AHSEC Class 12 Assamese Chapter 15 Answer
Are you searching for the AHSEC Class 12 Assamese Chapter 15 Answer 2026? If yes, you’ve come to the right place. This page provides complete and easy-to-understand Class 12 Assamese Question and Answer for Lesson 15 – “উভতি নহাৰ কবিতা”, prepared according to the latest ASSEB (formerly AHSEC) Higher Secondary syllabus.
উভতি নহাৰ কবিতা is one of the most meaningful poems in the Group-2 (পদ্য) section of the HS 2nd Year Assamese textbook. The poem reflects the realities of life, the passage of time, and the emotions associated with memories, change, and human experiences. Through simple yet powerful language, the poet reminds readers that time never returns and encourages everyone to value every moment of life. The poem inspires self-reflection and helps students understand the importance of making meaningful use of the present.
This lesson is an important part of the Higher Secondary Assamese syllabus and is frequently asked in school examinations as well as the ASSEB HS Final Examination. A proper understanding of the poem’s central idea, poetic beauty, and message will help students answer examination questions with confidence.
On this page, you will find HS 2nd Year Assamese Question Answer in a simple and exam-oriented format. The answers are prepared according to the latest examination pattern, making them useful for classroom learning, self-study, revision, and final board exam preparation.
What You’ll Find in This Article
- Complete AHSEC Class 12 Assamese Chapter 15 Answer 2026
- Lesson 15 Class 12 Assamese Question and Answer
- Textbook exercise solutions
- Important short and long answer questions
- Stanza-wise explanation in simple Assamese
- HS 2nd Year Assamese Chapter 15 Notes
- Important board examination questions
- Quick revision notes for the Higher Secondary Final Exam
Students are advised to read the poem carefully from the prescribed textbook before referring to these answers. Understanding the poem first and then practicing the question answers will improve writing skills, strengthen concepts, and help score better marks in the Higher Secondary examination.
Keep visiting our website for the latest AHSEC Class 12 Assamese Question Answers 2026, chapter-wise solutions, previous year question papers, important questions, model papers, and study materials prepared according to the updated ASSEB syllabus.
(ক) অতি চমু প্ৰশ্ন :
১। ‘উভতি নহাৰ কবিতা’ পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে ?
উত্তৰঃ ‘উভতি নহাৰ কবিতা’ পাঠটি নৱকান্ত বৰুৱাৰ ‘দলঙত তামীঘৰা’ নামৰ কাব্য সংকলনৰ পৰা সংগ্রহ কৰা হৈছে।
২। কোনখন পুথিৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল?
উত্তৰঃ ‘ককাদেউতাৰ হাড়’ উপন্যাসখনৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল।
৩। ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ এটি পার্থক্য লিখা।
উত্তৰঃ ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ এটি পার্থক্য হৈছে -ৰোমান্টিক কবিতা অতি কল্পনা প্রৱণ। আনহাতে আধুনিক কবিতা বাস্তৱবাদী।
৪। ‘উভতি নহাৰ কবিতা’ কোন শ্রেণীৰ কবিতা?
উত্তৰঃ ‘উভতি নহাৰ কবিতা’ আধুনিক বাস্তৱবাদী কবিতা।
৫। ‘তামীঘৰা’ শব্দটিৰ অর্থ লিখা।
উত্তৰঃ ‘তামীঘৰা’ শব্দটিৰ অর্থ হ’ল তম্বু।
(খ) চমু প্ৰশ্ন:
১। নৱকান্ত বৰুৱাৰ তিনিখন কবিতা পুথিৰ নাম লিখা।
উত্তৰঃ নৱকান্ত বৰুৱাৰ তিনিখন কবিতা পুথিৰ নাম হ’ল-
১।’হে অৰণ্য হে মহানগৰ’ ,
২। ‘ৰত্নাকৰ’, আৰু
৩। ‘এটি দুটি এঘাৰটি তৰা’।
২। নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা।
উত্তৰঃ নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাস হ’ল ‘কপিলীপৰীয়া সাধু’ আৰু ‘ককাদেউতাৰ হাড়’।
৩। নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা দুখন গ্ৰন্থ হ’ল ‘আখৰৰ জখলা’ আৰু ‘শিয়ালী পালেগৈ ৰতনপুৰ’।
৪। কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ কি ? ‘জীয়াই থকাৰ ধেমালিটো’ কবিয়ে কেইবাৰ খেলিছে ?
