকৰি আচল অসমীয়া অনুবাদ হোৱা উচিত বুলিও তেওঁ পৰামৰ্শ দিছে ৷

অতিৰিক্ত প্ৰশ্নোত্তৰঃ 

১। লক্ষ্মীনাথ বেজবৰুৱাৰ শ্ৰীকৃষ্ণকথা কি বিষয়ক গ্রন্থ?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘শ্ৰীকৃষ্ণকথা’ এটি মূল্যবান তত্ত্বমূলক গ্ৰন্থ হিচাপে পৰিচিত।

২। ‘Comedy of Errors’ৰ অসমীয়া ভাঙনি “ভ্ৰমৰংগ” কোন চনত প্ৰকাশ পাইছিল?
উত্তৰঃ শ্বেক্সপিয়েৰৰ ‘Comedy of Errors’ৰ অসমীয়া অনুবাদ ‘ভ্ৰমৰংগ’ ১৮৮৮ চনত প্ৰকাশিত হৈছিল।

৩। লক্ষ্মীনাথ বেজবৰুৱাই কলকাতাৰ কোনখন উচ্চ শিক্ষা প্রতিষ্ঠানৰ পৰা বি. এ. ডিগ্রী লাভ কৰে?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই কলকাতাৰ জেনেৰেল এছেমব্লি ইনষ্টিটিউশ্যনৰ পৰা বি.এ. ডিগ্ৰী অৰ্জন কৰিছিল।

৪। অঃ ভাঃ উঃ সাঃ সভা মানে কি?
উত্তৰঃ অসমীয়া ভাষা উন্নতি সাধিনী সভা।

৫। ‘মোৰ মাতৃমুখ দর্শন’ কোন শ্ৰেণীৰ ৰচনা?

উত্তৰঃ ‘মোৰ মাতৃমুখ দর্শন’ এখন আত্মজীৱনীমূলক তথা ভ্ৰমণ কাহিনীমূলক শ্ৰেণীৰ ৰচনা।

৬। লক্ষ্মীনাথ বেজবৰুৱাৰ কেতিয়া মৃত্যু হৈছিল?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ১৯৩৮ চনত মৃত্যু হৈছিল।

৭। বৃষভ কি?

উত্তৰঃ বৃষভ হৈছে শিৱৰ বাহন- ষাড় গৰু।

৮। নন্দী-ভিংগী কোন?

উত্তৰঃ নন্দী-ভিংগী হৈছে শিৱৰ শিষ্য। 

৯ । লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম লিখা?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম- কদমকলি

১০। ‘মোৰ মাতৃমুখ দৰ্শন’ শীর্ষক প্রবন্ধটো কি উদ্দেশ্যে পাঠ হিচাপে নির্বাচন কৰা হৈছে?

উত্তৰঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাসমূহ অসমৰ জাতীয় সম্পদৰূপে বিবেচিত। তেওঁৰ আত্মজীৱনী *’মোৰ জীৱন সোঁৱৰণ’*ত নিজৰ জীৱনৰ কথা প্ৰকাশ কৰাৰ লগতে, তেওঁ আলোচনীসমূহত আত্মজীৱনীমূলক প্ৰবন্ধ আৰু ভ্ৰমণ কাহিনীও লিখিছিল। বেজবৰুৱাৰ সাহিত্যত থকা সৌন্দৰ্যবোধ, চিন্তনশীলতা আৰু সুন্দৰ কথনশৈলী পাঠকক আকৰ্ষণ কৰে। সেই সাহিত্যিক মাধুৰ্যৰ আস্বাদ দিয়াৰ উদ্দেশ্যে তেওঁৰ প্ৰবন্ধ ‘মোৰ মাতৃমুখ দর্শন’ পাঠ হিচাপে অন্তর্ভুক্ত কৰা হৈছে।

১১। লক্ষ্মীনাথ বেজবৰুৱাক কিয় অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয়? 

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ নেতৃত্বত ‘জোনাকী’ আলোচনীৰ জৰিয়তে অসমীয়া সাহিত্যত ৰমন্যাসৰ ধাৰা বৈ বহে। *’জোনাকী’*ৰ পাতত তেওঁৰ দ্বাৰা ৰচিত চুটি গল্পবোৰে অসমীয়া চুটিগল্প সাহিত্যৰ শুভাৰম্ভ ঘটায় আৰু তাৰ বিকাশৰ পথ প্ৰসস্ত কৰে। এই মহত্বপূর্ণ অৱদানৰ বাবে বেজবৰুৱাক যথাযথভাৱে “অসমীয়া চুটিগল্পৰ জনক” বুলি স্বীকৃতি দিয়া হয়।

১২। লক্ষ্মীনাথ বেজবৰুৱাই সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিৱেখনখনি  ক’ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰঃ ১৯২৪ চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনখনত লক্ষ্মীনাথ বেজবৰুৱাই সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

১৩। লক্ষ্মীনাথ বেজবৰুৱাক কিয় ‘সাহিত্যৰথী’ বোলা হয়? 

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া সাহিত্যৰ ইতিহাসত এজন পুৰোধা ব্যক্তি হিচাপে পৰিচিত। সাহিত্যৰ গতি নিস্তেজ হোৱাৰ সময়ত তেওঁ কাণ্ডাৰী ৰূপে আগবাঢ়ি কবিতা, নাটক, উপন্যাস, চুটিগল্প, প্রবন্ধ, হাস্য-ব্যংগ, জীৱনী, আত্মজীৱনী আৰু তত্ত্বমূলক গ্ৰন্থ আদি নানা শাখাত অসাধাৰণ অৱদান আগবঢ়াই অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰে। তেওঁৰ প্ৰতিটো ৰচনাত থকা নিমজ শৈলী আৰু সাহিত্যিক সৌন্দৰ্যই তেওঁক এক বিশেষ স্থানত অধিষ্ঠিত কৰিছে। সাহিত্যৰ প্ৰায় প্ৰতিটো দিশত দিয়া এনে মূল্যবান অৱদানৰ বাবে তেওঁক ‘সাহিত্যৰথী’ উপাধিৰে সন্মানিত কৰা হয়।

১৪। জোনাকী যুগৰ ত্রিমূৰ্ত্তি বুলিলে কাক কাক বুজায়? 

উত্তৰঃ ‘জোনাকী যুগৰ ত্রিমূর্ত্তি’ বুলি উল্লেখ কৰিলে সাধাৰণতে লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীক বুজোৱা হয়।

See also  AHSEC Class 12 Assamese Chapter 6 Answer 2026 | চিঠি

১৪। বেজবৰুৱাক কিয় ৰসৰাজ আখ্যা দিয়া হয়?

উত্তৰঃ সাহিত্যৰ প্ৰতিটো ৰূপকর্ম—যেনে: গল্প, কবিতা, উপন্যাস, নাটক, আত্মজীৱনী আদি উপৰিও, লক্ষ্মীনাথ বেজবৰুৱাই বিশেষভাৱে হাস্য-ব্যংগ গদ্য ৰচনাৰ জৰিয়তে অসমীয়া সাহিত্যক অধিক সমৃদ্ধ কৰিছিল। তেওঁৰ দ্বাৰা ৰচিত উল্লেখযোগ্য হাস্য-ব্যংগ ৰচনাসমূহ হ’ল — ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’‘কৃপাবৰ বৰুৱাৰ ওভতনি’‘বৰবৰুৱাৰ বুলনি’‘বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি’ আদি।

    এই ৰচনাসমূহে অসমীয়া পাঠকক বিমল হাস্যৰসৰ স্বাদ দিয়াৰ লগতে পেটৰ নাড়ী ডাল ডাল কৰিছিল। এইবোৰ ৰচনাৰ মূল উপজীৱিকা আছিল বেজবৰুৱাৰ নিমজ গদ্যশৈলী আৰু অতুলনীয় উপস্থাপন কৌশল।

    তেওঁৰ হাস্য-ব্যংগ ৰচনা কেৱল ৰসৰ সংস্থান নহয়, অসমীয়া সমাজৰ বিভিন্ন ভুল-ক্রটিৰ শুদ্ধৰণি কৰাৰ এক শক্তিশালী মাধ্যম আছিল। তীক্ষ্ণ কটাক্ষ আৰু ব্যংগৰ জৰিয়তে তেওঁ সমাজক জগাই তুলিবলৈ সচেষ্ট হৈছিল। সাহিত্যত প্ৰকাশ পোৱা এইধৰণৰ হাস্য-ব্যংগৰ বৈশিষ্ট্যৰ বাবে বেজবৰুৱাক যথাযোগ্যভাৱে ‘ৰসৰাজ’ উপাধিৰে সম্মানিত কৰা হয়।

১৫। ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষটিত ‘মাতৃ’ শব্দৰে কি বুজোৱা হৈছে? কিমান বছৰৰ পিছত লেখকৰ মাতৃমুখ দর্শন হৈছিল?