উত্তৰঃ কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ হ’ল ‘যন্ত্ৰণা’ । ‘জীয়াই থকাৰ ধেমালিটো’ কবিয়ে এবাৰেই খেলিছে ।
৫। কবিৰ মতে পৃথিৱীলৈ ‘নতুন মানুহ’ আহিলে কি পৰিৱৰ্তন হʼব ?
উত্তৰঃ কবিৰ মতে পৃথিৱীলৈ ‘নতুন মানুহ’ আহিলে বহু পৰিৱৰ্তন হʼব । তেওঁলোকৰ কাম কাজত নতুন চিন্তাধাৰা, নতুন দিন আৰু নতুন ধ্যান-ধাৰণাৰ প্ৰকাশ ঘটিব । তেতিয়া, কবিৰ দৰে পুৰণা মানুহৰ কোনো চিন নাথাকিব ।
(গ)দীঘল প্ৰশ্ন:
১। কবিয়ে কিয় পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে, বুজাই লিখা।
উত্তৰঃ মৃত্যুয়ে জীৱনৰ সমাপ্তি বুজায়। মৃত্যুৰ পিছত অকল কবিয়েই নহয়, কোনো মানুহেই পৃথিৱীৰ পৰা গুচি যোৱাৰ পিছত উভতি নাহে। কবিয়েও জীৱনৰ বকুলপাহ এবাৰে বুটলিছে অৰ্থাৎ এবাৰেই জনম লভিছে । পৃথিৱীক কবিয়ে প্ৰাণভৰি ভালপায় । তথাপি তেওঁৰ জীৱন চিৰস্থায়ী নহয় । কবিয়ে পৃথিৱীক ভালপোৱাৰ কথা নানা ভাব আৰু ভাষাৰে প্ৰকাশ কৰিছে । তেওঁ জানে হাজাৰ ভালপোৱাই তেওঁক উভতাই আনিব নোৱাৰে । সেয়ে এবাৰ গুচি যোৱাৰ পিছত কবি পুনৰ উভতি নাহে, ই প্ৰকৃতিৰ চিৰন্তন ৰীতি যাক কবিয়ে মানিবই লাগিব ।
২। ‘উভতি নহাৰ কবিতা’টিৰ মূলভাৱ লিখা ।
উত্তৰঃ আধুনিক অসমীয়া কবিতাৰ এগৰাকী শক্তিশালী কবি নৱকান্ত বৰুৱাদেৱৰ ‘উভতি নহাৰ কবিতা’ এটি দাৰ্শনিক ভাৱাপন্ন কবিতা । কবিতাটিৰ মাজেদি কবিয়ে মানুহৰ জন্ম মৃত্যুৰ চিৰন্তন সত্যৰ বিষয়ে প্ৰকাশ কৰিছে ।
মৃত্যুয়ে জীৱনৰ সমাপ্তি বুজায়। মৃত্যুৰ পিছত অকল কবিয়েই নহয়, কোনো মানুহেই পৃথিৱীৰ পৰা গুচি যোৱাৰ পিছত উভতি নাহে। কবিয়েও জীৱনৰ বকুলপাহ এবাৰে বুটলিছে অৰ্থাৎ এবাৰেই জনম লভিছে। পৃথিৱীক কবিয়ে প্ৰাণভৰি ভালপায়। তথাপি তেওঁৰ জীৱন চিৰস্থায়ী নহয়। কবিয়ে পৃথিৱীক ভালপোৱাৰ কথা নানা ভাব আৰু ভাষাৰে প্ৰকাশ কৰিছে। তেওঁ জানে হাজাৰ ভালপোৱাই তেওঁক উভতাই আনিব নোৱাৰে ।