উত্তৰঃ ‘মোৰ মাতৃমুখ দর্শন’ শীৰ্ষক পাঠত ‘মাতৃ’ শব্দটোৱে লেখকৰ মাতৃভূমি অসমক বুজাইছে। লেখকে সুদীর্ঘ প্ৰায় ডেৰ-দুকুৰি বছৰৰ পিছত নিজৰ জন্মভূমি অসমলৈ উভতি আহি মাতৃৰ মুখ দর্শন কৰাৰ অনুভূতি প্ৰকাশ কৰিছে। এই “মাতৃমুখ” হৈছে মাতৃভূমি অসমৰ মুখ, যাক তেওঁ বহুদিন ধৰি দেখা নাছিল।

১৬। লিখকে ট্রেইন যাত্ৰাৰ সময়ত কালৈ কিয় টেলিগ্রাম কৰিছিল?

উত্তৰঃ ঝাৰচোগোড়াৰ পৰা কলিকতা অভিমুখে যাত্ৰা কৰাৰ সময়ত লেখক আৰু তেওঁৰ সংগীসকল ৰাতিপুৱা খাদ্যৰ অভাৱত ভোকাতুৰ হৈ পৰিছিল। প্ৰথম ট্রেইনখন ধৰা নোহোৱাৰ বাবে তেওঁলোকে দেৰিকৈ যাত্ৰা আৰম্ভ কৰে আৰু পেছেঞ্জাৰ ট্ৰেইনত উঠিবলগীয়া হয়, য’ত আহাৰৰ কোনো ব্যৱস্থা নাছিল। তেতিয়া লেখকে গার্ডৰ সহায়ত খড়গপুৰ আৰু চক্ৰধৰপুৰ ৰিফ্ৰেছমেন্ট ৰূমৰ মেনেজাৰক টেলিগ্ৰাম পঠিয়াই আহাৰৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ কৰে। কিন্তু সেয়া ফলপ্ৰসূ নহ’ল। অৱশেষত, ষ্টেচনত বিক্ৰী হোৱা চিঙৰা আৰু কচুৰি খাই তেওঁলোকে ভোক নিবাৰণ কৰিছিল।

১৭। ব্যাখ্যা কৰা :- কালৰ পীড়নত আজিৰ অসম জীর্ণ-শীর্ণ-দীর্ণ।” 

উত্তৰঃ “কালৰ পীড়নত আজিৰ অসম জীর্ণ-শীর্ণ-দীর্ণ।” — এই হৃদয়বিদাৰক বাক্যখিনি অসমৰ বিশিষ্ট সাহিত্যিক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত ‘মোৰ মাতৃমুখ দৰ্শন’ নামৰ প্ৰবন্ধৰ পৰা তুলি লোৱা হৈছে। এই গদ্যফাকি লেখকে নিজৰ জন্মভূমি অসমলৈ ডেৰ-দুকুৰি বছৰ পাছত ঘূৰি আহি তেওঁৰ দৃষ্টিত অসমত হোৱা সামাজিক, সাংস্কৃতিক আৰু নৈতিক অৱক্ষয় বৰ্ণনা কৰিছে। 

১৮। লিখকে ডিব্ৰুগড়ত কেনেদৰে বৰষুণৰ সমস্যাৰ সন্মুখীন হৈছিল? 

উত্তৰঃ লিখকে ২৪ তাৰিখে পুৱা প্ৰায় ন’মান বজাত ডিব্ৰুগড় পাইছিল। সেই দিনাৰ পৰা অবিৰত বৰষুণ আৰম্ভ হয় আৰু লেখকৰ ভাষাত এই বৰষুণ “চেলেং-পেটেং” ধৰণৰ আছিল, যি গাত পৰিলেই সৰি যোৱাৰ দৰে অনুভূতি দিছিল। এই লেলপেল বৰষুণ প্ৰায় পোন্ধৰ দিন ধৰি চলি আছিল। বৰষুণৰ দৌৰাত্মত কোনোও ব্যক্তি আনন্দিত মনেৰে বাহিৰলৈ ওলাই ফুৰিব পৰা নাছিল। ফলস্বৰূপে, লেখক ৰাজনৈতিক বন্দীৰ দৰে নিজৰ জী-জোঁৱাইৰ ঘৰতে আবদ্ধ হৈ থাকিবলৈ বাধ্য হৈছিল।

    তেওঁ বন্ধুৰ ঘৰলৈ যোৱা, চিকাৰলৈ যোৱা, সভা-সমিতিত যোগদান কৰাৰ দৰে নানা কাৰ্যসূচী পৰিকল্পনা কৰিছিল; কিন্তু প্ৰতিটো পুৱা বৰষুণে যেন তেওঁক সেই পথৰ পৰা নিষেধাজ্ঞা আৰোপ কৰিছিল। এইদৰে বৰষুণই লেখকৰ সকলো আশা-আকাংক্ষা আৰু প্ৰব্ৰজনক ইচ্ছাক বাধা প্ৰদান কৰিছিল।