যন্ত্ৰণাকো আকোৱালী লৈ জীয়াই থকাটো কবিয়ে এটা ধেমালী বুলি কৈছে। এই ধেমালী কবিয়ে এবাৰেই খেলিলে। মৃত্যুৰ পিছত খেল খেলিব কোনো উভতি নাহে। কবিৰ বিদায়ৰ লগে লগে পৃথিৱীলৈ নতুন ধ্যান–ধাৰণাৰ প্ৰকাশ ঘটিব আৰু তাত কবিৰ একো চিন নাথাকিব। নতুন প্ৰজন্মই হʼব পৃথিৱীৰ নতুন মানুহ আৰু সেই দিনবোৰো হʼব নতুন দিন ।
মৃত্যুৰ পিছত কোনোৱেই দুনাই এই পৃথিৱীলৈ উভটি নাহে। সেয়ে জীয়াই থকা কালছোৱাত প্রত্যেকেই ভালপোৱা ধৰণে নিজৰ নিজৰ কাম কৰি যাব লাগে।
৩। কবিয়ে নতুন দিনত তেওঁৰ একো চিন নাথাকিব বুলি কিয় ভাবিছে, বুজাই লিখা।
উত্তৰঃ মানুহ মৰণশীল। মানুহ এজনৰ মৃত্যুৰ লগে লগে সকলো শেষ হৈ যায়। কবিয়ে উপলব্ধি কৰিছে যে যিহেতু এই পৃথিৱীখনত কোনো মানুহেই বাৰে বাৰে উভতি নাহে, গতিকে ভৱিষ্যতে যিসকল এই পৃথিৱীলৈ আহিব তেওঁলোকে সম্পূৰ্ণ নতুন ভাৱেৰে, নতুন দিনত নিজ নিজ জীৱন গঢ় দিব। ইতিমধ্যে আতৰি যোৱা কবিৰ জীৱনৰ লগত নতুন প্ৰজন্মৰ কোনো চিনাকি আৰু সম্পৰ্ক নাথাকিব। কবিৰ চিন্তা-চৰ্চা, ধ্যান-ধাৰণা আদি সকলোবোৰ নতুন মানুহৰ ওচৰত তেনেই অপৰিচিত আৰু অপ্ৰাসংগিক হৈ পৰিব । অৰ্থাৎ পুৰণি যুগৰ কোনো চিন নতুন যুগত নাথাকিব।
৪। ‘উভতি নহাৰ কবিতা’ত পৃথিৱীৰ প্ৰতি কবিৰ ভালপোৱা কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা।
উত্তৰঃ সৃষ্টিৰ নীতি পালন কৰি কবিয়ে এই পৃথিৱীত জনম লৈছে। সেয়েহে পৃথিৱীখন কবিৰ অতিকে আপোন। তেওঁ বাস কৰা পৃথিৱীখনৰ প্ৰত্যেকটো বস্তুৱেই কবিৰ প্ৰিয়। জাবৰৰ মাজৰ পৰা এপাহ বকুল বুটলিবলৈ পাই কবি সন্তুষ্ট। পৃথিৱীৰ সেউজীয়াই কবিৰ মন ভৰাই তোলে। যন্ত্ৰণাই হৃদয় দগ্ধ কৰিলেও পৃথিৱীৰ মাটি-পানী-সেৱন কৰি কবিয়ে হাঁহি হাঁহি পাহৰি যায়। পৃথিৱীৰ ৰূপ-ৰস-গন্ধ-স্পৰ্শৰ আবেশত কবিয়ে জীৱনক আকোৱালী লয় । পৃথিৱীখনক তেওঁ প্ৰাণভৰি ভাল পায় । কবিতাটোত তাৰ প্ৰকাশ দেখা যায় এনেদৰে-
ʼʼমাথোন এই পৃথিৱীখনক ভালপাই গʼলোঁ
এই কথাটোকে কিমানবাৰ যে কʼলোঁ
কিমান ভাৱেৰে কʼলোঁ………।”
৫। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
(ক)যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ
সেই মন্ত্ৰকে গালোঁ
জীয়াই থকাৰ ধেমালিটো মই
এবাৰেই খেলি গ’লোঁ ।
উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নৱকান্ত বৰুৱা দেৱৰ ৰচিত ʼউভতি নহাৰ কবিতাʼ নামৰ কবিতাটিৰ পৰা তুলি ধৰা হৈছে ।
দুখ-যন্ত্রণাৰ মাজতো কবিয়ে যে পৃথিৱীখনক ভাল পায় সেই প্রসংগত কবিয়ে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে।
পৃথিৱীখনত জন্ম গ্রহণ কৰি কবিয়ে বহুতো দুখ-শোক, যন্ত্রণা আদি পাইছে। এই দুখ-যন্ত্রণাৰ মাজেদি তেওঁ জীয়াই থকাৰ প্রেৰণা লাভ কৰিছে। অর্থাৎ যন্ত্রণাই হৈছে কবিৰ বাবে জীয়াই থকাৰ প্রেৰণা । তেওঁৰ সৃষ্টিকর্মৰ মাজেদি সেই যন্ত্রনাৰ মন্ত্রকেই বাৰে বাৰে গাইছে। কবিয়ে জানে জীয়াই থকাটো এটা ধেমালি মাত্ৰ ক্ষন্তেকীয়া । এদিন সকলোৱে এই পৃথিৱী এৰি যাব লাগিব। সেয়ে যন্ত্ৰণাত দগ্ধ হৈ ক্ষন্তেকীয়া জীৱনটোক কবিয়ে দুখময় কৰি তুলিব নোখোজে। যন্ত্ৰণাৰে পৰিপূৰ্ণ এই পৃথিৱীখনলৈ কবিয়ে বাৰে বাৰে উভতি আহিব নোৱাৰে। তেওঁ এবাৰেই এই জীৱনৰ খেল-ধেমালি খেলিব সুযোগ পাইছে বুলি কবিতাংশত বুজাইছে।
(খ) কোনোবা আহিব মোৰ দৰে কোনো দিনা ?
মোৰ সুৰতে বাজিব নতুন বীণা ?
ওহোঁ সেয়া হʼব নতুন মানুহ
সেই দিনো হʼব নতুন দিন
মোৰ তাত একো নাথাকে চিন ।
উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নৱকান্ত বৰুৱা দেৱৰ ৰচিত ‘উভতি নহাৰ কবিতা’শীৰ্ষক কবিতাটোৰ পৰা তুলি ধৰা হৈছে ।
কবিয়ে এই পৃথিৱীখনলৈ পুনৰ উভতি নহাৰ প্ৰসঙ্গত এই কবিতাফাঁকি উল্লেখ কৰিছে ।
প্ৰকৃতিৰ নিয়ম অনুসৰি কবিয়ে এই পৃথিৱীখনত জন্ম গ্ৰহণ কৰিছে । পৃথিৱীখনক ভালপায় বাবেই কবিয়ে দুখ-যন্ত্ৰণা পাহৰি হাঁহি হাঁহি জীৱন অতিবাহিত কৰিছে । কিন্তু কবি বাস্তৱত বিশ্বাসী । কবি এই পৃথিৱীৰ পৰা এদিন যাব লাগিব, এই কথা মৰ্মে তেওঁ উপলব্ধি কৰে সংসাৰত তেওঁ বহু কাম কৰি গৈছে, জীৱন কালত তাৰ কেতবোৰ স্বীকৃতিও পাইছে । তেওঁৰ মৃত্যুৰ পাছত তেওঁক অনুকৰণ কৰি উত্তৰ প্ৰজন্মই হয়তো বহুতো কাম কৰিব । তথাপি, তেওঁৰ চিন তাত নাথাকিব, থাকিব মাথো নতুন ধ্যাণ-ধাৰণা আৰু এক নতুন দিনৰ বা যুগৰ সূচনা হ’ব ।
ওপৰঞ্চি প্ৰশ্ন :
১। নৱকান্ত বৰুৱাই কোন চনত আৰু ক’ত জন্ম গ্রহণ কৰিছিল?