১৯। ‘পানী মে মীন পিয়াসী। মোক শুনত শুনত লাগে হাসি’। এই পদফাঁকি কাৰ ৰচনা? বেজবৰুৱাই কি প্ৰসংগত ইয়াৰ অৱতাৰণা কৰিছে, বুজাই লিখা।
উত্তৰঃ এই পদফাঁকি মহাত্মা কবীৰে ৰচনা কৰিছিল। বেজবৰুৱাই ইয়াক উদ্ধৃত কৰি নিজৰ অৱস্থাৰ সৈতে তুলনা কৰিছে। পানীত থাকিও মাছ যি দৰে তৃষ্ণাতুৰ হৈ থাকে, ঠিক তেনেদৰে বিধিৰ বিপাকত পৰি বেজবৰুৱাও বহু বছৰ ধৰি নিজৰ মাতৃভূমি অসমলৈ উভতি আহিব পৰা নাছিল।
    মাতৃভূমিৰ প্ৰতি থকা গভীৰ স্নেহ আৰু আন্তৰিকতাইয়ো তেখেতক শাওপাতৰ দৰে নিৰ্বাচিত কৰ্মস্থলৰ জৰিয়তে আতৰাই ৰাখিছিল। বিধিৰ বিচিত্ৰ খেলত, পানীৰ মাজত থকা মানুহো যদি শাওপাতত পৰে, তেনে অৱস্থাত তেওঁ পিয়াহেৰে শুকাই মৰে। ঠিক সেইদৰে বেজবৰুৱাও মাতৃভূমিৰ সান্নিধ্যৰ অভাৱত অন্তৰভাগত বেদনাহত আছিল।এই অনুভৱৰেই প্ৰেক্ষাপটত তেওঁ এই পদফাঁকি অৱতাৰণা কৰিছিল।

২০।’মোৰ মাতৃমুখ দর্শন’ শীর্ষত পাঠটিত লেখকৰ অন্তৰৰ জাতিপ্রেম কিদৰে প্রকাশ পাইছে চমুকৈ আলোচনা কৰা। 

উত্তৰঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা কৰ্মসূত্রে মাতৃভূমি অসমৰ বাহিৰত, বিশেষকৈ কলকাতা আৰু সম্বলপুৰত আছিল। দীঘলীয়া ত্রিশ-চল্লিছ বছৰৰ কাৰ্যালয়-ব্যস্ততাৰ ফলত তেওঁ নিজ ভূমি অসমলৈ আহিবলৈ সক্ষম হোৱা নাছিল। অৱশেষত ১৯৩০ খ্ৰীষ্টাব্দৰ ১৯ ছেপ্তেম্বৰত সম্বলপুৰৰ পৰা অসম অভিমুখে যাত্ৰা আৰম্ভ কৰে। পথত ৰে’লত খোৱাৰ সুবিধা নথকাৰ লগতে পৰিয়ালসহ খাদ্যবিহীন অৱস্থাত ভোকাতুৰভাৱে তেওঁক যাত্ৰা কৰিবলগীয়া হৈছিল। তথাপি মাতৃভূমিৰ প্ৰেমত উদ্বুদ্ধ হৈ, ২২ ছেপ্তেম্বৰত অসমত পদার্পণ কৰি তেওঁ ‘মাতৃমুখ দর্শন’ত গভীৰ আনন্দ অনুভৱ কৰে।

    বেজবৰুৱা অসমলৈ উভতি আহি অসমীয়াৰ জাতিৰ গৰিমা, ঐতিহ্য আৰু প্রাকৃতিক সৌন্দৰ্য পুনৰ অনুভৱ কৰে। বিশেষকৈ ডিব্ৰুগড় চহৰৰ উন্নতি, তিৰোতাসকলৰ শিক্ষাগত অগ্ৰগতি আৰু ৰাজহুৱা জীৱনত অংশগ্ৰহণ দেখি তেওঁ আনন্দিত হয়। ডেকাসকলৰ নাট্যচর্চা, সংগীত আৰু নাট্যপ্ৰদর্শনৰ পৰিবেশে তেওঁৰ মন উল্লসিত কৰে। ডিব্ৰুগড়ত শ্বেক্সপীয়েৰৰ Comedy of Errorsৰ অসমীয়ানুবাদ *ভ্রমৰংগ (১৮৮৮)*ৰ নিভাঁজ উপস্থাপনত তেওঁ অশেষ গৌৰৱ অনুভৱ কৰে।

এইদৰে, ‘মোৰ মাতৃমুখ দর্শন’ পাঠটিত বেজবৰুৱাৰ গভীৰ জাতিপ্রেম, আত্মীয়তা আৰু সাহিত্যপ্ৰেমেৰে পূর্ণ অন্তৰঙ্গ অনুভৱবোৰ সুন্দৰভাৱে প্ৰকাশ পাইছে।

২১। প্রবাসী লেখক লক্ষ্মীনাথ বেজবৰুৱাই কি কাৰণে সুদীর্ঘ কাল জন্মস্থান অসমলৈ ওভতিব পৰা নাছিল, বুজাই লিখা

উত্তৰঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা কৰ্মসূত্রে বহু বছৰ ধৰি নিজৰ মাতৃভূমি অসমৰ বাহিৰত আছিল। প্ৰথমতে তেওঁ কলকাতাত বন্ধু ভোলানাথ বৰুৱাৰ সৈতে কাঠৰ ব্যৱসায়ত লগ লাগে, আৰু পিছত স্বতন্ত্ৰভাৱে সেই ব্যৱসায় আগবঢ়ায়। কিন্তু প্ৰথম মহাযুদ্ধৰ প্ৰভাৱত সেই ব্যৱসায় লোকচানত পৰি যায়।

    পাছত, ১৯১৬ চনত বেজবৰুৱাই কাঠৰ ব্যৱসায় কৰা ‘বার্ড কোম্পানী’ত চাকৰি গ্ৰহণ কৰে। প্ৰথমে তেওঁ কোম্পানীৰ কলকাতা কাৰ্যালয়ত এবছৰ কাম কৰে আৰু তাৰ পাছত কোম্পানীৰ উৰিষ্যাৰ সম্বলপুৰত থকা ফাৰ্মত ‘মেনেজাৰ’ হিচাপে নিযুক্ত হয়। ১৯১৭ চনৰ ছেপ্তেম্বৰ মাহত তেওঁ সম্বলপুৰত দায়িত্ব গ্ৰহণ কৰে।

    অৱশেষত, ১৯৩০ খ্ৰীষ্টাব্দত দুর্গা পূজাৰ বন্ধ উপলক্ষে ৰে’ল কোম্পানীৰ দিয়া বিশেষ যাত্ৰীৰ সুবিধা গ্ৰহণ কৰি বেজবৰুৱা ১৯ ছেপ্তেম্বৰত সম্বলপুৰৰ পৰা যাত্ৰা আৰম্ভ কৰে। আৰু ২২ ছেপ্তেম্বৰত তেওঁ গুৱাহাটীত উপস্থিত হৈ বহু বছৰৰ পাছত নিজৰ জন্মভূমি অসমলৈ উভতি আহিবলৈ সক্ষম হয়।

২২। ‘যথা নিযুক্তোহস্মি তথা কৰোমি’। এই পদফাঁকি কোনে ক’ত কি প্রসংগত অৱতাৰণা কৰিছে, বুজাই লিখা।

উত্তৰঃ যেতিয়া বেজবৰুৱাদেৱ গুৱাহাটী আহি পালে, তেতিয়া কটন কলেজৰ ছাত্ৰসকলে তেওঁক আদৰিবলৈ এখন বিশেষ সভাৰ আয়োজন কৰিছিল আৰু তেওঁৰ উপস্থিতিত উষ্ম অভ্যর্থনা জ্ঞাপন কৰিছিল। ডেকা ছাত্ৰসকলৰ মনত আনন্দ আৰু উৎসাহেৰে এটি উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছিল।

    তেতিয়া বেজবৰুৱা মেলেৰীয়াৰ জ্বৰ লৈ আক্ৰান্ত আছিল, তথাপি কটন কলেজৰ ছাত্ৰসকলৰ সন্মান আৰু অনুৰোধ উপেক্ষা নকৰিবলৈ তেওঁ সভাত উপস্থিত থাকি আনন্দ অনুভৱ কৰিছিল। এই আন্তৰিকতা, স্নেহ আৰু সমাদৰৰ অনুভৱৰেই প্ৰেক্ষাপটত তেওঁ ‘মোৰ মাতৃমুখ দর্শন’ পাঠত মহাত্মা কবীৰৰ সেই বিখ্যাত পদফাঁকি অৱতাৰণা কৰিছে।

My name is Manuj Saikia And i Am a graduate and blogger from Dhemaji, Assam. I regularly publishes updates on Assam government jobs, schemes, education, results, and career opportunities on adre.co.in to help students and job seekers stay informed.

Leave a Comment