উত্তৰঃ নৱকান্ত বৰুৱাই ১৯২৬ চনত গুৱাহাটীত জন্ম গ্রহণ কৰিছিল ৷
২। ৰামধেনু যুগৰ কেইগৰাকীমান কবিৰ নাম লিখা।
উত্তৰঃ হেম বৰুৱা,নৱকান্ত বৰুৱা,কেশৱ মহন্ত,মহেন্দ্ৰ বৰা ইত্যাদি।
৩। হে অৰণ্য হে মহানগৰ’ কাব্যগ্ৰন্থখনৰ ৰচক কোন?
উত্তৰঃ হে অৰণ্য হে মহানগৰ’ কাব্যগ্ৰন্থখনৰ ৰচক হ’ল নৱকান্ত বৰুৱা।
৪। ‘কপিলীপৰীয়া সাধু’ উপন্যাসখনৰ ৰচক কোন?
উত্তৰঃ ‘কলিপীৰীয়া সাধু’ উপন্যাসখনৰ ৰচক হ’ল নৱকান্ত বৰুৱা।
৫। ‘এটি দুটি এঘাৰটি তৰা’ কাব্যপুথিখন কোনে ৰচনা কৰিছে?
উত্তৰঃ এটি দুটি এঘাৰটি তৰা’ কাব্যপুথিখন নৱকান্ত বৰুৱাই ৰচনা কৰিছে।
৬। ‘দি এনচিয়েন্ট মেৰিণাৰ’ শীর্ষক কবিতাটিৰ ৰচক কোন?
উত্তৰঃ ‘দি এনচিয়েন্ট মেৰিণাৰ’ শীর্ষক কবিতাটিৰ ৰচকজন হ’ল চেমুৱেল টেলৰ কলেৰিজ।
৭। কবিৰ জীৱনৰ জীয়াই থকা মন্ত্ৰ কি?
উত্তৰঃ কবিৰ জীৱনৰ জীয়াই থকা মন্ত্ৰ হৈছে- যন্ত্ৰণা।
৮। বকুল তলৰ ফুল কোনে বুটলিব পাৰে বুলি কবিয়ে কৈছে?
উত্তৰঃ কবিৰ মৃত্যুৰ পিছত নতুনকৈ পৃথিৱীলৈ আহিবলগীয়া কোনো মানুহে বকুল তলৰ ফুল বুটলিব বুলি কবিয়ে কৈছে।
৯। নৱকান্ত বৰুৱাৰ কাব্য-চৰ্চাত কোনখন আলোচনীৰ অৱদান স্মৰণীয়।
উত্তৰঃ নৱকান্ত বৰুৱাৰ কাব্য-চৰ্চাত ৰামধেনু আলোচনীৰ অৱদান স্মৰণীয়।
১০। নৱকান্ত বৰুৱাৰ ৰত্নাকৰ এখন উপন্যাস কথাষাৰ শুদ্ধনে?
উত্তৰঃ নৱকান্ত বৰুৱাৰ ৰত্নাকৰ এখন উপন্যাস কথাষাৰ শুদ্ধ নহয় ৰত্নাকৰ কাব্যগ্ৰন্থহে।
১১। নৱকান্ত বৰুৱাৰ দুখন উল্লেখযোগ্য কাব্য গ্ৰন্থৰ নাম লিখা
উত্তৰঃ নৱকান্ত বৰুৱাৰ দুখন উল্লেখযোগ্য কাব্য গ্ৰন্থৰ নাম হল- (১) ৰাৱণ’ আৰু (২) “সম্রাট।
১২। নৱকান্ত বৰুৱাই কর্মজীৱন কটোৱা শিক্ষানুষ্ঠান দুখনৰ নাম লিখ।
উত্তৰঃ নৱকান্ত বৰুৱাই কর্মজীৱন কটোৱা শিক্ষানুষ্ঠান দুখনৰ নাম হ’ল জগন্নাথ বৰুৱা মহাবিদ্যালয় আৰু বৰ্তমানৰ কটন বিশ্ববিদ্যালয়।
১৩। কবিয়ে জীয়াই থকাৰ ধেমালিটো কি বুলি ভাবিছে?
উত্তৰঃ কবিয়ে জীয়াই থকাটো এটা ধেমালিৰ দৰে বুলি বিবেচনা কৰিছে, কাৰণ এই জীৱন কেৱল এবাৰহে পোৱা যায়। তেওঁ কয় যে জীৱনৰ বকুল-পাহ এবাৰহে বুটলিব পৰা যায়, তাৰ মানে জীৱনৰ সৌন্দর্য আৰু আনন্দ কেৱল এবাৰহে অনুভৱ কৰিব পাৰি। এই জীৱন সৰু ল’ৰাই সজা বালি-ঘৰৰ দৰে ক্ষণস্থায়ী আৰু নিৰর্থক। মৃত্যুৰ পাছত কোনোও পুনৰ পৃথিৱীত ঘূৰি নাহে, সেয়ে কবিয়ে বুজাইছে যে এই জীয়াই থকাৰ অভিজ্ঞতা এটা ক্ষণিক আনন্দৰ ধেমালিমাত্ৰ।
১৪। নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা।
উত্তৰঃ নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম হ’ল- ‘কপিলীপৰীয়া সাধু’ আৰু ‘ককাদেউতাৰ হাড়’।
১৫। মই নাহোঁ মই নাহোঁ পৃথিৱী, তোমাক ভাল পাই গলো তথাপিও মই নাহোঁ।
উত্তৰঃ উক্ত কবিতাৰ উদ্ধৃতি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ ৰ অন্তৰ্গত, নৱকান্ত বৰুৱাৰ ৰচিত ‘উভতি নহাৰ কবিতা’ নামৰ কবিতাটিৰ পৰা গ্ৰহণ কৰা হৈছে।
এই কবিতাত কবিয়ে জীৱনৰ ক্ষণস্থায়ী স্বভাৱক গভীৰ অনুভূতিকাৰে ব্যাখ্যা কৰিছে। তেওঁ স্পষ্টকৈ কয় যে, যেতিয়া কোনো মানুহ এই পৃথিৱীৰ পৰা এবাৰ গুচি যায়, তেতিয়া তেওঁৰ সহস্ৰ প্ৰেম, মৰম, মৰমীয়া স্পৰ্শ বা স্মৃতিয়ো তাক পুনৰ এই পৃথিৱীলৈ উভতাই আনিব নোৱাৰে। এই অমোঘ সত্যক কবিয়ে বেদনা নহয়, এক ধেমালিৰ অনুভৱৰে গ্ৰহণ কৰিছে।
কবিয়ে পৃথিৱীখনক প্রাণভৰি ভাল পায়, প্ৰকৃতিৰ সৌন্দর্য, মানুহৰ সাহচৰ্য আৰু জীৱনৰ ৰঙীন মুহূর্তবোৰত তেওঁৰ অন্তৰ ভৰি পৰে। তথাপিও তেওঁ জানে যে এই জীৱন চিৰস্থায়ী নহয়। তেওঁ এদিন এই পৃথিৱী এৰি যাবই লাগিব। তথাপিও এই বিদায়ক তেওঁ শোকৰ নয়, এক সজীৱ মনোভাৱৰে, হাঁহি মুখেৰে গ্ৰহণ কৰে। তেওঁ বিশ্বাস কৰে, তেওঁৰ গুচি যোৱাৰ পিছতো পৃথিৱীখন সদায় নতুন মানুহ, নতুন জীৱন, নতুন স্বপ্নৰে ভৰাই ৰখা হ’ব।
যদিও কবিয়ে কবিতাৰ অন্তিম অংশত কৈছে যে, তেওঁৰ অস্তিত্বৰ কোনো চিন এই পৃথিৱীত নাথাকিব, তথাপিও তেওঁৰ অন্তৰৰ পৰা পৃথিৱীৰ প্ৰতি থকা ভালপোৱাটো তিলমাত্র কমি যোৱা নাই। সেয়ে, এই কবিতা জীৱন- মৃত্যুৰ গম্ভীৰতা মাজতো এক ধেমালি-সজীৱ দৃষ্টিভংগীৰ প্ৰতিফলন।